Check out the new design

क़ुरआन के अर्थों का अनुवाद - पवित्र क़ुरआन की संक्षिप्त व्याख्या का असमिया अनुवाद * - अनुवादों की सूची


अर्थों का अनुवाद आयत: (37) सूरा: अल्-ह़ज्ज
لَنْ یَّنَالَ اللّٰهَ لُحُوْمُهَا وَلَا دِمَآؤُهَا وَلٰكِنْ یَّنَالُهُ التَّقْوٰی مِنْكُمْ ؕ— كَذٰلِكَ سَخَّرَهَا لَكُمْ لِتُكَبِّرُوا اللّٰهَ عَلٰی مَا هَدٰىكُمْ ؕ— وَبَشِّرِ الْمُحْسِنِیْنَ ۟
তোমালোকৰ কুৰবানীৰ মাংস আৰু তেজ একোৱেই আল্লাহৰ ওচৰত গৈ নাপায়। এইবোৰক আল্লাহৰ ওচৰলৈ উঠায়ো লোৱা নহয়। কিন্তু জবেহ কৰাৰ সময়ত তোমালোকৰ আজ্ঞা পালন আৰু আগ্ৰহ তথা তাক্বৱাহে তেওঁৰ ওচৰলৈ গৈ পায়। সেয়ে তোমালোকে তেওঁৰ নৈকট্য অৰ্জন কৰিবলৈ ছোৱাবৰ আশাত নিৰ্ভেজালভাৱে কুৰবানী কৰা। যিহেতু আল্লাহে সেইবোৰক তোমালোকৰ অধীনস্থ কৰি দিছে, যাতে তোমালোকে সঠিক পথ পোৱাৰ বাবে আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন কৰি তেওঁৰ মহিমা বৰ্ণনা কৰা। হে ৰাছুল! লগতে আপুনি সেইসকল লোকক সুসংবাদ দিয়ক, যিসকলে উত্তমভাৱে আল্লাহৰ ইবাদত কৰে আৰু তেওঁৰ সৃষ্টিৰ সৈতে ভাল ব্যৱহাৰ কৰে।
अरबी तफ़सीरें:
इस पृष्ठ की आयतों से प्राप्त कुछ बिंदु:
• ضَرْب المثل لتقريب الصور المعنوية بجعلها في ثوب حسي، مقصد تربوي عظيم.
অদৃশ্য বস্তু এটাক উদাহৰণৰ জৰিয়তে বুজাই দিয়াটো হৈছে প্ৰশিক্ষণৰ গুৰুত্বপূৰ্ণ উদ্দেশ্য।

• فضل التواضع.
বিনম্ৰতাৰ মহত্ব তথা শ্ৰেষ্ঠতা।

• الإحسان سبب للسعادة.
পৰোপকাৰ হৈছে কল্যাণ অৰ্জনৰ উপায়।

• الإيمان سبب لدفاع الله عن العبد ورعايته له.
ঈমানৰ কাৰণে আল্লাহে বান্দাক সুৰক্ষা প্ৰদান কৰে তথা তাৰ চোৱা-চিতা কৰে।

 
अर्थों का अनुवाद आयत: (37) सूरा: अल्-ह़ज्ज
सूरों की सूची पृष्ठ संख्या
 
क़ुरआन के अर्थों का अनुवाद - पवित्र क़ुरआन की संक्षिप्त व्याख्या का असमिया अनुवाद - अनुवादों की सूची

कुरआनिक अध्ययन के लिए कार्यरत व्याख्या केंद्र द्वारा निर्गत।

बंद करें