Check out the new design

Qurani Kərimin mənaca tərcüməsi - Qurani Kərimin müxtəsər tərfsiri - kitabının Assam dilinə tərcüməsi. * - Tərcumənin mündəricatı


Mənaların tərcüməsi Surə: əl-Bəqərə   Ayə:
كُتِبَ عَلَیْكُمُ الْقِتَالُ وَهُوَ كُرْهٌ لَّكُمْ ۚ— وَعَسٰۤی اَنْ تَكْرَهُوْا شَیْـًٔا وَّهُوَ خَیْرٌ لَّكُمْ ۚ— وَعَسٰۤی اَنْ تُحِبُّوْا شَیْـًٔا وَّهُوَ شَرٌّ لَّكُمْ ؕ— وَاللّٰهُ یَعْلَمُ وَاَنْتُمْ لَا تَعْلَمُوْنَ ۟۠
হে মুমিনসকল! তোমালোকৰ ওপৰত আল্লাহৰ পথত যুদ্ধ কৰা ফৰজ কৰি দিয়া হৈছে। যদিও এইটো মানসিকভাৱে অপছন্দনীয়। কিয়নো ইয়াত ধন-সম্পদ আৰু প্ৰাণ ব্যয় কৰিব লাগে। সম্ভৱত এনেকুৱাও হব পাৰে যে, যিটো বস্তু তোমালোকে অপছন্দ কৰা সেইটোৱে তোমালোকৰ বাবে উপকাৰী আৰু কল্যাণকৰ। যেনে আল্লাহৰ পথত যুদ্ধ কৰা, ইয়াত বহুত ছোৱাব আছে লগতে ইয়াৰ দ্বাৰা শত্ৰুৰ ওপৰত বিজয় লাভ কৰিব পাৰি আৰু আল্লাহৰ কলিমাই প্ৰাধান্য লাভ কৰে। আনহাতে তোমালোকে যিটো পছন্দ কৰা হয়তো সেইটো তোমালোকৰ বাবে ক্ষতিকৰ আৰু বিপদৰ কাৰণ। যেনে- জিহাদৰ পৰা দূৰৈত থকা। এনে কৰিলে তোমালোক ক্ষতিগ্ৰস্ত হোৱাটো খাটাং আৰু শত্ৰুৱে তোমালোকৰ ওপৰত আধিপত্য লাভ কৰিব। নিশ্চয় আল্লাহ ভাল বেয়া সম্পৰ্কে সম্যক অৱগত, অথচ তোমালোকে একোৱেই নাজানা। সেয়ে আল্লাহৰ আদেশ পালন কৰা, ইয়াতেই তোমালোকৰ কল্যাণ নিহিত হৈ আছে।
Ərəbcə təfsirlər:
یَسْـَٔلُوْنَكَ عَنِ الشَّهْرِ الْحَرَامِ قِتَالٍ فِیْهِ ؕ— قُلْ قِتَالٌ فِیْهِ كَبِیْرٌ ؕ— وَصَدٌّ عَنْ سَبِیْلِ اللّٰهِ وَكُفْرٌ بِهٖ وَالْمَسْجِدِ الْحَرَامِ ۗ— وَاِخْرَاجُ اَهْلِهٖ مِنْهُ اَكْبَرُ عِنْدَ اللّٰهِ ۚ— وَالْفِتْنَةُ اَكْبَرُ مِنَ الْقَتْلِ ؕ— وَلَا یَزَالُوْنَ یُقَاتِلُوْنَكُمْ حَتّٰی یَرُدُّوْكُمْ عَنْ دِیْنِكُمْ اِنِ اسْتَطَاعُوْا ؕ— وَمَنْ یَّرْتَدِدْ مِنْكُمْ عَنْ دِیْنِهٖ فَیَمُتْ وَهُوَ كَافِرٌ فَاُولٰٓىِٕكَ حَبِطَتْ اَعْمَالُهُمْ فِی الدُّنْیَا وَالْاٰخِرَةِ ۚ— وَاُولٰٓىِٕكَ اَصْحٰبُ النَّارِ ۚ— هُمْ فِیْهَا خٰلِدُوْنَ ۟
হে নবী! মানুহে আপোনাক সন্মানিত মাহবোৰ অৰ্থাৎ জুলকাদাহ, জুলহিজ্জা, মুহাৰ্ৰম আৰু ৰজব মাহত যুদ্ধ কৰাৰ বিধান সম্পৰ্কে প্ৰশ্ন কৰে। আপুনি সিহঁতক জনাই দিয়ক যে, এই মাহবোৰত যুদ্ধ কৰা আল্লাহৰ দৃষ্টিত বৰ অপছন্দনীয়। ঠিক সেইদৰে যিদৰে মুশ্বৰিকসকলৰ আল্লাহৰ পথত বাধা প্ৰদান কৰা কাৰ্য অপছন্দনীয়। লগতে মুমিনসকলক মছজিদে হাৰামত প্ৰৱেশ কৰিবলৈ বাধা প্ৰদান কৰা, মছজিদে হাৰামৰ অধিবাসীসকলক তাৰ পৰা বহিষ্কাৰ কৰা, আল্লাহৰ দৃষ্টিত সন্মানিত মাহত যুদ্ধ কৰাতকৈও অধিক ডাঙৰ পাপ। তথা শ্বিৰ্ক যিটোত সিহঁতে লিপ্ত হৈ আছে সেয়া হত্যাতকৈও ডাঙৰ গুনাহ। হে মুমিনসকল! মুশ্বৰিকসকল সদায় অন্যায়-অত্যাচাৰত বৰ্তি হৈ থাকিব আৰু তোমালোকৰ লগত যুদ্ধ কৰি থাকিব, আনকি সম্ভৱ হলে তোমালোকক সত্য ধৰ্মৰ পৰা আঁতৰাই সিহঁতৰ অসত্য ধৰ্মৰ পিনে উভতাই নিব। এতেকে তোমালোকৰ মাজৰ যিয়ে নিজৰ ধৰ্ম ত্যাগ কৰিব আৰু সেই কুফৰ অৱস্থাতে মৃত্যুবৰণ কৰিব তেন্তে তাৰ সকলো নেক আমল অথলে যাব আৰু অৱশেষত সি জাহান্নামত প্ৰৱেশ কৰিব আৰু তাত সি চিৰকাল থাকিব।
Ərəbcə təfsirlər:
اِنَّ الَّذِیْنَ اٰمَنُوْا وَالَّذِیْنَ هَاجَرُوْا وَجٰهَدُوْا فِیْ سَبِیْلِ اللّٰهِ ۙ— اُولٰٓىِٕكَ یَرْجُوْنَ رَحْمَتَ اللّٰهِ ؕ— وَاللّٰهُ غَفُوْرٌ رَّحِیْمٌ ۟
নিশ্চয় যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনিছে লগতে যিসকলে নিজৰ ঘৰ-দুৱাৰ ত্যাগ কৰি আল্লাহ আৰু তেওঁৰ ৰাছুলৰ পিনে হিজৰত কৰিছে তথা আল্লাহৰ কলিমা উত্তোলন কৰিবলৈ জিহাদ কৰিছে। প্ৰকৃততে তেওঁলোকেই আল্লাহৰ ৰহমত আৰু তেওঁৰ মাগফিৰাতৰ আশা পোষণ কৰে। আৰু আল্লাহে তেওঁৰ বান্দাসকলৰ গুনাহ ক্ষমা কৰে আৰু সিহঁতৰ প্ৰতি কৃপা কৰে।
Ərəbcə təfsirlər:
یَسْـَٔلُوْنَكَ عَنِ الْخَمْرِ وَالْمَیْسِرِ ؕ— قُلْ فِیْهِمَاۤ اِثْمٌ كَبِیْرٌ وَّمَنَافِعُ لِلنَّاسِ ؗ— وَاِثْمُهُمَاۤ اَكْبَرُ مِنْ نَّفْعِهِمَا ؕ— وَیَسْـَٔلُوْنَكَ مَاذَا یُنْفِقُوْنَ ؕ۬— قُلِ الْعَفْوَؕ— كَذٰلِكَ یُبَیِّنُ اللّٰهُ لَكُمُ الْاٰیٰتِ لَعَلَّكُمْ تَتَفَكَّرُوْنَ ۟ۙ
হে নবী! আপোনাৰ সঙ্গী-সাৰথীসকলে মাদক দ্ৰৱ্য ( প্ৰত্যেক সেই বস্তু যিটো সেৱন কৰিলে বা খালে বুদ্ধিমত্তা কাম নকৰা হৈ যায়) সম্পৰ্কে আপোনাক প্ৰশ্ন কৰে। দৰাচলতে সিহঁতে এইবোৰ সেৱন কৰা আৰু কিনা-বেচা সম্পৰ্কে আপোনাৰ পৰা জানিব বিচাৰে। লগতে সিহঁতে জুৱা সম্পৰ্কেও প্ৰশ্ন কৰে, (জুৱা এনেকুৱা প্ৰতিযোগীতা য’ত দুয়ো পক্ষই ধন বিনিয়োগ কৰে)। আপুনি সিহঁতক জনাই দিয়ক যে, এইবোৰ দ্বীনি আৰু দুনিয়াৱী উভয় দিশতে ক্ষতিকৰ। এইবোৰত ধন-সম্পদ আৰু বুদ্ধিমত্তা বিনষ্ট হয়। লগতে সৃষ্টি হয় হিংসা, বিদ্বেষ আৰু শত্ৰুতা। যদিও ইয়াত সামান্য উপকাৰ নথকা নহয়। যেনে- সম্পদ অৰ্জন। কিন্তু ইয়াৰ উপকাৰতকৈ অপকাৰৰ দিশটো বেছি ডাঙৰ আৰু ক্ষতিকৰ। এতেকে য’ত উপকাৰতকৈ অপকাৰ বেছি, বিবেকৱান ব্যক্তিয়ে তেনেকুৱা বস্তু পৰিহাৰ কৰে। আল্লাহৰ এই বৰ্ণনা দৰাচলতে মাদক দ্ৰৱ্য হাৰাম কৰাৰ ভূমিকাহে। তথা হে নবী! আপোনাৰ ছাহাবাসকলে আপোনাক প্ৰশ্ন কৰে যে, নিজৰ সম্পত্তিৰ কিমান অংশ স্ব-ইচ্চাই দান কৰিব। আপুনি সিহঁতক কৈ দিয়ক যে, তোমালোকৰ প্ৰয়োজনতকৈ অতিৰিক্ত ধনৰ পৰা দান কৰা। (এইটো প্ৰাৰাম্ভিক আদেশ আছিল, পিছত আল্লাহে সম্পত্তি অনুপাতে বিশেষ অংশ যাকাত হিচাপে আদায় কৰিবলৈ অনিবাৰ্য কৰিছে)। এনেকুৱা স্পষ্ট বৰ্ণনাৰ দৰেই আল্লাহে তোমালোকৰ বাবে চৰীয়তৰ আদেশ বৰ্ণনা কৰে যাতে তোমালোকে গৱেষণা কৰা।
Ərəbcə təfsirlər:
Bu səhifədə olan ayələrdən faydalar:
• الجهل بعواقب الأمور قد يجعل المرء يكره ما ينفعه ويحب ما يضره، وعلى المرء أن يسأل الله الهداية للرشاد.
কাৰ্যৰ পৰিণাম নজনাৰ কাৰণে কেতিয়াবা মানুহে উপকাৰী বস্তুকো অপছন্দ কৰিবলৈ ধৰে আনহাতে ক্ষতিকৰ বস্তুক পছন্দ কৰে। সেয়ে আল্লাহৰ ওচৰত সৎ পথৰ হিদায়তৰ বাবে দুআ কৰা উচিত।

• جاء الإسلام بتعظيم الحرمات والنهي عن الاعتداء عليها، ومن أعظمها صد الناس عن سبيل الله تعالى.
ইছলামে সন্মানিত বস্তুক মৰ্যদা দিবলৈ শিকায় আৰু সেই বিষয়ে সীমালংঘন কৰিবলৈ নিষেধ কৰে। আৰু আটাইতকৈ ডাঙৰ সীমালংঘন হৈছে মানুহক আল্লাহৰ পথৰ পৰা বাধা প্ৰদান কৰা।

• لا يزال الكفار أبدًا حربًا على الإسلام وأهله حتَّى يخرجوهم من دينهم إن استطاعوا، والله موهن كيد الكافرين.
কাফিৰসকলে সদায় ইছলাম আৰু মুছলিমৰ বিৰুদ্ধে যুদ্ধ কৰি যাব, যেতিয়ালৈকে সিহঁতে তেওঁলোকক সাধ্যানুযায়ী ইছলামৰ পৰা আঁতৰাই নানিব। অথচ আল্লাহে কাফিৰসকলৰ ষড়যন্ত্ৰ কেতিয়াও সফল হ'বলৈ নিদিয়ে।

• الإيمان بالله تعالى، والهجرة إليه، والجهاد في سبيله؛ أعظم الوسائل التي ينال بها المرء رحمة الله ومغفرته.
আল্লাহৰ প্ৰতি ঈমান, তেওঁৰ পিনে হিজৰত আৰু তেওঁৰ পথত জিহাদ কৰা হৈছে আল্লাহৰ কৃপা আৰু ক্ষমা প্ৰাপ্তিৰ মহত্বপূৰ্ণ মাধ্যম।

• حرّمت الشريعة كل ما فيه ضرر غالب وإن كان فيه بعض المنافع؛ مراعاة لمصلحة العباد.
চৰীয়তে মানুহৰ কল্যাণৰ ফালে লক্ষ্য কৰি প্ৰত্যেক সেই বস্তু হাৰাম কৰি দিছে যিটোত ক্ষতিৰ আশংকা বেছি যদিও সেই বস্তুত অকণমান উপকাৰ থাকিব পাৰে।

 
Mənaların tərcüməsi Surə: əl-Bəqərə
Surələrin mündəricatı Səhifənin rəqəmi
 
Qurani Kərimin mənaca tərcüməsi - Qurani Kərimin müxtəsər tərfsiri - kitabının Assam dilinə tərcüməsi. - Tərcumənin mündəricatı

Tərcümə "Quran araşdırmaları Təfsir Mərkəzi" tərəfindən yayımlanmışdır.

Bağlamaq