Check out the new design

क़ुरआन के अर्थों का अनुवाद - पवित्र क़ुरआन की संक्षिप्त व्याख्या का असमिया अनुवाद * - अनुवादों की सूची


अर्थों का अनुवाद आयत: (27) सूरा: इब्राहीम
یُثَبِّتُ اللّٰهُ الَّذِیْنَ اٰمَنُوْا بِالْقَوْلِ الثَّابِتِ فِی الْحَیٰوةِ الدُّنْیَا وَفِی الْاٰخِرَةِ ۚ— وَیُضِلُّ اللّٰهُ الظّٰلِمِیْنَ ۙ۫— وَیَفْعَلُ اللّٰهُ مَا یَشَآءُ ۟۠
আল্লাহে মুমিনসকলক কলিমা তাওহীদৰ দ্বাৰা পৰিপূৰ্ণ ঈমান প্ৰদান কৰি পাৰ্থিৱ জীৱনত প্ৰতিষ্ঠিত কৰে। অৱশেষত ঈমানৰ অৱস্থাতেই তেওঁলোকৰ মৃত্যু হয়। বাৰঝাখ জীৱন অৰ্থাৎ কবৰত থকা সময়ছোৱাত প্ৰশ্নৰ সন্মুখীন হোৱাৰ সময়ত আৰু ক্বিয়ামত দিৱসত তেওঁলোকক দৃঢ়তা প্ৰদান কৰে। আনহাতে অন্যায়কাৰী সকলক আৰু যিসকলে আল্লাহৰ লগত কুফৰ আৰু শ্বিৰ্ক কৰে, সিহঁতক আল্লাহে সত্যৰ পৰা আৰু হিদায়তৰ পৰা বহুুুু আঁতৰ কৰি দিয়ে। আল্লাহে যিটো ইচ্ছা কৰে সেইটোৱে কৰে। যাক পথভ্ৰষ্ট কৰিব বিচাৰে, তাক ন্যায়ৰ সৈতে পথভ্ৰষ্ট কৰে। আনহাতে যাক হিদায়ত দিব বিচাৰে, তাক নিজ অনুগ্ৰহত হিদায়ত প্ৰদান কৰে। তেওঁক কোনেও বাধ্য কৰাব নোৱাৰে।
अरबी तफ़सीरें:
इस पृष्ठ की आयतों से प्राप्त कुछ बिंदु:
• تشبيه كلمة الكفر بشجرة الحَنْظل الزاحفة، فهي لا ترتفع، ولا تنتج طيبًا، ولا تدوم.
কুফুৰী কথাক মাটিত বগাই যোৱা তিতা তৰমুজ গছৰ লগত তুলনা কৰা হৈছে, যি গছ ওখ নহয় আৰু ভাল ফলো প্ৰদান নকৰে, আনকি বেছি দিন জীয়াইয়ো নাথাকে।

• الرابط بين الأمر بالصلاة والزكاة مع ذكر الآخرة هو الإشعار بأنهما مما تكون به النجاة يومئذ.
আখিৰাত স্মৰণৰ লগতে ছালাত আৰু যাকাতৰ নিৰ্দেশো দিয়া হৈছে। ইয়াৰ দ্বাৰা বুজা যায় যে, এই দুয়োটা সেইদিনা মুক্তিৰ কাৰণ হ'ব।

• تعداد بعض النعم العظيمة إشارة لعظم كفر بعض بني آدم وجحدهم نعمه سبحانه وتعالى .
কিছুমান ডাঙৰ ডাঙৰ নিয়ামতৰ কথা উল্লেখ কৰা হৈছে, ইয়াৰ দ্বাৰা ইংগিত কৰা হৈছে আদম সন্তানে এইবোৰ অস্বীকাৰ কৰি কিমান ডাঙৰ কুুফুৰী কৰিছে।

 
अर्थों का अनुवाद आयत: (27) सूरा: इब्राहीम
सूरों की सूची पृष्ठ संख्या
 
क़ुरआन के अर्थों का अनुवाद - पवित्र क़ुरआन की संक्षिप्त व्याख्या का असमिया अनुवाद - अनुवादों की सूची

कुरआनिक अध्ययन के लिए कार्यरत व्याख्या केंद्र द्वारा निर्गत।

बंद करें