Check out the new design

क़ुरआन के अर्थों का अनुवाद - पवित्र क़ुरआन की संक्षिप्त व्याख्या का असमिया अनुवाद * - अनुवादों की सूची


अर्थों का अनुवाद आयत: (25) सूरा: अल्-ह़ज्ज
اِنَّ الَّذِیْنَ كَفَرُوْا وَیَصُدُّوْنَ عَنْ سَبِیْلِ اللّٰهِ وَالْمَسْجِدِ الْحَرَامِ الَّذِیْ جَعَلْنٰهُ لِلنَّاسِ سَوَآءَ ١لْعَاكِفُ فِیْهِ وَالْبَادِ ؕ— وَمَنْ یُّرِدْ فِیْهِ بِاِلْحَادٍ بِظُلْمٍ نُّذِقْهُ مِنْ عَذَابٍ اَلِیْمٍ ۟۠
নিশ্চয় যিসকলে আল্লাহৰ লগত কুফৰী কৰিছে, আৰু আন আন লোকসকলক ইছলাম গ্ৰহণত বাধা প্ৰদান কৰিছে আৰু মছজিদে হাৰামৰ পৰা মানুহক বিৰত ৰাখিছে, যিদৰে মুশ্বৰিকসকলে হুদাইবিয়াৰ বছৰত বাধা প্ৰদান কৰিছিল। সিহঁতক আমি অচিৰেই কষ্টদায়ক শাস্তি উপভোগ কৰাম। সেই মছজিদ যিটোক আমি মানুহৰ চালাতৰ বাবে কিবলা বনাইছোঁ, লগতে হজ্জ তথা ওমৰা সম্পাদনৰ স্থান বনাইছোঁ। সেই ঠাইডোখৰ মক্কাৰ অধিবাসী আৰু মক্কাৰ বাহিৰৰ পৰা অহা সকলো লোকসকলৰ বাবেই সমান। যিয়েই তাত জানি বুজি গুনাহৰ কৰ্ম কৰি সত্যৰ পৰা আঁতৰি যোৱাৰ চেষ্টা কৰিব, আমি তাক কষ্টদায়ক শাস্তিৰ সোৱাদ উপভোগ কৰাম।
अरबी तफ़सीरें:
इस पृष्ठ की आयतों से प्राप्त कुछ बिंदु:
• حرمة البيت الحرام تقتضي الاحتياط من المعاصي فيه أكثر من غيره.
আল্লাহৰ পৱিত্ৰ ঘৰ কাবাৰ সন্মান কৰি তথা আন আন ঠাইৰ তুলনাত সেই ঠাইত বিশেষকৈ গুনাহৰ কৰ্মৰ পৰা সতৰ্ক থকা উচিত।

• بيت الله الحرام مهوى أفئدة المؤمنين في كل زمان ومكان.
আল্লাহৰ পৱিত্ৰ ঘৰ কাবা, প্ৰত্যেক যুগতে, সকলো ঠাইৰ মুমিনসকলৰ বাবে আন্তৰিক আকৰ্ষণ হিচাপে পৰিগণিত হৈ আহিছে।

• منافع الحج عائدة إلى الناس سواء الدنيوية أو الأخروية.
হজ্জৰ যি উপকাৰ সেয়া মানুহে অৱশ্যে লাভ কৰিব, এই পৃথিৱীতে হওক অথবা আখিৰাতত।

• شكر النعم يقتضي العطف على الضعفاء.
নিয়ামতৰ কৃতজ্ঞতা আদায় কৰাৰ বাবে, দুৰ্বল লোকসকলৰ প্ৰতি দয়া কৰা অনিবাৰ্য।

 
अर्थों का अनुवाद आयत: (25) सूरा: अल्-ह़ज्ज
सूरों की सूची पृष्ठ संख्या
 
क़ुरआन के अर्थों का अनुवाद - पवित्र क़ुरआन की संक्षिप्त व्याख्या का असमिया अनुवाद - अनुवादों की सूची

कुरआनिक अध्ययन के लिए कार्यरत व्याख्या केंद्र द्वारा निर्गत।

बंद करें