Check out the new design

Firo maanaaji Alqur'aana Teddunde nden - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo * - Loowdi firooji ɗi


Firo maanaaji Simoore.: Simoore al-araaf   Aaya.:
اُبَلِّغُكُمْ رِسٰلٰتِ رَبِّیْ وَاَنَا لَكُمْ نَاصِحٌ اَمِیْنٌ ۟
মই তোমালোকৰ ওচৰত কেৱল সেই চৰীয়ত আৰু তাওহীদ পৌঁচাই আছো, যিটো পৌঁচাবলৈ আল্লাহে মোক আদেশ কৰিছে, আৰু মই তোমালোকৰ শুভাকাংক্ষী, মোক যিটো পৌঁচাবলৈ আদেশ দিয়া হৈছে সেই ক্ষেত্ৰত মই বিশ্বস্ত। এই ক্ষেত্ৰত মই অকণো কম কৰা নাই আৰু বেছিও কৰা নাই।
Tafsiraaɗe Aarabu ɗen:
اَوَعَجِبْتُمْ اَنْ جَآءَكُمْ ذِكْرٌ مِّنْ رَّبِّكُمْ عَلٰی رَجُلٍ مِّنْكُمْ لِیُنْذِرَكُمْ ؕ— وَاذْكُرُوْۤا اِذْ جَعَلَكُمْ خُلَفَآءَ مِنْ بَعْدِ قَوْمِ نُوْحٍ وَّزَادَكُمْ فِی الْخَلْقِ بَصْۜطَةً ۚ— فَاذْكُرُوْۤا اٰلَآءَ اللّٰهِ لَعَلَّكُمْ تُفْلِحُوْنَ ۟
তোমালোকে এই কাৰণে আচৰিত হৈছা নেকি যে, আল্লাহে তোমালোকক স্মৰণ কৰাবলৈ এনেকুৱা এজন ব্যক্তিক প্ৰেৰণ কৰিছে যিজন তোমালোকৰ মাজৰে এজন, ফিৰিস্তা তথা জিনসকলৰ মাজৰ নহয়, যাতে তেওঁ তোমালোকক সতৰ্ক তথা সাৱধান কৰিব পাৰে? তোমালোকে নিজ প্ৰতিপালকৰ কৃতজ্ঞতা জ্ঞাপন কৰা যে, তেওঁ নূহৰ সম্প্ৰদায়ক কুফুৰী কৰাৰ কাৰণে ধ্বংস কৰাৰ পিছত তোমালোকক পৃথিৱীত প্ৰতিষ্ঠা কৰিছে আৰু সিহঁতৰ উত্তৰাধিকাৰী বনাইছে। তথা আল্লাহৰ কৃতজ্ঞতা কৰা যে, তেওঁ তোমালোকক বিশেষৰূপে উৎকৃষ্ট আকাৰ-আকৃতি আৰু শক্তি প্ৰদান কৰিছে। তথা আল্লাহে প্ৰদান কৰা অসংখ্য অনুগ্ৰহবোৰক স্মৰণ কৰা, যাতে তোমালোকে সেইবোৰ বস্তু আহৰণ কৰিব পাৰা যিবোৰ তোমালোকে পাবলৈ ইচ্ছা কৰা আৰু সেইবোৰ বস্তুৰ পৰা ৰক্ষা পাব পাৰা যিবোৰক তোমালোকে ভয় কৰা।
Tafsiraaɗe Aarabu ɗen:
قَالُوْۤا اَجِئْتَنَا لِنَعْبُدَ اللّٰهَ وَحْدَهٗ وَنَذَرَ مَا كَانَ یَعْبُدُ اٰبَآؤُنَا ۚ— فَاْتِنَا بِمَا تَعِدُنَاۤ اِنْ كُنْتَ مِنَ الصّٰدِقِیْنَ ۟
তেওঁৰ সম্প্ৰদায়ৰ লোকসকলে তেওঁক ক'লেঃ হে হূদ! তুমি আমাক কেৱল এক আল্লাহৰ ইবাদতৰ আদেশ দিবলৈ আহিছা নেকি, যাতে আমি সেইবোৰক এৰি দিওঁ যিবোৰক আমাৰ পূৰ্বপুৰুষ সকলে পূজা-পাঠ কৰিছিল? যদি তুমি নিজৰ দাবীত সত্যবাদী তেন্তে তুমি সেই শাস্তি লৈ আহা যি শাস্তিৰ ভয় তুমি আমাক দেখুৱাই আছা।
Tafsiraaɗe Aarabu ɗen:
قَالَ قَدْ وَقَعَ عَلَیْكُمْ مِّنْ رَّبِّكُمْ رِجْسٌ وَّغَضَبٌ ؕ— اَتُجَادِلُوْنَنِیْ فِیْۤ اَسْمَآءٍ سَمَّیْتُمُوْهَاۤ اَنْتُمْ وَاٰبَآؤُكُمْ مَّا نَزَّلَ اللّٰهُ بِهَا مِنْ سُلْطٰنٍ ؕ— فَانْتَظِرُوْۤا اِنِّیْ مَعَكُمْ مِّنَ الْمُنْتَظِرِیْنَ ۟
তেতিয়া হূদ আলাইহিছ ছালামে সিহঁতক উত্তৰ দি ক'লেঃ নিশ্চয় তোমালোক আল্লাহৰ শাস্তিৰ অধিকাৰী হৈছা, এতেকে অৱশ্যে সেই শাস্তি তোমালোকৰ ওপৰত আহিব। তোমালোকে মোৰ লগত এনেকুৱা মূৰ্তিৰ বিষয়ে বাদানুবাদ কৰা নেকি যিবোৰক তোমালোকে আৰু তোমালোকৰ পূৰ্বপুৰুষসকলে উপাস্যৰ নাম দিছা, প্ৰকৃততে সিহঁত উপাস্য নহয়? এইবোৰক উপাস্য বুলি যে তোমালোকে দাবী কৰা, আল্লাহে এই বিষয়ে কোনো প্ৰমাণ অৱতীৰ্ণ কৰা নাই। এতেকে তোমালোকে যিটো শাস্তিৰ বাবে ততাতৈয়া কৰি আছা তাৰ অপেক্ষা কৰা, ময়ো তোমালোকৰ লগত অপেক্ষা কৰি আছো। নিশ্চয় সেইটো বাস্তৱায়িত হ'ব।
Tafsiraaɗe Aarabu ɗen:
فَاَنْجَیْنٰهُ وَالَّذِیْنَ مَعَهٗ بِرَحْمَةٍ مِّنَّا وَقَطَعْنَا دَابِرَ الَّذِیْنَ كَذَّبُوْا بِاٰیٰتِنَا وَمَا كَانُوْا مُؤْمِنِیْنَ ۟۠
অৱশেষত আমি হূদ আলাইহিছ ছালাম আৰু তেওঁৰ লগত থকা মুমিনসকলক আমি আমাৰ কৃপাত ৰক্ষা কৰিলো। আৰু যিসকলে আমাৰ নিদৰ্শনসমূহক অস্বীকাৰ কৰিছিল, সিহঁতক ধ্বংস কৰিলো। সিহঁত ঈমান পোষণ কৰা নাছিল বৰং অস্বীকাৰ কৰিছিল। সেই কাৰণে সিহঁত শাস্তিৰ চিকাৰ হৈছিল।
Tafsiraaɗe Aarabu ɗen:
وَاِلٰی ثَمُوْدَ اَخَاهُمْ صٰلِحًا ۘ— قَالَ یٰقَوْمِ اعْبُدُوا اللّٰهَ مَا لَكُمْ مِّنْ اِلٰهٍ غَیْرُهٗ ؕ— قَدْ جَآءَتْكُمْ بَیِّنَةٌ مِّنْ رَّبِّكُمْ ؕ— هٰذِهٖ نَاقَةُ اللّٰهِ لَكُمْ اٰیَةً فَذَرُوْهَا تَاْكُلْ فِیْۤ اَرْضِ اللّٰهِ وَلَا تَمَسُّوْهَا بِسُوْٓءٍ فَیَاْخُذَكُمْ عَذَابٌ اَلِیْمٌ ۟
আমিয়ে ছামূদ সম্প্ৰদায়ৰ ওচৰলৈ সিহঁতৰ ভাতৃ ছলেহ আলাইহিছ ছালামক প্ৰেৰণ কৰিছিলো, যাতে তেওঁ সিহঁতক আল্লাহৰ তাওহীদ আৰু তেওঁৰ ইবাদতৰ পিনে আহ্বান কৰে। ছলেহ আলাইহিছ ছালামে সিহঁতক ক'লেঃ হে মোৰ সম্প্ৰদায়! তোমালোকে কেৱল এক আল্লাহৰ ইবাদত কৰা, তেওঁৰ বাহিৰে আন কোনো সত্য তথা ইবাদতৰ যোগ্য উপাস্য নাই। তোমালোকৰ ওচৰত আল্লাহৰ ফালৰ পৰা মোৰ সত্যতাৰ স্পষ্ট প্ৰমাণ হিচাপে এজনী উটনী আহিছে, যিটো প্ৰকাণ্ড শিলৰ পৰা ওলাই আহিছে। তাইৰ বাবে পানী খোৱাৰ এটা সময় নিৰ্ধাৰিত আছে আৰু তোমালোকৰ বাবেও এটা সময় নিৰ্ধাৰণ কৰা হৈছে। এতেকে তাইক আল্লাহৰ পৃথিৱীত চৰিবলৈ দিয়া আৰু কোনো ধৰণৰ কষ্ট নিদিবা, অন্যথা তোমালোক কষ্টদায়ক শাস্তিৰ সন্মুখীন হ'বা।
Tafsiraaɗe Aarabu ɗen:
Hino jeyaa e nafooje Aayeeje on ka hello ɗoo.:
• ينبغي التّحلّي بالصبر في الدعوة إلى الله تأسيًا بالأنبياء عليهم السلام.
আল্লাহৰ প্ৰতি আহ্বান কৰাৰ ক্ষেত্ৰত মানুহে ধৈৰ্য ধাৰণ কৰা উচিত। এইটোৱে নবীসকলৰ আদৰ্শ আছিল।

• من أولويات الدعوة إلى الله الدعوة إلى عبادة الله وحده لا شريك له، ورفض الإشراك به ونبذه.
দাৱাতৰ ক্ষেত্ৰত সৰ্বপ্ৰথম এক আল্লাহৰ ইবাদতৰ পিনে আহ্বান কৰা উচিত, যাৰ কোনো অংশীদাৰ নাই। লগতে শ্বিৰ্কৰ পৰা বিৰত থকাৰ নিৰ্দেশ দিয়া উচিত।

• الاغترار بالقوة المادية والجسدية يصرف صاحبها عن الاستجابة لأوامر الله ونواهيه.
ভৌতিক তথা শাৰীৰিক শক্তিৰ প্ৰৱঞ্চনাই মানুহক আল্লাহৰ আদেশ আৰু নিষেধৰ সন্মুখত আত্মসমৰ্পনৰ পৰা বিৰত ৰাখে।

• النبي يكون من جنس قومه، لكنه من أشرفهم نسبًا، وأفضلهم حسبًا، وأكرمهم مَعْشرًا، وأرفعهم خُلُقًا.
নবী তেওঁৰ নিজ জনগোষ্ঠীৰে এজন সদস্য হয়, কিন্তু বংশ আৰু ব্যৱহাৰৰ দৃষ্টিকোণেৰে আটাইতকৈ উত্তম হয়।

• الأنبياء وورثتهم يقابلون السّفهاء بالحِلم، ويغضُّون عن قول السّوء بالصّفح والعفو والمغفرة.
নবী আৰু তেওঁৰ উত্তৰাধিকাৰীসকলে নিৰ্বোধ তথা মূৰ্খসকলৰ লগত ধৈৰ্য সহকাৰে ব্যৱহাৰ কৰে। লগতে বেয়া কথাক আওকাণ কৰি ক্ষমা আৰু মাৰ্জনাৰ দৃষ্টি পোষণ কৰে।

 
Firo maanaaji Simoore.: Simoore al-araaf
Loowdi cimooje ɗe Tonngoode hello ngon
 
Firo maanaaji Alqur'aana Teddunde nden - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo - Loowdi firooji ɗi

iwde e galle Firo jaŋdeeji Alkur'aana.

Uddu