Check out the new design

Qurani Kərimin mənaca tərcüməsi - Qurani Kərimin müxtəsər tərfsiri - kitabının Assam dilinə tərcüməsi. * - Tərcumənin mündəricatı


Mənaların tərcüməsi Ayə: (1) Surə: əl-Mumtəhənə

আল-মুমতাহিনাহ

Surənin məqsədlərindən:
تحذير المؤمنين من تولي الكافرين.
কাফিৰসকলক অন্তৰঙ্গ বন্ধু হিচাপে লবলৈ মুমিনসকলক সতৰ্ক কৰা হৈছে।

یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا لَا تَتَّخِذُوْا عَدُوِّیْ وَعَدُوَّكُمْ اَوْلِیَآءَ تُلْقُوْنَ اِلَیْهِمْ بِالْمَوَدَّةِ وَقَدْ كَفَرُوْا بِمَا جَآءَكُمْ مِّنَ الْحَقِّ ۚ— یُخْرِجُوْنَ الرَّسُوْلَ وَاِیَّاكُمْ اَنْ تُؤْمِنُوْا بِاللّٰهِ رَبِّكُمْ ؕ— اِنْ كُنْتُمْ خَرَجْتُمْ جِهَادًا فِیْ سَبِیْلِیْ وَابْتِغَآءَ مَرْضَاتِیْ تُسِرُّوْنَ اِلَیْهِمْ بِالْمَوَدَّةِ ۖۗ— وَاَنَا اَعْلَمُ بِمَاۤ اَخْفَیْتُمْ وَمَاۤ اَعْلَنْتُمْ ؕ— وَمَنْ یَّفْعَلْهُ مِنْكُمْ فَقَدْ ضَلَّ سَوَآءَ السَّبِیْلِ ۟
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়তৰ প্ৰতি আমলকাৰীসকল! মোৰ শত্ৰু আৰু তোমালোকৰ নিজৰ শত্ৰুসকলৰ সৈতে বন্ধুত্ব কৰি প্ৰেম তথা ঘনিষ্টতাৰ সৃষ্টি নকৰিবা। যিহেতু সিহঁতে সেই চৰীয়তক অস্বীকাৰ কৰিছে, যিটো তোমালোকৰ ওচৰত নবীৰ জৰিয়তে তোমালোকলৈ আহিছে। সিহঁতে ৰাছুলক তেখেতৰ ঘৰৰ পৰা আৰু তোমালোকক মক্কাত অৱস্থিত তোমালোকৰ ঘৰৰ পৰা বহিষ্কাৰ কৰিছে। তোমালোকৰ প্ৰতি দয়াৰ দৃষ্টিৰে তথা আত্মীয়তাৰ খাতিৰতো কোনো সহানুভূতি নেদেখুৱায়। ইয়াৰ মূল কাৰণটো হৈছে, তোমালোকে নিজ প্ৰতিপালক আল্লাহৰ প্ৰতি ঈমান আনিছা। এতেকে যদি তোমালোকে জিহাদৰ বাবে আৰু মোৰ সন্তুষ্টি প্ৰাপ্তৰ বাবে মোৰ পথত ওলাইছা তেন্তে সিহঁতৰ সৈতে বন্ধুত্ব নকৰিবা। সিহঁতৰ প্ৰতি বন্ধুত্বৰ হাত আগবঢ়াই মুছলমানৰ গোপন খবৰবোৰ সিহঁতক প্ৰদান কৰা নেকি, অথচ মই তোমালোকৰ সকলো কথাই জানো, যিবোৰ তোমালোকে গোপনে কৰা তথা যিবোৰ প্ৰকাশ্যভাৱে কৰা। মোৰ ওচৰত এনেকুৱা তথ্য তথা ইয়াৰ বাহিৰে আন কোনো কথাই গোপন নহয়। এতেকে যিয়ে কাফিৰসকলৰ সৈতে বন্ধুত্ব গঢ়ি তুলিব তেন্তে জানি থোৱা! সি সঠিক পথৰ পৰা আঁতৰি গৈছে, আৰু সত্যৰ পৰা দূৰৈত গৈছে, সত্যতাৰ পৰা বিচ্ছিন্ন হৈ গৈছে।
Ərəbcə təfsirlər:
Bu səhifədə olan ayələrdən faydalar:
• تسريب أخبار أهل الإسلام إلى الكفار كبيرة من الكبائر.
মুছলমানসকলৰ গোপন খবৰ কাফিৰসকলক পৌঁচাই দিয়াটো মহাপাপ।

• عداوة الكفار عداوة مُتَأصِّلة لا تؤثر فيها موالاتهم.
কাফিৰসকলৰ লগত শত্ৰুতা বহুত গভীৰ। বন্ধুত্বই সিহঁতৰ শত্ৰুতাত কোনো প্ৰভাৱ নেপেলায়।

• استغفار إبراهيم لأبيه لوعده له بذلك، فلما نهاه الله عن ذلك لموته على الكفر ترك الاستغفار له.
ইব্ৰাহিম আলাইহিছ ছালামে তেখেতৰ পিতাৰ বাবে ক্ষমা বিচৰাৰ কাৰণটো হৈছে তেখেতে তেখেতৰ পিতৃক ক্ষমা প্ৰাৰ্থনা কৰাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু তেখেতৰ পিতৃ কাফিৰ অৱস্থাত মৃত্যুবৰণ কৰাৰ পিছত আল্লাহে যেতিয়া তেখেতক নিষেধ কৰিলে তেতিয়া তেখেতে নিজ পিতৃৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা এৰি দিলে।

 
Mənaların tərcüməsi Ayə: (1) Surə: əl-Mumtəhənə
Surələrin mündəricatı Səhifənin rəqəmi
 
Qurani Kərimin mənaca tərcüməsi - Qurani Kərimin müxtəsər tərfsiri - kitabının Assam dilinə tərcüməsi. - Tərcumənin mündəricatı

Tərcümə "Quran araşdırmaları Təfsir Mərkəzi" tərəfindən yayımlanmışdır.

Bağlamaq