Check out the new design

Qurani Kərimin mənaca tərcüməsi - Qurani Kərimin müxtəsər tərfsiri - kitabının Assam dilinə tərcüməsi. * - Tərcumənin mündəricatı


Mənaların tərcüməsi Surə: əl-Vaqiə   Ayə:
یَطُوْفُ عَلَیْهِمْ وِلْدَانٌ مُّخَلَّدُوْنَ ۟ۙ
তেওঁলোকৰ সেৱা কৰিবলৈ তেওঁলোকৰ চাৰিওফালে ঘূৰি ফুৰিব কিশোৰসকল। যিসকলক বাৰ্ধক্যও স্পৰ্শ নকৰিব তথা ধ্বংসও নহ’ব।
Ərəbcə təfsirlər:
بِاَكْوَابٍ وَّاَبَارِیْقَ ۙ۬— وَكَاْسٍ مِّنْ مَّعِیْنٍ ۟ۙ
সিহঁতে এওঁলোকৰ চাৰিওফালে জান্নাতৰ অবাৰিত ঝৰ্নাৰ পৰা সুৰাপূৰ্ণ কাপ, পিয়লা আৰু পানপাত্ৰলৈ প্ৰদক্ষিণ কৰিব।
Ərəbcə təfsirlər:
لَّا یُصَدَّعُوْنَ عَنْهَا وَلَا یُنْزِفُوْنَ ۟ۙ
এইটো পৃথিৱীৰ সুৰাৰ দৰে নহয়। ফলত ইয়াৰ দ্বাৰা মূৰৰ বিষো সৃষ্টি নহ’ব তথা ইয়াৰ ফলত জ্ঞানহাৰাও নহ’ব।
Ərəbcə təfsirlər:
وَفَاكِهَةٍ مِّمَّا یَتَخَیَّرُوْنَ ۟ۙ
এই কিশোৰসকলে তেওঁলোকৰ সন্মুখত তেওঁলোকৰ পছন্দৰ ফল-মূল লৈ প্ৰদক্ষিণ কৰিব।
Ərəbcə təfsirlər:
وَلَحْمِ طَیْرٍ مِّمَّا یَشْتَهُوْنَ ۟ؕ
সিহঁতে তেওঁলোকৰ পছন্দৰ চৰাইৰ মাংস লৈ তেওঁলোকৰ সন্মুখত ঘূৰি ফুৰিব।
Ərəbcə təfsirlər:
وَحُوْرٌ عِیْنٌ ۟ۙ
জান্নাতত তেওঁলোকৰ বাবে থাকিব পদ্মলোচন চকুবিশিষ্টা ৰমণী।
Ərəbcə təfsirlər:
كَاَمْثَالِ اللُّؤْلُو الْمَكْنُوْنِ ۟ۚ
তেওঁলোক যেনিবা সাগৰীয় শামুকত সুৰক্ষিত থকা মুকুতাৰ দৰে।
Ərəbcə təfsirlər:
جَزَآءً بِمَا كَانُوْا یَعْمَلُوْنَ ۟
এইটো হৈছে পৃথিৱীত কৰা তেওঁলোকৰ সৎকৰ্মৰ প্ৰতিদান।
Ərəbcə təfsirlər:
لَا یَسْمَعُوْنَ فِیْهَا لَغْوًا وَّلَا تَاْثِیْمًا ۟ۙ
তেওঁলোকে জান্নাতত কোনো ধৰণৰ অশ্লীল বাৰ্তালাপ শুনিবলৈ নাপাব, আৰু কোনো ধৰণৰ গুনাহৰ কথাও শ্রৱণ নকৰিব।
Ərəbcə təfsirlər:
اِلَّا قِیْلًا سَلٰمًا سَلٰمًا ۟
তেওঁলোকে তাত কেৱল তেওঁলোকক কৰা ফিৰিস্তাসকলৰ ছালাম শুনিবলৈ পাব, আৰু তেওঁলোকৰ পৰস্পৰৰ ছালামহে শুনা পাব।
Ərəbcə təfsirlər:
وَاَصْحٰبُ الْیَمِیْنِ ۙ۬— مَاۤ اَصْحٰبُ الْیَمِیْنِ ۟ؕ
আৰু সোঁফালৰ দল, যিসকলক সোঁহাতত আমলনামা দিয়া হ'ব আল্লাহৰ ওচৰত তেওঁলোকৰ কিমান যে মৰ্যাদা আৰু সন্মান আছে!
Ərəbcə təfsirlər:
فِیْ سِدْرٍ مَّخْضُوْدٍ ۟ۙ
তেওঁলোকে কাইটবিহীন বগৰী বাগানত অৱস্থান কৰিব, কাইট নথকাৰ ফলত তেওঁলোকৰ কোনো কষ্ট নহ’ব।
Ərəbcə təfsirlər:
وَّطَلْحٍ مَّنْضُوْدٍ ۟ۙ
লগতে তাত আছে ঘনীভূত কল গছ, যিবোৰ আছে শাৰীবদ্ধ কল।
Ərəbcə təfsirlər:
وَّظِلٍّ مَّمْدُوْدٍ ۟ۙ
লগতে আছে সুদীৰ্ঘ আৰু স্থায়ী ছাঁ, যিটো কেতিয়াও সমাপ্ত নহয়।
Ərəbcə təfsirlər:
وَّمَآءٍ مَّسْكُوْبٍ ۟ۙ
আৰু আছে প্ৰবাহমান পানী, যিটো কেতিয়াও স্তব্ধ নহয়।
Ərəbcə təfsirlər:
وَّفَاكِهَةٍ كَثِیْرَةٍ ۟ۙ
লগতে তাত আছে পৰ্যাপ্ত ফল-মূল, যিবোৰ গণনা কৰি শেষ কৰিব নোৱাৰি।
Ərəbcə təfsirlər:
لَّا مَقْطُوْعَةٍ وَّلَا مَمْنُوْعَةٍ ۟ۙ
তেওঁলোকৰ পৰা সেইবোৰ কেতিয়াও সমাপ্ত নহ’ব। কাৰণ সেইবোৰৰ কোনো ঋতু নাই। আনহাতে সেইবোৰ পোৱাৰ ক্ষেত্ৰতো তেওঁলোকে কোনো বাধাৰ সন্মুখীন নহ’ব, যেতিয়াই তেওঁলোকে বিচাৰিব তেতিয়াই পাব।
Ərəbcə təfsirlər:
وَّفُرُشٍ مَّرْفُوْعَةٍ ۟ؕ
উন্নত মানৰ উৎকৃষ্ট বিছনাসমূহ পালেঙৰ ওপৰত সজোৱা থাকিব।
Ərəbcə təfsirlər:
اِنَّاۤ اَنْشَاْنٰهُنَّ اِنْشَآءً ۟ۙ
নিশ্চয় আমি উল্লিখিত হুৰসকলক অস্বাভাৱিক নিয়মত সৃষ্টি কৰিছোঁ।
Ərəbcə təfsirlər:
فَجَعَلْنٰهُنَّ اَبْكَارًا ۟ۙ
আমি তেওঁলোকক কুমাৰী বনাইছোঁ। তেওঁলোকক ইয়াৰ পূৰ্বে কোনেও স্পৰ্শ কৰা নাই।
Ərəbcə təfsirlər:
عُرُبًا اَتْرَابًا ۟ۙ
তেওঁলোক হৈছে স্বামীপ্ৰেমী, প্রিয়তমা তথা সমবয়সী।
Ərəbcə təfsirlər:
لِّاَصْحٰبِ الْیَمِیْنِ ۟ؕ۠
সোঁপন্থীসকলৰ বাবে আমি তেওঁলোকক সৃষ্টি কৰিছোঁ। যিসকলক সৌভাগ্যৰ প্ৰতীক হিচাপে সোঁফালে অৱস্থান কৰোৱা হ’ব।
Ərəbcə təfsirlər:
ثُلَّةٌ مِّنَ الْاَوَّلِیْنَ ۟ۙ
দৰাচলতে তেওঁলোক হৈছে পূর্বৱৰ্তী নবীসকলৰ উম্মতৰ এটা দল।
Ərəbcə təfsirlər:
وَثُلَّةٌ مِّنَ الْاٰخِرِیْنَ ۟ؕ
আৰু আনটো দল হৈছে উম্মতে মুহাম্মাদীৰ মাজৰ পৰা; অৰ্থাৎ শেষ উম্মতৰ মাজৰ পৰা।
Ərəbcə təfsirlər:
وَاَصْحٰبُ الشِّمَالِ ۙ۬— مَاۤ اَصْحٰبُ الشِّمَالِ ۟ؕ
আৰু বাওঁফালৰ দল, যিসকলক বাওঁ হাতত আমলনামা দিয়া হ'ব, সিহঁতৰ ঠিকনা আৰু অৱস্থা কিমান যে নিকৃষ্ট হ'ব।
Ərəbcə təfsirlər:
فِیْ سَمُوْمٍ وَّحَمِیْمٍ ۟ۙ
সিহঁতে প্ৰচণ্ড গৰম বতাহ আৰু উতলা পানীৰ মাজত অৱস্থান কৰিব।
Ərəbcə təfsirlər:
وَّظِلٍّ مِّنْ یَّحْمُوْمٍ ۟ۙ
লগতে ক’লা ধোঁৱাবিশিষ্ট ছাঁত অৱস্থান কৰিব।
Ərəbcə təfsirlər:
لَّا بَارِدٍ وَّلَا كَرِیْمٍ ۟
যাৰ গতিবেগো ভাল নহয়, আৰু দৃশ্যও সুন্দৰ নহয়।
Ərəbcə təfsirlər:
اِنَّهُمْ كَانُوْا قَبْلَ ذٰلِكَ مُتْرَفِیْنَ ۟ۚۖ
সিহঁতে এই শাস্তিত নিক্ষিপ্ত হোৱাৰ পূর্বে পৃথিৱীত ভোগ-সামগ্ৰীৰ মাজত লিপ্ত আছিল। নিজৰ প্ৰবৃত্তিৰ চাহিদা পূৰণৰ বাহিৰে সিহঁতৰ আন কোনো চিন্তা নাছিল।
Ərəbcə təfsirlər:
وَكَانُوْا یُصِرُّوْنَ عَلَی الْحِنْثِ الْعَظِیْمِ ۟ۚ
সিহঁতে আল্লাহৰ সৈতে কুফৰী কৰাৰ ক্ষেত্ৰত আৰু তেওঁক এৰি মূৰ্ত্তিবোৰৰ উপাসনাত বদ্ধপৰিকৰ আছিল।
Ərəbcə təfsirlər:
وَكَانُوْا یَقُوْلُوْنَ ۙ۬— اَىِٕذَا مِتْنَا وَكُنَّا تُرَابًا وَّعِظَامًا ءَاِنَّا لَمَبْعُوْثُوْنَ ۟ۙ
সিহঁতে পুনৰুত্থানক অস্বীকাৰ কৰিছিল। সেয়ে সিহঁতে ইয়াক ঠাট্টা কৰি আৰু দুস্কৰ বুলি ভাৱি কৈছিলঃ “আমি যেতিয়া মৃত্যুবৰণ কৰিম তথা মাটিত পৰিণত হ'ম আৰু যেতিয়া আমাৰ হাড়বোৰ বিগলিত হৈ যাব, তেতিয়া আকৌ আমাক পুনৰুত্থিত কৰা হ’ব নেকি”?!
Ərəbcə təfsirlər:
اَوَاٰبَآؤُنَا الْاَوَّلُوْنَ ۟
অথবা আমাৰ পূৰ্বে মৃত্যুবৰণ কৰা আমাৰ পূর্বপুৰুষসকলক পুনৰ জীৱিত কৰা হ’ব নেকি?!
Ərəbcə təfsirlər:
قُلْ اِنَّ الْاَوَّلِیْنَ وَالْاٰخِرِیْنَ ۟ۙ
হে ৰাছুল! আখিৰাতৰ জীৱনক অবিশ্বাস কৰা এই লোকসকলক আপুনি কৈ দিয়কঃ নিশ্চয় পূর্বৰ আৰু পিছৰ সকলোকে একত্ৰিত কৰা হ’ব।
Ərəbcə təfsirlər:
لَمَجْمُوْعُوْنَ ۙ۬— اِلٰی مِیْقَاتِ یَوْمٍ مَّعْلُوْمٍ ۟
অচিৰেই হিচাপ আৰু প্ৰতিদানৰ উদ্দেশ্যে সমৱেত কৰা হ’ব।
Ərəbcə təfsirlər:
Bu səhifədə olan ayələrdən faydalar:
• العمل الصالح سبب لنيل النعيم في الآخرة.
সৎকৰ্ম হৈছে আখিৰাতত নিয়ামত লাভ কৰাৰ উপায়।

• الترف والتنعم من أسباب الوقوع في المعاصي.
ভোগ-বিলাস হৈছে পাপকৰ্মত লিপ্ত হোৱাৰ অন্যতম মাধ্যম।

• خطر الإصرار على الذنب.
পাপ কৰ্মৰ ওপৰত অবিচল থকাৰ ভয়াৱহতা।

 
Mənaların tərcüməsi Surə: əl-Vaqiə
Surələrin mündəricatı Səhifənin rəqəmi
 
Qurani Kərimin mənaca tərcüməsi - Qurani Kərimin müxtəsər tərfsiri - kitabının Assam dilinə tərcüməsi. - Tərcumənin mündəricatı

Tərcümə "Quran araşdırmaları Təfsir Mərkəzi" tərəfindən yayımlanmışdır.

Bağlamaq