Check out the new design

क़ुरआन के अर्थों का अनुवाद - पवित्र क़ुरआन की संक्षिप्त व्याख्या का असमिया अनुवाद * - अनुवादों की सूची


अर्थों का अनुवाद सूरा: अद्-दुख़ान   आयत:
اِنَّ یَوْمَ الْفَصْلِ مِیْقَاتُهُمْ اَجْمَعِیْنَ ۟ۙ
নিশ্চয় আল্লাহে কিয়ামতৰ দিনা বান্দাসকলৰ মাজত বিচাৰ কৰিব, সেইদিনা আল্লাহে সকলো সৃষ্টিকে একত্ৰিত কৰিব।
अरबी तफ़सीरें:
یَوْمَ لَا یُغْنِیْ مَوْلًی عَنْ مَّوْلًی شَیْـًٔا وَّلَا هُمْ یُنْصَرُوْنَ ۟ۙ
সেইদিনা কোনো আত্মীয়ই কোনো আত্মীয়ক আৰু কোনো বন্ধুৱে কোনো বন্ধুক উপকাৰ কৰিব নোৱাৰিব। সিহঁতে আল্লাহৰ শাস্তিক প্ৰতিৰোধও কৰিব নোৱাৰিব। কিয়নো সেইদিনা ক্ষমতা থাকিব একমাত্ৰ আল্লাহৰ হাতত। কোনেও তেওঁক প্ৰত্যাহ্বান জনাব নোৱাৰিব।
अरबी तफ़सीरें:
اِلَّا مَنْ رَّحِمَ اللّٰهُ ؕ— اِنَّهٗ هُوَ الْعَزِیْزُ الرَّحِیْمُ ۟۠
কিন্তু সেই ব্যক্তিৰ বিষয়টো সুকীয়া, যাৰ প্ৰতি আল্লাহে ৰহমত কৰিব। কিয়নো তেওঁ নিজৰ সৎকৰ্মৰ দ্বাৰা উপকৃত হ’ব। নিশ্চয় আল্লাহ মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ তাওবাকাৰী বান্দাসকলৰ প্ৰতি অতি দয়ালু।
अरबी तफ़सीरें:
اِنَّ شَجَرَتَ الزَّقُّوْمِ ۟ۙ
নিশ্চয় আল্লাহে জাহান্নামৰ গভীৰত ঝাক্কুম গছ উৎপন্ন কৰিছে।
अरबी तफ़सीरें:
طَعَامُ الْاَثِیْمِ ۟
সেইবোৰ হ’ব মহা পাপীসকলৰ খাদ্য। অৰ্থাৎ কাফিৰসকলক এই নিকৃষ্ট ফল খাবলৈ দিয়া হ’ব।
अरबी तफ़सीरें:
كَالْمُهْلِ ۛۚ— یَغْلِیْ فِی الْبُطُوْنِ ۟ۙ
এই ফল দেখাত ক’লা ৰঙৰ তেলৰ দৰে হ’ব। যিটো সিহঁতৰ পেটত প্ৰচণ্ড গৰমত উতলিব।
अरबी तफ़सीरें:
كَغَلْیِ الْحَمِیْمِ ۟
যিদৰে গৰম পানী উতলি উঠে।
अरबी तफ़सीरें:
خُذُوْهُ فَاعْتِلُوْهُ اِلٰی سَوَآءِ الْجَحِیْمِ ۟ۙ
জাহান্নামৰ প্ৰহৰীক কোৱা হ’বঃ ইয়াক কৰায়ত্ব কৰা আৰু কঠোৰভাৱে ধৰি জাহান্নামৰ ভিতৰত নিক্ষেপ কৰা।
अरबी तफ़सीरें:
ثُمَّ صُبُّوْا فَوْقَ رَاْسِهٖ مِنْ عَذَابِ الْحَمِیْمِ ۟ؕ
তথা এই শাস্তিপ্ৰাপ্ত ব্যক্তিৰ মূৰত উতলা পানী ঢালি দিয়া। সি কেতিয়াও শাস্তিৰ পৰা ৰক্ষা নাপাব।
अरबी तफ़सीरें:
ذُقْ ۖۚ— اِنَّكَ اَنْتَ الْعَزِیْزُ الْكَرِیْمُ ۟
তাক ভৰ্ৎসনা কৰি কোৱা হ’বঃ এই কষ্টদায়ক শাস্তি ভোগ কৰা। নিশ্চয় তুমি প্ৰভাৱশালী আছিলা, তোমাৰ জাতিৰ ভিতৰত তোমাৰ মান-সন্মানৰ অভাৱ নাছিল।
अरबी तफ़सीरें:
اِنَّ هٰذَا مَا كُنْتُمْ بِهٖ تَمْتَرُوْنَ ۟
নিশ্চয় কিয়ামতৰ দিনা হ’বলগীয়া এই শাস্তিৰ বিষয়ে তোমালোকে সন্দেহ পোষণ কৰিছিলা। গতিকে ইয়াক নিজ চকুৰে চোৱাৰ পিছত নিশ্চয় এতিয়া তোমালোকৰ সন্দেহ দূৰ হৈছে।
अरबी तफ़सीरें:
اِنَّ الْمُتَّقِیْنَ فِیْ مَقَامٍ اَمِیْنٍ ۟ۙ
নিশ্চয় আল্লাহৰ আদেশ পালন কৰা আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থকা মুত্ত্বাক্বী লোকসকলে প্ৰত্যেক অপ্ৰিয় বস্তুৰ পৰা সুৰক্ষিত আৰু নিশ্চিন্তভাৱে অৱস্থান কৰিব।
अरबी तफ़सीरें:
فِیْ جَنّٰتٍ وَّعُیُوْنٍ ۟ۚۙ
উদ্যানসমূহত আৰু জলপ্ৰপাতসমূহৰ মাজত।
अरबी तफ़सीरें:
یَّلْبَسُوْنَ مِنْ سُنْدُسٍ وَّاِسْتَبْرَقٍ مُّتَقٰبِلِیْنَ ۟ۚۙ
তেওঁলোকে জান্নাতত পাতল আৰু মোটা ৰেচম কাপোৰ ব্যৱহাৰ কৰিব। ইজনে সিজনৰ মুখামুখি আসনত বহিব। কোনেও কাৰো পিছফালে নবহিব।
अरबी तफ़सीरें:
كَذٰلِكَ ۫— وَزَوَّجْنٰهُمْ بِحُوْرٍ عِیْنٍ ۟ؕ
যিদৰে জান্নাতত আমি তেওঁলোকক এইবোৰ নিয়ামত প্ৰদান কৰিম, ঠিক সেইদৰে আমি তেওঁলোকক এনেকুৱা নাৰীৰ সৈতে বিবাহ বন্ধনত আৱদ্ধ কৰাম, যিসকল হ’ব ডাঙৰ চকুবিশিষ্টা। তেওঁলোকৰ চকুৰ বগা অংশখিনিও প্ৰশস্ত থাকিব আৰু ক’লা অংশখিনিও প্ৰশস্ত থাকিব।
अरबी तफ़सीरें:
یَدْعُوْنَ فِیْهَا بِكُلِّ فَاكِهَةٍ اٰمِنِیْنَ ۟ۙ
তেওঁলোকে তাত সেৱকসকলৰ দ্বাৰা যি ইচ্ছা কৰিব সেই ফল তলব কৰিব পাৰিব। ফল সমাপ্ত হোৱাৰো তেওঁলোকৰ কোনো ভয় নাথাকিব আৰু কোনো ক্ষতি হোৱাৰো আশংকা নাথাকিব।
अरबी तफ़सीरें:
لَا یَذُوْقُوْنَ فِیْهَا الْمَوْتَ اِلَّا الْمَوْتَةَ الْاُوْلٰی ۚ— وَوَقٰىهُمْ عَذَابَ الْجَحِیْمِ ۟ۙ
তেওঁলোকে তাত চিৰকাল থাকিব। পাৰ্থিৱ জীৱনৰ মৃত্যুৰ বাহিৰে তেওঁলোকে তাত কোনো মৃত্যুৰ সোৱাদ নাপাব। আল্লাহে তেওঁলোকক জাহান্নামৰ শাস্তিৰ পৰা ৰক্ষা কৰিব।
अरबी तफ़सीरें:
فَضْلًا مِّنْ رَّبِّكَ ؕ— ذٰلِكَ هُوَ الْفَوْزُ الْعَظِیْمُ ۟
এইটো তেওঁলোকৰ ওপৰত তেওঁলোকৰ প্ৰতিপালকৰ অনুগ্ৰহ তথা উপকাৰ। জান্নাতত প্ৰৱেশ আৰু জাহান্নামৰ পৰা মুক্তিয়ে হৈছে মহা সফলতা। এই সফলতাৰ কোনো তুলনা নাই।
अरबी तफ़सीरें:
فَاِنَّمَا یَسَّرْنٰهُ بِلِسَانِكَ لَعَلَّهُمْ یَتَذَكَّرُوْنَ ۟
হে ৰাছুল! আপোনাৰ প্ৰতি এই কোৰআনখন আৰবী ভাষাত অৱতীৰ্ণ কৰি সহজ-সৰল কৰি দিছোঁ, যাতে সিহঁতে উপদেশ গ্ৰহণ কৰে।
अरबी तफ़सीरें:
فَارْتَقِبْ اِنَّهُمْ مُّرْتَقِبُوْنَ ۟۠
গতিকে আপুনি আপোনাৰ বিজয় আৰু সিহঁতৰ ধ্বংসৰ অপেক্ষা কৰক। নিশ্চয় সিহঁতেও আপোনাৰ বিনাশৰ অপেক্ষাত আছে।
अरबी तफ़सीरें:
इस पृष्ठ की आयतों से प्राप्त कुछ बिंदु:
• الجمع بين العذاب الجسمي والنفسي للكافر.
কাফিৰসকলক শাৰিৰীক আৰু মানসিক উভয় শাস্তি বিহা হ’ব।

• الفوز العظيم هو النجاة من النار ودخول الجنة.
জাহান্নামৰ পৰা মুক্তি আৰু জান্নাতত প্ৰৱেশ কৰাটোৱে হৈছে মহাসফলতা।

• تيسير الله لفظ القرآن ومعانيه لعباده.
আল্লাহে বান্দাসকলৰ বাবে কোৰআনৰ শব্দ আৰু অৰ্থ সহজ কৰি দিছে।

 
अर्थों का अनुवाद सूरा: अद्-दुख़ान
सूरों की सूची पृष्ठ संख्या
 
क़ुरआन के अर्थों का अनुवाद - पवित्र क़ुरआन की संक्षिप्त व्याख्या का असमिया अनुवाद - अनुवादों की सूची

कुरआनिक अध्ययन के लिए कार्यरत व्याख्या केंद्र द्वारा निर्गत।

बंद करें