Check out the new design

Firo maanaaji al-quraan tedduɗo oo - Eggo (nantino) ngoo e Asaamii - Rafiqul-Islam Habib Arrahman * - Tippudi firooji ɗii

PDF XML CSV Excel API
Please review the Terms and Policies

Firo maanaaji Simoore: Simoore sujjannde   Aaya:
وَلَوْ تَرٰۤی اِذِ الْمُجْرِمُوْنَ نَاكِسُوْا رُءُوْسِهِمْ عِنْدَ رَبِّهِمْ ؕ— رَبَّنَاۤ اَبْصَرْنَا وَسَمِعْنَا فَارْجِعْنَا نَعْمَلْ صَالِحًا اِنَّا مُوْقِنُوْنَ ۟
আৰু তুমি যদি দেখিলাহেঁতেন! যেতিয়া অপৰাধীবিলাকে মূৰ অৱনত কৰি ক’ব, ‘হে আমাৰ প্ৰতিপালক! আমি দেখিলোঁ আৰু শুনিলোঁ, এতেকে তুমি আমাক পুনৰ পঠাই দিয়া, আমি সৎকৰ্ম কৰিম, নিশ্চয় আমি দৃঢ় বিশ্বাসী’।
Faccirooji aarabeeji:
وَلَوْ شِئْنَا لَاٰتَیْنَا كُلَّ نَفْسٍ هُدٰىهَا وَلٰكِنْ حَقَّ الْقَوْلُ مِنِّیْ لَاَمْلَـَٔنَّ جَهَنَّمَ مِنَ الْجِنَّةِ وَالنَّاسِ اَجْمَعِیْنَ ۟
আৰু আমি ইচ্ছা কৰিলে প্ৰত্যেক ব্যক্তিকেই সৎপথত পৰিচালিত কৰিলোঁহেঁতেন; কিন্তু মোৰ ফালৰ পৰা এই কথা নিশ্চিতভাৱে সাব্যস্ত যে, নিশ্চয় মই কিছুমান জিন আৰু মানুহৰ দ্বাৰা জাহান্নাম পূৰণ কৰিম।
Faccirooji aarabeeji:
فَذُوْقُوْا بِمَا نَسِیْتُمْ لِقَآءَ یَوْمِكُمْ هٰذَا ۚ— اِنَّا نَسِیْنٰكُمْ وَذُوْقُوْا عَذَابَ الْخُلْدِ بِمَا كُنْتُمْ تَعْمَلُوْنَ ۟
এতেকে (সিহঁতক কোৱা হ’ব) ‘শাস্তি আস্বাদন কৰা, কাৰণ তোমালোকে আজিৰ এই দিনটোৰ সাক্ষাতৰ কথা পাহৰি গৈছিলা। নিশ্চয় আমিও তোমালোকক পৰিত্যাগ কৰিলোঁ। তোমালোকে যি আমল কৰিছিলা তাৰ বাবে তোমালোকে স্থায়ী শাস্তি ভোগ কৰা’।
Faccirooji aarabeeji:
اِنَّمَا یُؤْمِنُ بِاٰیٰتِنَا الَّذِیْنَ اِذَا ذُكِّرُوْا بِهَا خَرُّوْا سُجَّدًا وَّسَبَّحُوْا بِحَمْدِ رَبِّهِمْ وَهُمْ لَا یَسْتَكْبِرُوْنَ ۟
কেৱল তেওঁলোকেই আমাৰ আয়াতসমূহৰ প্ৰতি বিশ্বাস স্থাপন কৰে, যিসকলে ইয়াৰ দ্বাৰা উপদেশ প্ৰাপ্ত হ’লে ছাজদাত পৰি যায় আৰু নিজ প্ৰতিপালকৰ প্ৰশংসাৰ সৈতে পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে, আৰু তেওঁলোকে অহংকাৰ নকৰে।
Faccirooji aarabeeji:
تَتَجَافٰی جُنُوْبُهُمْ عَنِ الْمَضَاجِعِ یَدْعُوْنَ رَبَّهُمْ خَوْفًا وَّطَمَعًا ؗ— وَّمِمَّا رَزَقْنٰهُمْ یُنْفِقُوْنَ ۟
তেওঁলোকে (ৰাতিত) শয্যা ত্যাগ কৰি ভয় আৰু আশাৰ সৈতে নিজ প্ৰতিপালকক আহ্বান কৰে আৰু আমি তেওঁলোকক যি জীৱিকা দান কৰিছোঁ তাৰ পৰা তেওঁলোকে দান কৰে।
Faccirooji aarabeeji:
فَلَا تَعْلَمُ نَفْسٌ مَّاۤ اُخْفِیَ لَهُمْ مِّنْ قُرَّةِ اَعْیُنٍ ۚ— جَزَآءً بِمَا كَانُوْا یَعْمَلُوْنَ ۟
এতেকে কোনোৱেই নাজানে তেওঁলোকৰ কৃতকৰ্মৰ পুৰস্কাৰ হিচাপে তেওঁলোকৰ বাবে চকু জুৰ পেলোৱা কি (প্ৰতিদান) লুকুৱাই ৰখা হৈছে!
Faccirooji aarabeeji:
اَفَمَنْ كَانَ مُؤْمِنًا كَمَنْ كَانَ فَاسِقًا ؔؕ— لَا یَسْتَوٗنَ ۟
এতেকে এজন মুমিন ব্যক্তি ফাছিকৰ দৰে হ’ব পাৰেনে? তেওঁলোক কেতিয়াও সমান নহয়।
Faccirooji aarabeeji:
اَمَّا الَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ فَلَهُمْ جَنّٰتُ الْمَاْوٰی ؗ— نُزُلًا بِمَا كَانُوْا یَعْمَلُوْنَ ۟
যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, তেওঁলোকৰ কৃতকৰ্মৰ ফলস্বৰূপে তেওঁলোকৰ আপ্যায়নৰ ঠিকনা হ’ব জান্নাত।
Faccirooji aarabeeji:
وَاَمَّا الَّذِیْنَ فَسَقُوْا فَمَاْوٰىهُمُ النَّارُ ؕ— كُلَّمَاۤ اَرَادُوْۤا اَنْ یَّخْرُجُوْا مِنْهَاۤ اُعِیْدُوْا فِیْهَا وَقِیْلَ لَهُمْ ذُوْقُوْا عَذَابَ النَّارِ الَّذِیْ كُنْتُمْ بِهٖ تُكَذِّبُوْنَ ۟
আনহাতে যিসকলে পাপকৰ্ম কৰিছে সিহঁতৰ বাসস্থান হ’ব জুই (জাহান্নাম); যেতিয়াই সিহঁতে তাৰ পৰা ওলাব বিচাৰিব তেতিয়াই সিহঁতক তালৈ ওভতাই পঠিওৱা হ’ব আৰু সিহঁতক কোৱা হ’ব, ‘যি জুইৰ শাস্তিক তোমালোকে মিছা প্ৰতিপন্ন কৰিছিলা সেইটোক (এতিয়া) আস্বাদন কৰা’।
Faccirooji aarabeeji:
 
Firo maanaaji Simoore: Simoore sujjannde
Tippudi cimooje Tonngoode hello ngoo
 
Firo maanaaji al-quraan tedduɗo oo - Eggo (nantino) ngoo e Asaamii - Rafiqul-Islam Habib Arrahman - Tippudi firooji ɗii

Eggi nde ko: Ceerno Rafiqul-Islam Habib Arrahman.

Uddude