Check out the new design

Firo maanaaji Alqur'aana Teddunde nden - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo * - Loowdi firooji ɗi


Firo maanaaji Simoore.: Simoore goongɗinɓe   Aaya.:
فَاِذَا اسْتَوَیْتَ اَنْتَ وَمَنْ مَّعَكَ عَلَی الْفُلْكِ فَقُلِ الْحَمْدُ لِلّٰهِ الَّذِیْ نَجّٰىنَا مِنَ الْقَوْمِ الظّٰلِمِیْنَ ۟
এতেকে আপুনি আৰু আপোনাৰ মুমিন সঙ্গীসকলে যেতিয়া নাঁৱত আৰোহণ কৰিব তেতিয়া ক’বঃ সকলো ধৰণৰ প্ৰশংসা সেই আল্লাহৰ বাবে, যিজনে আমাক কাফিৰ সম্প্ৰদায়ৰ পৰা ৰক্ষা কৰিছে আৰু সিহঁতক ধ্বংস কৰিছে।
Tafsiraaɗe Aarabu ɗen:
وَقُلْ رَّبِّ اَنْزِلْنِیْ مُنْزَلًا مُّبٰرَكًا وَّاَنْتَ خَیْرُ الْمُنْزِلِیْنَ ۟
লগতে এই দুআ কৰিবঃ হে মোৰ প্ৰতিপালক! তুমি মোক বৰকতময় ভূমিত অৱতৰণ কৰোৱা, নিশ্চয় তুমিয়েই শ্ৰেষ্ঠ স্থান প্ৰদানকাৰী।
Tafsiraaɗe Aarabu ɗen:
اِنَّ فِیْ ذٰلِكَ لَاٰیٰتٍ وَّاِنْ كُنَّا لَمُبْتَلِیْنَ ۟
উপৰোক্ত বিষয়টোৱে অৰ্থাৎ নূহ আলাইহিচ্ছালাম আৰু তেওঁৰ মুমিন সঙ্গীসকলক ৰক্ষা কৰা আৰু কাফিৰসকলক ধ্বংস কৰাৰ বিষয়টোৱে এই কথা স্পষ্টৰূপে প্ৰমাণ কৰে যে, নিশ্চয় আমি আমাৰ ৰাছুলসকলক সহায় কৰিবলৈ আৰু তেওঁলোকক অস্বীকাৰ কৰা লোকসকলক ধ্বংস কৰিবলৈ সক্ষম। দৰাচলতে আমি নূহ আলাইহিচ্ছালামক তেওঁৰ জাতিৰ মাজত প্ৰেৰণ কৰি সিহঁতক পৰীক্ষা কৰিব বিচাৰিছিলোঁ, যাতে কাফিৰৰ পৰা মুমিন আৰু গুনাহগাৰৰ পৰা আনুগত্যকাৰী স্পষ্টভাৱে প্ৰকাশ পায়।
Tafsiraaɗe Aarabu ɗen:
ثُمَّ اَنْشَاْنَا مِنْ بَعْدِهِمْ قَرْنًا اٰخَرِیْنَ ۟ۚ
নূহ আলাইহিচ্ছালামৰ জাতিক ধ্বংস কৰাৰ পিছত, আমি আৰু এটা জাতিক সৃষ্টি কৰিছিলোঁ।
Tafsiraaɗe Aarabu ɗen:
فَاَرْسَلْنَا فِیْهِمْ رَسُوْلًا مِّنْهُمْ اَنِ اعْبُدُوا اللّٰهَ مَا لَكُمْ مِّنْ اِلٰهٍ غَیْرُهٗ ؕ— اَفَلَا تَتَّقُوْنَ ۟۠
ইয়াৰ পিছত আমি সিহঁতৰ মাজৰ পৰাই এজন ৰাছুল প্ৰেৰণ কৰিলোঁ, যাতে তেওঁ সিহঁতক আল্লাহৰ পিনে আহ্বান কৰে। এতেকে তেওঁ সিহঁতক সম্বোধন কৰি ক'লেঃ তোমালোকে কেৱল এক আল্লাহৰ ইবাদত কৰা। তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য উপাস্য নাই। তেওঁ পৱিত্ৰ। এতেকে তোমালোকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন নকৰিবানে?
Tafsiraaɗe Aarabu ɗen:
وَقَالَ الْمَلَاُ مِنْ قَوْمِهِ الَّذِیْنَ كَفَرُوْا وَكَذَّبُوْا بِلِقَآءِ الْاٰخِرَةِ وَاَتْرَفْنٰهُمْ فِی الْحَیٰوةِ الدُّنْیَا ۙ— مَا هٰذَاۤ اِلَّا بَشَرٌ مِّثْلُكُمْ ۙ— یَاْكُلُ مِمَّا تَاْكُلُوْنَ مِنْهُ وَیَشْرَبُ مِمَّا تَشْرَبُوْنَ ۟ۙ
তেওঁৰ জাতিৰ গণ্যমান্য আৰু প্ৰমুখ লোকসকলে যিসকলে আল্লাহক অস্বীকাৰ কৰিছিল তথা আখিৰাতক নাকচ কৰিছিল আৰু আখিৰাতৰ প্ৰতিফল আৰু শাস্তিক অৱমাননা কৰিছিল, পৃথিৱীত থকা আমাৰ অগণন নিয়ামতে সিহঁতক স্বৈৰাচাৰী বনাইছিল, সেইসকল লোকে নিজৰ অনুসাৰী আৰু সাধাৰণ লোকসকলক সম্বোধন কৰি ক'লেঃ এওঁ দেখোন তোমালোকৰ দৰেই এজন মানুহ। তোমালোকে যি খোৱা, তেৱোঁ সেইটোৱেই খায়। তোমালোকে যি পান কৰা, তেৱোঁ সেইটোৱে পান কৰে। তেওঁৰ মাজত এনেকুৱা কোনো বৈশিষ্ট্য নাই, যাৰ ভিত্তিত তেওঁক তোমালোকৰ প্ৰতি ৰাছুল হিচাপে প্ৰেৰণ কৰা হ'ব।
Tafsiraaɗe Aarabu ɗen:
وَلَىِٕنْ اَطَعْتُمْ بَشَرًا مِّثْلَكُمْ ۙ— اِنَّكُمْ اِذًا لَّخٰسِرُوْنَ ۟ۙ
যদি তোমালোকে নিজৰ দৰেই এজন মানুহৰ অনুসৰণ কৰা তেন্তে নিশ্চয় তোমালোকে ক্ষতিগ্ৰস্ত হ'বা। কাৰণ নিজৰ উপাস্যবোৰক এৰি এনেকুৱা লোকৰ আনুগত্য কৰাত কোনো ধৰণৰ উপকাৰ নাই। এনেকুৱা লোকৰ অনুসৰণতো কোনো লাভ নাই, যিজনৰ মাজত তোমালোকৰ ওপৰত প্ৰাধান্য লাভ কৰিব পাৰা কোনো বৈশিষ্ট্য নাই।
Tafsiraaɗe Aarabu ɗen:
اَیَعِدُكُمْ اَنَّكُمْ اِذَا مِتُّمْ وَكُنْتُمْ تُرَابًا وَّعِظَامًا اَنَّكُمْ مُّخْرَجُوْنَ ۟
এই ৰাছুল বুলি দাবী কৰা ব্যক্তিজনে তোমালোকক এই প্ৰতিশ্ৰুতি দিয়ে নেকি যে, তোমালোকে যেতিয়া মৃত্যুবৰণ কৰিবা আৰু মাটিত পৰিণত হ'বা আৰু তোমালোকৰ হাড়বোৰ গেলি-পচি যাব, তেতিয়া তোমালোকক কবৰৰ পৰা জীৱিত কৰি তোলা হ’ব? বিষয়টো কিন্তু বোধগম্য নহয়।
Tafsiraaɗe Aarabu ɗen:
هَیْهَاتَ هَیْهَاتَ لِمَا تُوْعَدُوْنَ ۟
এইটো এটা অসম্ভৱ বিষয়, যিটো তোমালোকক প্ৰতিশ্ৰুতি দিয়া হৈছে যে, তোমালোকৰ মৃত্যুৰ পিছত তোমালোকক আকৌ জীৱিত কৰি তোলা হ'ব। যিহেতু তোমালোকৰ হাড়বোৰ গেলি পচি মাটিত পৰিণত হ'ব।
Tafsiraaɗe Aarabu ɗen:
اِنْ هِیَ اِلَّا حَیَاتُنَا الدُّنْیَا نَمُوْتُ وَنَحْیَا وَمَا نَحْنُ بِمَبْعُوْثِیْنَ ۟
শুনা! পাৰ্থিৱ জীৱনৰ বাহিৰে আন কোনো জীৱন নাই। আখিৰাতত কোনো জীৱন ব্যৱস্থা নাই। আমাৰ মাজৰ জীৱিতসকলেহে মৃত্যুবৰণ কৰে কিন্তু তেওঁলোক জীৱিত নহয়। আনহাতে অন্য লোকসকলে জন্ম লাভ কৰিহে এই পৃথিৱীত জীৱন-যাপন কৰে। আমি মৃত্যুবৰণ কৰাৰ পিছত কিয়ামতৰ দিনা হিচাপ-নিকাচৰ বাবে কেতিয়াও পুনৰুত্থিত নহওঁ।
Tafsiraaɗe Aarabu ɗen:
اِنْ هُوَ اِلَّا رَجُلُ ١فْتَرٰی عَلَی اللّٰهِ كَذِبًا وَّمَا نَحْنُ لَهٗ بِمُؤْمِنِیْنَ ۟
ৰাছুল হিচাপে প্ৰেৰিত হোৱা বুলি দাবী কৰা এই ব্যক্তিজনে দৰাচলতে আল্লাহৰ ওপৰত মিছা আৰোপ কৰিছে। আমি এওঁৰ কথাক কেতিয়াও বিশ্বাস নকৰোঁ।
Tafsiraaɗe Aarabu ɗen:
قَالَ رَبِّ انْصُرْنِیْ بِمَا كَذَّبُوْنِ ۟
তেতিয়া ৰাছুলে প্ৰাৰ্থনা কৰি ক'লেঃ হে মোৰ প্ৰতিপালক! ইহঁতৰ বিৰুদ্ধে তুমি মোক সহায় কৰা। যিহেতু ইহঁতে মোক অস্বীকাৰ কৰিছে, গতিকে তুমি ইয়াৰ প্ৰতিশোধ লোৱা।
Tafsiraaɗe Aarabu ɗen:
قَالَ عَمَّا قَلِیْلٍ لَّیُصْبِحُنَّ نٰدِمِیْنَ ۟ۚ
আল্লাহে তেওঁৰ প্ৰাৰ্থনাৰ প্ৰতি সঁহাৰি জনাই ক'লেঃ অচিৰেই তুমি লৈ অহা বাৰ্তাক অস্বীকাৰকাৰী এই লোকসকলে নিজৰ এই অপকৰ্মৰ বাবে অনুতপ্ত হ'ব।
Tafsiraaɗe Aarabu ɗen:
فَاَخَذَتْهُمُ الصَّیْحَةُ بِالْحَقِّ فَجَعَلْنٰهُمْ غُثَآءً ۚ— فَبُعْدًا لِّلْقَوْمِ الظّٰلِمِیْنَ ۟
এতেকে যেতিয়া সিহঁত নিজৰ স্বৈৰাচাৰীতাৰ কাৰণে শাস্তিৰ উপযুক্ত হ'ল, তেতিয়া সিহঁতক প্ৰচণ্ড বিকট শব্দই আহি গ্ৰাস কৰিলে, আৰু সিহঁত প্লাৱিত ফেনৰ দৰে ধ্বংসস্তুপত পৰিণত হ'ল। এতেকে অন্যায়কাৰী জাতিৰ বাবে আছে কেৱল ধ্বংস।
Tafsiraaɗe Aarabu ɗen:
ثُمَّ اَنْشَاْنَا مِنْ بَعْدِهِمْ قُرُوْنًا اٰخَرِیْنَ ۟ؕ
সিহঁতক বিনাশ কৰাৰ পিছত, আমি অন্যান্য সম্প্ৰদায় আৰু জাতি সৃষ্টি কৰিছিলোঁ, যেনেঃ লূত আলাইহিচ্ছালামৰ সম্প্ৰদায়, শ্বুআইব আলাইহিচ্ছালামৰ সম্প্ৰদায় আৰু ইউনুছ আলাইহিচ্ছালামৰ সম্প্ৰদায়।
Tafsiraaɗe Aarabu ɗen:
Hino jeyaa e nafooje Aayeeje on ka hello ɗoo.:
• وجوب حمد الله على النعم.
নিয়ামতৰ বাবে আল্লাহৰ কৃতজ্ঞতা স্বীকাৰ কৰা জৰুৰী।

• الترف في الدنيا من أسباب الغفلة أو الاستكبار عن الحق.
পাৰ্থিৱ জীৱনৰ সুখ-স্বাচ্ছন্দ হৈছে অমনোযোগীতা সৃষ্টি হোৱাৰ কাৰণ, তথা ই সত্যক অস্বীকাৰ কৰিবলৈ মানুহক উদ্বুদ্ব কৰে।

• عاقبة الكافر الندامة والخسران.
ক্ষতিগ্ৰস্ত আৰু অনুতাপ হৈছে কাফিৰৰ শেষ পৰিণাম।

• الظلم سبب في البعد عن رحمة الله.
অন্যায়-অত্যাচাৰ হৈছে আল্লাহৰ ৰহমতৰ পৰা আঁতৰি যোৱাৰ কাৰণ।

 
Firo maanaaji Simoore.: Simoore goongɗinɓe
Loowdi cimooje ɗe Tonngoode hello ngon
 
Firo maanaaji Alqur'aana Teddunde nden - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo - Loowdi firooji ɗi

iwde e galle Firo jaŋdeeji Alkur'aana.

Uddu