Check out the new design

કુરઆન મજીદના શબ્દોનું ભાષાંતર - અસમિયા ભાષામાં અલ્ મુખ્તસર ફી તફસીરિલ્ કુરઆનીલ્ કરીમ કિતાબનું અનુવાદ * - ભાષાંતરોની અનુક્રમણિકા


શબ્દોનું ભાષાંતર આયત: (40) સૂરહ: યૂસુફ
مَا تَعْبُدُوْنَ مِنْ دُوْنِهٖۤ اِلَّاۤ اَسْمَآءً سَمَّیْتُمُوْهَاۤ اَنْتُمْ وَاٰبَآؤُكُمْ مَّاۤ اَنْزَلَ اللّٰهُ بِهَا مِنْ سُلْطٰنٍ ؕ— اِنِ الْحُكْمُ اِلَّا لِلّٰهِ ؕ— اَمَرَ اَلَّا تَعْبُدُوْۤا اِلَّاۤ اِیَّاهُ ؕ— ذٰلِكَ الدِّیْنُ الْقَیِّمُ وَلٰكِنَّ اَكْثَرَ النَّاسِ لَا یَعْلَمُوْنَ ۟
তোমালোকে আল্লাহৰ বাহিৰে যিবোৰৰ উপাসনা কৰা, সেইবোৰ হৈছে কেৱলমাত্ৰ কিছুমান নাম। সেইবোৰৰ কোনো অস্তিত্ব নাই। সেইবোৰক তোমালোকে আৰু তোমালোকৰ পিতৃপুৰুষসকলে উপাস্যৰ নাম দিছা। সেইবোৰৰ ওচৰত উপাস্য হোৱাৰ কোনো যোগ্যতা নাই। আৰু এই ক্ষেত্ৰত সিহঁতৰ সপক্ষে আল্লাহে কোনো প্ৰমাণো অৱতীৰ্ণ কৰা নাই। সকলো সৃষ্টিৰ প্ৰতি কেৱল আল্লাহৰেই আদেশ চলে। এইবোৰৰ কোনো ক্ষমতা নচলে যিবোৰক তোমালোকে আৰু তোমালোকৰ পিতৃপুৰুষসকলে নাম দিছা। পৱিত্ৰ আল্লাহে আদেশ দিছে তোমালোকে যেন কেৱলমাত্ৰ তেওঁৰেই ইবাদত কৰা। আৰু তেওঁৰ লগত আন কাৰোবাক অংশী কৰিবলৈ নিষেধ কৰিছে। এই তাওহীদেই হৈছে সঠিক দ্বীন, যত কোনো বক্ৰতা নাই। কিন্তু অধিকাংশ লোকে এই বিষয়ে নাজানে। সেই কাৰণেই সিহঁতে তেওঁৰ লগত শ্বিৰ্ক কৰে, আৰু তেওঁৰ কিছুমান সৃষ্টিৰ উপাসনা কৰে।
અરબી તફસીરો:
આયતોના ફાયદાઓ માંથી:
• وجوب اتباع ملة إبراهيم، والبراءة من الشرك وأهله.
ইব্ৰাহীম আলাইহিছ ছালামৰ ধৰ্ম অনুসৰণ কৰা ওৱাজিব, লগতে শ্বিৰ্ক আৰু মুশ্বৰিকৰ পৰা সম্পৰ্ক বিচ্ছেদ কৰা অনিবাৰ্য।

• في قوله:﴿ءَأَرْبَابٌ مُّتَفَرِّقُونَ ...﴾ دليل على أن هؤلاء المصريين كانوا أصحاب ديانة سماوية لكنهم أهل إشراك.
আল্লাহ তাআলাৰ এই বাণী ﴿ءَأَرْبَابٌ مُّتَفَرِّقُونَ ...﴾ ৰ দ্বাৰা প্ৰমাণ হয় যে, সেই সময়ৰ মিচৰৰ অধিবাসীসকলৰ মাজত ঐশী ধৰ্ম পালনকাৰী লোকও বিদ্যমান আছিল। কিন্তু শ্বিৰ্কত পতিত হৈছিল।

• كلُّ الآلهة التي تُعبد من دون الله ما هي إلا أسماء على غير مسميات، ليس لها في الألوهية نصيب.
আল্লাহৰ বাহিৰে যিবোৰ উপাস্যৰ উপাসনা কৰা হয়, সেইবোৰ কেৱল অস্তিত্বহীন কিছুমান নাম। সেইবোৰৰ মাজত উপাস্য হোৱাৰ কোনো যোগ্যতা নাই।

• استغلال المناسبات للدعوة إلى الله، كما استغلها يوسف عليه السلام في السجن.
আল্লাহৰ প্ৰতি আহ্বান কৰিবলৈ সকলো সুযোগৰ সদ্ব্যৱহাৰ কৰা উচিত। যিদৰে ইউছুফ আলাইহিছ ছালামে কাৰাগাৰত সেই সুযোগ ব্যৱহাৰ কৰিছিল।

 
શબ્દોનું ભાષાંતર આયત: (40) સૂરહ: યૂસુફ
સૂરહ માટે અનુક્રમણિકા પેજ નંબર
 
કુરઆન મજીદના શબ્દોનું ભાષાંતર - અસમિયા ભાષામાં અલ્ મુખ્તસર ફી તફસીરિલ્ કુરઆનીલ્ કરીમ કિતાબનું અનુવાદ - ભાષાંતરોની અનુક્રમણિકા

તફસીર લિદ્ દિરાસતીલ્ કુરઆનિયહ કેન્દ્ર દ્વારા પ્રકાશિત.

બંધ કરો