Check out the new design

क़ुरआन के अर्थों का अनुवाद - पवित्र क़ुरआन की संक्षिप्त व्याख्या का असमिया अनुवाद * - अनुवादों की सूची


अर्थों का अनुवाद आयत: (97) सूरा: आले इम्रान
فِیْهِ اٰیٰتٌۢ بَیِّنٰتٌ مَّقَامُ اِبْرٰهِیْمَ ۚ۬— وَمَنْ دَخَلَهٗ كَانَ اٰمِنًا ؕ— وَلِلّٰهِ عَلَی النَّاسِ حِجُّ الْبَیْتِ مَنِ اسْتَطَاعَ اِلَیْهِ سَبِیْلًا ؕ— وَمَنْ كَفَرَ فَاِنَّ اللّٰهَ غَنِیٌّ عَنِ الْعٰلَمِیْنَ ۟
সেই ঘৰত আছে ইয়াৰ শ্ৰেষ্ঠতা আৰু উত্কৃষ্টতাৰ কিছুমান স্পষ্ট নিদৰ্শন। যেনে- হজ্জৰ কাৰ্যসমূহ আৰু ইয়াৰ নিৰ্ধাৰিত স্থান। এই নিদৰ্শনসমূহৰ মাজত আছে এনেকুৱা এটা শিল, যিটোৰ ওপৰত থিয় হৈ ইব্ৰাহীম আলাইহিছ ছালামে কাবা ঘৰ নিৰ্মাণ কৰিছিল। আৰু এটা নিদৰ্শন এই যে, যিয়ে ইয়াত প্ৰৱেশ কৰিব তাৰ ভয়-ভীতি আঁতৰ হ’ব আৰু কোনো কষ্টই তাক স্পৰ্শ নকৰিব। আল্লাহৰ উদ্দেশ্যে হজ্জৰ আৰ্কান আদায় কৰিবলৈ এই ঘৰত যোৱা মানুহৰ বাবে ওৱাজিব। এই আদেশ সেইসকল লোকৰ বাবে যিসকলৰ তাত যোৱাৰ সামৰ্থ আছে। এতেকে যিয়ে ফৰজ হজ্জ অস্বীকাৰ কৰিব তেন্তে জানি থোৱা, আল্লাহ এনেকুৱা কাফিৰৰ পৰা আৰু বিশ্বজগতৰ সকলোৰে পৰা অমুখাপেক্ষী।
अरबी तफ़सीरें:
इस पृष्ठ की आयतों से प्राप्त कुछ बिंदु:
• كَذِبُ اليهود على الله تعالى وأنبيائه، ومن كذبهم زعمهم أن تحريم يعقوب عليه السلام لبعض الأطعمة نزلت به التوراة.
ইয়াহূদীসকলৰ আল্লাহৰ প্ৰতি আৰু নবীসকলৰ বিষয়ে মিছা আৰোপ কৰাৰ বৰ্ণনা। সিহঁতৰ এটা মিছা আৰোপ এইটো আছিল যে, সিহঁতে কয়, ইয়াকূব আলাইহিছ ছালামে যিবোৰ খাদ্যবস্তু হাৰাম কৰি লৈছিল, সেইবোৰৰ অবৈধতা তাওৰাতত উল্লেখ আছে।

• أعظم أماكن العبادة وأشرفها البيت الحرام، فهو أول بيت وضع لعبادة الله، وفيه من الخصائص ما ليس في سواه.
সৱাতোকৈ উত্তম আৰু আটাইতকৈ মহান ইবাদতৰ স্থান হৈছে কাবা ঘৰ। এইটোৱে সৰ্বপ্ৰথম ঘৰ যিটো আল্লাহৰ ইবাদতৰ বাবে নিৰ্মাণ কৰা হৈছে। তাত এনেকুৱা কিছুমান বিশেষতা আছে যিবোৰ তাৰ বাহিৰে আন কতো নাই।

• ذَكَرَ الله وجوب الحج بأوكد ألفاظ الوجوب تأكيدًا لوجوبه.
আল্লাহে হজ্জৰ অনিবাৰ্যতাৰ বৰ্ণনা দৃঢ় শব্দৰ জৰিয়তে কৰিছে, যাতে মানুহে গম পায় যে, হজ্জ এটা মহত্বপূৰ্ণ ওৱাজীব।

 
अर्थों का अनुवाद आयत: (97) सूरा: आले इम्रान
सूरों की सूची पृष्ठ संख्या
 
क़ुरआन के अर्थों का अनुवाद - पवित्र क़ुरआन की संक्षिप्त व्याख्या का असमिया अनुवाद - अनुवादों की सूची

कुरआनिक अध्ययन के लिए कार्यरत व्याख्या केंद्र द्वारा निर्गत।

बंद करें