Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም አንቀፅ: (2) ሱራ (ምዕራፍ): አት-ተውባህ
فَسِیْحُوْا فِی الْاَرْضِ اَرْبَعَةَ اَشْهُرٍ وَّاعْلَمُوْۤا اَنَّكُمْ غَیْرُ مُعْجِزِی اللّٰهِ ۙ— وَاَنَّ اللّٰهَ مُخْزِی الْكٰفِرِیْنَ ۟
হে মুশ্বৰিকসকল! তোমালোকে ইয়াত চাৰি মাহ পৰ্যন্ত স্বতন্ত্ৰভাৱে চলিব পাৰিবা। জানি থোৱা! ইয়াৰ পিছত তোমালোকৰ লগত কোনো সন্ধি নাথাকিব, আৰু তোমালোকক সুৰক্ষা প্ৰদানৰ প্ৰতিশ্ৰুতিও বাহাল নাথাকিব। এই কথাও পতিয়ন যোৱা যে, তোমালোকে যদি কুফৰৰ ওপৰত অটল থাকা তেন্তে আল্লাহৰ শাস্তিৰ পৰা কেতিয়াও ৰক্ষা নাপাবা। এই কথাও জানি থোৱা যে, আল্লাহে কাফিৰসকলক পৃথিৱীত হত্যা আৰু বন্দী বনাই তথা আখিৰাতত জাহান্নামত নিক্ষেপ কৰি লাঞ্ছিত কৰিব। এই ঘোষণা সেইসকল লোকৰ বাবে যিসকলে সন্ধি আইন ভঙ্গ কৰিছে অথবা যিসকলৰ সন্ধি অনুপালনৰ সময় নিৰ্ধাৰিত নাছিল। আনহাতে যিসকলৰ লগত সন্ধি পালনৰ সময় নিৰ্ধাৰিত আছিল, সিহঁতৰ সন্ধি অনুপালনৰ সময় সেই নিৰ্ধাৰিত সময় লৈকে বাহাল থাকিব, যদিও সেয়া চাৰি মাহৰ অধিক নহওঁক কিয়।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• في الآيات دليل واضح على حرص الإسلام على تسوية العلاقات الخارجية مع الأعداء على أساس من السّلم والأمن والتّفاهم.
উক্ত আয়াতবোৰে স্পষ্ট প্ৰমান কৰে যে, ইছলামে শত্ৰুৰ লগতো সুৰক্ষা, শান্তি আৰু পৰস্পৰ সন্ধি অনুসৰি সমান পৰ্যায়ৰ সম্বন্ধ স্থাপন কৰিবলৈ আগ্ৰহী।

• الإسلام يُقَدِّر العهود، ويوجب الوفاء بها، ويجعل حفظها نابعًا من الإيمان، وملازمًا لتقوى الله تعالى.
ইছলামে সন্ধি তথা চুক্তিক সন্মান কৰে আৰু সেইটো পালন কৰিবলৈও গুৰুত্ব প্ৰদান কৰে। লগতে এই সন্ধি ৰক্ষা কৰা কাৰ্যক ঈমান তথা তাক্বৱাৰ লগত সংযুক্ত কৰে।

• أَنَّ إقامة الصّلاة وإيتاء الزّكاة دليل على الإسلام، وأنهما يعصمان الدّم والمال، ويوجبان لمن يؤدّيهما حقوق المسلمين من حفظ دمه وماله إلا بحق الإسلام؛ كارتكاب ما يوجب القتل من قتل النفس البريئة، وزنى الزّاني المُحْصَن، والرّدّة إلى الكفر بعد الإيمان.
ছালাত প্ৰতিষ্ঠা কৰা আৰু যাকাত প্ৰদান কৰা ইছলামৰ প্ৰমাণ, এই দুয়োটা ইবাদতে প্ৰাণ আৰু ধন-সম্পদক সুৰক্ষা প্ৰদান কৰে তথা যি ব্যক্তিয়ে এই দুয়োটা ইবাদত পালন কৰিব সি মুছলিমৰ অধিকাৰ পাবলৈ যোগ্য হ'ব। উদাহৰণস্বৰূপে তাৰ ধন-সম্পত্তি আৰু প্ৰাণৰ সুৰক্ষা লাভ কৰিব। কিন্তু যদি কোনো এনেকুৱা কাম কৰে, যাৰ ফলত তাক হত্যা কৰা ওৱাজিব হৈ পৰে, যেনে যদি সি কোনো নিৰীহ মানুহক হত্যা কৰে অথবা বিবাহিত ব্যক্তিয়ে ব্যভিচাৰত লিপ্ত হয় নাইবা ঈমান পোষণ কৰাৰ পিছত আকৌ কুফুৰীলৈ উভতি যায়, (তেনে ক্ষেত্ৰত সি সুৰক্ষিত নহয়)।

• مشروعيّة الأمان؛ أي: جواز تأمين الحربي إذا طلبه من المسلمين؛ ليسمع ما يدلّ على صحّة الإسلام، وفي هذا سماحة وتكريم في معاملة الكفار، ودليل على إيثار السِّلم.
যুদ্ধক্ষেত্ৰৰ কোনো ব্যক্তিয়ে যদি কোনো মুছলিমৰ ওচৰত আশ্ৰয় বিচাৰে তেন্তে তাক আশ্ৰয় দিয়া উচিত। যাতে সি এনেকুৱা কথা শুনিব পাৰে যিবোৰে ইছলামৰ সত্যতা প্ৰমাণ কৰে। ইয়াৰ দ্বাৰা বুজা গল যে, ইছলামে কাফিৰসকলৰ লগত উদাৰতাপূৰ্ণ ব্যৱহাৰ কৰাৰ নিৰ্দেশ দিয়ে, লগতে নিৰাপত্তাক প্ৰাধান্য দিয়ে।

 
የመልዕክት ትርጉም አንቀፅ: (2) ሱራ (ምዕራፍ): አት-ተውባህ
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት