Check out the new design

Firo maanaaji Alqur'aana Teddunde nden - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo * - Loowdi firooji ɗi


Firo maanaaji Aaya.: (7) Simoore.: Simoore Huud
وَهُوَ الَّذِیْ خَلَقَ السَّمٰوٰتِ وَالْاَرْضَ فِیْ سِتَّةِ اَیَّامٍ وَّكَانَ عَرْشُهٗ عَلَی الْمَآءِ لِیَبْلُوَكُمْ اَیُّكُمْ اَحْسَنُ عَمَلًا ؕ— وَلَىِٕنْ قُلْتَ اِنَّكُمْ مَّبْعُوْثُوْنَ مِنْ بَعْدِ الْمَوْتِ لَیَقُوْلَنَّ الَّذِیْنَ كَفَرُوْۤا اِنْ هٰذَاۤ اِلَّا سِحْرٌ مُّبِیْنٌ ۟
তেৱেঁই পৱিত্ৰ আল্লাহ, যিজনে বিশাল আকাশমণ্ডল তথা পৃথিৱী আৰু উভয়ৰ মাজত থকা সকলো বস্তুক কেৱল ছয় দিনত সৃষ্টি কৰিছে। এই দুয়োটা সৃষ্টিৰ পূৰ্বে তেওঁৰ আৰছ আছিল পানীৰ ওপৰত। হে মানৱজাতি! যাতে তেওঁ তোমালোকক পৰীক্ষা কৰিব পাৰে যে, তোমালোকৰ মাজত আল্লাহক সন্তুষ্টি কৰিব পৰা সৎকৰ্মকাৰী কোন কোন আছে, আনহাতে আল্লাহক অসন্তুষ্ট কৰিব পৰা অৎসকৰ্মকাৰী কোন কোন আছে। যাতে তেওঁ প্ৰত্যেককে উপযুক্ত প্ৰতিফল দিব পাৰে। হে নবী! যদি আপুনি কয়ঃ হে মানৱজাতি! মৃত্যুৰ পিছত তোমালোকক হিচাপ-নিকাচ লোৱাৰ বাবে পুনৰ্জীৱিত কৰা হ'ব, তেতিয়া আপুনি লক্ষ্য কৰিব, আল্লাহক অস্বীকাৰকাৰী আৰু পুনৰুত্থানক নসাৎ কৰা ব্যক্তিসকলে অৱশ্যে ক'বঃ তুমি যি কোৰআন তিলাৱত কৰা সেইটো হৈছে স্পষ্ট যাদু তথা প্ৰকাশ্য অসত্য।
Tafsiraaɗe Aarabu ɗen:
Hino jeyaa e nafooje Aayeeje on ka hello ɗoo.:
• سعة علم الله تعالى وتكفله بأرزاق مخلوقاته من إنسان وحيوان وغيرهما.
আল্লাহৰ জ্ঞানৰ ব্যাপকতা, আৰু সকলো সৃষ্টিৰ জীৱিকাৰ দায়িত্ব গ্ৰহণ, সেয়া মানুহেই হওঁক অথবা জীৱ-জন্তু।

• بيان علة الخلق؛ وهي اختبار العباد بامتثال أوامر الله واجتناب نواهيه.
সৃষ্টিজগত সৃষ্টি কৰাৰ উদ্দেশ্য। সেয়া হৈছেঃ আল্লাহৰ আদেশ পালন কৰা আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থকাৰ মাধ্যমত বান্দাসকলক পৰীক্ষা কৰা।

• لا ينبغي الاغترار بإمهال الله تعالى لأهل معصيته، فإنه قد يأخذهم فجأة وهم لا يشعرون.
আল্লাহে দিয়া অৱকাশক গুনাহগাৰ বান্দাসকলে অৱহেলা কৰা উচিত নহয়। কাৰণ তেওঁ কেতিয়াবা আকস্মিক গ্ৰেপ্তাৰ কৰে, ফলত মানুহে উপলব্ধিও কৰিব নোৱাৰে।

• بيان حال الإنسان في حالتي السعة والشدة، ومدح موقف المؤمن المتمثل في الصبر والشكر.
দুখ-কষ্ট আৰু সুখ-শান্তি উভয় পৰিস্থিতিত মানুহৰ অৱস্থাৰ বৰ্ণনা, তথা ধৈৰ্য আৰু কৃতজ্ঞতাৰ পথ অৱলম্বন কৰা মুমিনসকলৰ প্ৰশংসা।

 
Firo maanaaji Aaya.: (7) Simoore.: Simoore Huud
Loowdi cimooje ɗe Tonngoode hello ngon
 
Firo maanaaji Alqur'aana Teddunde nden - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo - Loowdi firooji ɗi

iwde e galle Firo jaŋdeeji Alkur'aana.

Uddu