Check out the new design

क़ुरआन के अर्थों का अनुवाद - पवित्र क़ुरआन की संक्षिप्त व्याख्या का असमिया अनुवाद * - अनुवादों की सूची


अर्थों का अनुवाद आयत: (88) सूरा: यूनुस
وَقَالَ مُوْسٰی رَبَّنَاۤ اِنَّكَ اٰتَیْتَ فِرْعَوْنَ وَمَلَاَهٗ زِیْنَةً وَّاَمْوَالًا فِی الْحَیٰوةِ الدُّنْیَا ۙ— رَبَّنَا لِیُضِلُّوْا عَنْ سَبِیْلِكَ ۚ— رَبَّنَا اطْمِسْ عَلٰۤی اَمْوَالِهِمْ وَاشْدُدْ عَلٰی قُلُوْبِهِمْ فَلَا یُؤْمِنُوْا حَتّٰی یَرَوُا الْعَذَابَ الْاَلِیْمَ ۟
মূছা আলাইহিছ ছালামে প্ৰাৰ্থনা কৰি ক'লেঃ হে আমাৰ প্ৰতিপালক! তুমি ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ নেতাসকলক পাৰ্থিৱ জীৱনৰ মূল্যৱান সম্পদ আৰু ভোগ ও শোভা-সামগ্ৰী প্ৰদান কৰিছা আৰু সিহঁতক পৃথিৱীত ধন-সম্পত্তি প্ৰদান কৰিছা, তথাপিও সিহঁতে তুমি প্ৰদান কৰা নিয়ামতৰ কৃতজ্ঞতা প্ৰকাশ কৰা নাই। আনকি ইয়াৰ দ্বাৰা সিহঁতে মানুহক তোমাৰ পথৰ পৰা বিভ্ৰান্ত কৰিছে। হে আমাৰ প্ৰতিপালক! তুমি সিহঁতৰ ধন-সম্পদ ধ্বংস কৰি দিয়া। আৰু সিহঁতৰ অন্তৰ কঠোৰ বনাই দিয়া, যাতে সিহঁতে কঠিন শাস্তি নিজ চকুৰে নেদেখালৈকে ঈমান পোষণ নকৰে, যি সময়ত ঈমান পোষণ কৰিলে সেই ঈমানে কোনো উপকাৰ নকৰে।
अरबी तफ़सीरें:
इस पृष्ठ की आयतों से प्राप्त कुछ बिंदु:
• الثقة بالله وبنصره والتوكل عليه ينبغي أن تكون من صفات المؤمن القوي.
আল্লাহৰ প্ৰতি আৰু তেওঁৰ সহায়ৰ প্ৰতি পূৰ্ণ বিশ্বাস পোষণ কৰা আৰু তেওঁৰ ওপৰত ভৰসা কৰাটো এজন পৰিপক্ক মুমিনৰ গুণ হোৱা উচিত।

• بيان أهمية الدعاء، وأنه من صفات المتوكلين.
দুআৰ গুৰুত্বৰ বৰ্ণনা, আৰু এইটো আল্লাহৰ প্ৰতি ভৰসাকাৰীসকলৰ অন্যতম গুণ।

• تأكيد أهمية الصلاة ووجوب إقامتها في كل الرسالات السماوية وفي كل الأحوال.
ছালাতৰ মহত্ব আৰু ইয়াক প্ৰতিষ্ঠা কৰা অনিবাৰ্য, ইয়াৰ প্ৰতি প্ৰত্যেক ঐশী ধৰ্মৰ নিৰ্দেশনাই গুৰুত্বাৰোপ কৰিছে, যিকোনো পৰিস্থিতিতেই নহওক কিয়।

• مشروعية الدعاء على الظالم.
অত্যাচাৰী ব্যক্তিৰ ওপৰত বদ্দুআ কৰা বৈধ।

 
अर्थों का अनुवाद आयत: (88) सूरा: यूनुस
सूरों की सूची पृष्ठ संख्या
 
क़ुरआन के अर्थों का अनुवाद - पवित्र क़ुरआन की संक्षिप्त व्याख्या का असमिया अनुवाद - अनुवादों की सूची

कुरआनिक अध्ययन के लिए कार्यरत व्याख्या केंद्र द्वारा निर्गत।

बंद करें