Check out the new design

Firo maanaaji Alqur'aana Teddunde nden - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo * - Loowdi firooji ɗi


Firo maanaaji Simoore.: Simoore rewɓe   Aaya.:
اَلَمْ تَرَ اِلَی الَّذِیْنَ یَزْعُمُوْنَ اَنَّهُمْ اٰمَنُوْا بِمَاۤ اُنْزِلَ اِلَیْكَ وَمَاۤ اُنْزِلَ مِنْ قَبْلِكَ یُرِیْدُوْنَ اَنْ یَّتَحَاكَمُوْۤا اِلَی الطَّاغُوْتِ وَقَدْ اُمِرُوْۤا اَنْ یَّكْفُرُوْا بِهٖ ؕ— وَیُرِیْدُ الشَّیْطٰنُ اَنْ یُّضِلَّهُمْ ضَلٰلًا بَعِیْدًا ۟
হে ৰাছুল! আপুনি ইয়াহুদী মুনাফিকসকলৰ দ্বিতীয় চৰিত্ৰ দেখা নাইনে, যিসকলে মিছা দাবী কৰে যে, আপোনাৰ প্ৰতি তথা আপোনাৰ পূৰ্বে ৰাছুলসকলৰ প্ৰতি যি অৱতীৰ্ণ হৈছে তাৰ ওপৰত ঈমান পোষণ কৰে। কিন্তু মতবিৰোধৰ সময়ত ফয়চালাৰ বাবে, আল্লাহৰ চৰীয়ত এৰি মানৱ ৰচিত বিধানৰ দ্বাৰা ফয়চালা পছন্দ কৰে। অথচ সিহঁতক এইবোৰ অস্বীকাৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। দৰাচলতে চয়তানে বিচাৰে যে, সিহঁত সত্যৰ পৰা ইমান দূৰ আঁতৰি যাওঁক যাতে উভতি অহা অসম্ভৱ হৈ পৰে।
Tafsiraaɗe Aarabu ɗen:
وَاِذَا قِیْلَ لَهُمْ تَعَالَوْا اِلٰی مَاۤ اَنْزَلَ اللّٰهُ وَاِلَی الرَّسُوْلِ رَاَیْتَ الْمُنٰفِقِیْنَ یَصُدُّوْنَ عَنْكَ صُدُوْدًا ۟ۚ
যেতিয়া এইসকল মুনাফিকক কোৱা হয় যে, আল্লাহে নিজৰ পুথিত যি বিধান অৱতীৰ্ণ কৰিছে সেই পিনে আহা আৰু ৰাছুলৰ ওচৰলৈ আহা, যাতে তোমালোকৰ পৰস্পৰ মতভেদৰ মীমাংসা কৰি দিয়ে। হে ৰাছুল! তেতিয়া আপুনি সিহঁতক দেখিবলৈ পাব যে, সিহঁত আপোনাৰ পৰা সম্পূৰ্ণৰূপে বিমূখ হৈ আনৰ ওচৰত মীমাংসাৰ বাবে গুচি যায়।
Tafsiraaɗe Aarabu ɗen:
فَكَیْفَ اِذَاۤ اَصَابَتْهُمْ مُّصِیْبَةٌ بِمَا قَدَّمَتْ اَیْدِیْهِمْ ثُمَّ جَآءُوْكَ یَحْلِفُوْنَ ۖۗ— بِاللّٰهِ اِنْ اَرَدْنَاۤ اِلَّاۤ اِحْسَانًا وَّتَوْفِیْقًا ۟
সেই সময়ত মুনাফিকসকলৰ কি অৱস্থা হব, যেতিয়া সিহঁতৰ গুনাহৰ কাৰণে সিহঁতৰ ওপৰত কোনো বিপদ আহি পৰিব। হে ৰাছুল! তেতিয়া সিহঁত আপোনাৰ ওচৰত ক্ষমা বিচাৰি আহি আল্লাহৰ শপত খাই কব যে, আপোনাক এৰি আনৰ ওচৰত ফয়চালাৰ বাবে যোৱাৰ আমাৰ কেৱল এই উদ্দেশ্য আছিল যাতে উপকাৰ কৰে আৰু মতানৈক্যকাৰী সকলৰ মাজত মিলাপ্ৰীতি সৃষ্টি কৰি দিয়ে। অথচ সিহঁতৰ এইটো মিছা দাবী। কিয়নো মানুহৰ মাজত মীমাংসা কৰিবলৈ কেৱল আল্লাহৰ চৰীয়তৰ শৰণাপন্ন হোৱাতেই আছে কল্যাণ।
Tafsiraaɗe Aarabu ɗen:
اُولٰٓىِٕكَ الَّذِیْنَ یَعْلَمُ اللّٰهُ مَا فِیْ قُلُوْبِهِمْ ۗ— فَاَعْرِضْ عَنْهُمْ وَعِظْهُمْ وَقُلْ لَّهُمْ فِیْۤ اَنْفُسِهِمْ قَوْلًا بَلِیْغًا ۟
এইসকল লোকৰ অন্তৰত গোপন থকা নিফাক আৰু বেয়া মনোভাৱ সম্পৰ্কেও আল্লাহ অৱগত। এতেকে হে ৰাছুল! সিহঁতক সিহঁতৰ অৱস্থাত এৰি দিয়ক, লগতে সিহঁতৰ প্ৰতি মনোযোগ নিদিব। সিহঁতক প্ৰেৰণা প্ৰদান কৰি আৰু সতৰ্ক কৰি আল্লাহৰ আদেশ বৰ্ণনা কৰক লগতে এনেকুৱা কথা কওঁক যিটো সিহঁতৰ অন্তৰ চুই যাব।
Tafsiraaɗe Aarabu ɗen:
وَمَاۤ اَرْسَلْنَا مِنْ رَّسُوْلٍ اِلَّا لِیُطَاعَ بِاِذْنِ اللّٰهِ ؕ— وَلَوْ اَنَّهُمْ اِذْ ظَّلَمُوْۤا اَنْفُسَهُمْ جَآءُوْكَ فَاسْتَغْفَرُوا اللّٰهَ وَاسْتَغْفَرَ لَهُمُ الرَّسُوْلُ لَوَجَدُوا اللّٰهَ تَوَّابًا رَّحِیْمًا ۟
আমি ৰাছুল এই কাৰণে প্ৰেৰণ কৰো যাতে মানুহে আল্লাহৰ ইচ্ছাত তেওঁলোকৰ অনুসৰণ কৰে। এতেকে হে ৰাছুল! যদি সিহঁতে কোনো পাপ কৰ্ম কৰাৰ পিছত আপুনি জীৱিত থকা অৱস্থাত আপোনাৰ ওচৰত আহিলেহেঁতে আৰু নিজৰ গুনাহ স্বীকাৰ কৰিলেহেঁতেন লগতে অনুতপ্ত হৈ তাওবা কৰিলেহেঁতেন আৰু আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিলেহেঁতেন লগতে আপুনিও যদি সিহঁতৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিলেহেঁতেন তেন্তে অৱশ্যে সিহঁতে আল্লাহক তাওবা কবূলকাৰী আৰু দয়ালু হিচাপে পালেহেঁতেন।
Tafsiraaɗe Aarabu ɗen:
فَلَا وَرَبِّكَ لَا یُؤْمِنُوْنَ حَتّٰی یُحَكِّمُوْكَ فِیْمَا شَجَرَ بَیْنَهُمْ ثُمَّ لَا یَجِدُوْا فِیْۤ اَنْفُسِهِمْ حَرَجًا مِّمَّا قَضَیْتَ وَیُسَلِّمُوْا تَسْلِیْمًا ۟
দৰাচলতে বিষয়টো তেনেকুৱা নহয়, যিদৰে মুনাফিকসকলে ধাৰণা কৰে। বৰং আল্লাহে নিজৰ শপত খাই কৈছে যে, সিহঁত প্ৰকৃত মুমিন হবই নোৱাৰে, যেতিয়া লৈকে সিহঁতে নিজৰ মাজত উত্পন্ন হোৱা সকলো মতানৈক্যত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক তেওঁৰ জীৱন কালত আৰু তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ চৰীয়তক মীমাংসাকাৰী হিচাপে মানি নলব। ইয়াৰ পিছত সিহঁতৰ অন্তৰত আপোনাৰ ফয়চালা সম্পৰ্কে কোনো সংকোচবোধ তথা সংশয় থাকিব নালাগে লগতে আভ্যন্তৰীণ আৰু বাহ্যিক ভাৱে পৰিপূৰ্ণৰূপে আপোনাৰ আদেশ মানি লোৱা উচিত।
Tafsiraaɗe Aarabu ɗen:
Hino jeyaa e nafooje Aayeeje on ka hello ɗoo.:
• الاحتكام إلى غير شرع الله والرضا به مناقض للإيمان بالله تعالى، ولا يكون الإيمان التام إلا بالاحتكام إلى الشرع، مع رضا القلب والتسليم الظاهر والباطن بما يحكم به الشرع.
আল্লাহৰ বিধানৰ বাহিৰে আন কাৰোবাৰ ওচৰত মীমাংসাৰ বাবে যোৱা আৰু সেই মীমাংসাত সন্তুষ্ট হোৱাটো আল্লাহৰ প্ৰতি ঈমানৰ পৰিপন্থী। বান্দাৰ ঈমান সেই সময়ত পৰিপূৰ্ণ হয় যেতিয়া সি আল্লাহৰ বিধানক মীমাংসাকাৰী হিচাপে মানি লয় আৰু আন্তৰিক সন্তুষ্টি প্ৰকাশ কৰে লগতে অন্তৰৰ পৰা আৰু বাহিৰৰ পৰা তাক স্বীকাৰ কৰে।

• من أبرز صفات المنافقين عدم الرضا بشرع الله، وتقديم حكم الطواغيت على حكم الله تعالى.
মুনাফিকসকলৰ এটা অন্যতম বৈশিষ্ট্য হৈছে, আল্লাহৰ চৰীয়তৰ প্ৰতি অসন্তুষ্ট প্ৰকাশ কৰা আৰু আল্লাহৰ বিধানৰ ওপৰত আনৰ বিধানক প্ৰাধান্য দিয়া।

• النَّدْب إلى الإعراض عن أهل الجهل والضلالات، مع المبالغة في نصحهم وتخويفهم من الله تعالى.
মূৰ্খ আৰু পথভ্ৰষ্ট লোকৰ পৰা দূৰত্ব অৱলম্বন কৰি সিহঁতৰ কল্যাণ কামনা কৰা তথা সিহঁতক বেছি বেছি সতৰ্ক কৰা উচিত।

 
Firo maanaaji Simoore.: Simoore rewɓe
Loowdi cimooje ɗe Tonngoode hello ngon
 
Firo maanaaji Alqur'aana Teddunde nden - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo - Loowdi firooji ɗi

iwde e galle Firo jaŋdeeji Alkur'aana.

Uddu