Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የአሳሚኛ ትርጉም - በረፊቁል ኢስላም ሐቢቡ ራሕማን * - የትርጉሞች ማዉጫ

PDF XML CSV Excel API
Please review the Terms and Policies

የይዘት ትርጉም ምዕራፍ: ሰበእ   አንቀጽ:

ছাবা

اَلْحَمْدُ لِلّٰهِ الَّذِیْ لَهٗ مَا فِی السَّمٰوٰتِ وَمَا فِی الْاَرْضِ وَلَهُ الْحَمْدُ فِی الْاٰخِرَةِ ؕ— وَهُوَ الْحَكِیْمُ الْخَبِیْرُ ۟
সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবে, আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে তেৱেঁই সেই সকলোবোৰৰ মালিক আৰু আখিৰাততো সকলো প্ৰশংসা তেওঁৰেই। তেওঁ প্ৰজ্ঞাময়, সম্যক অৱহিত।
የአረብኛ ቁርኣን ማብራሪያ:
یَعْلَمُ مَا یَلِجُ فِی الْاَرْضِ وَمَا یَخْرُجُ مِنْهَا وَمَا یَنْزِلُ مِنَ السَّمَآءِ وَمَا یَعْرُجُ فِیْهَا ؕ— وَهُوَ الرَّحِیْمُ الْغَفُوْرُ ۟
তেওঁ জানে মাটিত যি প্ৰৱেশ কৰে আৰু তাৰ পৰা যি ওলায়, লগতে আকাশৰ পৰা যি অৱতীৰ্ণ হয় আৰু যি তালৈ আৰোহণ কৰে। তেওঁ পৰম দয়ালু, অতি ক্ষমাশীল।
የአረብኛ ቁርኣን ማብራሪያ:
وَقَالَ الَّذِیْنَ كَفَرُوْا لَا تَاْتِیْنَا السَّاعَةُ ؕ— قُلْ بَلٰی وَرَبِّیْ لَتَاْتِیَنَّكُمْ ۙ— عٰلِمِ الْغَیْبِ ۚ— لَا یَعْزُبُ عَنْهُ مِثْقَالُ ذَرَّةٍ فِی السَّمٰوٰتِ وَلَا فِی الْاَرْضِ وَلَاۤ اَصْغَرُ مِنْ ذٰلِكَ وَلَاۤ اَكْبَرُ اِلَّا فِیْ كِتٰبٍ مُّبِیْنٍ ۟ۙ
আৰু কাফিৰসকলে কয়, ‘আমাৰ ওচৰলৈ কিয়ামত নাহিব’। কোৱা, ‘নিশ্চয় আহিব, শপত মোৰ প্ৰতিপালকৰ! নিশ্চয় তোমালোকৰ ওচৰলৈ আহিব’। তেওঁ গায়েব সম্পৰ্কে সম্যক পৰিজ্ঞাত; আকাশসমূহ আৰু পৃথিৱীত অণু পৰিমাণ কোনো বস্তু অথবা তাতকৈও সৰু বা ডাঙৰ একোৱেই তেওঁৰ অগোচৰ নহয়; প্ৰতিটো বস্তুৱেই সুস্পষ্ট কিতাবত লিপিবদ্ধ আছে।
የአረብኛ ቁርኣን ማብራሪያ:
لِّیَجْزِیَ الَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ ؕ— اُولٰٓىِٕكَ لَهُمْ مَّغْفِرَةٌ وَّرِزْقٌ كَرِیْمٌ ۟
যাতে তেওঁ সেইসকল লোকক প্ৰতিদান দিব পাৰে, যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে। তেওঁলোকৰ বাবেই আছে ক্ষমা আৰু সন্মানজনক জীৱিকা।
የአረብኛ ቁርኣን ማብራሪያ:
وَالَّذِیْنَ سَعَوْ فِیْۤ اٰیٰتِنَا مُعٰجِزِیْنَ اُولٰٓىِٕكَ لَهُمْ عَذَابٌ مِّنْ رِّجْزٍ اَلِیْمٌ ۟
আৰু যিসকলে আমাৰ আয়াতসমূহক ব্যৰ্থ কৰাৰ চেষ্টা কৰে, সিহঁতৰ বাবে আছে ভয়ংকৰ যন্ত্ৰণাদায়ক শাস্তি।
የአረብኛ ቁርኣን ማብራሪያ:
وَیَرَی الَّذِیْنَ اُوْتُوا الْعِلْمَ الَّذِیْۤ اُنْزِلَ اِلَیْكَ مِنْ رَّبِّكَ هُوَ الْحَقَّ ۙ— وَیَهْدِیْۤ اِلٰی صِرَاطِ الْعَزِیْزِ الْحَمِیْدِ ۟
আৰু যিসকলক জ্ঞান দিয়া হৈছে, তেওঁলোকে জানে যে, তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালৈ যি অৱতীৰ্ণ হৈছে সেয়া সত্য; আৰু এইখনে পৰাক্ৰমশালী প্ৰশংসিত আল্লাহৰ পথ দেখুৱায়।
የአረብኛ ቁርኣን ማብራሪያ:
وَقَالَ الَّذِیْنَ كَفَرُوْا هَلْ نَدُلُّكُمْ عَلٰی رَجُلٍ یُّنَبِّئُكُمْ اِذَا مُزِّقْتُمْ كُلَّ مُمَزَّقٍ ۙ— اِنَّكُمْ لَفِیْ خَلْقٍ جَدِیْدٍ ۟ۚ
আৰু কাফিৰসকলে কয়, ‘আমি তোমালোকক এনেকুৱা এজন ব্যক্তিৰ সন্ধান দিমনে? যিয়ে তোমালোকক সংবাদ দিব যে, তোমালোকৰ শৰীৰ যেতিয়া সম্পূৰ্ণৰূপে ছিন্ন বিচ্ছিন্ন হৈ যাব, তেতিয়া তোমালোক নিশ্চয় আকৌ নতুনকৈ সৃষ্টি কৰা হ’ব’!
የአረብኛ ቁርኣን ማብራሪያ:
اَفْتَرٰی عَلَی اللّٰهِ كَذِبًا اَمْ بِهٖ جِنَّةٌ ؕ— بَلِ الَّذِیْنَ لَا یُؤْمِنُوْنَ بِالْاٰخِرَةِ فِی الْعَذَابِ وَالضَّلٰلِ الْبَعِیْدِ ۟
সি আল্লাহ সম্পৰ্কে মিছা উদ্ভাৱন কৰে নেকি, নে তাৰ মাজত উন্মাদনা আছে? বৰং যিসকলে আখিৰাতৰ প্ৰতি বিশ্বাস নকৰে সিহঁতে শাস্তি আৰু ঘোৰ বিভ্ৰান্তিৰ মাজত আছে।
የአረብኛ ቁርኣን ማብራሪያ:
اَفَلَمْ یَرَوْا اِلٰی مَا بَیْنَ اَیْدِیْهِمْ وَمَا خَلْفَهُمْ مِّنَ السَّمَآءِ وَالْاَرْضِ ؕ— اِنْ نَّشَاْ نَخْسِفْ بِهِمُ الْاَرْضَ اَوْ نُسْقِطْ عَلَیْهِمْ كِسَفًا مِّنَ السَّمَآءِ ؕ— اِنَّ فِیْ ذٰلِكَ لَاٰیَةً لِّكُلِّ عَبْدٍ مُّنِیْبٍ ۟۠
সিহঁতক আগফালৰ পৰা আৰু পিছফালৰ পৰা আগুৰি ৰখা আকাশৰ প্ৰতি আৰু পৃথিৱীৰ প্ৰতি সিহঁতে লক্ষ্য কৰা নাইনে? আমি ইচ্ছা কৰিলে সিহঁতক মাটিসহ পুতি দিব পাৰোঁ অথবা সিহঁতৰ ওপৰত আকাশৰ পৰা এটা টুকুৰা পেলাব পাৰোঁ। নিশ্চয় ইয়াত আছে নিদৰ্শন, প্ৰত্যেক আল্লাহ অভিমুখী বান্দাৰ বাবে।
የአረብኛ ቁርኣን ማብራሪያ:
وَلَقَدْ اٰتَیْنَا دَاوٗدَ مِنَّا فَضْلًا ؕ— یٰجِبَالُ اَوِّبِیْ مَعَهٗ وَالطَّیْرَ ۚ— وَاَلَنَّا لَهُ الْحَدِیْدَ ۟ۙ
আৰু নিশ্চয় আমি আমাৰ ফালৰ পৰা দাউদক মৰ্যাদা প্ৰদান কৰিছিলোঁ, আৰু আদেশ কৰিছিলোঁ, হে পৰ্বতমালা! তোমালোকে দাউদৰ সৈতে বাৰে বাৰে মোৰ পৱিত্ৰতা ঘোষণা কৰা আৰু চৰাইবোৰকো (আমি এই আদেশ কৰিছিলোঁ)। লগতে তেওঁৰ বাবে আমি লোহাক কোমল কৰি দিছিলোঁ,
የአረብኛ ቁርኣን ማብራሪያ:
اَنِ اعْمَلْ سٰبِغٰتٍ وَّقَدِّرْ فِی السَّرْدِ وَاعْمَلُوْا صَالِحًا ؕ— اِنِّیْ بِمَا تَعْمَلُوْنَ بَصِیْرٌ ۟
(এই নিৰ্দেশ প্ৰদান কৰি যে) তুমি পৰিপূৰ্ণৰূপে বৰ্ম তৈয়াৰ কৰা আৰু যথাৰ্থ পৰিমাণত প্ৰস্তুত কৰা; আৰু তোমালোকে সৎকৰ্ম কৰা। তোমালোকে যি কৰা নিশ্চয় মই তাৰ সম্যক দ্ৰষ্টা।
የአረብኛ ቁርኣን ማብራሪያ:
وَلِسُلَیْمٰنَ الرِّیْحَ غُدُوُّهَا شَهْرٌ وَّرَوَاحُهَا شَهْرٌ ۚ— وَاَسَلْنَا لَهٗ عَیْنَ الْقِطْرِ ؕ— وَمِنَ الْجِنِّ مَنْ یَّعْمَلُ بَیْنَ یَدَیْهِ بِاِذْنِ رَبِّهٖ ؕ— وَمَنْ یَّزِغْ مِنْهُمْ عَنْ اَمْرِنَا نُذِقْهُ مِنْ عَذَابِ السَّعِیْرِ ۟
আৰু বতাহক ছুলাইমানৰ অধীন কৰি দিছিলোঁ, যিটো ৰাতিপুৱা এমাহৰ পথ অতিক্ৰম কৰিছিল আৰু গধূলিও এমাহৰ পথ অতিক্ৰম কৰিছিল। আমি তেওঁৰ বাবে গলিত তামৰ এটা প্ৰস্ৰৱন প্ৰবাহিত কৰিছিলোঁ আৰু এনেকুৱা কিছুমান জিনক তেওঁৰ অনুগত কৰি দিছিলোঁ যিবিলাকে তেওঁৰ প্ৰতিপালকৰ অনুমতিক্ৰমে তেওঁৰ সন্মুখত কাম কৰিছিল। সিহঁতৰ মাজৰ যিয়ে আমাৰ নিৰ্দেশ অমান্য কৰিব, আমি তাক জ্বলন্ত জুইৰ শাস্তি আস্বাদন কৰাম।
የአረብኛ ቁርኣን ማብራሪያ:
یَعْمَلُوْنَ لَهٗ مَا یَشَآءُ مِنْ مَّحَارِیْبَ وَتَمَاثِیْلَ وَجِفَانٍ كَالْجَوَابِ وَقُدُوْرٍ رّٰسِیٰتٍ ؕ— اِعْمَلُوْۤا اٰلَ دَاوٗدَ شُكْرًا ؕ— وَقَلِیْلٌ مِّنْ عِبَادِیَ الشَّكُوْرُ ۟
সিহঁতে ছুলাইমানৰ ইচ্ছানুযায়ী তেওঁৰ বাবে অট্টালিকা, ভাস্কৰ্য, জলাধাৰ সদৃশ বৃহদাকাৰৰ পাত্ৰ আৰু সুদৃঢ়ভাৱে স্থাপিত ডেগ নিৰ্মাণ কৰিছিল। ‘হে দাউদ-পৰিয়াল! কৃতজ্ঞতাৰ সৈতে তোমালোকে কাম কৰি যোৱা। মোৰ বান্দাসকলৰ মাজৰ মাত্ৰ কিছু সংখ্যকহে কৃতজ্ঞ!’
የአረብኛ ቁርኣን ማብራሪያ:
فَلَمَّا قَضَیْنَا عَلَیْهِ الْمَوْتَ مَا دَلَّهُمْ عَلٰی مَوْتِهٖۤ اِلَّا دَآبَّةُ الْاَرْضِ تَاْكُلُ مِنْسَاَتَهٗ ۚ— فَلَمَّا خَرَّ تَبَیَّنَتِ الْجِنُّ اَنْ لَّوْ كَانُوْا یَعْلَمُوْنَ الْغَیْبَ مَا لَبِثُوْا فِی الْعَذَابِ الْمُهِیْنِ ۟
এতেকে যেতিয়া আমি ছুলাইমানৰ মৃত্যু ঘটালোঁ, তেতিয়া জিনবিলাকক তেওঁৰ মৃত্যু সম্পৰ্কে অৱগত কৰোৱাইছিল মাটিৰ পৰুৱায়, যিবোৰে তেওঁৰ লাখুটিডাল খাই আছিল। ফলত তেওঁ যেতিয়া মাটিত বাগৰি পৰিল, তেতিয়া জিনবিলাকে বুজিব পাৰিলে যে, যদি সিহঁতে গায়েব জানিলেহেঁতেন, তেন্তে সিহঁতে লাঞ্ছনাদায়ক শাস্তিত আৱদ্ধ নাথাকিলহেঁতেন।
የአረብኛ ቁርኣን ማብራሪያ:
لَقَدْ كَانَ لِسَبَاٍ فِیْ مَسْكَنِهِمْ اٰیَةٌ ۚ— جَنَّتٰنِ عَنْ یَّمِیْنٍ وَّشِمَالٍ ؕ۬— كُلُوْا مِنْ رِّزْقِ رَبِّكُمْ وَاشْكُرُوْا لَهٗ ؕ— بَلْدَةٌ طَیِّبَةٌ وَّرَبٌّ غَفُوْرٌ ۟
নিশ্চয় ছাবাৰ অধিবাসীসকলৰ বাবে সিহঁতৰ বাস ভূমিত আছিল এটা নিদৰ্শন, দুখন উদ্যান, এখন সোঁফালে আৰু এখন বাওঁফালে। কোৱা হৈছিল, তোমালোকে তোমালোকৰ প্ৰতিপালকে দিয়া জীৱিকা ভোগ কৰা আৰু তেওঁৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰা। উত্তম নগৰ আৰু ক্ষমাশীল প্ৰতিপালক,
የአረብኛ ቁርኣን ማብራሪያ:
فَاَعْرَضُوْا فَاَرْسَلْنَا عَلَیْهِمْ سَیْلَ الْعَرِمِ وَبَدَّلْنٰهُمْ بِجَنَّتَیْهِمْ جَنَّتَیْنِ ذَوَاتَیْ اُكُلٍ خَمْطٍ وَّاَثْلٍ وَّشَیْءٍ مِّنْ سِدْرٍ قَلِیْلٍ ۟
তথাপিও সিহঁত অবাধ্য হ’ল। ফলত আমি সিহঁতৰ ওপৰত প্ৰবাহিত কৰিলোঁ বান্ধ-ভঙ্গা ঢলপানী আৰু সিহঁতৰ উদ্যান দুখনক পৰিবৰ্তন কৰি দিলোঁ এনেকুৱা দুখন উদ্যানলৈ, য’ত উৎপন্ন হয় তিতা-কেহা ফল-মূল, ঝাউগছ আৰু সামান্য কেইজোপামান বগৰী গছ।
የአረብኛ ቁርኣን ማብራሪያ:
ذٰلِكَ جَزَیْنٰهُمْ بِمَا كَفَرُوْا ؕ— وَهَلْ نُجٰزِیْۤ اِلَّا الْكَفُوْرَ ۟
সেই শাস্তি আমি সিহঁতক দিছিলোঁ সিহঁতৰ কুফৰীৰ কাৰণে। অকৃতজ্ঞসকলৰ বাহিৰে আন কাকো আমি এনেকুৱা শাস্তি নিদিওঁ।
የአረብኛ ቁርኣን ማብራሪያ:
وَجَعَلْنَا بَیْنَهُمْ وَبَیْنَ الْقُرَی الَّتِیْ بٰرَكْنَا فِیْهَا قُرًی ظَاهِرَةً وَّقَدَّرْنَا فِیْهَا السَّیْرَ ؕ— سِیْرُوْا فِیْهَا لَیَالِیَ وَاَیَّامًا اٰمِنِیْنَ ۟
সিহঁতক লগতে আৰু যিবোৰ জনপদৰ মাজত আমি বৰকত দিছিলোঁ, সেইবোৰৰ মধ্যৱৰ্তী স্থানত আমি দৃশ্যমান বহুতো জনপদ স্থাপন কৰিছিলোঁ, আৰু সেইবোৰ জনপদলৈ ভ্ৰমণৰ বাবে যথাযথ ব্যৱস্থাও কৰি দিছিলোঁ। কৈছিলোঁ, ‘তোমালোকে এইবোৰ জনপদত দিনে-ৰাতি (যেতিয়া ইচ্ছা তেতিয়াই) নিৰাপদে ভ্ৰমণ কৰা’।
የአረብኛ ቁርኣን ማብራሪያ:
فَقَالُوْا رَبَّنَا بٰعِدْ بَیْنَ اَسْفَارِنَا وَظَلَمُوْۤا اَنْفُسَهُمْ فَجَعَلْنٰهُمْ اَحَادِیْثَ وَمَزَّقْنٰهُمْ كُلَّ مُمَزَّقٍ ؕ— اِنَّ فِیْ ذٰلِكَ لَاٰیٰتٍ لِّكُلِّ صَبَّارٍ شَكُوْرٍ ۟
তাৰ পিছত সিহঁতে ক’লে, ‘হে আমাৰ প্ৰতিপালক! আমাৰ ভ্ৰমণৰ দুৰত্ব দীৰ্ঘ কৰি দিয়া’। সিহঁতে নিজৰে প্ৰতি অন্যায় কৰিছিল। ফলত আমি সিহঁতক কাহিনীৰ বিষয় বস্তুত পৰিণত কৰিলোঁ আৰু সিহঁতক সম্পূৰ্ণৰূপে ছিন্ন-বিচ্ছিন্ন কৰি দিলোঁ। নিশ্চয় ইয়াত আছে নিদৰ্শন, প্ৰত্যেক ধৈৰ্যশীল, কৃতজ্ঞ ব্যক্তিৰ বাবে।
የአረብኛ ቁርኣን ማብራሪያ:
وَلَقَدْ صَدَّقَ عَلَیْهِمْ اِبْلِیْسُ ظَنَّهٗ فَاتَّبَعُوْهُ اِلَّا فَرِیْقًا مِّنَ الْمُؤْمِنِیْنَ ۟
আৰু নিশ্চয় সিহঁতৰ বিষয়ে ইবলীছে তাৰ ধাৰণা সত্য প্ৰমাণ কৰিলে, ফলত সিহঁতৰ মাজৰ এটা মুমিন দলৰ বাহিৰে সকলোৱে তাৰ অনুসৰণ কৰিছিল;
የአረብኛ ቁርኣን ማብራሪያ:
وَمَا كَانَ لَهٗ عَلَیْهِمْ مِّنْ سُلْطٰنٍ اِلَّا لِنَعْلَمَ مَنْ یُّؤْمِنُ بِالْاٰخِرَةِ مِمَّنْ هُوَ مِنْهَا فِیْ شَكٍّ ؕ— وَرَبُّكَ عَلٰی كُلِّ شَیْءٍ حَفِیْظٌ ۟۠
আৰু সিহঁতৰ ওপৰত চয়তানৰ কোনো আধিপত্য নাছিল। কিন্তু কোনে আখিৰাতৰ প্ৰতি ঈমান পোষণ কৰে আৰু কোনে এই বিষয়ে সন্দেহ পোষণ কৰে, সেয়া প্ৰকাশ কৰাটোৱেই আছিল আমাৰ উদ্দেশ্য। তোমাৰ প্ৰতিপালক সকলো বস্তুৰ সম্যক সংৰক্ষণকাৰী।
የአረብኛ ቁርኣን ማብራሪያ:
قُلِ ادْعُوا الَّذِیْنَ زَعَمْتُمْ مِّنْ دُوْنِ اللّٰهِ ۚ— لَا یَمْلِكُوْنَ مِثْقَالَ ذَرَّةٍ فِی السَّمٰوٰتِ وَلَا فِی الْاَرْضِ وَمَا لَهُمْ فِیْهِمَا مِنْ شِرْكٍ وَّمَا لَهٗ مِنْهُمْ مِّنْ ظَهِیْرٍ ۟
কোৱা, ‘তোমালোকে আল্লাহৰ বাহিৰে যিবোৰক ইলাহ বুলি ধাৰণা কৰিছিলা সেইবোৰক মাতা। সিহঁতে আকাশসমূহ আৰু পৃথিৱীৰ অণু পৰিমাণ বস্তুৰো মালিক নহয়। এই দুয়োৰে মাজত সিহঁতৰ কোনো অংশও নাই আৰু সিহঁতৰ মাজৰ পৰা কোনেও তেওঁৰ সহায়কো নহয়’।
የአረብኛ ቁርኣን ማብራሪያ:
وَلَا تَنْفَعُ الشَّفَاعَةُ عِنْدَهٗۤ اِلَّا لِمَنْ اَذِنَ لَهٗ ؕ— حَتّٰۤی اِذَا فُزِّعَ عَنْ قُلُوْبِهِمْ قَالُوْا مَاذَا ۙ— قَالَ رَبُّكُمْ ؕ— قَالُوا الْحَقَّ ۚ— وَهُوَ الْعَلِیُّ الْكَبِیْرُ ۟
আল্লাহে যাক অনুমতি প্ৰদান কৰিব, তেওঁৰ বাহিৰে আল্লাহৰ ওচৰত কাৰো চুপাৰিছ ফলপ্ৰসূ নহ’ব। অৱশেষত যেতিয়া সিহঁতৰ অন্তৰৰ পৰা ভয় বিদূৰিত হ’ব, তেতিয়া সিহঁতে পৰস্পৰৰ মাজত সোধ-পোছ কৰিব, ‘তোমালোকৰ প্ৰতিপালকে কি ক’লে’? ইয়াৰ উত্তৰত তেওঁলোকে ক’ব, ‘যিটো সত্য সেইটোৱে কৈছে’। তেওঁ অতি উচ্চ, অতি মহান।
የአረብኛ ቁርኣን ማብራሪያ:
قُلْ مَنْ یَّرْزُقُكُمْ مِّنَ السَّمٰوٰتِ وَالْاَرْضِ ؕ— قُلِ اللّٰهُ ۙ— وَاِنَّاۤ اَوْ اِیَّاكُمْ لَعَلٰی هُدًی اَوْ فِیْ ضَلٰلٍ مُّبِیْنٍ ۟
কোৱা, ‘আকাশসমূহ আৰু পৃথিৱীৰ পৰা কোনে তোমালোকক জীৱিকা প্ৰদান কৰে’? কোৱা, ‘আল্লাহ। (এইটো নিশ্চিত যে,) আমি অথবা তোমালোক (দুয়ো পক্ষৰ যিকোনো এক পক্ষ) নিশ্চয় সৎপথত প্ৰতিষ্ঠিত আছোঁ নাইবা স্পষ্ট বিভ্ৰান্তিত আছোঁ’।
የአረብኛ ቁርኣን ማብራሪያ:
قُلْ لَّا تُسْـَٔلُوْنَ عَمَّاۤ اَجْرَمْنَا وَلَا نُسْـَٔلُ عَمَّا تَعْمَلُوْنَ ۟
কোৱা, ‘আমাৰ অপৰাধৰ বাবে তোমালোকক প্ৰশ্ন কৰা নহ’ব আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আমাকো প্ৰশ্ন কৰা নহ’ব’।
የአረብኛ ቁርኣን ማብራሪያ:
قُلْ یَجْمَعُ بَیْنَنَا رَبُّنَا ثُمَّ یَفْتَحُ بَیْنَنَا بِالْحَقِّ ؕ— وَهُوَ الْفَتَّاحُ الْعَلِیْمُ ۟
কোৱা, ‘আমাৰ প্ৰতিপালকে আমাক সকলোকে একত্ৰিত কৰিব, তাৰ পিছত তেৱেঁই আমাৰ মাজত সঠিকভাৱে ফয়চালা কৰি দিব; আৰু তেৱেঁই শ্ৰেষ্ঠ ফয়চালাকাৰী, সৰ্বজ্ঞ’।
የአረብኛ ቁርኣን ማብራሪያ:
قُلْ اَرُوْنِیَ الَّذِیْنَ اَلْحَقْتُمْ بِهٖ شُرَكَآءَ كَلَّا ؕ— بَلْ هُوَ اللّٰهُ الْعَزِیْزُ الْحَكِیْمُ ۟
কোৱা, ‘তোমালোকে মোক দেখুৱাচোন, যিবোৰক তোমালোকে তেওঁৰ অংশীদাৰ হিচাপে নিযুক্ত কৰিছা। নহয়, কেতিয়াও নহয়। বৰং তেওঁ (একমাত্ৰ) আল্লাহ, পৰাক্ৰমশালী, প্ৰজ্ঞাময়’।
የአረብኛ ቁርኣን ማብራሪያ:
وَمَاۤ اَرْسَلْنٰكَ اِلَّا كَآفَّةً لِّلنَّاسِ بَشِیْرًا وَّنَذِیْرًا وَّلٰكِنَّ اَكْثَرَ النَّاسِ لَا یَعْلَمُوْنَ ۟
আৰু আমি তোমাক সমগ্ৰ মানৱ জাতিৰ বাবে কেৱল সুসংবাদদাতা আৰু সতৰ্ককাৰীৰূপেহে প্ৰেৰণ কৰিছোঁ; কিন্তু অধিকাংশ মানুহেই নাজানে।
የአረብኛ ቁርኣን ማብራሪያ:
وَیَقُوْلُوْنَ مَتٰی هٰذَا الْوَعْدُ اِنْ كُنْتُمْ صٰدِقِیْنَ ۟
আৰু সিহঁতে কয়, ‘তোমালোকে যদি সত্যবাদী হোৱা তেন্তে কোৱা, এই প্ৰতিশ্ৰুতি কেতিয়া বাস্তৱায়িত হ’ব’?
የአረብኛ ቁርኣን ማብራሪያ:
قُلْ لَّكُمْ مِّیْعَادُ یَوْمٍ لَّا تَسْتَاْخِرُوْنَ عَنْهُ سَاعَةً وَّلَا تَسْتَقْدِمُوْنَ ۟۠
কোৱা, ‘তোমালোকৰ বাবে আছে এটা নিৰ্ধাৰিত দিনৰ প্ৰতিশ্ৰুতি, তাৰ পৰা তোমালোকে এক মুহূৰ্ত্তও বিলম্ব কৰিব নোৱাৰিবা, আৰু ত্বৰান্বিতও কৰিব নোৱাৰিবা’।
የአረብኛ ቁርኣን ማብራሪያ:
وَقَالَ الَّذِیْنَ كَفَرُوْا لَنْ نُّؤْمِنَ بِهٰذَا الْقُرْاٰنِ وَلَا بِالَّذِیْ بَیْنَ یَدَیْهِ ؕ— وَلَوْ تَرٰۤی اِذِ الظّٰلِمُوْنَ مَوْقُوْفُوْنَ عِنْدَ رَبِّهِمْ ۖۚ— یَرْجِعُ بَعْضُهُمْ اِلٰی بَعْضِ ١لْقَوْلَ ۚ— یَقُوْلُ الَّذِیْنَ اسْتُضْعِفُوْا لِلَّذِیْنَ اسْتَكْبَرُوْا لَوْلَاۤ اَنْتُمْ لَكُنَّا مُؤْمِنِیْنَ ۟
যিসকলে কুফৰী কৰিছে সিহঁতে কয়, "আমি এই কোৰআনৰ প্ৰতি কেতিয়াও ঈমান পোষণ নকৰোঁ, আৰু ইয়াৰ পূৰ্বৱৰ্তী কোনো কিতাবৰ প্ৰতিও নকৰোঁ"। হায়! তুমি যদি দেখিলাহেঁতেন, যেতিয়া যালিমসকলক সিহঁতৰ প্ৰতিপালকৰ সন্মুখত থিয় কৰোৱা হ’ব, তেতিয়া সিহঁতে পৰস্পৰে বাদ-প্ৰতিবাদ কৰি থাকিব, যিবোৰক দুৰ্বল বুলি ভবা হৈছিল, সিহঁতে অহংকাৰীবিলাকক ক’ব, ‘তোমালোক নাথাকিলে আমি নিশ্চয় মুমিন হ’লোঁহেঁতেন!’
የአረብኛ ቁርኣን ማብራሪያ:
قَالَ الَّذِیْنَ اسْتَكْبَرُوْا لِلَّذِیْنَ اسْتُضْعِفُوْۤا اَنَحْنُ صَدَدْنٰكُمْ عَنِ الْهُدٰی بَعْدَ اِذْ جَآءَكُمْ بَلْ كُنْتُمْ مُّجْرِمِیْنَ ۟
যিসকলে অহংকাৰী আছিল, সিহঁতে দুৰ্বল কৰি ৰখা বিলাকক ক’ব, ‘তোমালোকৰ ওচৰলৈ হিদায়ত অহাৰ পিছত আমি তোমালোকক তাৰ পৰা নিবৃত্ত কৰিছিলোঁ নেকি? বৰং তোমালোকহে অপৰাধী আছিলা’।
የአረብኛ ቁርኣን ማብራሪያ:
وَقَالَ الَّذِیْنَ اسْتُضْعِفُوْا لِلَّذِیْنَ اسْتَكْبَرُوْا بَلْ مَكْرُ الَّیْلِ وَالنَّهَارِ اِذْ تَاْمُرُوْنَنَاۤ اَنْ نَّكْفُرَ بِاللّٰهِ وَنَجْعَلَ لَهٗۤ اَنْدَادًا ؕ— وَاَسَرُّوا النَّدَامَةَ لَمَّا رَاَوُا الْعَذَابَ ؕ— وَجَعَلْنَا الْاَغْلٰلَ فِیْۤ اَعْنَاقِ الَّذِیْنَ كَفَرُوْا ؕ— هَلْ یُجْزَوْنَ اِلَّا مَا كَانُوْا یَعْمَلُوْنَ ۟
আৰু যিসকলক দুৰ্বল কৰি ৰখা হৈছিল সিহঁতে অহংকাৰকাৰী বিলাকক ক’ব, ‘দৰাচলতে তোমালোকেই দিনে-ৰাতি চক্ৰান্তত লিপ্ত আছিলা, যেতিয়া তোমালোকে আমাক আদেশ কৰিছিলা; যাতে আমি আল্লাহৰ লগত কুফৰী কৰোঁ আৰু তেওঁৰ বাবে সমকক্ষ (শ্বিৰ্ক) স্থাপন কৰোঁ’। কিন্তু যেতিয়া সিহঁতে শাস্তি দেখিবলৈ পাব, তেতিয়া সিহঁতে অনুতাপ গোপন ৰাখিবলৈ যত্ন কৰিব আৰু যিসকলে কুফৰী কৰিছিল আমি সিহঁতৰ ডিঙিত শিকলি লগাম। সিহঁতে যি কৰিছিল সিহঁতক কেৱল তাৰেই প্ৰতিফল দিয়া হ’ব।
የአረብኛ ቁርኣን ማብራሪያ:
وَمَاۤ اَرْسَلْنَا فِیْ قَرْیَةٍ مِّنْ نَّذِیْرٍ اِلَّا قَالَ مُتْرَفُوْهَاۤ اِنَّا بِمَاۤ اُرْسِلْتُمْ بِهٖ كٰفِرُوْنَ ۟
আমি যি জনপদতেই সতৰ্ককাৰী প্ৰেৰণ কৰিছোঁ তাৰ বিত্তশালী অধিবাসীসকলে কৈছে, ‘তোমালোকে যি লৈ প্ৰেৰিত হৈছা নিশ্চয় আমি সেয়া অস্বীকাৰ কৰোঁ’।
የአረብኛ ቁርኣን ማብራሪያ:
وَقَالُوْا نَحْنُ اَكْثَرُ اَمْوَالًا وَّاَوْلَادًا ۙ— وَّمَا نَحْنُ بِمُعَذَّبِیْنَ ۟
সিহঁতে আৰু কৈছে, ‘আমি ধন-সম্পদ আৰু সন্তান-সন্ততিৰ ফালৰ পৰা অধিক সমৃদ্ধশালী; আৰু আমাক কেতিয়াও শাস্তি দিয়া নহ’ব’।
የአረብኛ ቁርኣን ማብራሪያ:
قُلْ اِنَّ رَبِّیْ یَبْسُطُ الرِّزْقَ لِمَنْ یَّشَآءُ وَیَقْدِرُ وَلٰكِنَّ اَكْثَرَ النَّاسِ لَا یَعْلَمُوْنَ ۟۠
কোৱা, ‘নিশ্চয় মোৰ প্ৰতিপালকে যাক ইচ্ছা কৰে তাৰ জীৱিকা বৃদ্ধি কৰি দিয়ে অথবা সীমিত কৰি দিয়ে; কিন্তু অধিকাংশ লোকেই সেয়া নাজানে’।
የአረብኛ ቁርኣን ማብራሪያ:
وَمَاۤ اَمْوَالُكُمْ وَلَاۤ اَوْلَادُكُمْ بِالَّتِیْ تُقَرِّبُكُمْ عِنْدَنَا زُلْفٰۤی اِلَّا مَنْ اٰمَنَ وَعَمِلَ صَالِحًا ؗ— فَاُولٰٓىِٕكَ لَهُمْ جَزَآءُ الضِّعْفِ بِمَا عَمِلُوْا وَهُمْ فِی الْغُرُفٰتِ اٰمِنُوْنَ ۟
তোমালোকৰ ধন-সম্পদ আৰু সন্তান-সন্ততি এনে কোনো বিষয় নহয় যিয়ে তোমালোকক মৰ্যাদাৰ ক্ষেত্ৰত আমাৰ নিকটৱৰ্তী কৰি দিব; কিন্তু যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, তেওঁলোকেই নিজ কৰ্মৰ বাবে বহুগুণ প্ৰতিদান লাভ কৰিব; আৰু তেওঁলোকে সুউচ্চ অট্টালিকাত নিৰাপদে থাকিব।
የአረብኛ ቁርኣን ማብራሪያ:
وَالَّذِیْنَ یَسْعَوْنَ فِیْۤ اٰیٰتِنَا مُعٰجِزِیْنَ اُولٰٓىِٕكَ فِی الْعَذَابِ مُحْضَرُوْنَ ۟
আৰু যিসকলে আমাৰ আয়াতসমূহক ব্যৰ্থ কৰিবলৈ চেষ্টা কৰে, সিহঁতক শাস্তিৰ মাজত উপস্থিত কৰা হ’ব।
የአረብኛ ቁርኣን ማብራሪያ:
قُلْ اِنَّ رَبِّیْ یَبْسُطُ الرِّزْقَ لِمَنْ یَّشَآءُ مِنْ عِبَادِهٖ وَیَقْدِرُ لَهٗ ؕ— وَمَاۤ اَنْفَقْتُمْ مِّنْ شَیْءٍ فَهُوَ یُخْلِفُهٗ ۚ— وَهُوَ خَیْرُ الرّٰزِقِیْنَ ۟
কোৱা, ‘নিশ্চয় মোৰ প্ৰতিপালকে তেওঁৰ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা কৰে তাৰ জীৱিকা বৃদ্ধি কৰি দিয়ে আৰু যাক কৰে ইচ্ছা সীমিত কৰি দিয়ে। তোমালোকে (আল্লাহৰ পথত) যি ব্যয় কৰা, তাৰ বিনিময় তেৱেঁই প্ৰদান কৰিব আৰু তেৱেঁই শ্ৰেষ্ঠ জীৱিকাদাতা’।
የአረብኛ ቁርኣን ማብራሪያ:
وَیَوْمَ یَحْشُرُهُمْ جَمِیْعًا ثُمَّ یَقُوْلُ لِلْمَلٰٓىِٕكَةِ اَهٰۤؤُلَآءِ اِیَّاكُمْ كَانُوْا یَعْبُدُوْنَ ۟
আৰু স্মৰণ কৰা, যিদিনা তেওঁ সিহঁত সকলোকে একত্ৰিত কৰিব, তাৰ পিছত ফিৰিস্তাসকলক সুধিব, ‘ইহঁতে তোমালোকৰ ইবাদত কৰিছিল নেকি’?
የአረብኛ ቁርኣን ማብራሪያ:
قَالُوْا سُبْحٰنَكَ اَنْتَ وَلِیُّنَا مِنْ دُوْنِهِمْ ۚ— بَلْ كَانُوْا یَعْبُدُوْنَ الْجِنَّ ۚ— اَكْثَرُهُمْ بِهِمْ مُّؤْمِنُوْنَ ۟
তেওঁলোকে ক’ব, ‘তুমি পৱিত্ৰ, মহান! তুমিহে আমাৰ অভিভাৱক, সিহঁত নহয়; বৰং সিহঁতে জিনবিলাকৰহে উপাসনা কৰিছিল। সিহঁতৰ সৰহভাগেই জিনবিলাকৰ প্ৰতি ঈমান পোষণ কৰিছিল।
የአረብኛ ቁርኣን ማብራሪያ:
فَالْیَوْمَ لَا یَمْلِكُ بَعْضُكُمْ لِبَعْضٍ نَّفْعًا وَّلَا ضَرًّا ؕ— وَنَقُوْلُ لِلَّذِیْنَ ظَلَمُوْا ذُوْقُوْا عَذَابَ النَّارِ الَّتِیْ كُنْتُمْ بِهَا تُكَذِّبُوْنَ ۟
‘ফলত আজি তোমালোকৰ কাৰোৰে ইজনে সিজনৰ উপকাৰ বা অপকাৰ কৰাৰ অধিকাৰ নাই’। যিসকলে অন্যায় কৰিছিল আমি সিহঁতক কম যে, ‘তোমালোকে যি অগ্নি-শাস্তিক মিছা বুলি অস্বীকাৰ কৰিছিলা তাৰে সোৱাদ লোৱা’।
የአረብኛ ቁርኣን ማብራሪያ:
وَاِذَا تُتْلٰی عَلَیْهِمْ اٰیٰتُنَا بَیِّنٰتٍ قَالُوْا مَا هٰذَاۤ اِلَّا رَجُلٌ یُّرِیْدُ اَنْ یَّصُدَّكُمْ عَمَّا كَانَ یَعْبُدُ اٰبَآؤُكُمْ ۚ— وَقَالُوْا مَا هٰذَاۤ اِلَّاۤ اِفْكٌ مُّفْتَرًی ؕ— وَقَالَ الَّذِیْنَ كَفَرُوْا لِلْحَقِّ لَمَّا جَآءَهُمْ ۙ— اِنْ هٰذَاۤ اِلَّا سِحْرٌ مُّبِیْنٌ ۟
আৰু সিহঁতৰ ওচৰত যেতিয়া আমাৰ সুস্পষ্ট আয়াতসমূহ তিলাৱত কৰা হয়, তেতিয়া সিহঁতে কয়, ‘এওঁ এজন এনেকুৱা ব্যক্তি যিয়ে তোমালোকৰ পূৰ্ব পুৰুষে যাৰ উপাসনা কৰিছিল তাৰ পৰা তোমালোকক বাধা দিব বিচাৰে’। সিহঁতে আৰু কয়, ‘এইটো মিছা উদ্ভাৱনৰ বাহিৰে আন একো নহয়’। কাফিৰসকলৰ ওচৰত যেতিয়া সত্য আহে তেতিয়া সিহঁতে কয়, ‘এইটো এটা সুস্পষ্ট যাদুহে’।
የአረብኛ ቁርኣን ማብራሪያ:
وَمَاۤ اٰتَیْنٰهُمْ مِّنْ كُتُبٍ یَّدْرُسُوْنَهَا وَمَاۤ اَرْسَلْنَاۤ اِلَیْهِمْ قَبْلَكَ مِنْ نَّذِیْرٍ ۟ؕ
আমি সিহঁতক ইয়াৰ পূৰ্বে কোনো কিতাব দিয়া নাছিলোঁ, যিখন সিহঁতে অধ্যয়ন কৰিব আৰু তোমাৰ পূৰ্বে ইহঁতৰ ওচৰত কোনো সতৰ্ককাৰীও প্ৰেৰণ কৰা নাছিলোঁ।
የአረብኛ ቁርኣን ማብራሪያ:
وَكَذَّبَ الَّذِیْنَ مِنْ قَبْلِهِمْ ۙ— وَمَا بَلَغُوْا مِعْشَارَ مَاۤ اٰتَیْنٰهُمْ فَكَذَّبُوْا رُسُلِیْ ۫— فَكَیْفَ كَانَ نَكِیْرِ ۟۠
সিহঁতৰ পূৰ্বৱৰ্তীসকলেও অস্বীকাৰ কৰিছিল। অথচ সিহঁতক আমি যি প্ৰদান কৰিছিলোঁ, তাৰ দহ ভাগৰ এভাগো ইহঁতে (মক্কাৰ অধিবাসীসকলে) পোৱা নাই, ইয়াৰ পিছতো সিহঁতে আমাৰ ৰাছুলসকলক অস্বীকাৰ কৰিছিল। ফলত আমাৰ প্ৰত্যাখ্যান (শাস্তি) কেনেকুৱা আছিল!
የአረብኛ ቁርኣን ማብራሪያ:
قُلْ اِنَّمَاۤ اَعِظُكُمْ بِوَاحِدَةٍ ۚ— اَنْ تَقُوْمُوْا لِلّٰهِ مَثْنٰی وَفُرَادٰی ثُمَّ تَتَفَكَّرُوْا ۫— مَا بِصَاحِبِكُمْ مِّنْ جِنَّةٍ ؕ— اِنْ هُوَ اِلَّا نَذِیْرٌ لَّكُمْ بَیْنَ یَدَیْ عَذَابٍ شَدِیْدٍ ۟
কোৱা, ‘মই তোমালোকক কেৱল এটা বিষয়ে উপদেশ দিছোঁ, তোমালোকে আল্লাহৰ উদ্দেশ্যে দুজন দুজনকৈ অথবা এজন এজনকৈ থিয় দিয়া, তাৰ পিছত তোমালোকে চিন্তা-চৰ্চা কৰি চোৱা, তোমালোকৰ সঙ্গীজনৰ মাজত কোনো উন্মাদনা নাই। তেওঁ কেৱল আসন্ন কঠিন শাস্তি সম্পৰ্কে তোমালোকৰ বাবে মাথোন এজন সতৰ্ককাৰীহে’।
የአረብኛ ቁርኣን ማብራሪያ:
قُلْ مَا سَاَلْتُكُمْ مِّنْ اَجْرٍ فَهُوَ لَكُمْ ؕ— اِنْ اَجْرِیَ اِلَّا عَلَی اللّٰهِ ۚ— وَهُوَ عَلٰی كُلِّ شَیْءٍ شَهِیْدٌ ۟
কোৱা, ‘যদি মই তোমালোকৰ ওচৰত কোনো পাৰিশ্ৰমিক বিচাৰোঁ তেন্তে সেয়া কেৱল তোমালোকৰ বাবেই; মোৰ পুৰস্কাৰ আছে কেৱল আল্লাহৰ ওচৰত আৰু তেওঁ সকলো বস্তুৰে প্ৰত্যক্ষকাৰী’।
የአረብኛ ቁርኣን ማብራሪያ:
قُلْ اِنَّ رَبِّیْ یَقْذِفُ بِالْحَقِّ ۚ— عَلَّامُ الْغُیُوْبِ ۟
কোৱা, ‘নিশ্চয় মোৰ প্ৰতিপালকে সত্যৰ দ্বাৰা আঘাত কৰে, তেৱেঁই যাৱতীয় গায়েবৰ সম্যক জ্ঞানী’।
የአረብኛ ቁርኣን ማብራሪያ:
قُلْ جَآءَ الْحَقُّ وَمَا یُبْدِئُ الْبَاطِلُ وَمَا یُعِیْدُ ۟
কোৱা, ‘সত্য আহিছে, গতিকে (জানি থোৱা) অসত্যই নতুন একো সৃষ্টি কৰিব নোৱাৰে আৰু পুনৰাবৃত্তিও কৰিব নোৱাৰে’।
የአረብኛ ቁርኣን ማብራሪያ:
قُلْ اِنْ ضَلَلْتُ فَاِنَّمَاۤ اَضِلُّ عَلٰی نَفْسِیْ ۚ— وَاِنِ اهْتَدَیْتُ فَبِمَا یُوْحِیْۤ اِلَیَّ رَبِّیْ ؕ— اِنَّهٗ سَمِیْعٌ قَرِیْبٌ ۟
কোৱা, ‘মই বিভ্ৰান্ত হ’লে বিভ্ৰান্তিৰ পৰিণাম ময়ে পাম, আৰু যদি মই হিদায়তপ্ৰাপ্ত হওঁ তেন্তে কেৱল এইকাৰণে যে, মোৰ প্ৰতিপালকে মোৰ প্ৰতি অহী প্ৰেৰণ কৰে। নিশ্চয় তেওঁ সৰ্বশ্ৰোতা, অতি নিকটৱৰ্তী’।
የአረብኛ ቁርኣን ማብራሪያ:
وَلَوْ تَرٰۤی اِذْ فَزِعُوْا فَلَا فَوْتَ وَاُخِذُوْا مِنْ مَّكَانٍ قَرِیْبٍ ۟ۙ
যদি তুমি দেখিলাহেঁতেন যেতিয়া সিহঁতে ভীত-বিহ্বল হৈ পৰিব, তেতিয়া সিহঁতে অব্যাহতি নাপাব আৰু সিহঁতক অতি ওচৰৰ পৰা কৰায়ত্ত কৰা হ’ব,
የአረብኛ ቁርኣን ማብራሪያ:
وَّقَالُوْۤا اٰمَنَّا بِهٖ ۚ— وَاَنّٰی لَهُمُ التَّنَاوُشُ مِنْ مَّكَانٍ بَعِیْدٍ ۟ۚ
আৰু সিহঁতে ক’ব, ‘আমি ইয়াৰ প্ৰতি ঈমান আনিলোঁ’। কিন্তু ইমান দূৰৱৰ্তী স্থানৰ পৰা সিহঁতে (ঈমানক) লগ পাব কেনেকৈ?
የአረብኛ ቁርኣን ማብራሪያ:
وَقَدْ كَفَرُوْا بِهٖ مِنْ قَبْلُ ۚ— وَیَقْذِفُوْنَ بِالْغَیْبِ مِنْ مَّكَانٍ بَعِیْدٍ ۟
অথচ ইতিপূৰ্বে সিহঁতে ইয়াক অস্বীকাৰ কৰিছিল; আৰু সিহঁতে দূৰৱৰ্তী স্থানৰ পৰা গায়েবৰ বিষয়ে বেয়া মন্তব্য পোষণ কৰিছিল।
የአረብኛ ቁርኣን ማብራሪያ:
وَحِیْلَ بَیْنَهُمْ وَبَیْنَ مَا یَشْتَهُوْنَ كَمَا فُعِلَ بِاَشْیَاعِهِمْ مِّنْ قَبْلُ ؕ— اِنَّهُمْ كَانُوْا فِیْ شَكٍّ مُّرِیْبٍ ۟۠
সিহঁত আৰু সিহঁতৰ আশা-আকাংক্ষাৰ মাজত অন্তৰায় সৃষ্টি কৰি দিয়া হৈছে, যেনেকৈ ইতিপূৰ্বে সিহঁতৰ সমপন্থীসকলৰ ক্ষেত্ৰত কৰা হৈছিল। নিশ্চয় সিহঁত আছিল বিভ্ৰান্তিকৰ সন্দেহৰ মাজত।
የአረብኛ ቁርኣን ማብራሪያ:
 
የይዘት ትርጉም ምዕራፍ: ሰበእ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የአሳሚኛ ትርጉም - በረፊቁል ኢስላም ሐቢቡ ራሕማን - የትርጉሞች ማዉጫ

በረፊቁል ኢስላም ሐቢቡ ራሕማን ተተረጎመ

መዝጋት