Check out the new design

Firo maanaaji al-quraan tedduɗo oo - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo * - Tippudi firooji ɗii


Firo maanaaji Simoore: Simoore faatir   Aaya:

ফাতিৰ

Ina jeyaa e payndaale simoore ndee:
بيان فقر العباد المطلق إلى فاطر السماوات والأرض، وكمال غناه عنهم.
বান্দা সকলো ফালৰ পৰাই আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টিকৰ্তাৰ প্ৰতি মুখাপেক্ষী, আনহাতে তেওঁ সিহঁতৰ পৰা সম্পূৰ্ণৰূপে অমুখাপেক্ষী।

اَلْحَمْدُ لِلّٰهِ فَاطِرِ السَّمٰوٰتِ وَالْاَرْضِ جَاعِلِ الْمَلٰٓىِٕكَةِ رُسُلًا اُولِیْۤ اَجْنِحَةٍ مَّثْنٰی وَثُلٰثَ وَرُبٰعَ ؕ— یَزِیْدُ فِی الْخَلْقِ مَا یَشَآءُ ؕ— اِنَّ اللّٰهَ عَلٰی كُلِّ شَیْءٍ قَدِیْرٌ ۟
সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবে, যিয়ে আকাশমণ্ডল আৰু পৃথিৱীক পূৰ্বৰ কোনো উদাহৰণ নোহোৱাকৈ সৃষ্টি কৰিছে। তেৱেঁই ফিৰিস্তাসকলক বাৰ্তাবাহক বনাইছে, তেওঁলোকেই ভাগ্য সম্পৰ্কীয় তেওঁৰ নিৰ্দেশনা জাৰি কৰে। তথা ফিৰিস্তাসকলৰ মাজতেই আছে এনেকুৱা বাৰ্তাবাহক যিয়ে নবীসকলক অহী পৌঁচাই দিয়াৰ কৰ্মত নিয়োজিত। আল্লাহেই তেওঁলোকক সুচাৰুৰূপে দায়িত্ব পালন কৰাৰ শক্তি প্ৰদান কৰিছে। তেওঁলোকৰ মাজৰ কিছুমানৰ আছে দুখন পাখি আৰু কিছুমানৰ আছে তিনিখন আৰু কিছুমানৰ আছে চাৰিখন পাখি। তেওঁলোকে সেইবোৰৰ সহায়ত আল্লাহৰ আদেশ জাৰি কৰিবলৈ উৰি ফুৰে। আল্লাহে তেওঁৰ ইচ্ছানুসাৰে তেওঁৰ কিছুমান সৃষ্টিক অংগ, সৌন্দৰ্য আৰু মনোমোহা সুৰৰ আকৰ্ষণ অধিক প্ৰদান কৰে। নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান। তেওঁক কোনেও বিৱশ কৰিব নোৱাৰে।
Faccirooji aarabeeji:
مَا یَفْتَحِ اللّٰهُ لِلنَّاسِ مِنْ رَّحْمَةٍ فَلَا مُمْسِكَ لَهَا ۚ— وَمَا یُمْسِكْ ۙ— فَلَا مُرْسِلَ لَهٗ مِنْ بَعْدِهٖ ؕ— وَهُوَ الْعَزِیْزُ الْحَكِیْمُ ۟
প্ৰকৃততে প্ৰত্যেক বস্তুৰ চাবি-কাঠি আছে আল্লাহৰ হাতত। এতেকে মানুহৰ বাবে জীৱিকা, হিদায়ত আৰু সুখ-শান্তি আদি যিবোৰ নিয়ামতৰ দুৱাৰ তেওঁ উন্মুক্ত কৰে, সেইটোক কোনেও বাধা দিব নোৱাৰে। আনহাতে তেওঁ যিটোক প্ৰতিৰোধ কৰে, সেইটোক উন্মক্ত কৰাৰো কাৰো ক্ষমতা নাই। তেওঁ মহাপ্ৰভুত্বশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ সৃষ্টিৰ ক্ষেত্ৰত, নিৰ্ধাৰণৰ ক্ষেত্ৰত আৰু পৰিচালনাৰ ক্ষেত্ৰত মহাপ্ৰজ্ঞাৱান।
Faccirooji aarabeeji:
یٰۤاَیُّهَا النَّاسُ اذْكُرُوْا نِعْمَتَ اللّٰهِ عَلَیْكُمْ ؕ— هَلْ مِنْ خَالِقٍ غَیْرُ اللّٰهِ یَرْزُقُكُمْ مِّنَ السَّمَآءِ وَالْاَرْضِ ؕ— لَاۤ اِلٰهَ اِلَّا هُوَ ؗ— فَاَنّٰی تُؤْفَكُوْنَ ۟
হে মানৱজাতি! তোমালোকে আল্লাহৰ সেই নিয়ামতবোৰ স্মৰণ কৰা, যিবোৰ তোমালোকৰ হৃদয়, জিভা আৰু বিভিন্ন অংগ-প্ৰত্যংগৰ দ্বাৰা প্ৰকাশ পায়। আল্লাহৰ বাহিৰে তোমালোকৰ কোনো সৃষ্টিকৰ্তা আছে নেকি, যিয়ে তোমালোকক আকাশৰ পৰা পানী বৰ্ষণ কৰি তথা মাটিৰ পৰা ফলমূল আৰু শস্যাদি উৎপন্ন কৰি তোমালোকক জীৱিকা প্ৰদান কৰে? জানি থোৱা! তেওঁৰ বাহিৰে তোমালোকৰ কোনো সত্য উপাস্য নাই। ইয়াৰ পিছতো কিয় তোমালোকে এই সত্যৰ পৰা আঁতৰি যোৱা? তথা কিয় আল্লাহ সম্পৰ্কে মিছা কথা প্ৰচাৰ কৰা আৰু তেওঁৰ বিষয়ে ধাৰণা পোষণ কৰা যে, তেওঁৰ অংশীদাৰ আছে? অথচ তেৱেঁই তোমালোকক সৃষ্টি কৰিছে আৰু তেৱেঁই তোমালোকক জীৱিকা প্ৰদান কৰে।
Faccirooji aarabeeji:
Ina jeyaa e nafoore aayeeje ɗee e ngol hello:
• مشهد فزع الكفار يوم القيامة مشهد عظيم.
কিয়ামতৰ দিনা কাফিৰসকলৰ ভীত-সন্ত্ৰস্ততাৰ দৃশ্যটো এটা মহা ভয়ানক দৃশ্য হ'ব।

• محل نفع الإيمان في الدنيا؛ لأنها هي دار العمل.
একমাত্ৰ পৃথিৱীৰ ঈমানেই হৈছে ফলপ্ৰসূ, কাৰণ এইটোৱে হৈছে আমলৰ ঠাই।

• عظم خلق الملائكة يدل على عظمة خالقهم سبحانه.
সৃষ্টিৰ ক্ষেত্ৰত ফিৰিস্তাসকল অতি ডাঙৰ আকৃতিৰ। এইটোৱে প্ৰমাণ কৰে যে, তেওঁলোকৰ সৃষ্টিকৰ্তা আৰু অধিক মহান।

 
Firo maanaaji Simoore: Simoore faatir
Tippudi cimooje Tonngoode hello ngoo
 
Firo maanaaji al-quraan tedduɗo oo - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo - Tippudi firooji ɗii

iwde e galle Firo jaŋdeeji Alkur'aana.

Uddude