Check out the new design

ترجمهٔ معانی قرآن کریم - ترجمه‌ى آسامی كتاب مختصر در تفسير قرآن كريم * - لیست ترجمه ها


ترجمهٔ معانی سوره: کهف   آیه:

আল-কাহাফ

از اهداف این سوره:
بيان منهج التعامل مع الفتن.
ফিতনাৰ সময়ত সন্মুখীন হোৱা পৰিস্থিতিক মোকাবিলা কৰাৰ পদ্ধতিৰ বৰ্ণনা।

اَلْحَمْدُ لِلّٰهِ الَّذِیْۤ اَنْزَلَ عَلٰی عَبْدِهِ الْكِتٰبَ وَلَمْ یَجْعَلْ لَّهٗ عِوَجًا ۟ؕٚ
পৰিপূৰ্ণ আৰু প্ৰতাপৰ বিশেষণসমূহ তথা প্ৰকাশ্য আৰু অপ্ৰকাশ্য নিয়ামতসমূহৰ প্ৰশংসা এককভাৱে কেৱল সেই আল্লাহৰ বাবে নিৰ্দিষ্ট, যি সত্ত্বাই তেওঁৰ বান্দা তথা ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি কোৰআন অৱতীৰ্ণ কৰিছে। এই কোৰআনত কোনো ধৰণৰ বক্ৰতা নাই তথা সত্যৰ পৰা দূৰ হোৱাৰো অৱকাশ নাই।
تفسیرهای عربی:
قَیِّمًا لِّیُنْذِرَ بَاْسًا شَدِیْدًا مِّنْ لَّدُنْهُ وَیُبَشِّرَ الْمُؤْمِنِیْنَ الَّذِیْنَ یَعْمَلُوْنَ الصّٰلِحٰتِ اَنَّ لَهُمْ اَجْرًا حَسَنًا ۟ۙ
বৰং ইয়াক সহজ সৰল বনাইছে, ইয়াত কোনো বিভেদ তথা অন্তৰ্বিৰোধ নাই। যাতে ই কাফিৰসকলক আল্লাহৰ সেই শাস্তিৰ পৰা ভয় দেখুৱায়, যাৰ বাবে সিহঁতে অপেক্ষা কৰি আছে। লগতে সৎকৰ্মশীল মুমিনসকলক যাতে সুসংবাদ দিয়ে যে, তেওঁলোকৰ বাবে আছে আনন্দদায়ক উত্তম প্ৰতিদান, যাৰ মোকাবিলাত আন কোনো প্ৰতিদান নাই।
تفسیرهای عربی:
مَّاكِثِیْنَ فِیْهِ اَبَدًا ۟ۙ
তেওঁলোকে চিৰকাল সেই প্ৰতিদানৰ মাজতেই থাকিব, সেই প্ৰতিদান কেতিয়াও বিচ্ছিন্ন নহ'ব।
تفسیرهای عربی:
وَّیُنْذِرَ الَّذِیْنَ قَالُوا اتَّخَذَ اللّٰهُ وَلَدًا ۟ۗ
লগতে যাতে ইয়াহুদী, খৃষ্টান আৰু সেইসকল মুশ্বৰিকক সাৱধান কৰিব পাৰে, যিসকলে কয়ঃ আল্লাহে সন্তান গ্ৰহণ কৰিছে।
تفسیرهای عربی:
از فواید آیات این صفحه:
• أنزل الله القرآن متضمنًا الحق والعدل والشريعة والحكم الأمثل .
সত্য, ন্যায়, চৰীয়ত আৰু আদৰ্শ নিৰ্ণয় সহকাৰে আল্লাহে এই কোৰআন অৱতীৰ্ণ কৰিছে।

• جواز البكاء في الصلاة من خوف الله تعالى.
ছালাতত আল্লাহৰ ভয়ত কন্দা কটাৰ বৈধতা।

• الدعاء أو القراءة في الصلاة يكون بطريقة متوسطة بين الجهر والإسرار.
ছালাতত দুআ আৰু তিলাৱত কৰাৰ সময়ত মধ্যম পন্থা অৱলম্বন কৰা উচিত, অতি উচ্চস্বৰেও নহয়, অতি নিম্নস্বৰেও নহয়।

• القرآن الكريم قد اشتمل على كل عمل صالح موصل لما تستبشر به النفوس وتفرح به الأرواح.
পৱিত্ৰ কোৰআনত প্ৰত্যেক এনেকুৱা সৎকৰ্মৰ শিক্ষা আছে, যাৰ ফলত উত্তম প্ৰতিদান পোৱা যায়, এনেকুৱা প্ৰতিদান যাৰ দ্বাৰা আত্মাই সন্তুষ্টি লাভ কৰে আৰু অন্তৰে আনন্দ লাভ কৰে।

 
ترجمهٔ معانی سوره: کهف
فهرست سوره ها شماره صفحه
 
ترجمهٔ معانی قرآن کریم - ترجمه‌ى آسامی كتاب مختصر در تفسير قرآن كريم - لیست ترجمه ها

مرکز تفسیر و پژوهش‌های قرآنی آن را منتشر كرده است.

بستن