Check out the new design

Firo maanaaji Alqur'aana Teddunde nden - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo * - Loowdi firooji ɗi


Firo maanaaji Simoore.: Simoore Lukmaan   Aaya.:

লুক্বমান

Hino jeyaa e paandale simoore nden:
الأمر باتباع الحكمة التي تضمّنها القرآن، والتحذير من الإعراض عنها.
কোৰআনত থকা বিধি-বিধানসমূহ অনুসৰণ কৰাৰ নিৰ্দেশ দিয়া হৈছে, লগতে ইয়াৰ বিমুখতাৰ পৰা সতৰ্ক কৰা হৈছে।

الٓمّٓ ۟ۚ
(আলিফ-লাম-মীম) এনেকুৱা আখৰৰ বিষয়ে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।
Tafsiraaɗe Aarabu ɗen:
تِلْكَ اٰیٰتُ الْكِتٰبِ الْحَكِیْمِ ۟ۙ
হে ৰাছুল! আপোনাৰ ওপৰত অৱতীৰ্ণ হোৱা এই আয়াতসমূহ সেই গ্ৰন্থৰ আয়াত, যিখন হিকমতৰ দ্বাৰা পৰিপূৰ্ণ।
Tafsiraaɗe Aarabu ɗen:
هُدًی وَّرَحْمَةً لِّلْمُحْسِنِیْنَ ۟ۙ
এই গ্ৰন্থখন সেইসকল লোকৰ বাবে হিদায়ত আৰু ৰহমতস্বৰূপ, যিসকলে সৎকৰ্ম কৰে। অৰ্থাৎ আল্লাহ আৰু তেওঁৰ বান্দাসকলৰ প্ৰাপ্য অধিকাৰ আদায় কৰে।
Tafsiraaɗe Aarabu ɗen:
الَّذِیْنَ یُقِیْمُوْنَ الصَّلٰوةَ وَیُؤْتُوْنَ الزَّكٰوةَ وَهُمْ بِالْاٰخِرَةِ هُمْ یُوْقِنُوْنَ ۟ؕ
যিসকলে পৰিপূৰ্ণৰূপে চালাত আদায় কৰে, নিজৰ ধন-সম্পত্তিৰ যাকাত প্ৰদান কৰে, তথা তেওঁলোকেই আখিৰাতত হ’বলগীয়া পুনৰ্জীৱন, হিচাপ-নিকাচ আৰু ছোৱাব তথা শাস্তিৰ প্ৰতি বিশ্বাস পোষণ কৰে।
Tafsiraaɗe Aarabu ɗen:
اُولٰٓىِٕكَ عَلٰی هُدًی مِّنْ رَّبِّهِمْ وَاُولٰٓىِٕكَ هُمُ الْمُفْلِحُوْنَ ۟
এইবোৰ বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিসকলেই নিজ প্ৰতিপালকৰ হিদায়তৰ ওপৰত প্ৰতিষ্ঠিত। তেওঁলোকেই নিজৰ উদ্দেশ্যত সফল হ’ব। তথা তেওঁলোকেই ভয়-ভীতিৰ পৰা সুৰক্ষিত থাকিব।
Tafsiraaɗe Aarabu ɗen:
وَمِنَ النَّاسِ مَنْ یَّشْتَرِیْ لَهْوَ الْحَدِیْثِ لِیُضِلَّ عَنْ سَبِیْلِ اللّٰهِ بِغَیْرِ عِلْمٍ ۖۗ— وَّیَتَّخِذَهَا هُزُوًا ؕ— اُولٰٓىِٕكَ لَهُمْ عَذَابٌ مُّهِیْنٌ ۟
মানুহৰ মাজত এনেকুৱা কিছুমান মানুহো আছে (উদাহৰণস্বৰূপে নজৰ বিন হাৰিছ), যিসকলে আল্লাহৰ পৰা অমনোযোগী কৰিব পৰা বস্তুবোৰ ক্ৰয় কৰে, যাতে মানুহক আল্লাহৰ দ্বীনৰ পৰা কোনো তথ্য নোহোৱাকৈয়ে আঁতৰাই আনিব পাৰে। তথা আল্লাহৰ আয়াতসমূহক হাঁহিয়াতৰ পাত্ৰ বনাই লয় আৰু সেইবোৰক লৈ উপহাস কৰে। এনেকুৱা স্বভাৱৰ লোকসকলৰ বাবেই আখিৰাতত আছে অতি লাঞ্ছনাদায়ক শাস্তি।
Tafsiraaɗe Aarabu ɗen:
وَاِذَا تُتْلٰی عَلَیْهِ اٰیٰتُنَا وَلّٰی مُسْتَكْبِرًا كَاَنْ لَّمْ یَسْمَعْهَا كَاَنَّ فِیْۤ اُذُنَیْهِ وَقْرًا ۚ— فَبَشِّرْهُ بِعَذَابٍ اَلِیْمٍ ۟
যেতিয়া তাৰ সন্মুখত আমাৰ আয়াতসমূহ তিলাৱত কৰা হয়, তেতিয়া সি সেইবোৰ মনোযোগ সহকাৰে শুনাৰ বিপৰীতে এনেকৈ অহংকাৰ কৰি উভতি যায় যেনিবা সি একো শুনাই নাই। যেনিবা সি এজন বধিৰ, শ্ৰৱণশক্তি নাইকীয়া হৈছে। হে ৰাছুল! আপুনি এনেকুৱা লোকক কষ্টদায়ক শাস্তিৰ সংবাদ দিয়ক, যি শাস্তি তাৰ বাবে অপেক্ষা কৰি আছে।
Tafsiraaɗe Aarabu ɗen:
اِنَّ الَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ لَهُمْ جَنّٰتُ النَّعِیْمِ ۟ۙ
যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে নিশ্চিতভাৱে তেওঁলোকৰ বাবে আছে নিয়ামতেৰে ভৰা জান্নাত। তেওঁলোকে তাত আল্লাহে প্ৰস্তুত কৰা নিয়ামতবোৰ চিৰকাল উপভোগ কৰিব।
Tafsiraaɗe Aarabu ɗen:
خٰلِدِیْنَ فِیْهَا ؕ— وَعْدَ اللّٰهِ حَقًّا ؕ— وَهُوَ الْعَزِیْزُ الْحَكِیْمُ ۟
তেওঁলোকে সেই নিয়ামতবোৰৰ মাজত চিৰকাল অৱস্থান কৰিব। আল্লাহে এই বিষয়ে তেওঁলোকক সত্য প্ৰতিশ্ৰুতি দান কৰিছে, যাৰ মাজত সন্দেহৰ কোনো অৱকাশ নাই। তেওঁ অতি পৱিত্ৰ, মহাপৰাক্ৰমশালী; যাক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত, পৰিচালনাত আৰু চৰীয়ত প্ৰণয়নত মহাপ্ৰজ্ঞাৱান।
Tafsiraaɗe Aarabu ɗen:
خَلَقَ السَّمٰوٰتِ بِغَیْرِ عَمَدٍ تَرَوْنَهَا وَاَلْقٰی فِی الْاَرْضِ رَوَاسِیَ اَنْ تَمِیْدَ بِكُمْ وَبَثَّ فِیْهَا مِنْ كُلِّ دَآبَّةٍ ؕ— وَاَنْزَلْنَا مِنَ السَّمَآءِ مَآءً فَاَنْۢبَتْنَا فِیْهَا مِنْ كُلِّ زَوْجٍ كَرِیْمٍ ۟
পৱিত্ৰ তথা মহান আল্লাহে আকাশমণ্ডলক কোনো খুঁটা নোহোৱাকৈ সুউচ্চ কৰি ৰাখিছে। লগতে পৃথিৱীত প্ৰতিষ্ঠিত কৰিছে সুদৃঢ় পৰ্বতমালা, যাতে পৃথিৱীয়ে তোমালোকক বহন কৰি লৰচৰ কৰিব নোৱাৰে। লগতে পৃথিৱীৰ ওপৰত প্ৰসাৰিত কৰিছে বিভিন্ন প্ৰকাৰৰ জীৱ-জন্তু। তেৱেঁই আকাশৰ পৰা পানী বৰষায়, যাৰ ফলত পৃথিৱীৰ বুকুত সৌন্দৰ্যময় বিভিন্ন প্ৰকাৰৰ উদ্ভিদ উৎপন্ন হয়, যিবোৰৰ দ্বাৰা মানুহ আৰু জীৱ-জন্তু সকলোৱে উপকৃত হয়।
Tafsiraaɗe Aarabu ɗen:
هٰذَا خَلْقُ اللّٰهِ فَاَرُوْنِیْ مَاذَا خَلَقَ الَّذِیْنَ مِنْ دُوْنِهٖ ؕ— بَلِ الظّٰلِمُوْنَ فِیْ ضَلٰلٍ مُّبِیْنٍ ۟۠
এই সকলোবোৰ হৈছে আল্লাহে সৃষ্টি কৰা বস্তু। এতেকে হে মুশ্বৰিকসকল! আল্লাহক এৰি তোমালোকে যিবোৰৰ উপাসনা কৰা সেইবোৰে কিবা সৃষ্টি কৰিছেনে? প্ৰকৃততে এই অন্যায়কাৰী লোকসকল সত্যৰ পৰা স্পষ্টভাৱে বিভ্ৰান্ত হৈ আছে। কিয়নো সিহঁতে নিজ প্ৰতিপালকৰ সৈতে এনেকুৱা বস্তুক শ্বিৰ্ক কৰে, যিবোৰে একো সৃষ্টি কৰিব নোৱাৰে, বৰং সিহঁত নিজেই সৃষ্ট।
Tafsiraaɗe Aarabu ɗen:
Hino jeyaa e nafooje Aayeeje on ka hello ɗoo.:
• طاعة الله تقود إلى الفلاح في الدنيا والآخرة.
আল্লাহৰ আনুগত্যই পৃথিৱী আৰু আখিৰাতৰ সফলতাৰ পিনে আগুৱাই লৈ যায়।

• تحريم كل ما يصد عن الصراط المستقيم من قول أو فعل.
প্ৰত্যেক সেই কথা আৰু কৰ্ম হাৰাম, যিবোৰ কথা-কৰ্মই সত্যৰ পথ অৱলম্বনত বাধা প্ৰদান কৰে।

• التكبر مانع من اتباع الحق.
অহংকাৰে সত্যৰ অনুসৰণ কৰিবলৈ বাধা প্ৰদান কৰে।

• انفراد الله بالخلق، وتحدي الكفار أن تخلق آلهتهم شيئًا.
আল্লাহে অকলেই সকলো সৃষ্টিকে সৃষ্টি কৰিছে। সেয়ে কাফিৰসকলক প্ৰত্যাহ্বান জনোৱা হৈছে যে, সিহঁতৰ উপাস্যবোৰেও কিবা সৃষ্টি কৰি দেখাওকচোন।

وَلَقَدْ اٰتَیْنَا لُقْمٰنَ الْحِكْمَةَ اَنِ اشْكُرْ لِلّٰهِ ؕ— وَمَنْ یَّشْكُرْ فَاِنَّمَا یَشْكُرُ لِنَفْسِهٖ ۚ— وَمَنْ كَفَرَ فَاِنَّ اللّٰهَ غَنِیٌّ حَمِیْدٌ ۟
নিশ্চয় আমি লুকমানক পৰিপূৰ্ণ ধৰ্মবোধ আৰু সঠিক নিৰ্ণয় কৰাৰ শক্তি প্ৰদান কৰিছিলোঁ আৰু তেওঁক কৈছিলোঁ, হে লুকমান! নিজ প্ৰতিপালকৰ কৃতজ্ঞতা জ্ঞাপন কৰা, কাৰণ তেৱেঁই তোমাক, তেওঁৰ আনুগত্য কৰাৰ তাওফীক প্ৰদান কৰিছে। যিয়ে নিজ প্ৰতিপালকৰ কৃতজ্ঞতা জ্ঞাপন কৰিব, সেই কৃতজ্ঞতাৰ প্ৰতিফল তেওঁ নিজেই ভোগ কৰিব। কাৰণ আল্লাহ কৃতজ্ঞতাৰ মুখাপেক্ষী নহয়। আনহাতে যিয়ে আল্লাহৰ নিয়ামতক অস্বীকাৰ কৰিব আৰু অকৃতজ্ঞ হ’ব, এই অকৃতজ্ঞতাৰ ক্ষতিৰ সন্মুখীন সি নিজেই হ’ব। সি আল্লাহৰ একো ক্ষতি কৰিব নোৱাৰিব। কাৰণ তেওঁ সকলো সৃষ্টিৰ পৰা অমুখাপেক্ষী। সকলো অৱস্থাতেই প্ৰশংসনীয়।
Tafsiraaɗe Aarabu ɗen:
وَاِذْ قَالَ لُقْمٰنُ لِابْنِهٖ وَهُوَ یَعِظُهٗ یٰبُنَیَّ لَا تُشْرِكْ بِاللّٰهِ ؔؕ— اِنَّ الشِّرْكَ لَظُلْمٌ عَظِیْمٌ ۟
হে ৰাছুল! স্মৰণ কৰক, যেতিয়া লুকমানে তেওঁৰ পুত্ৰক কল্যাণৰ উপদেশ প্ৰদান কৰি আৰু বেয়া কৰ্মৰ পৰা সতৰ্ক কৰি কৈছিলঃ হে মোৰ পুত্ৰ! আল্লাহৰ ইবাদতত আনক অংশীদাৰ স্থাপন নকৰিবা। কাৰণ আল্লাহৰ সৈতে আন কোনো উপাস্যৰ উপাসনা কৰাটো মহা অন্যায়। নিশ্চিতভাৱে এইটো মহাপাপ, আৰু ইয়াৰ ফলত মানুহ চিৰস্থায়ী জাহান্নামী হয়।
Tafsiraaɗe Aarabu ɗen:
وَوَصَّیْنَا الْاِنْسَانَ بِوَالِدَیْهِ ۚ— حَمَلَتْهُ اُمُّهٗ وَهْنًا عَلٰی وَهْنٍ وَّفِصٰلُهٗ فِیْ عَامَیْنِ اَنِ اشْكُرْ لِیْ وَلِوَالِدَیْكَ ؕ— اِلَیَّ الْمَصِیْرُ ۟
আমি মানুহক সিহঁতৰ পিতৃ-মাতৃৰ সৈতে সদ্ব্যৱহাৰ কৰাৰ আৰু তেওঁলোকৰ সৈতে সদাচৰণ কৰাৰ আদেশ দিছোঁ, কিন্তু তেওঁলোকে যদি আল্লাহৰ অবাধ্যতামূলক কোনো নিৰ্দেশ দিয়ে তেন্তে সেই নিৰ্দেশ পালন কৰা সিহঁতৰ বাবে বৈধ নহয়। মাকে কষ্টৰ ওপৰত কষ্ট সহ্য কৰি তাক পেটত বহন কৰিছে, আৰু দুবছৰ পৰ্যন্ত পিয়াহ খুওৱাইছে। আমি তাক কৈছোঁ, আল্লাহে তোমাক যি নিয়ামত দান কৰিছে, তাৰ বাবে তুমি তেওঁৰ কৃতজ্ঞতা জ্ঞাপন কৰা। তাৰ পিছত তোমাৰ পিতৃ-মাতৃৰ কৃতজ্ঞতা জ্ঞাপন কৰা, কাৰণ তেওঁলোকে তোমাক লালন-পালন কৰিছে আৰু চোৱাচিতা কৰিছে। সকলোৱে মোৰ ওচৰতেই প্ৰত্যাৱৰ্তন কৰিব আৰু আমি প্ৰত্যেককে উপযুক্ত প্ৰতিদান দান কৰিম।
Tafsiraaɗe Aarabu ɗen:
وَاِنْ جٰهَدٰكَ عَلٰۤی اَنْ تُشْرِكَ بِیْ مَا لَیْسَ لَكَ بِهٖ عِلْمٌ فَلَا تُطِعْهُمَا وَصَاحِبْهُمَا فِی الدُّنْیَا مَعْرُوْفًا ؗ— وَّاتَّبِعْ سَبِیْلَ مَنْ اَنَابَ اِلَیَّ ۚ— ثُمَّ اِلَیَّ مَرْجِعُكُمْ فَاُنَبِّئُكُمْ بِمَا كُنْتُمْ تَعْمَلُوْنَ ۟
পিতৃ-মাতৃয়ে যদি তোমাক আল্লাহৰ সৈতে শ্বিৰ্ক কৰিবলৈ হেঁচা প্ৰয়োগ কৰে, তেন্তে এই ক্ষেত্ৰত তুমি তেওঁলোকৰ কথা নামানিবা। কাৰণ আল্লাহৰ অবাধ্যতা কৰি সৃষ্টিৰ আনুগত্য কৰাটো কেতিয়াও বৈধ নহয়। ইয়াৰ বাহিৰে, তেওঁলোকৰ সৈতে পৃথিৱীত সদ্ব্যৱহাৰ কৰিবা, সদাচৰণ কৰিবা আৰু আত্মীয়তাৰ প্ৰাপ্য অধিকাৰ সম্পূৰ্ণৰূপে আদায় কৰিবা। লগতে সেইসকল লোকৰ পথ অনুসৰণ কৰিবা, যিসকলে তাওহীদ আৰু আনুগত্যৰ জৰিয়তে মোৰ ওচৰলৈ প্ৰত্যাৱৰ্তন কৰে। ইয়াৰ পিছত কিয়ামতৰ দিনা তোমালোক সকলোৱে মোৰ ওচৰলৈকেই উভতি আহিব লাগিব। তেতিয়া মই তোমালোকক জনাই দিম যে, তোমালোকে পৃথিৱীত কি কি কৰ্ম কৰিছিলা। আৰু তোমালোকক সেইবোৰৰ প্ৰতিদানো দান কৰিম।
Tafsiraaɗe Aarabu ɗen:
یٰبُنَیَّ اِنَّهَاۤ اِنْ تَكُ مِثْقَالَ حَبَّةٍ مِّنْ خَرْدَلٍ فَتَكُنْ فِیْ صَخْرَةٍ اَوْ فِی السَّمٰوٰتِ اَوْ فِی الْاَرْضِ یَاْتِ بِهَا اللّٰهُ ؕ— اِنَّ اللّٰهَ لَطِیْفٌ خَبِیْرٌ ۟
হে মোৰ মৰমৰ পুত্ৰ! পুণ্যই হওক অথবা পাপকৰ্ম, যিমানেই সৰু নহওক কিয়, উদাহৰণস্বৰূপে যদি সৰিয়হৰ বীজ পৰিমাণো হয়, আৰু সেইটো যদি কোনো প্ৰকাণ্ড শিলৰ ভিতৰত থাকে যিটোক মানুহৰ দৃষ্টিয়ে অৱলোকন কৰিব নোৱাৰে, অথবা আকাশ আৰু পৃথিৱীৰ যি ঠাইতেই নাথাকক কিয়, কিয়ামতৰ দিনা আল্লাহে সেইটোক নিশ্চিতভাৱে উপস্থিত কৰিব। তথা বান্দাক ইয়াৰ প্ৰতিদান দান কৰিব। নিশ্চয় আল্লাহ সুক্ষ্মদৰ্শী, সৰুতকৈ সৰু বস্তু এটাও তেওঁৰ পৰা অগোচৰ নহয়। তেওঁ সেই বস্তুৰ বাস্তৱিকতা আৰু স্থান সম্পৰ্কে সম্যক অৱগত।
Tafsiraaɗe Aarabu ɗen:
یٰبُنَیَّ اَقِمِ الصَّلٰوةَ وَاْمُرْ بِالْمَعْرُوْفِ وَانْهَ عَنِ الْمُنْكَرِ وَاصْبِرْ عَلٰی مَاۤ اَصَابَكَ ؕ— اِنَّ ذٰلِكَ مِنْ عَزْمِ الْاُمُوْرِ ۟ۚ
হে মোৰ পুত্ৰ! পৰিপূৰ্ণ নিয়ম-নীতিৰ সৈতে চালাত আদায় কৰিবা তথা ইয়াক প্ৰতিষ্ঠা কৰিবা। লগতে সৎকৰ্মৰ আদেশ দিবা আৰু অসৎকৰ্মৰ পৰা নিষেধ কৰিবা। তথা এই পথত যিমানবোৰ কষ্টৰ সন্মুখীন হ’বা, সেই সকলো পৰিস্থিতিতেই ধৈৰ্য্য ধাৰণ কৰিবা। ইয়াত তোমাক যিবোৰ বিষয়ৰ আদেশ দিয়া হৈছে, দৰাচলতে আল্লাহেই এইবোৰ নিৰ্ধাৰণ কৰিছে, সেই সকলোবোৰ কৰা তোমাৰ বাবে অনিবাৰ্য। ইয়াত তোমাৰ বাবে কোনো বিকল্প নাই।
Tafsiraaɗe Aarabu ɗen:
وَلَا تُصَعِّرْ خَدَّكَ لِلنَّاسِ وَلَا تَمْشِ فِی الْاَرْضِ مَرَحًا ؕ— اِنَّ اللّٰهَ لَا یُحِبُّ كُلَّ مُخْتَالٍ فَخُوْرٍ ۟ۚ
অহংকাৰ কৰি মানুহৰ পৰা নিজৰ মুখ ঘূৰাই নল’বা, আৰু পৃথিৱীত অতিমাত্ৰা আনন্দিত হৈ তথা নিজক উৎকৃষ্ট বুলি ভাৱি গৌৰৱ দেখুৱাই চলাফুৰা নকৰিবা। কাৰণ নিশ্চয় আল্লাহে সেইসকল লোকক ভাল নাপায়, যিসকলে চলাফুৰাত অহংকাৰ কৰে আৰু নিয়ামত পাই মানুহৰ সন্মুখত গৌৰৱ কৰে, লগতে আল্লাহৰ কৃতজ্ঞতাও জ্ঞাপন নকৰে।
Tafsiraaɗe Aarabu ɗen:
وَاقْصِدْ فِیْ مَشْیِكَ وَاغْضُضْ مِنْ صَوْتِكَ ؕ— اِنَّ اَنْكَرَ الْاَصْوَاتِ لَصَوْتُ الْحَمِیْرِ ۟۠
চলাফুৰাত মধ্যম পন্থা অৱলম্বন কৰিবা তথা ভাৰসাম্য বজায় ৰাখিবা। বেছি দ্ৰুত গতিতো খোজ নাকাঢ়িবা আৰু অতি লাহে লাহেও নাকাঢ়িবা। চাল-চলনত যাতে প্ৰতিষ্ঠাৰ উমান পোৱা যায়। তোমাৰ কণ্ঠস্বৰ অৱনত ৰাখিবা। চিঞৰি নামাতিবা, মানুহে যাতে কষ্ট নাপায়। নিশ্চিতভাৱে আটাইতকৈ অপ্ৰীতিকৰ মাত হৈছে গাধৰ মাত। কাৰণ গাধৰ কণ্ঠস্বৰ অতি উচ্চ।
Tafsiraaɗe Aarabu ɗen:
Hino jeyaa e nafooje Aayeeje on ka hello ɗoo.:
• لما فصَّل سبحانه ما يصيب الأم من جهد الحمل والوضع دلّ على مزيد برّها.
আল্লাহে যিহেতু সেইবোৰ কষ্টৰ কথা উল্লেখ কৰিছে, যিবোৰ মাকে গৰ্ভ অৱস্থাত আৰু প্ৰসৱৰ সময়ত সহ্য কৰে, গতিকে ইয়াৰ দ্বাৰা প্ৰমাণ হয় যে, তেওঁৰ লগত আৰু অধিক সদ্ব্যৱহাৰ কৰা উচিত।

• نفع الطاعة وضرر المعصية عائد على العبد.
সৎকৰ্মৰ লাভ আৰু অসৎকৰ্মৰ ক্ষতি বান্দা নিজেই ভোগ কৰিব লাগিব।

• وجوب تعاهد الأبناء بالتربية والتعليم.
সন্তানসকলৰ লালন-পালন আৰু সুশিক্ষাৰ ক্ষেত্ৰত বিশেষ মনোযোগ প্ৰদান কৰা অনিবাৰ্য।

• شمول الآداب في الإسلام للسلوك الفردي والجماعي.
ব্যক্তিগত আৰু সামাজিক শিষ্টাচাৰৰ সকলো নিয়ম-নীতি ইছলামত অন্তৰ্ভুক্ত আছে।

اَلَمْ تَرَوْا اَنَّ اللّٰهَ سَخَّرَ لَكُمْ مَّا فِی السَّمٰوٰتِ وَمَا فِی الْاَرْضِ وَاَسْبَغَ عَلَیْكُمْ نِعَمَهٗ ظَاهِرَةً وَّبَاطِنَةً ؕ— وَمِنَ النَّاسِ مَنْ یُّجَادِلُ فِی اللّٰهِ بِغَیْرِ عِلْمٍ وَّلَا هُدًی وَّلَا كِتٰبٍ مُّنِیْرٍ ۟
হে মানৱজাতি! তোমালোকে লক্ষ্য নকৰা নেকি তথা দেখা নোপোৱা নেকি যে, আকাশমণ্ডলত থকা সূৰ্য্য, চন্দ্ৰ আৰু তাৰকাৰাজীৰ পৰা উপকৃত হ’বলৈ আল্লাহে তোমালোকৰ বাবে সহজ কৰি দিছে। লগতে পৃথিৱীত থকা জীৱ-জন্তু আৰু গছ-গছনিৰ দ্বাৰাও উপকৃত হোৱাৰ পথ সুগম কৰি দিছে। তোমালোকৰ ওপৰত তেওঁ সকলো প্ৰকাৰ নিয়ামত সম্পূৰ্ণ কৰি দিছে, দৃশ্যমান হওক অথবা অদৃশ্যমান। দৃশ্যমান নিয়ামত যেনেঃ সুন্দৰ আকৃতি আৰু সৌন্দৰ্যময় গঠন আদি। অদৃশ্যমান নিয়ামত যেনেঃ বিবেক আৰু জ্ঞান আদি। এই নিয়ামতসমূহৰ পিছতো কিছুমান লোক এনেকুৱা আছে, যিসকলে স্পষ্ট কোনো কিতাব নোহোৱাকৈ তথা বিবেক-বুদ্ধিহীনভাৱে, লগতে অহীৰ ওপৰত ভিত্তি নথকা যুক্তিলৈ তথ্যহীনভাৱে আল্লাহৰ তাওহীদ সম্পৰ্কে বাদানুবাদ কৰে।
Tafsiraaɗe Aarabu ɗen:
وَاِذَا قِیْلَ لَهُمُ اتَّبِعُوْا مَاۤ اَنْزَلَ اللّٰهُ قَالُوْا بَلْ نَتَّبِعُ مَا وَجَدْنَا عَلَیْهِ اٰبَآءَنَا ؕ— اَوَلَوْ كَانَ الشَّیْطٰنُ یَدْعُوْهُمْ اِلٰی عَذَابِ السَّعِیْرِ ۟
আল্লাহৰ তাওহীদ সম্পৰ্কে বাদানুবাদ কৰা এই লোকসকলক যেতিয়া কোৱা হয় যে, আল্লাহে তেওঁৰ ৰাছুলৰ ওপৰত যি অহী প্ৰেৰণ কৰিছে তোমালোকে তাৰ অনুসৰণ কৰা। তেতিয়া সিহঁতে কয়ঃ আমি সেইটো কেতিয়াও অনুসৰণ নকৰোঁ। বৰং আমি আমাৰ পূৰ্বৱৰ্তী লোকসকলক যিবোৰ উপাস্যৰ উপাসনা কৰা দেখিছোঁ আমি কেৱল সেইবোৰৰেই অনুসৰণ কৰিম। (কওকচোন!) যদি চয়তানে সিহঁতক আহ্বান কৰি (মূৰ্ত্তি পূজাৰ জৰিয়তে পথভ্ৰষ্ট কৰি) কিয়ামতৰ দিনা জাহান্নামৰ শাস্তিৰ সন্মুখীন কৰায়, তথাপিও সিহঁতে পূৰ্বৱৰ্তীসকলৰ অনুসৰণ কৰিবনে?!
Tafsiraaɗe Aarabu ɗen:
وَمَنْ یُّسْلِمْ وَجْهَهٗۤ اِلَی اللّٰهِ وَهُوَ مُحْسِنٌ فَقَدِ اسْتَمْسَكَ بِالْعُرْوَةِ الْوُثْقٰی ؕ— وَاِلَی اللّٰهِ عَاقِبَةُ الْاُمُوْرِ ۟
যিয়ে আল্লাহ অভিমুখে হৈ নিৰ্ভেজালভাৱে তেওঁৰ ইবাদত কৰিব তথা সৎকৰ্ম কৰিব। তেওঁ নিশ্চিতভাৱে এটা মজবুত ৰছী ধাৰণ কৰিছে, যিটো বিচ্ছিন্ন হোৱাৰ কোনো আশংকা নাই। নাজাতৰ আশাবাদী লোকেই এনেকুৱা ৰছী মজবুতভাৱে ধাৰণ কৰে। সকলো কৰ্ম একমাত্ৰ আল্লাহৰ ওচৰতেই উভতি যায়। আৰু তেৱেঁই প্ৰত্যেককে উপযুক্ত প্ৰতিদান দান কৰিব।
Tafsiraaɗe Aarabu ɗen:
وَمَنْ كَفَرَ فَلَا یَحْزُنْكَ كُفْرُهٗ ؕ— اِلَیْنَا مَرْجِعُهُمْ فَنُنَبِّئُهُمْ بِمَا عَمِلُوْا ؕ— اِنَّ اللّٰهَ عَلِیْمٌۢ بِذَاتِ الصُّدُوْرِ ۟
হে ৰাছুল! যিসকলে আল্লাহক অস্বীকাৰ কৰিছে, সিহঁতৰ কুফৰী কৰ্মত যাতে আপুনি চিন্তিত নহয়। কাৰণ কিয়ামতৰ দিনা আমাৰ ওচৰতেই সিহঁতে উভতি আহিব লাগিব। তেতিয়া আমি পৃথিৱীত কৰা সিহঁতৰ পাপকৰ্মবোৰ এটা এটাকৈ উদঙাই দিম। আৰু ইয়াৰ উচিত শাস্তিও প্ৰদান কৰিম। নিশ্চয় আল্লাহ অন্তৰৰ সকলো গোপন তথ্য সম্পৰ্কে সৰ্বজ্ঞ। অন্তৰৰ কোনো বিষয়েই তেওঁৰ পৰা গোপন নহয়।
Tafsiraaɗe Aarabu ɗen:
نُمَتِّعُهُمْ قَلِیْلًا ثُمَّ نَضْطَرُّهُمْ اِلٰی عَذَابٍ غَلِیْظٍ ۟
পৃথিৱীত আমি সিহঁতক ভোগ-বিলাসৰ কিছুমান সামগ্ৰী প্ৰদান কৰি কিছু সময় উপভোগ কৰা সুযোগ প্ৰদান কৰিম। ইয়াৰ পিছত কিয়ামতৰ দিনা আমি সিহঁতক কঠিন শাস্তিৰ পিনে অৰ্থাৎ জাহান্নামৰ শাস্তিৰ পিনে বলপূৰ্বকভাৱে খেদি লৈ যাম।
Tafsiraaɗe Aarabu ɗen:
وَلَىِٕنْ سَاَلْتَهُمْ مَّنْ خَلَقَ السَّمٰوٰتِ وَالْاَرْضَ لَیَقُوْلُنَّ اللّٰهُ ؕ— قُلِ الْحَمْدُ لِلّٰهِ ؕ— بَلْ اَكْثَرُهُمْ لَا یَعْلَمُوْنَ ۟
হে ৰাছুল! আপুনি যদি এই মুশ্বৰিকসকলক সোধে যে, আকাশমণ্ডল কোনে সৃষ্টি কৰিছে? তথা পৃথিৱী কোনে সৃষ্টি কৰিছে? তেন্তে সিহঁতে নিশ্চয় ক’বঃ আল্লাহে সৃষ্টি কৰিছে। আপুনি সিহঁতক কৈ দিয়কঃ সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবে, যিজনে তোমালোকৰ ওপৰত প্ৰমাণ স্পষ্ট কৰি দিছে। কিন্তু সিহঁতৰ মাজৰ অধিকাংশ লোকেই নিজৰ অজ্ঞানতাৰ কাৰণে নাজানে যে, প্ৰকৃত প্ৰশংসাৰ উপযুক্ত কোন।
Tafsiraaɗe Aarabu ɗen:
لِلّٰهِ مَا فِی السَّمٰوٰتِ وَالْاَرْضِ ؕ— اِنَّ اللّٰهَ هُوَ الْغَنِیُّ الْحَمِیْدُ ۟
আকাশমণ্ডল আৰু পৃথিৱীত থকা সকলোবোৰ বস্তু একমাত্ৰ আল্লাহৰেই। তেৱেঁই সৃষ্টি কৰিছে, তেৱেঁই মালিক আৰু তেৱেঁই এইবোৰক নিয়ন্ত্ৰণ কৰে। নিশ্চিতভাৱে আল্লাহ সকলো সৃষ্টিজগতৰ পৰা অমুখাপেক্ষী। পৃথিৱী আৰু আখিৰাতত তেৱেঁই প্ৰশংসিত।
Tafsiraaɗe Aarabu ɗen:
وَلَوْ اَنَّمَا فِی الْاَرْضِ مِنْ شَجَرَةٍ اَقْلَامٌ وَّالْبَحْرُ یَمُدُّهٗ مِنْ بَعْدِهٖ سَبْعَةُ اَبْحُرٍ مَّا نَفِدَتْ كَلِمٰتُ اللّٰهِ ؕ— اِنَّ اللّٰهَ عَزِیْزٌ حَكِیْمٌ ۟
পৃথিৱীৰ বুকুত থকা সকলো গছ-গছনি কাটি যদি কলম বনোৱা হয়, আৰু সাগৰবোৰক যদি চিয়াঁহী বনোৱা হয়, তথাপিও আল্লাহৰ প্ৰশংসা সমাপ্ত নহ'ব, আনকি ইয়াৰ লগত আৰু সাত সাগৰক যদি সংযুক্ত কৰা হয় তথাপিও নহ'ব। কাৰণ তেওঁৰ প্ৰশংসাৰ কোনো অন্ত নাই। নিশ্চয় আল্লাহ মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত আৰু পৰিচালনাত মহাপ্ৰজ্ঞাৱান।
Tafsiraaɗe Aarabu ɗen:
مَا خَلْقُكُمْ وَلَا بَعْثُكُمْ اِلَّا كَنَفْسٍ وَّاحِدَةٍ ؕ— اِنَّ اللّٰهَ سَمِیْعٌ بَصِیْرٌ ۟
হে মানৱজাতি! কিয়ামতৰ দিনা তোমালোকক হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে সৃষ্টি কৰা আৰু পুনৰুত্থিত কৰা বিষয়টো এটা প্ৰাণ সৃষ্টি কৰাৰ দৰেই সহজ। নিশ্চয় আল্লাহ সকলো কথা শ্ৰৱণকাৰী। কোনো কথা শুনিবলৈ তেওঁক আন কোনো কথাই অসুবিধা নকৰে। এটা বস্তু দেখিবলৈ তেওঁ আনটো বস্তুৰ পৰা কেতিয়াও অমনোযোগী নহয়। ঠিক সেইদৰে কোনো এটা প্ৰাণীক সৃষ্টি কৰিবলৈ আৰু পুনৰুত্থিত কৰিবলৈ আন কোনো প্ৰাণীৰ সৃষ্টিৰ পৰা তথা পুনৰুত্থান কৰাৰ পৰা তেওঁ অমনোযোগী নহয়।
Tafsiraaɗe Aarabu ɗen:
Hino jeyaa e nafooje Aayeeje on ka hello ɗoo.:
• نعم الله وسيلة لشكره والإيمان به، لا وسيلة للكفر به.
আল্লাহৰ নিয়ামতবোৰ হৈছে তেওঁৰ কৃতজ্ঞতা আৰু ঈমান পোষণ কৰাৰ মাধ্যম, তেওঁৰ লগত কুফৰী কৰাৰ মাধ্যম নহয়।

• خطر التقليد الأعمى، وخاصة في أمور الاعتقاد.
অন্ধানুকৰণৰ ভয়াৱহতা, বিশেষকৈ আক্বীদাৰ ক্ষেত্ৰত।

• أهمية الاستسلام لله والانقياد له وإحسان العمل من أجل مرضاته.
আল্লাহৰ সন্মুখত পৰিপূৰ্ণৰূপে আত্মসমৰ্পন কৰা আৰু তেওঁৰ অনুসৰণৰ লগতে তেওঁৰ সন্তুষ্টি অৰ্জনৰ বাবে সৎকৰ্ম কৰাৰ গুৰুত্ব।

• عدم تناهي كلمات الله.
আল্লাহৰ বাণীৰ কোনো অন্ত নাই।

اَلَمْ تَرَ اَنَّ اللّٰهَ یُوْلِجُ الَّیْلَ فِی النَّهَارِ وَیُوْلِجُ النَّهَارَ فِی الَّیْلِ وَسَخَّرَ الشَّمْسَ وَالْقَمَرَ ؗ— كُلٌّ یَّجْرِیْۤ اِلٰۤی اَجَلٍ مُّسَمًّی وَّاَنَّ اللّٰهَ بِمَا تَعْمَلُوْنَ خَبِیْرٌ ۟
তোমালোকে লক্ষ্য কৰা নাইনে, আল্লাহে ৰাতিক হ্ৰাস কৰে দিনৰ পৰিধি বৃদ্ধি কৰিবলৈ। আনহাতে দিনক হ্ৰাস কৰে ৰাতিৰ পৰিধি বৃদ্ধি কৰিবলৈ। তেৱেঁই সূৰ্য্য আৰু চন্দ্ৰৰ বাবে গতিপথ নিৰ্ধাৰণ কৰিছে, সেয়ে সেইবোৰে নিৰ্দিষ্ট সময়লৈকে নিজ নিজ গতি পথত ঘূৰি আছে। তোমালোকৰ সকলো কৰ্ম সম্পৰ্কে আল্লাহ নিশ্চিতভাৱে অৱগত। তোমালোকৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়। শীঘ্ৰেই তেওঁ তোমালোকক ইয়াৰ প্ৰতিদান দিব।
Tafsiraaɗe Aarabu ɗen:
ذٰلِكَ بِاَنَّ اللّٰهَ هُوَ الْحَقُّ وَاَنَّ مَا یَدْعُوْنَ مِنْ دُوْنِهِ الْبَاطِلُ ۙ— وَاَنَّ اللّٰهَ هُوَ الْعَلِیُّ الْكَبِیْرُ ۟۠
এইবোৰৰ যোগান আৰু নিৰ্ধাৰণে এই কথাৰ সাক্ষ্য বহন কৰে যে, একমাত্ৰ আল্লাহেই সত্য। তেওঁ সত্তাগতভাৱে, বৈশিষ্ট্যগতভাৱে আৰু তেওঁৰ সকলো কৰ্মত সত্যবাদী। আনহাতে মুশ্বৰিকসকলে আল্লাহক এৰি যিবোৰ উপাস্যৰ উপাসনা কৰে সেই সকলোবোৰ হৈছে অসত্য, তথা সেইবোৰৰ কোনো ভিত্তি নাই। নিশ্চয় তেওঁ সত্তাগতভাৱে, শক্তি সমাৰ্থৰ ফালেৰে তেওঁৰ সকলো সৃষ্টিতকৈ মহান তথা সুউচ্চ। তেওঁৰ ওপৰত আন কোনো নাই। তেৱেঁই সকলোতকৈ মহান।
Tafsiraaɗe Aarabu ɗen:
اَلَمْ تَرَ اَنَّ الْفُلْكَ تَجْرِیْ فِی الْبَحْرِ بِنِعْمَتِ اللّٰهِ لِیُرِیَكُمْ مِّنْ اٰیٰتِهٖ ؕ— اِنَّ فِیْ ذٰلِكَ لَاٰیٰتٍ لِّكُلِّ صَبَّارٍ شَكُوْرٍ ۟
তোমালোকে লক্ষ্য কৰা নাইনে, তেওঁৰ অনুগ্ৰহ আৰু বশীকৰণৰ ফলতেই নদ-নদী আৰু সাগৰত নৌ-যানসমূহ চলাচল কৰে। হে মানৱজাতি! এইবোৰৰ দ্বাৰা তেওঁ তোমালোকক তেওঁৰ ক্ষমতা আৰু অনুগ্ৰহৰ নিদৰ্শনসমূহ দেখুৱাব বিচাৰে। নিশ্চিতভাৱে এইবোৰৰ মাজত আছে সেইসকল লোকৰ বাবে আল্লাহৰ ক্ষমতাৰ নিদৰ্শন, যিসকলে দুখ-কষ্টত ধৈৰ্য্য ধাৰণ কৰে আৰু স্বচ্ছলতাৰ সময়ত আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন কৰে।
Tafsiraaɗe Aarabu ɗen:
وَاِذَا غَشِیَهُمْ مَّوْجٌ كَالظُّلَلِ دَعَوُا اللّٰهَ مُخْلِصِیْنَ لَهُ الدِّیْنَ ۚ۬— فَلَمَّا نَجّٰىهُمْ اِلَی الْبَرِّ فَمِنْهُمْ مُّقْتَصِدٌ ؕ— وَمَا یَجْحَدُ بِاٰیٰتِنَاۤ اِلَّا كُلُّ خَتَّارٍ كَفُوْرٍ ۟
সাগৰীয় ঢেউ যেতিয়া সিহঁতক পৰ্বত সদৃশ আৰু প্ৰকাণ্ড মেঘৰ দৰে আগুৰি ধৰে, তেতিয়া সিহঁতে একনিষ্ঠভাৱে একমাত্ৰ আল্লাহৰ ইবাদতৰ অঙ্গীকাৰ কৰি তেওঁৰ ওচৰত দুআ কৰিবলৈ ধৰে। এতেকে আল্লাহে যেতিয়া সিহঁতৰ দুআ কবূল কৰে আৰু সিহঁতক বিপদৰ পৰা ৰক্ষা কৰি যেতিয়া সুকলমে স্থলত পৌঁচাই দিয়ে, তেতিয়া সিহঁতৰ মাজৰ কিছুমানে মধ্যম পন্থা বাচি লয়, অৰ্থাৎ যিদৰে আল্লাহৰ কৃতজ্ঞতা কৰা উচিত সেইদৰ নকৰে। পক্ষান্তৰে আন কিছুমানে আল্লাহৰ নিয়ামতসমূহক অস্বীকাৰ কৰি বহে। আমাৰ আয়াতসমূহক কেৱল সেইসকল লোকেই অস্বীকাৰ কৰে, যিসকল হৈছে বিশ্বাসঘাতক, তথা যিয়ে নিয়ামত লাভ কৰাৰ পিছত আল্লাহৰ নিয়ামত অস্বীকাৰ কৰি অকৃতজ্ঞ হৈ পৰে। যিদৰে এই ব্যক্তিয়ে আল্লাহৰ লগত অঙ্গীকাৰ কৰিছিল যে, আল্লাহে যদি তাক বিপদৰ পৰা ৰক্ষা কৰে তেন্তে সি আল্লাহৰ কৃতজ্ঞ হৈ থাকিব।
Tafsiraaɗe Aarabu ɗen:
یٰۤاَیُّهَا النَّاسُ اتَّقُوْا رَبَّكُمْ وَاخْشَوْا یَوْمًا لَّا یَجْزِیْ وَالِدٌ عَنْ وَّلَدِهٖ ؗ— وَلَا مَوْلُوْدٌ هُوَ جَازٍ عَنْ وَّالِدِهٖ شَیْـًٔا ؕ— اِنَّ وَعْدَ اللّٰهِ حَقٌّ فَلَا تَغُرَّنَّكُمُ الْحَیٰوةُ الدُّنْیَا ۥ— وَلَا یَغُرَّنَّكُمْ بِاللّٰهِ الْغَرُوْرُ ۟
হে মানৱজাতি! তোমালোকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা। তথা সেই দিৱসটোক ভয় কৰা যিদিনা পিতৃয়েও সন্তানক উপকাৰ কৰিব নোৱাৰিব, আনহাতে সন্তানেও পিতৃক একো উপকাৰ কৰিব নোৱাৰিব। কিয়ামতৰ দিনা প্ৰতিদান দিবলগীয়া আল্লাহৰ এই প্ৰতিশ্ৰুতি নিশ্চিতভাৱে পূৰণ হ’বই হ’ব। এতেকে পাৰ্থিৱ জীৱনৰ ভোগ-সামগ্ৰী আৰু ইয়াৰ মায়াজালত পৰি তোমালোকে যেন প্ৰতাৰিত নোহোৱা। আনহাতে চয়তানেও যেন তোমালোকক প্ৰৱঞ্চনা কৰিব নোৱাৰে, এই আশা দেখুৱাই যে, আল্লাহে তোমালোকৰ প্ৰতি অনুগ্ৰহ কৰিয়ে থাকিব তথা তোমালোকৰ পৰা শাস্তি পিছুৱাই দিয়া হ’ব।
Tafsiraaɗe Aarabu ɗen:
اِنَّ اللّٰهَ عِنْدَهٗ عِلْمُ السَّاعَةِ ۚ— وَیُنَزِّلُ الْغَیْثَ ۚ— وَیَعْلَمُ مَا فِی الْاَرْحَامِ ؕ— وَمَا تَدْرِیْ نَفْسٌ مَّاذَا تَكْسِبُ غَدًا ؕ— وَمَا تَدْرِیْ نَفْسٌ بِاَیِّ اَرْضٍ تَمُوْتُ ؕ— اِنَّ اللّٰهَ عَلِیْمٌ خَبِیْرٌ ۟۠
নিশ্চিতভাৱে কিয়ামতৰ সঠিক জ্ঞান একমাত্ৰ আল্লাহৰ ওচৰতেই আছে। একমাত্ৰ তেৱেঁই জানে কিয়ামত কেতিয়া সংঘটিত হ’ব। তেৱেঁই নিজ ইচ্ছা মতে বৰষুণ অৱতীৰ্ণ কৰে। গৰ্ভত কি আছে সেই সম্পৰ্কে তেৱেঁই জানে, পুত্ৰ সন্তান নে কন্যা সন্তান?! সৌভাগ্যশালী নে দুৰ্ভগীয়া?! কোনেও এই কথা নাজানে যে, সি অহাকালি কি অৰ্জন কৰিব, কল্যাণ নে অকল্যাণ। এই কথাও কোনোৱেই নাজানে যে সি কোন ঠাইত মৃত্যুবৰণ কৰিব। এই সকলোবোৰ তথ্য আছে একমাত্ৰ আল্লাহৰ ওচৰত। নিশ্চয় আল্লাহ এই সকলো বিষয়ে সৰ্বজ্ঞ তথা অৱগত। এইবোৰৰ একোৱেই তেওঁৰ পৰা গোপন নহয়।
Tafsiraaɗe Aarabu ɗen:
Hino jeyaa e nafooje Aayeeje on ka hello ɗoo.:
• نقص الليل والنهار وزيادتهما وتسخير الشمس والقمر: آيات دالة على قدرة الله سبحانه، ونعمٌ تستحق الشكر.
দিন-ৰাতিৰ হ্ৰাস আৰু বৃদ্ধি, চন্দ্ৰ সূৰ্য্যৰ নিয়ন্ত্ৰণ আদি, এইবোৰ কিছুমান এনেকুৱা নিদৰ্শন যিবোৰে আল্লাহৰ ক্ষমতাৰ প্ৰমাণ বহন কৰে। তথা এইবোৰ এনেকুৱা নিয়ামত, যাৰ ফলত কৃতজ্ঞতা জ্ঞাপন কৰা অত্যন্ত জৰুৰী।

• الصبر والشكر وسيلتان للاعتبار بآيات الله.
ধৈৰ্য্য আৰু কৃতজ্ঞতা, এই দুটা হৈছে আল্লাহৰ নিদৰ্শনৰ পৰা উপদেশ গ্ৰহণ কৰাৰ অন্যতম উপায়।

• الخوف من القيامة يقي من الاغترار بالدنيا، ومن الخضوع لوساوس الشياطين.
কিয়ামতৰ ভয়-ভীতিয়ে মানুহক পাৰ্থিৱ সম্পদৰ প্ৰৱঞ্চনাৰ পৰা আৰু চয়তানৰ কুমন্ত্ৰণাত আক্ৰান্ত হোৱাৰ পৰা ৰক্ষা কৰে।

• إحاطة علم الله بالغيب كله.
গায়েব সম্পৰ্কীয় সকলো তথ্য আল্লাহৰ জ্ঞানে পৰিবেষ্টন কৰি আছে।

 
Firo maanaaji Simoore.: Simoore Lukmaan
Loowdi cimooje ɗe Tonngoode hello ngon
 
Firo maanaaji Alqur'aana Teddunde nden - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo - Loowdi firooji ɗi

iwde e galle Firo jaŋdeeji Alkur'aana.

Uddu