Check out the new design

क़ुरआन के अर्थों का अनुवाद - पवित्र क़ुरआन की संक्षिप्त व्याख्या का असमिया अनुवाद * - अनुवादों की सूची


अर्थों का अनुवाद आयत: (21) सूरा: अल्-अन्फ़ाल
وَلَا تَكُوْنُوْا كَالَّذِیْنَ قَالُوْا سَمِعْنَا وَهُمْ لَا یَسْمَعُوْنَ ۟ۚ
হে মুমিনসকল! সেইসকল মুনাফিক আৰু মুশ্বৰিকৰ দৰে নহবা, যিসকলে কয়ঃ আমি আমাৰ সন্মুখত তিলাৱত কৰা কোৰআন শুনিছো, অথচ সিহঁতে চিন্তা-চৰ্চা তথা শিক্ষা গ্ৰহণৰ উদ্দেশ্যে নুশুনে যে, শুনা বস্তুৰ পৰা উপকাৰ সাধন হব।
अरबी तफ़सीरें:
इस पृष्ठ की आयतों से प्राप्त कुछ बिंदु:
• من كان الله معه فهو المنصور وإن كان ضعيفًا قليلًا عدده، وهذه المعية تكون بحسب ما قام به المؤمنون من أعمال الإيمان.
যাৰ সহায়ত আল্লাহ আছে, তেৱেঁই বিজয়ী। যদিও তেওঁলোক দুৰ্বল হওঁক অথবা সংখ্যাত কম। এই সহায় সেই অনুপাতেই লাভ হয়, যি অনুপাতে মুমিনসকলে ঈমানৰ কৰ্মবোৰ সম্পাদন কৰে।

• المؤمن مطالب بالأخذ بالأسباب المادية، والقيام بالتكليف الذي كلفه الله، ثم يتوكل على الله، ويفوض الأمر إليه، أما تحقيق النتائج والأهداف فهو متروك لله عز وجل.
মুমিনসকলে ভৌতিক সাধন অৱলম্বন কৰা উচিত, লগতে আল্লাহে প্ৰদান কৰা দায়িত্ববোৰ পালন কৰি তেওঁৰ ওপৰত ভৰসা কৰা উচিত, আৰু সকলো বিষয় তেওঁৰ ওপৰতেই অৰ্পন কৰা উচিত। আনহাতে পৰিণাম প্ৰদান আৰু উদ্দেশ্য পূৰণৰ দায়িত্ব হৈছে আল্লাহৰ।

• في الآيات دليل على أن الله تعالى لا يمنع الإيمان والخير إلا عمَّن لا خير فيه، وهو الذي لا يزكو لديه هذا الإيمان ولا يثمر عنده.
এই আয়াতসমূহৰ দ্বাৰা এই কথা প্ৰমাণিত হয় যে, আল্লাহে ঈমান আৰু কল্যাণৰ পৰা কেৱল সেইসকল লোককেই বঞ্চিত কৰে, যিসকলৰ মাজত কোনো কল্যাণ নাই। এইবোৰেই হৈছে সেই দুৰ্ভগীয়া, যিবোৰক এই ঈমানে কোনো উপকাৰ নকৰে।

• على العبد أن يكثر من الدعاء: يا مقلب القلوب ثبِّت قلبي على دينك، يا مُصرِّف القلوب اصرف قلبي إلى طاعتك.
বান্দাসকলে এই দুআ বেছি বেছি পাঠ কৰা উচিত,يا مقلب القلوب ثبِّت قلبي على دينك، يا مُصرِّف القلوب اصرف قلبي إلى طاعتك. (হে অন্তৰ পৰিবৰ্তনকাৰী! মোৰ অন্তৰক তোমাৰ দ্বীনৰ ওপৰত দৃঢ় ৰাখিবা, হে অন্তৰৰ গতি সঞ্চালক! মোৰ অন্তৰক তোমাৰ আনুগত্যৰ পিনে গতি কৰাই দিয়া।)

• أَمَرَ الله المؤمنين ألا يُقِرُّوا المنكر بين أظهرهم فيعُمَّهم العذاب.
আল্লাহে মুমিনসকলক আদেশ দিছে যে, তেওঁলোকে যেন নিজৰ মাজত অপকৰ্ম প্ৰসাৰিত হোৱা দেখিও মৌন হৈ নাথাকে, অন্যথা তেওঁলোকেও শাস্তি ভোগ কৰিব লাগিব।

 
अर्थों का अनुवाद आयत: (21) सूरा: अल्-अन्फ़ाल
सूरों की सूची पृष्ठ संख्या
 
क़ुरआन के अर्थों का अनुवाद - पवित्र क़ुरआन की संक्षिप्त व्याख्या का असमिया अनुवाद - अनुवादों की सूची

कुरआनिक अध्ययन के लिए कार्यरत व्याख्या केंद्र द्वारा निर्गत।

बंद करें