Check out the new design

Firo maanaaji Alqur'aana Teddunde nden - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo * - Loowdi firooji ɗi


Firo maanaaji Simoore.: Simoore Jinneeji (Baralli)   Aaya.:
وَّاَنَّا مِنَّا الْمُسْلِمُوْنَ وَمِنَّا الْقٰسِطُوْنَ ؕ— فَمَنْ اَسْلَمَ فَاُولٰٓىِٕكَ تَحَرَّوْا رَشَدًا ۟
আৰু আমাৰ মাজৰ কিছুমান হৈছে মুমিন আৰু আল্লাহৰ আজ্ঞা পালনকাৰী। আৰু কিছুমান হৈছে সত্যৰ পৰা দূৰত্ব অৱলম্বনকাৰী। গতিকে যিয়ে আল্লাহৰ আগত নত হৈ তেওঁৰ আদেশ পালন কৰিব আৰু সত্কৰ্ম কৰিব, সিহঁতেই হিদায়ত আৰু সঠিক পথৰ পথাচাৰী।
Tafsiraaɗe Aarabu ɗen:
وَاَمَّا الْقٰسِطُوْنَ فَكَانُوْا لِجَهَنَّمَ حَطَبًا ۟ۙ
আৰু যিহঁতে সত্যৰ পৰা আঁতৰি গৈছে সিহঁতেই জাহান্নামৰ ইন্ধন হ'ব। তাত সিহঁতৰ দৰেই মানুহৰ সৈতে অগ্নিদগ্ধ হৈ থাকিব।
Tafsiraaɗe Aarabu ɗen:
وَّاَنْ لَّوِ اسْتَقَامُوْا عَلَی الطَّرِیْقَةِ لَاَسْقَیْنٰهُمْ مَّآءً غَدَقًا ۟ۙ
যিদৰে তেওঁৰ ওচৰলৈ অহী প্ৰেৰণ কৰা হৈছে যে, জিনৰ এটা দলে কোৰআন শুনিছে, তেনেদৰে এয়াও অহী প্ৰেৰণ কৰা হৈছে যে, যদি জিন আৰু মানৱে ইছলামৰ পথ অৱলম্বন কৰিলেহেঁতেন আৰু তাৰ প্ৰতি আমল কৰিলেহেঁতেন তেন্তে আমি সিহঁতক প্ৰচুৰ পৰিমাণ পানী পান কৰালোহেঁতেন আৰু বিভিন্ন প্ৰকাৰৰ অনুগ্ৰহেৰে উপকৃত হোৱাৰ অৱকাশ দিলোহেঁতেন।
Tafsiraaɗe Aarabu ɗen:
لِّنَفْتِنَهُمْ فِیْهِ ؕ— وَمَنْ یُّعْرِضْ عَنْ ذِكْرِ رَبِّهٖ یَسْلُكْهُ عَذَابًا صَعَدًا ۟ۙ
যাতে আমি সিহঁতক ইয়াৰ জৰিয়তে পৰীক্ষা কৰিব পাৰো যে, আল্লাহৰ অনুগ্ৰসমূহৰ কৃতজ্ঞতা পালন কৰে নে নাই? আৰু যিয়ে কোৰআন তথা তাৰ ভিতৰত থকা উপদেশ তথা আদেশ সমূহৰ পৰা মুখ ঘূৰাই লব, তাক তাৰ প্ৰতিপালকে কঠোৰ শাস্তিত নিক্ষেপ কৰিব, যিটো সি সহ্য কৰিব নোৱাৰিব।
Tafsiraaɗe Aarabu ɗen:
وَّاَنَّ الْمَسٰجِدَ لِلّٰهِ فَلَا تَدْعُوْا مَعَ اللّٰهِ اَحَدًا ۟ۙ
আৰু মছজিদসমূহ কেৱল মহামহিম আল্লাহৰ বাবেই, তেওঁৰ বাহিৰে আন কাৰোবাৰ বাবে নহয়। গতিকে তাৰ ভিতৰত আল্লাহৰ বাহিৰে আন কাকো আহ্বান নকৰিবা। অন্যথা তোমালোকে ইহুদী আৰু খৃষ্টান বিলাকৰ দৰে হৈ যাবা। যিহঁতে নিজৰ উপাসনা স্থলত আল্লাহৰ বাহিৰে বেলেগৰো উপাসনা কৰি থাকে।
Tafsiraaɗe Aarabu ɗen:
وَّاَنَّهٗ لَمَّا قَامَ عَبْدُ اللّٰهِ یَدْعُوْهُ كَادُوْا یَكُوْنُوْنَ عَلَیْهِ لِبَدًا ۟ؕ۠
আৰু যেতিয়া আল্লাহৰ বান্দা মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে নাখলা নামক ঠাইত তেখেতৰ প্ৰতিপালকৰ ইবাদত কৰিবলৈ থিয় হৈছিল, তেতিয়া জিনসকলে কোৰআন শুনিবলৈ বহুত ভীৰ লগাইছিল।
Tafsiraaɗe Aarabu ɗen:
قُلْ اِنَّمَاۤ اَدْعُوْا رَبِّیْ وَلَاۤ اُشْرِكُ بِهٖۤ اَحَدًا ۟
হে ৰাছুল, আপুনি কৈ দিয়কঃ মই কেৱলমাত্ৰ আল্লাহক আহ্বান কৰো। ইবাদতত কাকো তেওঁৰ অংশীদাৰ স্থাপন নকৰো। সি যিয়েই নহওঁক কিয়।
Tafsiraaɗe Aarabu ɗen:
قُلْ اِنِّیْ لَاۤ اَمْلِكُ لَكُمْ ضَرًّا وَّلَا رَشَدًا ۟
সিহঁতক কৈ দিয়কঃ মই তোমালোকৰ কোনো ক্ষতি দূৰ কৰিব নোৱাৰো যিটো আল্লাহে তোমালোকৰ বাবে নিৰ্ধাৰিত কৰি ৰাখিছে। আৰু তোমালোকক কোনো লাভ বা উপকাৰো কৰিব নোৱাৰিম। যাৰ পৰা আল্লাহে তোমালোকক বঞ্চিত কৰি ৰাখিছে।
Tafsiraaɗe Aarabu ɗen:
قُلْ اِنِّیْ لَنْ یُّجِیْرَنِیْ مِنَ اللّٰهِ اَحَدٌ ۙ۬— وَّلَنْ اَجِدَ مِنْ دُوْنِهٖ مُلْتَحَدًا ۟ۙ
সিহঁতক কৈ দিয়কঃ যদি মই আল্লাহৰ অৱজ্ঞা কৰো তেন্তে কোনেও তেওঁৰ পৰা মোক ৰক্ষা কৰিব নোৱাৰিব। আৰু মই তেওঁৰ বাহিৰে আন কোনো আশ্ৰয় বিচাৰিও নাপাম।
Tafsiraaɗe Aarabu ɗen:
اِلَّا بَلٰغًا مِّنَ اللّٰهِ وَرِسٰلٰتِهٖ ؕ— وَمَنْ یَّعْصِ اللّٰهَ وَرَسُوْلَهٗ فَاِنَّ لَهٗ نَارَ جَهَنَّمَ خٰلِدِیْنَ فِیْهَاۤ اَبَدًا ۟ؕ
মই কৰিব পৰা কামটো হৈছে তোমালোকৰ ওচৰত আল্লাহৰ আদেশ পৌঁছাই দিয়া। আৰু সেই ৰিছালত পৌঁছাই দিয়া যিটোৰ সৈতে মোক প্ৰেৰণ কৰা হৈছে। আৰু যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ অৱজ্ঞা তথা অবাধ্যতা কৰিব তাৰ পৰিণাম হৈছে জাহান্নামত প্ৰৱেশ। য'ত সি চিৰ দিন থাকিব লাগিব। তাৰ পৰা কেতিয়াও ওলাব নোৱাৰিব।
Tafsiraaɗe Aarabu ɗen:
حَتّٰۤی اِذَا رَاَوْا مَا یُوْعَدُوْنَ فَسَیَعْلَمُوْنَ مَنْ اَضْعَفُ نَاصِرًا وَّاَقَلُّ عَدَدًا ۟
আৰু কাফিৰবিলাকে কুফুৰীৰ পথতে চলিব। অৱশেষত ক্বিয়ামতৰ দিনা নিজ চকুৰে সেই শাস্তি দেখিবলৈ পাব, যাৰ প্ৰতিশ্ৰুতি সিহঁতক পৃথিৱীত দিয়া হৈছিল। তেতিয়া জানিব পাৰিব যে, কোনে সহায়ৰ ফালৰ পৰা দূৰ্বল আৰু কাৰ সহায়ক কম।
Tafsiraaɗe Aarabu ɗen:
قُلْ اِنْ اَدْرِیْۤ اَقَرِیْبٌ مَّا تُوْعَدُوْنَ اَمْ یَجْعَلُ لَهٗ رَبِّیْۤ اَمَدًا ۟
হে ৰাছুল, পুনৰ জীৱিতক অস্বীকাৰকাৰী এই মুশ্বৰিক বিলাকক কৈ দিয়কঃ মই নাজানো তোমালোকক যি প্ৰতিশ্ৰুতি দিয়া হৈছে সেয়া নিকটৱৰ্তী নে তাৰ কোনো সময় নিৰ্ধাৰিত আছে। যিটো আল্লাহৰ বাহিৰে আন কোনেও নাজানে।
Tafsiraaɗe Aarabu ɗen:
عٰلِمُ الْغَیْبِ فَلَا یُظْهِرُ عَلٰی غَیْبِهٖۤ اَحَدًا ۟ۙ
আল্লাহ পৱিত্ৰ, তেওঁ গায়েব বা অদৃশ্যৰ সকলো কথাই জানে। অদৃশ্যৰ কোনো কথাই তেওঁৰ পৰা গোপন নহয়। আৰু গায়েবৰ কোনো কথাই কাকো অৱগত নকৰে। বৰং তেওঁৰ জ্ঞান কেৱল তেওঁলৈকেই সীমিত।
Tafsiraaɗe Aarabu ɗen:
اِلَّا مَنِ ارْتَضٰی مِنْ رَّسُوْلٍ فَاِنَّهٗ یَسْلُكُ مِنْ بَیْنِ یَدَیْهِ وَمِنْ خَلْفِهٖ رَصَدًا ۟ۙ
কিন্তু তেওঁৰ মনোনীত ৰাছুলসকলৰ কথা সুকীয়া। তেওঁ যি বিচাৰে সেয়া তেওঁলোকক অৱগত কৰায়। ৰাছুৰ আগত আৰু পিছত ফিৰিস্তাসকলক প্ৰহৰী হিচাপে নিৰ্ধাৰিত কৰি দিয়া হয়, যিসকলে তেওঁক সুৰক্ষা প্ৰদান কৰে, যাতে ৰাছুলৰ বাহিৰে আন কোনেও সেই বিষয়ে অৱগত নহয়।
Tafsiraaɗe Aarabu ɗen:
لِّیَعْلَمَ اَنْ قَدْ اَبْلَغُوْا رِسٰلٰتِ رَبِّهِمْ وَاَحَاطَ بِمَا لَدَیْهِمْ وَاَحْصٰی كُلَّ شَیْءٍ عَدَدًا ۟۠
যাতে ৰাছুলে জানি লয় যে তেওঁৰ পূৰ্বে ৰাছুল সকলে নিজ প্ৰতিপালকৰ আদেশসমূহ পৌঁছাই দিছিল। যিবোৰ পৌঁছাবলৈ আল্লাহৰ তৰফৰ পৰা তেওঁলোকক আদেশ দিয়া হৈছিল। আৰু আল্লাহে ফিৰিস্তাসকলৰ আৰু ৰাছুলসকলৰ প্ৰত্যেক কথাই নিজ জ্ঞানেৰে পৰিবেষ্টন কৰি ৰাখিছে। তেওঁলোকৰ কোনো কথাই তেওঁৰ পৰা গোপন নহয়। আৰু তেওঁ সকলো বস্তু গণনা কৰি ৰাখিছে। এতেকে কোনো বস্তু তেওঁৰ পৰা গোপন নহয়।
Tafsiraaɗe Aarabu ɗen:
Hino jeyaa e nafooje Aayeeje on ka hello ɗoo.:
• الجَوْر سبب في دخول النار.
অন্যায়- অত্যাচাৰ জাহান্নামত প্ৰৱেশৰ অন্যতম কাৰণ।

• أهمية الاستقامة في تحصيل المقاصد الحسنة.
উত্তম লক্ষ্যত উপনীত হবলৈ অবিচল থকাৰ গুৰুত্ব।

• حُفِظ الوحي من عبث الشياطين.
চয়তানৰ চক্ৰান্তৰ পৰা অহীক সুৰক্ষা প্ৰদান কৰা হৈছে।

 
Firo maanaaji Simoore.: Simoore Jinneeji (Baralli)
Loowdi cimooje ɗe Tonngoode hello ngon
 
Firo maanaaji Alqur'aana Teddunde nden - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo - Loowdi firooji ɗi

iwde e galle Firo jaŋdeeji Alkur'aana.

Uddu