Check out the new design

ترجمهٔ معانی قرآن کریم - ترجمه‌ى آسامی كتاب مختصر در تفسير قرآن كريم * - لیست ترجمه ها


ترجمهٔ معانی آیه: (10) سوره: رعد
سَوَآءٌ مِّنْكُمْ مَّنْ اَسَرَّ الْقَوْلَ وَمَنْ جَهَرَ بِهٖ وَمَنْ هُوَ مُسْتَخْفٍ بِالَّیْلِ وَسَارِبٌ بِالنَّهَارِ ۟
তেওঁ প্ৰকাশ্য অপ্ৰকাশ্য সকলো বিষয়ে অৱগত। হে মানৱজাতি! তোমালোকে উচ্চস্বৰে কথা কোৱা অথবা নিম্নস্বৰে, উভয় অৱস্থাই তেওঁৰ বাবে সমান। এইদৰে মানুহৰ দৃষ্টিৰ পৰা লুকাই ৰাতিৰ অন্ধকাৰত কৰা কাম আৰু দিনৰ পোহৰত মানুহক দেখুৱাই কৰা কাম দুয়োটাই তেওঁৰ বাবে সমান।
تفسیرهای عربی:
از فواید آیات این صفحه:
• عظيم مغفرة الله وحلمه عن خطايا بني آدم، فهم يستكبرون ويَتَحَدَّوْنَ رسله وأنبياءه، ومع هذا يرزقهم ويعافيهم ويحلم عنهم.
আল্লাহৰ অপৰিসীম ক্ষমা আৰু সহনশীলতাৰ প্ৰমাণ যে, তেওঁ আদম সন্তানক গুনাহৰ পিছতো ক্ষমা কৰে। কিয়নো সিহঁতে অহংকাৰ কৰে তথা নবী আৰু ৰাছুলসকলক প্ৰত্যাহ্বান জনায়। ইয়াৰ পিছতো তেওঁ সিহঁতক জীৱিকা দান কৰে, বিপদৰ পৰা ৰক্ষা কৰে আৰু সিহঁতৰ নাজানি কৰা কৰ্মক ক্ষমা কৰে।

• سعة علم الله تعالى بما في ظلمة الرحم، فهو يعلم أمر النطفة الواقعة في الرحم، وصَيْرُورتها إلى تخليق ذكر أو أنثى، وصحته واعتلاله، ورزقه وأجله، وشقي أو سعيد، فعلمه بها عام شامل.
আল্লাহৰ অপৰিসীম জ্ঞানৰ বৰ্ণনা যে তেওঁ মাতৃ গৰ্ভৰ অন্ধকাৰত কি আছে সেয়াও জানে। এতেকে তেওঁ গৰ্ভত নিৰ্গত হোৱা বীৰ্যৰ পৰা আদি কৰি, শিশুটো মতা বা মাইকী ৰূপ ধাৰণ কৰা লৈকে, সুস্থ হ'বনে বেমাৰী, জীৱিকা আৰু আয়ু তথা সৌভাগ্যশালী হ'বনে দুৰ্ভগীয়া আদি সকলো বিষয় তেওঁ অৱগত। এই সকলো বিষয়ে তেওঁৰ জ্ঞান ব্যাপক আৰু পৰিপূৰ্ণ।

• عظيم عناية الله ببني آدم، وإثبات وجود الملائكة التي تحرسه وتصونه وغيرهم مثل الحَفَظَة.
ইয়াৰ দ্বাৰা আৰু এটা কথা প্ৰমাণ হয় যে, আদম সন্তানৰ প্ৰতি আল্লাহৰ বিশেষ মনোযোগ আছে। লগতে ফিৰিস্তাসকলৰ অস্তিত্বৰ প্ৰমাণ পোৱা যায়, মানুহৰ ৰক্ষণাবেক্ষণত নিয়োজিত ফিৰিস্তাই হওঁক অথবা আন কোনো কৰ্মত নিয়োজিত ফিৰিস্তা।

• أن الله تعالى يغير حال العبد إلى الأفضل متى ما رأى منه اتباعًا لأسباب الهداية، فهداية التوفيق منوطة باتباع هداية البيان.
আল্লাহে যেতিয়া বান্দাক হিদায়তৰ পথ অৱলম্বন কৰা দেখা পায় তেতিয়া তাৰ অৱস্থা আৰু অধিক উৎকৃষ্ট কৰি দিয়ে। এতেকে এই কথা স্পষ্ট যে, তাওফীক সম্পৰ্কীয় হিদায়ত, বৰ্ণনাকৃত হিদায়তৰ অনুসৰণৰ লগত সম্পৃক্ত।

 
ترجمهٔ معانی آیه: (10) سوره: رعد
فهرست سوره ها شماره صفحه
 
ترجمهٔ معانی قرآن کریم - ترجمه‌ى آسامی كتاب مختصر در تفسير قرآن كريم - لیست ترجمه ها

مرکز تفسیر و پژوهش‌های قرآنی آن را منتشر كرده است.

بستن