Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የአሳሚኛ ትርጉም - በረፊቁል ኢስላም ሐቢቡ ራሕማን * - የትርጉሞች ማዉጫ

PDF XML CSV Excel API
Please review the Terms and Policies

የይዘት ትርጉም ምዕራፍ: አን-ነሕል   አንቀጽ:
لِیَكْفُرُوْا بِمَاۤ اٰتَیْنٰهُمْ ؕ— فَتَمَتَّعُوْا ۫— فَسَوْفَ تَعْلَمُوْنَ ۟
আমি সিহঁতক যি প্ৰদান কৰিছোঁ সেয়া অস্বীকাৰ কৰাৰ বাবে। গতিকে তোমালোকে ভোগ কৰি লোৱা, অচিৰেই তোমালোকে (ইয়াৰ পৰিণাম) জানিব পাৰিবা।
የአረብኛ ቁርኣን ማብራሪያ:
وَیَجْعَلُوْنَ لِمَا لَا یَعْلَمُوْنَ نَصِیْبًا مِّمَّا رَزَقْنٰهُمْ ؕ— تَاللّٰهِ لَتُسْـَٔلُنَّ عَمَّا كُنْتُمْ تَفْتَرُوْنَ ۟
আৰু আমি সিহঁতক যি জীৱিকা দান কৰিছোঁ সিহঁতে তাৰ পৰা এটা অংশ নিৰ্ধাৰণ কৰে সেইবোৰ (উপাস্য)ৰ বাবে যিবোৰৰ বিষয়ে সিহঁতে একোৱেই নাজানে। শপত আল্লাহৰ! তোমালোকে যি মিছা উদ্ভাৱন কৰা সেই বিষয়ে অৱশ্যে তোমালোকক প্ৰশ্ন কৰা হ’ব।
የአረብኛ ቁርኣን ማብራሪያ:
وَیَجْعَلُوْنَ لِلّٰهِ الْبَنٰتِ سُبْحٰنَهٗ ۙ— وَلَهُمْ مَّا یَشْتَهُوْنَ ۟
আৰু সিহঁতে আল্লাহৰ বাবে কন্যা সন্তান নিৰ্ধাৰণ কৰে--অথচ তেওঁ পৱিত্ৰ, মহিমাময়। আনহাতে সিহঁতে নিজৰ বাবে সেইটোৱে নিৰ্দিষ্ট কৰে যিটোক সিহঁতে পছন্দ কৰে।
የአረብኛ ቁርኣን ማብራሪያ:
وَاِذَا بُشِّرَ اَحَدُهُمْ بِالْاُ ظَلَّ وَجْهُهٗ مُسْوَدًّا وَّهُوَ كَظِیْمٌ ۟ۚ
সিহঁতৰ কাৰোবাক যেতিয়া কন্যা সন্তানৰ সুসংবাদ দিয়া হয় তেতিয়া তাৰ মুখমণ্ডল ক’লা পৰি যায় আৰু সি অসহনীয় মানসিক যন্ত্ৰণাত ক্লিষ্ট হৈ পৰে।
የአረብኛ ቁርኣን ማብራሪያ:
یَتَوَارٰی مِنَ الْقَوْمِ مِنْ سُوْٓءِ مَا بُشِّرَ بِهٖ ؕ— اَیُمْسِكُهٗ عَلٰی هُوْنٍ اَمْ یَدُسُّهٗ فِی التُّرَابِ ؕ— اَلَا سَآءَ مَا یَحْكُمُوْنَ ۟
তাক যি সুসংবাদ দিয়া হয়, তাৰ গ্লানিৰ কাৰণে সি নিজ সম্প্ৰদায়ৰ পৰা আত্মগোপন কৰে। সি চিন্তা কৰে যে, হীনতা সত্বেও তাইক ৰাখি দিব নে মাটিত পুতি থব? সাৱধান! সিহঁতে যি সিদ্ধান্ত কৰে সেয়া কিমান যে নিকৃষ্ট!
የአረብኛ ቁርኣን ማብራሪያ:
لِلَّذِیْنَ لَا یُؤْمِنُوْنَ بِالْاٰخِرَةِ مَثَلُ السَّوْءِ ۚ— وَلِلّٰهِ الْمَثَلُ الْاَعْلٰی ؕ— وَهُوَ الْعَزِیْزُ الْحَكِیْمُ ۟۠
যিসকলে আখিৰাতৰ প্ৰতি ঈমান পোষণ নকৰে, যাৱতীয় বেয়া উদাহৰণ সিহঁতৰ বাবেই, আৰু কেৱল আল্লাহৰ বাবেই হৈছে যাৱতীয় উৎকৃষ্ট উদাহৰণ (গুণাৱলী), আৰু তেৱেঁই পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
የአረብኛ ቁርኣን ማብራሪያ:
وَلَوْ یُؤَاخِذُ اللّٰهُ النَّاسَ بِظُلْمِهِمْ مَّا تَرَكَ عَلَیْهَا مِنْ دَآبَّةٍ وَّلٰكِنْ یُّؤَخِّرُهُمْ اِلٰۤی اَجَلٍ مُّسَمًّی ۚ— فَاِذَا جَآءَ اَجَلُهُمْ لَا یَسْتَاْخِرُوْنَ سَاعَةً وَّلَا یَسْتَقْدِمُوْنَ ۟
আৰু আল্লাহে যদি মানুহক সিহঁতৰ সীমালংঘনৰ বাবে শাস্তি দিলেহেঁতেন তেন্তে ভূ-পৃষ্ঠত কোনো জীৱ-জন্তুকেই ৰেহাই নিদিলেহেঁতেন; কিন্তু তেওঁ এটা নিৰ্দিষ্ট সময়লৈকে সিহঁতক অৱকাশ দিয়ে। এতেকে যেতিয়া সিহঁতৰ সময় আহি পৰে তেতিয়া সিহঁতে এটা মুহূৰ্ত্তও অগা-পিছা কৰিব নোৱাৰে।
የአረብኛ ቁርኣን ማብራሪያ:
وَیَجْعَلُوْنَ لِلّٰهِ مَا یَكْرَهُوْنَ وَتَصِفُ اَلْسِنَتُهُمُ الْكَذِبَ اَنَّ لَهُمُ الْحُسْنٰی ؕ— لَا جَرَمَ اَنَّ لَهُمُ النَّارَ وَاَنَّهُمْ مُّفْرَطُوْنَ ۟
আৰু সিহঁতে যি অপছন্দ কৰে সেইটোৱেই আল্লাহৰ প্ৰতি আৰোপ কৰে। সিহঁতৰ জিভাই মিছা বিৱৰণ দিয়ে যে, মঙ্গল কেৱল সিহঁতৰ বাবেই নিৰ্দিষ্ট। নিঃসন্দেহে সিহঁতৰ বাবে আছে অগ্নি, আৰু নিশ্চয় সিহঁতকেই সৰ্বপ্ৰথম তাত নিক্ষেপ কৰা হ’ব।
የአረብኛ ቁርኣን ማብራሪያ:
تَاللّٰهِ لَقَدْ اَرْسَلْنَاۤ اِلٰۤی اُمَمٍ مِّنْ قَبْلِكَ فَزَیَّنَ لَهُمُ الشَّیْطٰنُ اَعْمَالَهُمْ فَهُوَ وَلِیُّهُمُ الْیَوْمَ وَلَهُمْ عَذَابٌ اَلِیْمٌ ۟
আল্লাহৰ শপত! আমি তোমাৰ পূৰ্বেও বহু জাতিৰ ওচৰলৈ ৰাছুল প্ৰেৰণ কৰিছিলোঁ; কিন্তু চয়তানে সিহঁতৰ দৃষ্টিত সিহঁতৰ কাৰ্যকলাপক শোভনীয় কৰি দিছিল, সেয়ে আজি সি হৈছে সিহঁতৰ অভিভাৱক আৰু সিহঁতৰ বাবেই আছে যন্ত্ৰণাদায়ক শাস্তি।
የአረብኛ ቁርኣን ማብራሪያ:
وَمَاۤ اَنْزَلْنَا عَلَیْكَ الْكِتٰبَ اِلَّا لِتُبَیِّنَ لَهُمُ الَّذِی اخْتَلَفُوْا فِیْهِ ۙ— وَهُدًی وَّرَحْمَةً لِّقَوْمٍ یُّؤْمِنُوْنَ ۟
আৰু আমি তোমাৰ প্ৰতি কিতাব এইকাৰণে অৱতীৰ্ণ কৰিছোঁ যাতে তুমি সেইসকল লোকক সুস্পষ্টভাৱে বুজাই দিব পাৰা যিসকলে মতভেদ কৰিছে, লগতে এইখন হৈছে মুমিনসকলৰ সম্প্ৰদায়ৰ বাবে হিদায়ত আৰু ৰহমত।
የአረብኛ ቁርኣን ማብራሪያ:
 
የይዘት ትርጉም ምዕራፍ: አን-ነሕል
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የአሳሚኛ ትርጉም - በረፊቁል ኢስላም ሐቢቡ ራሕማን - የትርጉሞች ማዉጫ

በረፊቁል ኢስላም ሐቢቡ ራሕማን ተተረጎመ

መዝጋት