Check out the new design

Qurani Kərimin mənaca tərcüməsi - Qurani Kərimin müxtəsər tərfsiri - kitabının Assam dilinə tərcüməsi. * - Tərcumənin mündəricatı


Mənaların tərcüməsi Ayə: (125) Surə: əl-Ənam
فَمَنْ یُّرِدِ اللّٰهُ اَنْ یَّهْدِیَهٗ یَشْرَحْ صَدْرَهٗ لِلْاِسْلَامِ ۚ— وَمَنْ یُّرِدْ اَنْ یُّضِلَّهٗ یَجْعَلْ صَدْرَهٗ ضَیِّقًا حَرَجًا كَاَنَّمَا یَصَّعَّدُ فِی السَّمَآءِ ؕ— كَذٰلِكَ یَجْعَلُ اللّٰهُ الرِّجْسَ عَلَی الَّذِیْنَ لَا یُؤْمِنُوْنَ ۟
আল্লাহে যাক সুপথ দেখুৱাব বিচাৰে, তাৰ বুকু প্ৰশস্ত কৰি দিয়ে, লগতে তাক ইছলাম স্বীকাৰ কৰিবলৈ প্ৰস্তুত কৰি দিয়ে। আনহাতে যাক অকলশৰীয়া কৰিব বিচাৰে তথা সুপথৰ পৰা দূৰ কৰিব বিচাৰে, তাৰ বুকু ইমান সংকুচিত কৰি দিয়ে যে তাত সত্য প্ৰৱেশ কৰিবই নোৱাৰে। সত্য স্বীকাৰ কৰা তাৰ ওচৰত এনে লাগে যেন সি বহু কষ্টৰে আকাশৈ উঠি আছে, প্ৰকৃততে যিটো অসম্ভৱ। যিদৰে আল্লাহে পথভ্ৰষ্ট ব্যক্তিসকলক সংকীৰ্ণতাত পতিত কৰিছে, ঠিক সেইদৰে তেওঁ সেইসকল লোককো শাস্তি প্ৰদান কৰিব যিসকলে ইয়াৰ প্ৰতি ঈমান পোষণ কৰা নাই।
Ərəbcə təfsirlər:
Bu səhifədə olan ayələrdən faydalar:
• سُنَّة الله في الضلال والهداية أنهما من عنده تعالى، أي بخلقه وإيجاده، وهما من فعل العبد باختياره بعد مشيئة الله.
সৃষ্টিৰ ফালৰ পৰা দেখিলে হিদায়ত আৰু পথভ্ৰষ্টতা দুয়োটাকে আল্লাহেই সৃষ্টি কৰিছে। কিন্তু আল্লাহৰ ইচ্ছাৰ পিছত দুয়োটা কৰ্ম বান্দাৰ আমল আৰু অধীনত প্ৰয়োগ হয়।

• ولاية الله للمؤمنين بحسب أعمالهم الصالحة، فكلما زادت أعمالهم الصالحة زادت ولايته لهم والعكس.
মুমিনসকলে নিজৰ নেক আমল অনুসাৰে আল্লাহৰ ভালপোৱা লাভ কৰে। তেওঁলোকৰ নেক আমল যিমান বৃদ্ধি পাব সিমানেই আল্লাহৰ ভালপোৱা বৃদ্ধি পাব। পক্ষান্তৰে নেক আমল যিমানেই হ্ৰাস পাব সিমানেই আল্লাহৰ ভালপোৱা হ্ৰাস পাব।

• من سُنَّة الله أن يولي كل ظالم ظالمًا مثله، يدفعه إلى الشر ويحثه عليه، ويزهِّده في الخير وينفِّره عنه.
আল্লাহৰ ৰীতি এই যে, তেওঁ প্ৰত্যেক অন্যায়কাৰীৰ বাবে সেই অনুপাতে আন এজন অন্যায়কাৰীক তাৰ সহায়ক নিৰ্ধাৰণ কৰি দিয়ে। যিয়ে তাক বেয়া কৰ্ম কৰিবলৈ উত্সাহ দিয়ে আৰু প্ৰেৰণা যোগায়, আনহাতে সত্কৰ্ম কৰিবলৈ বাধা দিয়ে আৰু তাৰ পৰা আঁতৰাই ৰাখে।

 
Mənaların tərcüməsi Ayə: (125) Surə: əl-Ənam
Surələrin mündəricatı Səhifənin rəqəmi
 
Qurani Kərimin mənaca tərcüməsi - Qurani Kərimin müxtəsər tərfsiri - kitabının Assam dilinə tərcüməsi. - Tərcumənin mündəricatı

Tərcümə "Quran araşdırmaları Təfsir Mərkəzi" tərəfindən yayımlanmışdır.

Bağlamaq