Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የአሳሚኛ ትርጉም - በረፊቁል ኢስላም ሐቢቡ ራሕማን * - የትርጉሞች ማዉጫ

PDF XML CSV Excel API
Please review the Terms and Policies

የይዘት ትርጉም ምዕራፍ: አል ሐዲድ   አንቀጽ:
هُوَ الَّذِیْ خَلَقَ السَّمٰوٰتِ وَالْاَرْضَ فِیْ سِتَّةِ اَیَّامٍ ثُمَّ اسْتَوٰی عَلَی الْعَرْشِ ؕ— یَعْلَمُ مَا یَلِجُ فِی الْاَرْضِ وَمَا یَخْرُجُ مِنْهَا وَمَا یَنْزِلُ مِنَ السَّمَآءِ وَمَا یَعْرُجُ فِیْهَا ؕ— وَهُوَ مَعَكُمْ اَیْنَ مَا كُنْتُمْ ؕ— وَاللّٰهُ بِمَا تَعْمَلُوْنَ بَصِیْرٌ ۟
তেৱেঁই আকাশসমূহ আৰু পৃথিৱীক ছয় দিনত সৃষ্টি কৰিছে; তাৰ পিছত তেওঁ আৰশ্বৰ ওপৰত উঠিছে। তেওঁ সেই সকলোবোৰ জানে যিবোৰ ভূগৰ্ভত প্ৰৱেশ কৰে আৰু যিবোৰ ভূগৰ্ভৰ পৰা ওলায়, আৰু আকাশৰ পৰা যি অৱতীৰ্ণ হয় আৰু যি আকাশলৈ উঠি যায়; আৰু তোমালোক য’তেই নাথাকা কিয়-- তেওঁ তোমালোকৰ লগত আছে, আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক দ্ৰষ্টা।
የአረብኛ ቁርኣን ማብራሪያ:
لَهٗ مُلْكُ السَّمٰوٰتِ وَالْاَرْضِ ؕ— وَاِلَی اللّٰهِ تُرْجَعُ الْاُمُوْرُ ۟
আকাশমণ্ডল আৰু পৃথিৱীৰ সকলো কৰ্তৃত্ব তেওঁৰেই আৰু আল্লাহৰ ফালেই সকলো বিষয় প্ৰত্যাবৰ্তিত হয়।
የአረብኛ ቁርኣን ማብራሪያ:
یُوْلِجُ الَّیْلَ فِی النَّهَارِ وَیُوْلِجُ النَّهَارَ فِی الَّیْلِ ؕ— وَهُوَ عَلِیْمٌۢ بِذَاتِ الصُّدُوْرِ ۟
তেৱেঁই ৰাতিক দিনৰ ভিতৰত প্ৰৱেশ কৰায় আৰু দিনক ৰাতিৰ ভিতৰত প্ৰৱেশ কৰায়; আৰু তেৱেঁই অন্তৰৰ বিষয়সমূহ সম্পৰ্কে সম্যক অৱগত।
የአረብኛ ቁርኣን ማብራሪያ:
اٰمِنُوْا بِاللّٰهِ وَرَسُوْلِهٖ وَاَنْفِقُوْا مِمَّا جَعَلَكُمْ مُّسْتَخْلَفِیْنَ فِیْهِ ؕ— فَالَّذِیْنَ اٰمَنُوْا مِنْكُمْ وَاَنْفَقُوْا لَهُمْ اَجْرٌ كَبِیْرٌ ۟
তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰা আৰু আল্লাহে তোমালোকক যি সম্পদৰ উত্তৰাধিকাৰী কৰিছে তাৰ পৰা ব্যয় কৰা। এতেকে তোমালোকৰ মাজত যিসকলে ঈমান পোষণ কৰে আৰু (আল্লাহৰ পথত) ব্যয় কৰে তেওঁলোকৰ বাবে আছে মহাপুৰস্কাৰ।
የአረብኛ ቁርኣን ማብራሪያ:
وَمَا لَكُمْ لَا تُؤْمِنُوْنَ بِاللّٰهِ ۚ— وَالرَّسُوْلُ یَدْعُوْكُمْ لِتُؤْمِنُوْا بِرَبِّكُمْ وَقَدْ اَخَذَ مِیْثَاقَكُمْ اِنْ كُنْتُمْ مُّؤْمِنِیْنَ ۟
আৰু তোমালোকৰ কি হ’ল, তোমালোকে আল্লাহৰ প্ৰতি বিশ্বাস নকৰা কিয়? অথচ ৰাছুলে তোমালোকক তোমালোকৰ প্ৰতিপালকৰ প্ৰতি ঈমান আনিবলৈ আহ্বান কৰিছে, আৰু আল্লাহেও তোমালোকৰ পৰা অঙ্গীকাৰ গ্ৰহণ কৰিছে, যদি তোমালোকে মুমিন হোৱা।
የአረብኛ ቁርኣን ማብራሪያ:
هُوَ الَّذِیْ یُنَزِّلُ عَلٰی عَبْدِهٖۤ اٰیٰتٍۢ بَیِّنٰتٍ لِّیُخْرِجَكُمْ مِّنَ الظُّلُمٰتِ اِلَی النُّوْرِ ؕ— وَاِنَّ اللّٰهَ بِكُمْ لَرَءُوْفٌ رَّحِیْمٌ ۟
তেৱেঁই নিজ বান্দাৰ প্ৰতি সুস্পষ্ট আয়াতসমূহ অৱতীৰ্ণ কৰে, তোমালোকক অন্ধকাৰৰ পৰা পোহৰলৈ আনাৰ বাবে; আৰু নিশ্চয় আল্লাহ তোমালোকৰ প্ৰতি কৰুণাময়, পৰম দয়ালু।
የአረብኛ ቁርኣን ማብራሪያ:
وَمَا لَكُمْ اَلَّا تُنْفِقُوْا فِیْ سَبِیْلِ اللّٰهِ وَلِلّٰهِ مِیْرَاثُ السَّمٰوٰتِ وَالْاَرْضِ ؕ— لَا یَسْتَوِیْ مِنْكُمْ مَّنْ اَنْفَقَ مِنْ قَبْلِ الْفَتْحِ وَقٰتَلَ ؕ— اُولٰٓىِٕكَ اَعْظَمُ دَرَجَةً مِّنَ الَّذِیْنَ اَنْفَقُوْا مِنْ بَعْدُ وَقَاتَلُوْاؕ— وَكُلًّا وَّعَدَ اللّٰهُ الْحُسْنٰی ؕ— وَاللّٰهُ بِمَا تَعْمَلُوْنَ خَبِیْرٌ ۟۠
আৰু তোমালোকৰ কি হ’ল, তোমালোকে আল্লাহৰ পথত খৰচ নকৰা কিয়? অথচ আকাশমণ্ডল আৰু পৃথিৱীৰ মীৰাছ কেৱল আল্লাহৰেই। তোমালোকৰ মাজত যিসকলে (মক্কা) বিজয়ৰ আগত দান কৰিছে আৰু যুদ্ধ কৰিছে, তেওঁলোক (আৰু পৰবৰ্তীসকল) সমান নহয়। তেওঁলোক সেইসকল লোকতকৈ মৰ্যাদাত শ্ৰেষ্ঠ যিসকলে পৰবৰ্তী সময়ত ব্যয় কৰিছে আৰু যুদ্ধ কৰিছে। কিন্তু আল্লাহে উভয়ৰ বাবেই কল্যাণৰ প্ৰতিশ্ৰুতি দিছে; আৰু তোমালোকে যি আমল কৰা সেই সম্পৰ্কে আল্লাহ সবিশেষ অৱগত।
የአረብኛ ቁርኣን ማብራሪያ:
مَنْ ذَا الَّذِیْ یُقْرِضُ اللّٰهَ قَرْضًا حَسَنًا فَیُضٰعِفَهٗ لَهٗ وَلَهٗۤ اَجْرٌ كَرِیْمٌ ۟
এনেকুৱা কোন আছে, যিয়ে আল্লাহক উত্তম ঋণ দিব? ফলত তেওঁ তাৰ বাবে ইয়াক বহুগুণে বৃদ্ধি কৰি দিব আৰু তাৰ বাবে আছে সন্মানজনক পুৰস্কাৰ।
የአረብኛ ቁርኣን ማብራሪያ:
 
የይዘት ትርጉም ምዕራፍ: አል ሐዲድ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የአሳሚኛ ትርጉም - በረፊቁል ኢስላም ሐቢቡ ራሕማን - የትርጉሞች ማዉጫ

በረፊቁል ኢስላም ሐቢቡ ራሕማን ተተረጎመ

መዝጋት