Check out the new design

Firo maanaaji Alqur'aana Teddunde nden - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo * - Loowdi firooji ɗi


Firo maanaaji Simoore.: Simoore takwiir (darnga)   Aaya.:

আত-তাকৱীৰ

Hino jeyaa e paandale simoore nden:
كمال القرآن في تذكير الأنفس باختلال الكون عند البعث.
মানৱ আত্মাক স্মৰণ কৰোৱাবলৈ পুনৰুত্থানৰ সময়ত হ'বলগীয়া ভয়াৱহ পৰিস্থিতি সম্পৰ্কে কোৰআনে উল্লেখ কৰিছে।

اِذَا الشَّمْسُ كُوِّرَتْ ۟
যেতিয়া সূৰ্যৰ অস্তিত্ব সংকীৰ্ণ কৰি দিয়া হব আৰু সূৰ্যৰ পোহৰ সমাপ্ত কৰি দিয়া হব।
Tafsiraaɗe Aarabu ɗen:
وَاِذَا النُّجُوْمُ انْكَدَرَتْ ۟
আৰু যেতিয়া খহি পৰিব আৰু তাৰ পোহৰ শেষ হৈ যাব।
Tafsiraaɗe Aarabu ɗen:
وَاِذَا الْجِبَالُ سُیِّرَتْ ۟
আৰু পৰ্বতবোৰক তাৰ স্থানৰ পৰা চলমান কৰি দিয়া হ'ব।
Tafsiraaɗe Aarabu ɗen:
وَاِذَا الْعِشَارُ عُطِّلَتْ ۟
যিবোৰ গৰ্ভৱতী উটকলৈ গৰাকীয়ে গৌৰৱ কৰে, সেইসময়ত সেইবোৰ উটক অযত্নে এৰি দিয়া হ'ব।
Tafsiraaɗe Aarabu ɗen:
وَاِذَا الْوُحُوْشُ حُشِرَتْ ۟
আৰু যেতিয়া বনৰীয়া জন্তুবোৰক মানুহৰ লগত একে স্থানত একত্ৰিত কৰা হ'ব।
Tafsiraaɗe Aarabu ɗen:
وَاِذَا الْبِحَارُ سُجِّرَتْ ۟
আৰু যেতিয়া সাগৰবোৰক উদগনি দিয়া হব, ফলত সেইবোৰ জুইত পৰিণত হ'ব।
Tafsiraaɗe Aarabu ɗen:
وَاِذَا النُّفُوْسُ زُوِّجَتْ ۟
আৰু যেতিয়া প্ৰাণবোৰক তেওঁলোকৰ লগত মিলিত কৰা হব যিবোৰ তাৰ সমান হব। গতিকে পাপীৰ লগত পাপী আৰু সদাচাৰৰ লগত সদাচাৰক মিলিত কৰা হ'ব।
Tafsiraaɗe Aarabu ɗen:
وَاِذَا الْمَوْءٗدَةُ سُىِٕلَتْ ۟
আৰু যেতিয়া জীৱন্ত সমাধিস্থ কন্যা শিশুক সোধা হ'ব।
Tafsiraaɗe Aarabu ɗen:
بِاَیِّ ذَنْۢبٍ قُتِلَتْ ۟ۚ
তোমাৰ হত্যাকাৰীয়ে তোমাক কি কাৰণত হত্যা কৰিছিল?
Tafsiraaɗe Aarabu ɗen:
وَاِذَا الصُّحُفُ نُشِرَتْ ۟
আৰু যেতিয়া বান্দাৰ আমাল নামা খুলি দিয়া হব, যাতে প্ৰত্যেক ব্যক্তিয়ে নিজ নিজ আমল নামা (কৰ্ম পত্ৰ) পঢ়িব পাৰে।
Tafsiraaɗe Aarabu ɗen:
وَاِذَا السَّمَآءُ كُشِطَتْ ۟
আৰু যেতিয়া আকাশৰ আৱৰণ খুলি দিয়া হব যিদৰে ছাগলীৰ ছাল খুলা হয়।
Tafsiraaɗe Aarabu ɗen:
وَاِذَا الْجَحِیْمُ سُعِّرَتْ ۟
আৰু যেতিয়া জাহান্নামক ভীষণ ভাৱে প্ৰজ্জ্বলিত কৰা হ'ব।
Tafsiraaɗe Aarabu ɗen:
وَاِذَا الْجَنَّةُ اُزْلِفَتْ ۟
আৰু যেতিয়া জান্নাতক মুত্তাক্বীসকলৰ ওচৰত ৰখা হ'ব।
Tafsiraaɗe Aarabu ɗen:
عَلِمَتْ نَفْسٌ مَّاۤ اَحْضَرَتْ ۟ؕ
যেতিয়া এইবোৰ সংঘটিত হব, তেতিয়া প্ৰত্যেক ব্যক্তিয়ে জানিব যে, তেওঁ সেই দিনৰ বাবে কি আমল আগবঢ়াইছে।
Tafsiraaɗe Aarabu ɗen:
فَلَاۤ اُقْسِمُ بِالْخُنَّسِ ۟ۙ
আল্লাহ তাআলাই সেইবোৰ নক্ষত্ৰৰ শপত খাইছে যিবোৰ ৰাতিত প্ৰকাশ হোৱাৰ আগতে লোকাই থাকে।
Tafsiraaɗe Aarabu ɗen:
الْجَوَارِ الْكُنَّسِ ۟ۙ
যিবোৰ নিজ নিজ অক্ষ ৰেখাত ঘূৰি থাকে আৰু প্ৰভাত অহাৰ লগে লগে তেনেদৰে লুকাই যায় যিদৰে হৰিণে নিজৰ ঘৰত সোমায়।
Tafsiraaɗe Aarabu ɗen:
وَالَّیْلِ اِذَا عَسْعَسَ ۟ۙ
আৰু ৰাতিৰ প্ৰথম ভাগ যেতিয়া আহে আৰু ৰাতিৰ শেষ ভাগ যেতিয়া যাবলৈ ধৰে আল্লাহ তাআলাই ইয়াৰো শপত খাইছে।
Tafsiraaɗe Aarabu ɗen:
وَالصُّبْحِ اِذَا تَنَفَّسَ ۟ۙ
আৰু যেতিয়া পুৱাৰ ভাগত পোহৰ প্ৰসাৰিত হয়, আল্লাহ তাআলাই সেই সময়ৰ শপত খাইছে।
Tafsiraaɗe Aarabu ɗen:
اِنَّهٗ لَقَوْلُ رَسُوْلٍ كَرِیْمٍ ۟ۙ
নিশ্চয় মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি অৱতীৰ্ণ হোৱা কোৰআন আল্লাহ তাআলাৰ বাণী। যাক আমানতদাৰ ফিৰিস্তা অৰ্থাৎ জিব্ৰীল আলাইহিছ ছালামে পৌঁছাইছে। আল্লাহ তাআলাই তেখেতক এই দায়িত্ব অৰ্পন কৰিছিল।
Tafsiraaɗe Aarabu ɗen:
ذِیْ قُوَّةٍ عِنْدَ ذِی الْعَرْشِ مَكِیْنٍ ۟ۙ
তেওঁ অতি শক্তিশালী আৰু আকাশৰ গৰাকীৰ ওচৰত তেওঁ মৰ্যদা সম্পন্ন।
Tafsiraaɗe Aarabu ɗen:
مُّطَاعٍ ثَمَّ اَمِیْنٍ ۟ؕ
আকাশবাসী সকল তেখেতৰ কথা মানে আৰু তেখেতক প্ৰত্যাদেশ পৌঁছাবলৈ যি দায়িত্ব অৰ্পণ কৰা হৈছে সেয়া আমানতদাৰীৰ সৈতে পালন কৰিছে।
Tafsiraaɗe Aarabu ɗen:
وَمَا صَاحِبُكُمْ بِمَجْنُوْنٍ ۟ۚ
আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম যিয়ে তোমালোকৰ লগত থাকে, যাৰ বিবেক, আমানতদাৰী আৰু সততাৰ বিষয়ে তোমালেকে ভালদৰে পৰিচিত। তেওঁ কোনো উন্মাদ নহয়, যিদৰে তোমালোকে দাবী কৰা।
Tafsiraaɗe Aarabu ɗen:
وَلَقَدْ رَاٰهُ بِالْاُفُقِ الْمُبِیْنِ ۟ۚ
আৰু তোমালোকৰ সঙ্গীয়ে তেখেতক দিগন্তত তেখেতৰ প্ৰকৃত ৰূপত স্পষ্ট ভাৱে দেখিছে।
Tafsiraaɗe Aarabu ɗen:
وَمَا هُوَ عَلَی الْغَیْبِ بِضَنِیْنٍ ۟ۚ
আৰু তোমালকৰ সঙ্গী কৃপণও নহয় যে, যি বস্তু পৌঁছাবলৈ তেখেতক নিযুক্ত কৰা হৈছে সেয়া পৌঁছাবলৈ কৃপণালী কৰিব বা জ্যোতিষীৰ দৰে তোমালোকৰ পৰা বিনিময় বিচাৰিব।
Tafsiraaɗe Aarabu ɗen:
وَمَا هُوَ بِقَوْلِ شَیْطٰنٍ رَّجِیْمٍ ۟ۙ
আৰু এই কোৰআন আল্লাহৰ ৰহমতৰ পৰা বঞ্চিত কোনো অভিশপ্ত চয়তাৰ বাণী নহয়।
Tafsiraaɗe Aarabu ɗen:
فَاَیْنَ تَذْهَبُوْنَ ۟ؕ
এই প্ৰমাণবোৰৰ পিছত এয়া আল্লাহৰ বাণী বুলি অস্বীকাৰ কৰাৰ কোনটো ৰাস্তা থাকিব পাৰে।
Tafsiraaɗe Aarabu ɗen:
اِنْ هُوَ اِلَّا ذِكْرٌ لِّلْعٰلَمِیْنَ ۟ۙ
কোৰআন জিন আৰু মানুহৰ বাবে কেৱল স্মৰণকাৰী আৰু উপদেশ বাণীহে।
Tafsiraaɗe Aarabu ɗen:
لِمَنْ شَآءَ مِنْكُمْ اَنْ یَّسْتَقِیْمَ ۟ؕ
তোমালোকৰ মাজৰ পৰা সেই ব্যক্তিৰ বাবে যিয়ে সত্যৰ পথত চলিব বিচাৰে।
Tafsiraaɗe Aarabu ɗen:
وَمَا تَشَآءُوْنَ اِلَّاۤ اَنْ یَّشَآءَ اللّٰهُ رَبُّ الْعٰلَمِیْنَ ۟۠
তুমি সত্য বা অসত্য পথৰ প্ৰতি চলিবলৈ ইচ্ছা কৰিব নোৱাৰিবা, যেতিয়ালৈকে আল্লাহে নিবিচাৰে। যিয়ে গোটেই জগতৰ পালন কৰ্তা।
Tafsiraaɗe Aarabu ɗen:
Hino jeyaa e nafooje Aayeeje on ka hello ɗoo.:
• حَشْر المرء مع من يماثله في الخير أو الشرّ.
ক্বিয়ামতৰ দিনা ভাল আৰু বেয়া চৰিত্ৰ অনুসৰি তাৰ সমপৰ্যায়ৰ ব্যক্তিৰ সৈতে উত্থাপন কৰা হব।

• إذا كانت الموءُودة تُسأل فما بالك بالوائد؟ وهذا دليل على عظم الموقف.
যেতিয়া জীৱন্ত সমাধিস্থ কন্যাক সোধা হব তেতিয়া সমাধিস্থকাৰীৰ দশা কি হব।এইটোৱে এই কথা প্ৰমাণ কৰে যে, সেই দিন অতি ভয়াৱহ হ'ব।

• مشيئة العبد تابعة لمشيئة الله.
বান্দাৰ ইচ্ছা আল্লাহৰ ইচ্ছাৰ অধীনস্থ।

 
Firo maanaaji Simoore.: Simoore takwiir (darnga)
Loowdi cimooje ɗe Tonngoode hello ngon
 
Firo maanaaji Alqur'aana Teddunde nden - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo - Loowdi firooji ɗi

iwde e galle Firo jaŋdeeji Alkur'aana.

Uddu