Check out the new design

क़ुरआन के अर्थों का अनुवाद - पवित्र क़ुरआन की संक्षिप्त व्याख्या का असमिया अनुवाद * - अनुवादों की सूची


अर्थों का अनुवाद आयत: (32) सूरा: अज़्-ज़ुख़रुफ़
اَهُمْ یَقْسِمُوْنَ رَحْمَتَ رَبِّكَ ؕ— نَحْنُ قَسَمْنَا بَیْنَهُمْ مَّعِیْشَتَهُمْ فِی الْحَیٰوةِ الدُّنْیَا وَرَفَعْنَا بَعْضَهُمْ فَوْقَ بَعْضٍ دَرَجٰتٍ لِّیَتَّخِذَ بَعْضُهُمْ بَعْضًا سُخْرِیًّا ؕ— وَرَحْمَتُ رَبِّكَ خَیْرٌ مِّمَّا یَجْمَعُوْنَ ۟
হে ৰাছুল! ইহঁতে আপোনাৰ প্ৰতিপালকৰ দয়া ভাগ-বতৰা কৰে নেকি যে, সিহঁতে যাক ইচ্ছা কৰিব দি দিব আৰু যাক ইচ্ছা কৰিব বঞ্চিত কৰিব, নে আল্লাহে এইবোৰ ভাগ-বতৰা কৰে? নিশ্চয় সিহঁতৰ মাজত আমিয়েই পাৰ্থিৱ জীৱিকা বন্টন কৰিছোঁ। সিহঁতৰ মাজৰ কিছুমানক ঐশৰ্যশীল বনাইছোঁ আৰু আন কিছুমানক বনাইছোঁ দৰিদ্ৰ। যাতে সিহঁতৰ মাজৰ কিছুমানে আন কিছুমানৰ অধীনত কাম কৰিব পাৰে। ইহঁতে ক্ষণস্থায়ী জীৱনৰ যিবোৰ সা-সামগ্ৰী সঞ্চয় কৰি আছে, এইবোৰতকৈ আখিৰাতত বান্দাসকলৰ প্ৰতি কৰা আপোনাৰ প্ৰতিপালকৰ দয়া বহু গুণে উত্তম।
अरबी तफ़सीरें:
इस पृष्ठ की आयतों से प्राप्त कुछ बिंदु:
• التقليد من أسباب ضلال الأمم السابقة.
পুৰ্বৱৰ্তী উম্মতসমূহ পথভ্ৰষ্ট হোৱাৰ অন্যতম এটা কাৰণ হৈছে অন্ধানুকৰণ।

• البراءة من الكفر والكافرين لازمة.
কুফৰ আৰু কাফিৰসকলৰ পৰা সম্পৰ্কচ্ছেদ ঘোষণা কৰা আৱশ্যক।

• تقسيم الأرزاق خاضع لحكمة الله.
জীৱিকাৰ ভাগ-বতৰা আল্লাহৰ হিকমতৰ অধীনত কৰা হৈছে।

• حقارة الدنيا عند الله، فلو كانت تزن عنده جناح بعوضة ما سقى منها كافرًا شربة ماء.
আল্লাহৰ দৃষ্টিত পৃথিৱী হৈছে একেবাৰে মূল্যহীন। যদি ইয়াৰ মূল্য মহৰ এটি পাখিৰ সমানো হ’লহেঁতেন তেন্তে কাফিৰসকলক এটোপাল পানীও খাবলৈ নিদিলেহেঁতেন।

 
अर्थों का अनुवाद आयत: (32) सूरा: अज़्-ज़ुख़रुफ़
सूरों की सूची पृष्ठ संख्या
 
क़ुरआन के अर्थों का अनुवाद - पवित्र क़ुरआन की संक्षिप्त व्याख्या का असमिया अनुवाद - अनुवादों की सूची

कुरआनिक अध्ययन के लिए कार्यरत व्याख्या केंद्र द्वारा निर्गत।

बंद करें