للإطلاع على الموقع بحلته الجديدة

ترجمة معاني القرآن الكريم - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - فهرس التراجم


ترجمة معاني آية: (270) سورة: البقرة
وَمَاۤ اَنْفَقْتُمْ مِّنْ نَّفَقَةٍ اَوْ نَذَرْتُمْ مِّنْ نَّذْرٍ فَاِنَّ اللّٰهَ یَعْلَمُهٗ ؕ— وَمَا لِلظّٰلِمِیْنَ مِنْ اَنْصَارٍ ۟
তোমালোকে আল্লাহৰ সন্তুষ্টি লাভৰ বাবে যি ব্যয় কৰা, কম হওঁক বা বেছি, অথবা নিজৰ ফালৰ পৰা যি নেকী কৰা যিটো চৰীয়তে তোমাৰ ওপৰত ধাৰ্য্য কৰা নাই, আল্লাহে সেই সকলোবোৰ জানে। তেওঁৰ ওচৰত কোনো বস্তু বিনষ্ট নহব, আৰু তেওঁ তোমালোকক অতি উত্তম প্ৰতিদান দিব। আনহাতে আল্লাহৰ সীমালঙ্ঘনকাৰী সকল আৰু নিজৰ ওপৰত অনিবাৰ্য (অধিকাৰসমূহ) আদায় নকৰা অত্যাচাৰীসকলৰ বাবে এনেকুৱা কোনো সহায়ক নহব যিয়ে ক্বিয়ামতৰ দিনা তাৰ শাস্তি দূৰ কৰিব পাৰিব।
التفاسير العربية:
من فوائد الآيات في هذه الصفحة:
• إذا أخلص المؤمن في نفقاته وصدقاته فلا حرج عليه في إظهارها وإخفائها بحسب المصلحة، وإن كان الإخفاء أعظم أجرًا وثوابًا لأنها أقرب للإخلاص.
মুমিন ব্যক্তিয়ে যদি নিষ্ঠাৰ সৈতে দান কৰে বা ব্যয় কৰে তেন্তে পৰিস্থিতি অনুসাৰে গোপন কৰা বা প্ৰকাশ কৰাত কোনো অসুবিধা নাই। যদিও গোপনে দান কৰা উত্তম। কিয়নো গোপনে দান কৰা ইখলাচৰ অধিক নিকটৱৰ্তী।

• دعوة المؤمنين إلى الالتفات والعناية بالمحتاجين الذين تمنعهم العفة من إظهار حالهم وسؤال الناس.
ইয়াত মুমিনসকলক আহ্বান কৰা হৈছে যে, তেওঁলোকে সেইসকল অভাৱী দুখীয়া নিচলাৰ প্ৰতি মনোযোগ দিয়া উচিত, যিসকলে নিজৰ সন্মানৰ কাৰণে মানুহৰ সন্মুখত নিজৰ স্থিতি প্ৰকাশ নকৰে আৰু মানুহৰ ওচৰত মাগি নুফুৰে।

• مشروعية الإنفاق في سبيل الله تعالى في كل وقت وحين، وعظم ثوابها، حيث وعد تعالى عليها بعظيم الأجر في الدنيا والآخرة.
ইয়াৰ দ্বাৰা বুজা গল, সদায় আল্লাহৰ পথত ব্যয় কৰিব লাগে, আৰু ইয়াৰ ছোৱাবও অধিক। কিয়নো আল্লাহে প্ৰতিশ্ৰুতি দিছে যে, তেওঁ এই পৃথিৱীত আৰু আখিৰাততো ইয়াৰ মহা প্ৰতিদান দিব।

 
ترجمة معاني آية: (270) سورة: البقرة
فهرس السور رقم الصفحة
 
ترجمة معاني القرآن الكريم - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - فهرس التراجم

صادرة عن مركز تفسير للدراسات القرآنية.

إغلاق