Check out the new design

Qurani Kərimin mənaca tərcüməsi - Qurani Kərimin müxtəsər tərfsiri - kitabının Assam dilinə tərcüməsi. * - Tərcumənin mündəricatı


Mənaların tərcüməsi Ayə: (68) Surə: əl-Ənfal
لَوْلَا كِتٰبٌ مِّنَ اللّٰهِ سَبَقَ لَمَسَّكُمْ فِیْمَاۤ اَخَذْتُمْ عَذَابٌ عَظِیْمٌ ۟
যদি এই বিষয়ে আল্লাহৰ এই লিখিত ফয়চালা নাথাকিলেহেঁতেন যে, তোমালোকৰ বাবে যুদ্ধলব্ধ সম্পদ হালাল তথা কয়েদীসকলক মুক্তি দিবলৈ মুক্তিপণ গ্ৰহণ কৰা উচিত, তেন্তে আল্লাহৰ কোনো নিৰ্দেশ অহাৰ পূৰ্বে যুদ্ধলব্ধ সম্পদ আৰু মুক্তিপণ গ্ৰহণ কৰিলে তোমালোকে কঠিন শাস্তিৰ সন্মুখীন হলাহেঁতেন।
Ərəbcə təfsirlər:
Bu səhifədə olan ayələrdən faydalar:
• في الآيات وَعْدٌ من الله لعباده المؤمنين بالكفاية والنصرة على الأعداء.
উক্ত আয়াতসমূহত আল্লাহে মুমিন বান্দাসকলৰ লগত প্ৰতিশ্ৰুতি কৰিছে যে, তেৱেঁই মুমিনসকলৰ বাবে যথেষ্ট, আৰু শত্ৰুসকলৰ বিৰুদ্ধে বিজয় প্ৰদান কৰিব।

• الثبات أمام العدو فرض على المسلمين لا اختيار لهم فيه، ما لم يحدث ما يُرَخِّص لهم بخلافه.
যুদ্ধৰ ময়দানত শত্ৰুৰ লগত দৃঢ় মুকাবিলা কৰা মুছলিমসকলৰ বাবে অনিবাৰ্য। এই ক্ষেত্ৰত কোনো অৱকাশ দিয়া নহয়। এয়া সুকীয়া কথা যে, যদি কোনো এনেকুৱা পৰিস্থিতি সৃষ্টি হয়, যাৰ ফলত ময়দান ত্যাগ কৰাটো উত্তম।

• الله يحب لعباده معالي الأمور، ويكره منهم سَفْسَافَها، ولذلك حثهم على طلب ثواب الآخرة الباقي والدائم.
আল্লাহে বান্দাসকলৰ বাবে উত্তম বস্তু পছন্দ কৰে আৰু নিকৃষ্ট বস্তু অপছন্দ কৰে। সেই কাৰণেই তেওঁলোকক আখিৰাতৰ চিৰস্থায়ী প্ৰতিদান প্ৰাৰ্থনা কৰাৰ বাবে উৎসাহিত কৰে।

• مفاداة الأسرى أو المنّ عليهم بإطلاق سراحهم لا يكون إلا بعد توافر الغلبة والسلطان على الأعداء، وإظهار هيبة الدولة في وجه الآخرين.
কয়েদীসকলৰ পৰা মুক্তিপণ লৈ অথবা সিহঁতৰ প্ৰতি সহানুভূতি দেখুৱাই তেতিয়াহে মুক্তি দিয়া উচিত, যেতিয়া শত্ৰুসকল পৰিপূৰ্ণৰূপে পৰাজিত হ'ব আৰু সিহঁতৰ ওপৰত প্ৰভূত্ব প্ৰতিষ্ঠা হ'ব, লগতে আন আন লোকসকলৰ অন্তৰত ইছলামী ৰাষ্ট্ৰৰ ভয় সোমাই পৰিব।

 
Mənaların tərcüməsi Ayə: (68) Surə: əl-Ənfal
Surələrin mündəricatı Səhifənin rəqəmi
 
Qurani Kərimin mənaca tərcüməsi - Qurani Kərimin müxtəsər tərfsiri - kitabının Assam dilinə tərcüməsi. - Tərcumənin mündəricatı

Tərcümə "Quran araşdırmaları Təfsir Mərkəzi" tərəfindən yayımlanmışdır.

Bağlamaq