Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የአሳሚኛ ትርጉም - በረፊቁል ኢስላም ሐቢቡ ራሕማን * - የትርጉሞች ማዉጫ

PDF XML CSV Excel API
Please review the Terms and Policies

የይዘት ትርጉም ምዕራፍ: ፉሲለት   አንቀጽ:
اِلَیْهِ یُرَدُّ عِلْمُ السَّاعَةِ ؕ— وَمَا تَخْرُجُ مِنْ ثَمَرٰتٍ مِّنْ اَكْمَامِهَا وَمَا تَحْمِلُ مِنْ اُ وَلَا تَضَعُ اِلَّا بِعِلْمِهٖ ؕ— وَیَوْمَ یُنَادِیْهِمْ اَیْنَ شُرَكَآءِیْ ۙ— قَالُوْۤا اٰذَنّٰكَ ۙ— مَا مِنَّا مِنْ شَهِیْدٍ ۟ۚ
কিয়ামতৰ জ্ঞান কেৱল আল্লাহৰ ওচৰতেই প্ৰত্যাৱৰ্তিত হয়। তেওঁৰ অজ্ঞতাসাৰত কোনো ফলো আৱৰণৰ পৰা ওলাই নাহে, কোনো নাৰীও গৰ্ভ ধাৰণ নকৰে আৰু সন্তানো প্ৰসৱ নকৰে। যিদিনা আল্লাহে সিহঁতক মাতি ক’ব, ‘মোৰ অংশীদাৰসকল ক’ত’? তেতিয়া সিহঁতে ক’ব, ‘আমি তোমাৰ ওচৰত নিবেদন কৰোঁ যে, এই বিষয়ে আমাৰ মাজত কোনো সাক্ষী নাই’।
የአረብኛ ቁርኣን ማብራሪያ:
وَضَلَّ عَنْهُمْ مَّا كَانُوْا یَدْعُوْنَ مِنْ قَبْلُ وَظَنُّوْا مَا لَهُمْ مِّنْ مَّحِیْصٍ ۟
আৰু ইতিপূৰ্বে সিহঁতে যিবিলাক (উপাস্য)ক আহ্বান কৰিছিল সেইবোৰ সিহঁতৰ পৰা অন্তৰ্ধান হৈ যাব, তেতিয়া সিহঁতে (মুশ্বৰিকসকলে) বিশ্বাস কৰিব যে, সিহঁতৰ পলায়নৰ কোনো উপায় নাই।
የአረብኛ ቁርኣን ማብራሪያ:
لَا یَسْـَٔمُ الْاِنْسَانُ مِنْ دُعَآءِ الْخَیْرِ ؗ— وَاِنْ مَّسَّهُ الشَّرُّ فَیَـُٔوْسٌ قَنُوْطٌ ۟
মানুহে কল্যাণ প্ৰাৰ্থনাত কোনো ক্লান্তিবোধ নকৰে, কিন্তু যেতিয়া তাক কোনো অকল্যাণে স্পৰ্শ কৰে তেতিয়া সি সম্পূৰ্ণৰূপে হতাশ তথা নিৰাশ হৈ পৰে;
የአረብኛ ቁርኣን ማብራሪያ:
وَلَىِٕنْ اَذَقْنٰهُ رَحْمَةً مِّنَّا مِنْ بَعْدِ ضَرَّآءَ مَسَّتْهُ لَیَقُوْلَنَّ هٰذَا لِیْ ۙ— وَمَاۤ اَظُنُّ السَّاعَةَ قَآىِٕمَةً ۙ— وَّلَىِٕنْ رُّجِعْتُ اِلٰی رَبِّیْۤ اِنَّ لِیْ عِنْدَهٗ لَلْحُسْنٰی ۚ— فَلَنُنَبِّئَنَّ الَّذِیْنَ كَفَرُوْا بِمَا عَمِلُوْا ؗ— وَلَنُذِیْقَنَّهُمْ مِّنْ عَذَابٍ غَلِیْظٍ ۟
আকৌ দুখ-দৈন্যই স্পৰ্শ কৰাৰ পিছত যদি আমি তাক আমাৰ তৰফৰ পৰা অনুগ্ৰহৰ সোৱাদ ল’বলৈ দিওঁ, তেতিয়া সি কয়, ‘এয়া হৈছে মোৰ প্ৰাপ্য আৰু মোৰ বিশ্বাস নহয় যে কিয়ামত সংঘটিত হ’ব। আনহাতে যদি মোক মোৰ প্ৰতিপালকৰ ওচৰলৈ ওভতাই নিয়াও হয়, তথাপিও তেওঁৰ ওচৰত মোৰ বাবে কল্যাণেই থাকিব’। এতেকে নিশ্চয় আমি কাফিৰসকলক সিহঁতৰ আমল সম্পৰ্কে অৱহিত কৰিম আৰু সিহঁতক অৱশ্যে কঠোৰ শাস্তি আস্বাদন কৰাম।
የአረብኛ ቁርኣን ማብራሪያ:
وَاِذَاۤ اَنْعَمْنَا عَلَی الْاِنْسَانِ اَعْرَضَ وَنَاٰ بِجَانِبِهٖ ۚ— وَاِذَا مَسَّهُ الشَّرُّ فَذُوْ دُعَآءٍ عَرِیْضٍ ۟
আৰু যেতিয়া আমি মানুহৰ প্ৰতি অনুগ্ৰহ কৰোঁ তেতিয়া সি মুখ ঘূৰাই লয় আৰু দূৰলৈ আঁতৰি যায়। কিন্তু যেতিয়া তাক অকল্যাণে স্পৰ্শ কৰে তেতিয়া সি দীৰ্ঘ প্ৰাৰ্থনাকাৰী হয়।
የአረብኛ ቁርኣን ማብራሪያ:
قُلْ اَرَءَیْتُمْ اِنْ كَانَ مِنْ عِنْدِ اللّٰهِ ثُمَّ كَفَرْتُمْ بِهٖ مَنْ اَضَلُّ مِمَّنْ هُوَ فِیْ شِقَاقٍ بَعِیْدٍ ۟
কোৱা, ‘তোমালোকে কেতিয়াবা ভাবিছানে, যদি এই কোৰআনখন আল্লাহৰ তৰফৰ পৰা অৱতীৰ্ণ হৈ থাকে, তথাপিও তোমালোকে ইয়াক প্ৰত্যাখ্যান কৰিছা, তেনে অৱস্থাত যিজন ব্যক্তি ঘোৰ বিৰুদ্ধাচৰণত লিপ্ত হৈ আছে, তাতকৈ অধিক বিভ্ৰান্ত আৰু কোন হ’ব পাৰে’?
የአረብኛ ቁርኣን ማብራሪያ:
سَنُرِیْهِمْ اٰیٰتِنَا فِی الْاٰفَاقِ وَفِیْۤ اَنْفُسِهِمْ حَتّٰی یَتَبَیَّنَ لَهُمْ اَنَّهُ الْحَقُّ ؕ— اَوَلَمْ یَكْفِ بِرَبِّكَ اَنَّهٗ عَلٰی كُلِّ شَیْءٍ شَهِیْدٌ ۟
অনতিপলমে আমি সিহঁতক আমাৰ নিদৰ্শনাৱলী দেখুৱাম, বিশ্বজগতৰ প্ৰান্তসমূহত আৰু সিহঁতৰ নিজৰ মাজতো; যাতে সিহঁতৰ ওচৰত সুস্পষ্ট হৈ উঠে যে, নিশ্চয় এইখন (কোৰআন) সত্য। এইখন তোমাৰ প্ৰতিপালক সম্পৰ্কে যথেষ্ট নহয়নে যে, তেওঁ সকলো বস্তুৰ ওপৰত সাক্ষী?
የአረብኛ ቁርኣን ማብራሪያ:
اَلَاۤ اِنَّهُمْ فِیْ مِرْیَةٍ مِّنْ لِّقَآءِ رَبِّهِمْ ؕ— اَلَاۤ اِنَّهٗ بِكُلِّ شَیْءٍ مُّحِیْطٌ ۟۠
জানি থোৱা! নিশ্চয় সিহঁত নিজ প্ৰতিপালকৰ সাক্ষাৎ সম্পৰ্কে সন্দেহত পৰি আছে। জানি থোৱা যে, নিশ্চয় তেওঁ (আল্লাহ) সকলো বস্তুকেই পৰিবেষ্টন কৰি আছে।
የአረብኛ ቁርኣን ማብራሪያ:
 
የይዘት ትርጉም ምዕራፍ: ፉሲለት
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የአሳሚኛ ትርጉም - በረፊቁል ኢስላም ሐቢቡ ራሕማን - የትርጉሞች ማዉጫ

በረፊቁል ኢስላም ሐቢቡ ራሕማን ተተረጎመ

መዝጋት