Check out the new design

Firo maanaaji Alqur'aana Teddunde nden - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo * - Loowdi firooji ɗi


Firo maanaaji Simoore.: Simoore Sad   Aaya.:

চ'দ

Hino jeyaa e paandale simoore nden:
ذكر المخاصمة بالباطل وعاقبتها.
অসত্যৰ দ্বাৰা কৰা বিবাদ আৰু ইয়াৰ পৰিণামৰ বৰ্ণনা।

صٓ وَالْقُرْاٰنِ ذِی الذِّكْرِ ۟ؕ
চোৱাদ। এনেকুৱা আখৰৰ বিষয়ে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে। আল্লাহে কোৰআনৰ শপত খাই এই কথা উল্লেখ কৰিছে যে, কোৰআনত আছে মানুহৰ বাবে এনেকুৱা উপদেশ, যিবোৰ দুনিয়া আৰু আখিৰাতত মানুহৰ বাবে উপকাৰী। মুশ্বৰিকসকলে আল্লাহৰ অংশীদাৰ থকা বুলি যি ধাৰণা পোষণ কৰে, সেইটো সম্পুৰ্ণৰূপে মিছা।
Tafsiraaɗe Aarabu ɗen:
بَلِ الَّذِیْنَ كَفَرُوْا فِیْ عِزَّةٍ وَّشِقَاقٍ ۟
কিন্তু কাফিৰসকলে আল্লাহৰ তাওহীদৰ পৰা আঁতৰি অহংকাৰত লিপ্ত হৈছে, আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ বিৰোধিতা কৰি তেওঁৰ লগত শত্ৰুতা পোষণ কৰিছে।
Tafsiraaɗe Aarabu ɗen:
كَمْ اَهْلَكْنَا مِنْ قَبْلِهِمْ مِّنْ قَرْنٍ فَنَادَوْا وَّلَاتَ حِیْنَ مَنَاصٍ ۟
আমি ইহঁতৰ পূৰ্বে বহুতো সম্প্ৰদায়ক বিনাশ কৰিছোঁ, যিসকলে নিজ নিজ ৰাছুলসকলক অস্বীকাৰ কৰিছিল। কিন্তু যেতিয়া সিহঁতৰ ওপৰত শাস্তি অৱতীৰ্ণ হৈছিল তেতিয়া সিহঁতে কাকুতি-মিনতি কৰি সহায় প্ৰাৰ্থনা কৰিছিল। অথচ সেইটো ৰক্ষা পোৱাৰ সময় নাছিল যে, কাকুতি-মিনতি কৰিলে কিবা লাভ হ’ব।
Tafsiraaɗe Aarabu ɗen:
وَعَجِبُوْۤا اَنْ جَآءَهُمْ مُّنْذِرٌ مِّنْهُمْ ؗ— وَقَالَ الْكٰفِرُوْنَ هٰذَا سٰحِرٌ كَذَّابٌ ۟ۖۚ
আৰু সিহঁতে আশ্চৰ্য প্ৰকাশ কৰি কৈছিল যেতিয়া সিহঁতৰ মাজৰ পৰাই এজন ৰাছুল প্ৰেৰিত হৈছিল, যিয়ে সিহঁতক আল্লাহৰ শাস্তিৰ ভয় দেখুৱাইছিল যে, যদি সিহঁতে এইদৰে কুফৰীৰ ওপৰত অবিচল থাকে তেন্তে সিহঁতে আল্লাহৰ শাস্তিৰ সন্মুখীন হ’ব। মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা চৰীয়তৰ সপক্ষে দলিল-প্ৰমাণবোৰ প্ৰত্যক্ষ কৰাৰ পিছত কাফিৰসকলে ক’লেঃ এওঁ হৈছে যাদুকৰ ব্যক্তি, যিয়ে মানুহক যাদু কৰে। তথা এওঁ এজন মিছলীয়া ব্যক্তি, যিয়ে নিজকে আল্লাহৰ ৰাছুল বুলি দাবী কৰে আৰু আল্লাহে তেওঁৰ প্ৰতি অহী কৰে বুলি দাবী কৰে।
Tafsiraaɗe Aarabu ɗen:
اَجَعَلَ الْاٰلِهَةَ اِلٰهًا وَّاحِدًا ۖۚ— اِنَّ هٰذَا لَشَیْءٌ عُجَابٌ ۟
এওঁ বিভিন্ন ইলাহক এজন ইলাহ বনাই লৈছে নেকি, যাৰ বাহিৰে আন কোনো ইলাহ নাই? নিশ্চয় তেওঁৰ এই কৰ্ম অত্যন্ত আশ্চৰ্যজনক।
Tafsiraaɗe Aarabu ɗen:
وَانْطَلَقَ الْمَلَاُ مِنْهُمْ اَنِ امْشُوْا وَاصْبِرُوْا عَلٰۤی اٰلِهَتِكُمْ ۖۚ— اِنَّ هٰذَا لَشَیْءٌ یُّرَادُ ۟ۚ
সিহঁতৰ নেতৃস্থানীয় আৰু প্ৰমুখ লোকসকলে নিজৰ অনুসাৰীসকলক এই বুলি কৈ আঁতৰি গ’ল যে, তোমালোকেও সেইটোৰ ওপৰত অবিচল থাকা, যিটোৰ ওপৰত আগতে আছিলা। মুহাম্মদৰ ধৰ্মত প্ৰৱেশ নকৰিবা। তোমালোকে নিজ নিজ উপাস্যৰ উপাসনাত দৃঢ়ভাৱে অটল থাকা। দৰাচলতে মুহাম্মদে তোমালোকক এটা বিশেষ আঁচনিৰ অধীনত এক আল্লাহৰ ইবাদতৰ পিনে আহ্বান কৰি আছে। প্ৰকৃততে তেওঁ আমাৰ ওপৰত আধিপত্য বিস্তাৰ কৰিব বিচাৰে আৰু যাতে আমি তেওঁৰ অনুসাৰী হৈ যাওঁ।
Tafsiraaɗe Aarabu ɗen:
مَا سَمِعْنَا بِهٰذَا فِی الْمِلَّةِ الْاٰخِرَةِ ۖۚ— اِنْ هٰذَاۤ اِلَّا اخْتِلَاقٌ ۟ۖۚ
মুহাম্মদে যি তাওহীদৰ পিনে আমাক আহ্বান কৰি আছে, সেই বিষয়ে আমি আমাৰ আজোককাসকলৰ মুখত একো শুনা নাছিলোঁ। আনকি ঈছা আলাইহিচ্ছালামৰ ধৰ্মতো ইয়াৰ কোনো উল্লেখ নাই। তেওঁৰ এই কথা যিটো আমি শুনি আছোঁ, দৰাচলতে একপ্ৰকাৰ মিছা আৰু মনেসজা কথাৰ বাহিৰে আন একো নহয়।
Tafsiraaɗe Aarabu ɗen:
ءَاُنْزِلَ عَلَیْهِ الذِّكْرُ مِنْ بَیْنِنَا ؕ— بَلْ هُمْ فِیْ شَكٍّ مِّنْ ذِكْرِیْ ۚ— بَلْ لَّمَّا یَذُوْقُوْا عَذَابِ ۟ؕ
“এইটো কিদৰে সম্ভৱ যে, আমাৰ মাজত ডাঙৰ ডাঙৰ আৰু প্ৰমুখ লোকসকল থকা সত্তেও তেওঁক বিশেষ মৰ্যাদা প্ৰদান কৰা হ’ল আৰু তেওঁৰ ওপৰত কোৰআন অৱতীৰ্ণ কৰা হ’ল, আমাৰ ওপৰত কিয় অৱতীৰ্ণ কৰা নহ’ল”? বৰং এই মুশ্বৰিকসকলে আপোনাৰ প্ৰতি অৱতীৰ্ণ হোৱা অহী সম্পৰ্কে সন্দেহত পতিত হৈছে। যিহেতু সিহঁতে এতিয়াও আল্লাহৰ শাস্তিৰ সোৱাদ পোৱা নাই, সেইকাৰণেই সিহঁতে এই অৱকাশক অৱহেলা কৰি আছে। যদি সিহঁতে সেই শাস্তিৰ সোৱাদ পালেহেঁতেন তেন্তে কেতিয়াও আল্লাহৰ লগত কুফৰী আৰু শ্বিৰ্ক নকৰিলেহেঁতেন আৰু আপোনাৰ প্ৰতি অৱতীৰ্ণ হোৱা অহীৰ প্ৰতিও সন্দেহ নকৰিলেহেঁতেন।
Tafsiraaɗe Aarabu ɗen:
اَمْ عِنْدَهُمْ خَزَآىِٕنُ رَحْمَةِ رَبِّكَ الْعَزِیْزِ الْوَهَّابِ ۟ۚ
অথবা এই মিছলীয়া মুশ্বৰিকসকলৰ ওচৰত আপোনাৰ প্ৰতিপালকৰ অনুগ্ৰহৰ ভাণ্ডাৰ আছে নেকি? আপোনাৰ প্ৰতিপালক মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ যাক যি ইচ্ছা কৰে সেইটোৱে দান কৰে। নুবুওৱত হৈছে তেওঁৰ অনুগ্ৰহ ভাণ্ডাৰৰ এটা অংশ। এতেকে তেওঁ যাক ইচ্ছা কৰে তাকহে তেওঁ নুবুওৱত দান কৰে। এইক্ষেত্ৰত সিহঁতৰ কোনো অধিকাৰ নাই যে, সিহঁতে যাক ইচ্ছা কৰিব দান কৰিব আৰু যাক ইচ্ছা কৰিব বঞ্চিত কৰিব।
Tafsiraaɗe Aarabu ɗen:
اَمْ لَهُمْ مُّلْكُ السَّمٰوٰتِ وَالْاَرْضِ وَمَا بَیْنَهُمَا ۫— فَلْیَرْتَقُوْا فِی الْاَسْبَابِ ۟
অথবা সিহঁতৰ ওচৰত আকাশমণ্ডল, পৃথিৱী আৰু দুয়োৰে মাজত থকা সকলো বস্তুৰ কৰ্তৃত্ব আছে নেকি? নাইবা কাৰোবাক দান কৰা আৰু কাৰোবাক বঞ্চিত কৰাৰ অধিকাৰ সিহঁতৰ আছে নেকি? যদি সিহঁতে এনেকুৱাই ভাৱে তেন্তে সিহঁতে আকাশত উঠাৰ মাধ্যম অৱলম্বন কিয় নকৰে। যাতে দান কৰা আৰু বঞ্চিত কৰাৰ সেই আদেশ কাৰ্যকৰী কৰিব পাৰে। সিহঁতৰ পক্ষে এইটো কেতিয়াও সম্ভৱ নহয়।
Tafsiraaɗe Aarabu ɗen:
جُنْدٌ مَّا هُنَالِكَ مَهْزُوْمٌ مِّنَ الْاَحْزَابِ ۟
মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক অস্বীকাৰ কৰা লোকসকল হৈছে পৰাজিত সেনা। পূৰ্বৱৰ্তী সেই লোকসকলৰ দৰে, যিসকলে নিজ নিজ ৰাছুলসকলক অস্বীকাৰ কৰিছিল।
Tafsiraaɗe Aarabu ɗen:
كَذَّبَتْ قَبْلَهُمْ قَوْمُ نُوْحٍ وَّعَادٌ وَّفِرْعَوْنُ ذُو الْاَوْتَادِ ۟ۙ
এই অস্বীকাৰকাৰী সকলেই প্ৰথম অস্বীকাৰকাৰী নহয়। ইহঁতৰ পূৰ্বে নূহ আলাইহিচ্ছালামৰ সম্প্ৰদায়েও অস্বীকাৰ কৰিছিল, আদ সম্প্ৰদায়েও অস্বীকাৰ কৰিছিল, লগতে ফিৰআউনেও অস্বীকাৰ কৰিছিল, আৰু তাৰ ওচৰত মানুহক শাস্তি বিহিবলৈ আছিল লৌহ নিৰ্মিত শলা।
Tafsiraaɗe Aarabu ɗen:
وَثَمُوْدُ وَقَوْمُ لُوْطٍ وَّاَصْحٰبُ لْـَٔیْكَةِ ؕ— اُولٰٓىِٕكَ الْاَحْزَابُ ۟
ছামূদ জাতিয়ে অস্বীকাৰ কৰিছিল আৰু লূত সম্প্ৰদায়েও অস্বীকাৰ কৰিছিল, লগতে অস্বীকাৰ কৰিছিল শ্বুয়াইব আলাইহিচ্ছালামৰ সম্প্ৰদায়েও। এইসকল লোকেই নিজ নিজ ৰাছুলসকলক অস্বীকাৰ কৰিবলৈ আৰু তেওঁলোকে লৈ অহা চৰীয়তক নাকচ কৰিবলৈ দলবদ্ধ হৈছিল।
Tafsiraaɗe Aarabu ɗen:
اِنْ كُلٌّ اِلَّا كَذَّبَ الرُّسُلَ فَحَقَّ عِقَابِ ۟۠
এই দলসমূহৰ প্ৰত্যেকেই ৰাছুলসকলক অস্বীকাৰ কৰিছিল। সেইকাৰণেই সিহঁতৰ ওপৰত আল্লাহৰ শাস্তি অনিবাৰ্য হৈছে। তথা পলমকৈ হ’লেও সিহঁতৰ ওপৰত শাস্তিৰ বিধান কাৰ্যকৰী হৈছে।
Tafsiraaɗe Aarabu ɗen:
وَمَا یَنْظُرُ هٰۤؤُلَآءِ اِلَّا صَیْحَةً وَّاحِدَةً مَّا لَهَا مِنْ فَوَاقٍ ۟
মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক অস্বীকাৰ কৰা এই লোকসকলে কেৱল শিঙাত দ্বিতীয় ফুঁ কেতিয়া দিয়া হ’ব তাৰ অপেক্ষাত আছে, যাৰ পিছত প্ৰত্যাৱৰ্তনৰ কোনো সুযোগ নাথাকিব। গতিকে যদি সিহঁত ৰাছুলক অস্বীকাৰ কৰা অৱস্থাতেই মৃত্যুবৰণ কৰে তেন্তে নিশ্চয় সিহঁতৰ ওপৰত শাস্তি কাৰ্যকৰী হ’ব।
Tafsiraaɗe Aarabu ɗen:
وَقَالُوْا رَبَّنَا عَجِّلْ لَّنَا قِطَّنَا قَبْلَ یَوْمِ الْحِسَابِ ۟
সিহঁতে উপহাস কৰি কয়ঃ হে আমাৰ প্ৰতিপালক! আমাৰ অংশৰ শাস্তি আমাক কিয়ামতৰ পূৰ্বে পৃথিৱীতেই প্ৰদান কৰা।
Tafsiraaɗe Aarabu ɗen:
Hino jeyaa e nafooje Aayeeje on ka hello ɗoo.:
• أقسم الله عز وجل بالقرآن العظيم، فالواجب تَلقِّيه بالإيمان والتصديق، والإقبال على استخراج معانيه.
আল্লাহে পৱিত্ৰ মহান কোৰআনৰ শপত খাইছে। গতিকে ইয়াৰ ওপৰত ঈমান পোষণ কৰা আৰু ইয়াক সমৰ্থন কৰা অত্যাৱশ্যক। লগতে ইয়াৰ তাৎপৰ্যক স্বীকাৰ কৰা উচিত।

• غلبة المقاييس المادية في أذهان المشركين برغبتهم في نزول الوحي على السادة والكبراء.
মুশ্বৰিকসকলৰ চিন্তাধাৰাক ভৌতিক চাহিদাই গ্ৰাস কৰিছে। সেইকাৰণেই সিহঁতে তুলনাৰ ক্ষেত্ৰত ভৌতিক বস্তুক অগ্ৰাধিকাৰ দিয়ে। যাৰ ফলত সিহঁতে নেতৃস্থানীয় আৰু প্ৰমুখ লোকসকলৰ ওপৰত অহী অৱতীৰ্ণ হোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে।

• سبب إعراض الكفار عن الإيمان: التكبر والتجبر والاستعلاء عن اتباع الحق.
কাফিৰসকলে ঈমান পোষণ নকৰাৰ অন্যতম কাৰণ হৈছে সিহঁতৰ অহংকাৰ, গৌৰৱ আৰু আত্মাভিমান।

 
Firo maanaaji Simoore.: Simoore Sad
Loowdi cimooje ɗe Tonngoode hello ngon
 
Firo maanaaji Alqur'aana Teddunde nden - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo - Loowdi firooji ɗi

iwde e galle Firo jaŋdeeji Alkur'aana.

Uddu