Check out the new design

क़ुरआन के अर्थों का अनुवाद - पवित्र क़ुरआन की संक्षिप्त व्याख्या का असमिया अनुवाद * - अनुवादों की सूची


अर्थों का अनुवाद आयत: (46) सूरा: अल्-माइदा
وَقَفَّیْنَا عَلٰۤی اٰثَارِهِمْ بِعِیْسَی ابْنِ مَرْیَمَ مُصَدِّقًا لِّمَا بَیْنَ یَدَیْهِ مِنَ التَّوْرٰىةِ ۪— وَاٰتَیْنٰهُ الْاِنْجِیْلَ فِیْهِ هُدًی وَّنُوْرٌ ۙ— وَّمُصَدِّقًا لِّمَا بَیْنَ یَدَیْهِ مِنَ التَّوْرٰىةِ وَهُدًی وَّمَوْعِظَةً لِّلْمُتَّقِیْنَ ۟ؕ
আৰু আমি বনী ইছৰাঈলৰ নবীসকলৰ পিছতেই মৰিয়মৰ পুত্ৰ ঈছাক প্ৰেৰণ কৰিছিলোঁ। তেওঁ তাওৰাত বিশ্বাসী আছিল, আৰু সেই অনুসাৰেই বিচাৰ মীমাংসা কৰিছিল। আৰু আমি তেওঁক প্ৰদান কৰিছিলোঁ ইঞ্জীল, যিটোৱে সত্যৰ পথ দেখুৱাইছিল, আৰু তাত আছিল সংশয় নিৰসনৰ প্ৰমাণ, লগতে আছিল সমস্যা সমাধানৰ বহুতো বিধান, আৰু কিছুমান ৰহিত বিধানৰ বাহিৰে ইয়াৰ পূৰ্বে অৱতীৰ্ণ হোৱা তাওৰাতক পুৰ্ণ সমৰ্থন কৰিছিল। আৰু আমি ইঞ্জীলক হিদায়তৰ মাধ্যম বনাইছিলোঁ, ইয়াৰ দ্বাৰা হিদায়ত পাইছিল। লগতে বনাইছিলোঁ সতৰ্ককাৰী, যাতে সিহঁতে হাৰাম কাৰ্যত লিপ্ত নহয়।
अरबी तफ़सीरें:
इस पृष्ठ की आयतों से प्राप्त कुछ बिंदु:
• الأنبياء متفقون في أصول الدين مع وجود بعض الفروق بين شرائعهم في الفروع.
দ্বীনৰ মূল বিষয়বোৰত সকলো নবী একমত, কিন্তু শাখা-প্ৰশাখাসমূহত কিছু পাৰ্থক্য আছে।

• وجوب تحكيم شرع الله والإعراض عمّا عداه من الأهواء.
আল্লাহৰ বিধান অনুযায়ী মীমাংসা কৰা তথা প্ৰবৃত্তিৰ অনুসৰণৰ পৰা বিৰত থকা অতি প্ৰয়োজন।

• ذم التحاكم إلى أحكام أهل الجاهلية وأعرافهم.
অজ্ঞতা যুগৰ নীতি-নিয়ম তথা পৰম্পৰা অনুসাৰে মীমাংসা বিচৰাৰ ঘোৰ নিন্দা কৰা হৈছে।

 
अर्थों का अनुवाद आयत: (46) सूरा: अल्-माइदा
सूरों की सूची पृष्ठ संख्या
 
क़ुरआन के अर्थों का अनुवाद - पवित्र क़ुरआन की संक्षिप्त व्याख्या का असमिया अनुवाद - अनुवादों की सूची

कुरआनिक अध्ययन के लिए कार्यरत व्याख्या केंद्र द्वारा निर्गत।

बंद करें