Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም ሱራ (ምዕራፍ): አል ፈጅር   አንቀፅ:

আল-ফজৰ

ከሱራዋ ጥቅል ሀሳብ መካከል:
بيان عاقبة الطغاة، والحكمة من الابتلاء، والتذكير بالآخرة.
পাপিষ্ঠসকলৰ পৰিণাম আৰু বিপদ-আপদৰ মাজত নিহিত থকা হিকমতৰ বৰ্ণনা, লগতে আখিৰাত সম্পৰ্কে স্মৰণ কৰোৱা হৈছে।

وَالْفَجْرِ ۟ۙ
আল্লাহ তাআলাই ফজৰৰ শপত কৰিছে।
ዓረብኛ ተፍሲሮች:
وَلَیَالٍ عَشْرٍ ۟ۙ
আৰু জিল হজ্জ মাহৰ প্ৰথম দহ ৰাতিৰ শপত কৰিছে।
ዓረብኛ ተፍሲሮች:
وَّالشَّفْعِ وَالْوَتْرِ ۟ۙ
আৰু সকলো যোৰ আৰু বিযোৰ বস্তুৰ শপত কৰিছে।
ዓረብኛ ተፍሲሮች:
وَالَّیْلِ اِذَا یَسْرِ ۟ۚ
আৰু ৰাতিৰ শপত কৰিছে, যেতিয়া ই আহে, যায় আৰু বিদায় লয়। এই শপতবোৰৰ উত্তৰ হল তোমালোকে নিজৰ কৰ্মৰ পৰিণাম নিশ্চয় পাবা।
ዓረብኛ ተፍሲሮች:
هَلْ فِیْ ذٰلِكَ قَسَمٌ لِّذِیْ حِجْرٍ ۟ؕ
এই বিৱৰণৰ ভিতৰত এনেকুৱা কোনো শপত আছে নেকি, যিটো বোধসম্পন্ন ব্যক্তিৰ বাবে যথেষ্ট নহয়?
ዓረብኛ ተፍሲሮች:
اَلَمْ تَرَ كَیْفَ فَعَلَ رَبُّكَ بِعَادٍ ۟
হে ৰাছুল, যেতিয়া আদ সম্প্ৰদায়ে সিহঁতৰ ৰাছুলক অস্বীকাৰ কৰিছিল তেতিয়া আপোনাৰ প্ৰতিপালকে সিহঁৰত লগত কি ব্যৱহাৰ কৰিছিল সেয়া দেখা নাই নে?
ዓረብኛ ተፍሲሮች:
اِرَمَ ذَاتِ الْعِمَادِ ۟
আদ জাতিৰ এটা গোত্ৰ, যিটো সিহঁতৰ পিতৃপুৰুষ ইৰামৰ লগত সমপৃক্ত আছিল আৰু এই গোত্ৰৰ মানুহ আছিল বহুত দীঘল।
ዓረብኛ ተፍሲሮች:
الَّتِیْ لَمْ یُخْلَقْ مِثْلُهَا فِی الْبِلَادِ ۟
সেইটো এনেকুৱা জাতি আছিল যে, তেনেকুৱা জাতি আল্লাহে আন কোনো দেশত সৃষ্টি কৰা নাছিল।
ዓረብኛ ተፍሲሮች:
وَثَمُوْدَ الَّذِیْنَ جَابُوا الصَّخْرَ بِالْوَادِ ۟
আপুনি দেখা নাইনে যে, আপোনাৰ প্ৰতিপালকে ছলেহ আলাইহিছ ছালামৰ জাতি ছামুদৰ লগত কি আচৰণ কৰিছিল? যিসকলে হিজৰ নামক ঠাইত পাহাৰৰ প্ৰকাণ্ড শীল কাটি ঘৰ সাজিছিল।
ዓረብኛ ተፍሲሮች:
وَفِرْعَوْنَ ذِی الْاَوْتَادِ ۟
আপুনি দেখা নাইনে, আপোনাৰ প্ৰতিপালকে ফিৰআউনৰ লগত কি কৰিছিল, যাৰ ওচৰত মানুহক শাস্তি দিয়াৰ বাবে শূলদণ্ড আছিল?
ዓረብኛ ተፍሲሮች:
الَّذِیْنَ طَغَوْا فِی الْبِلَادِ ۟
এই সকলোৱে শক্তিৰ ফলত অত্যাচাৰৰ চৰমসীমা অতিক্ৰম কৰিছিল। প্ৰত্যেকে নিজ এলাকাত সীমালংঘন কৰিছিল।
ዓረብኛ ተፍሲሮች:
فَاَكْثَرُوْا فِیْهَا الْفَسَادَ ۟
আৰু দেশত কুফৰী আৰু পাপ বিস্তাৰ কৰি অশান্তিৰ সৃষ্টি কৰিছিল।
ዓረብኛ ተፍሲሮች:
فَصَبَّ عَلَیْهِمْ رَبُّكَ سَوْطَ عَذَابٍ ۟ۚۙ
তেতিয়া আল্লাহ তাআলাই সিহঁতক কঠোৰ শাস্তি উপভোগ কৰাইছে আৰু পৃথিৱীৰ পৰা তুলি আঁতৰত পেলাইছে।
ዓረብኛ ተፍሲሮች:
اِنَّ رَبَّكَ لَبِالْمِرْصَادِ ۟ؕ
হে ৰাছুল, আপোনাৰ প্ৰতিপালকে মানুহৰ কৰ্মবোৰ সুপ্তভাৱে দেখি আছে আৰু নিৰীক্ষণ কৰি আছে। যাতে ভাল কৰ্মকাৰীক জান্নাত আৰু বেয়া কৰ্মকাৰীক জাহান্নামত প্ৰৱেশ কৰাব পাৰে।
ዓረብኛ ተፍሲሮች:
فَاَمَّا الْاِنْسَانُ اِذَا مَا ابْتَلٰىهُ رَبُّهٗ فَاَكْرَمَهٗ وَنَعَّمَهٗ ۙ۬— فَیَقُوْلُ رَبِّیْۤ اَكْرَمَنِ ۟ؕ
মানুহৰ স্বভাৱ হৈছে যেতিয়া তাৰ প্ৰতিপালকে তাক পৰীক্ষা কৰিবলৈ সন্মান প্ৰদান কৰে, ধন, সন্তান আৰু পদ প্ৰদান কৰে, তেতিয়া সি ধাৰণা কৰে যে, সি এইবোৰ বস্তু এই কাৰণে পাইছে যে, সি আল্লাহৰ প্ৰিয়। সেয়েহে সি কয়ঃ মোৰ প্ৰতিপালকে মোক সন্মান প্ৰদান কৰিছে। কিয়নো মই তাৰ সন্মানৰ অধিকাৰী আছিলোঁ।
ዓረብኛ ተፍሲሮች:
وَاَمَّاۤ اِذَا مَا ابْتَلٰىهُ فَقَدَرَ عَلَیْهِ رِزْقَهٗ ۙ۬— فَیَقُوْلُ رَبِّیْۤ اَهَانَنِ ۟ۚ
আৰু যেতিয়া তাক পৰীক্ষা কৰিবলৈ আৰ্থিক অনাটনত লিপ্ত কৰে তেতিয়া ভাৱে এয়া এই কাৰণেই হৈছে যে, তাৰ প্ৰতিপালকৰ ওচৰত তাৰ কোনো মৰ্যদা নাই। গতিকে সি কয়ঃ মোৰ প্ৰতিপালকে মোক অপমান কৰিছে।
ዓረብኛ ተፍሲሮች:
كَلَّا بَلْ لَّا تُكْرِمُوْنَ الْیَتِیْمَ ۟ۙ
কেতিয়াও নহয়। ঘটনা তেনে নহয় যিদৰে এওঁলোকে ভাবিছে যে, অনুগ্ৰহ বান্দাৰ প্ৰতি আল্লাহ তাআলাৰ সন্তুষ্ট হোৱাৰ প্ৰমাণ। সচাঁ কথাটো হৈছে, তোমালোকে এতিম সকলক সেই সম্পদৰ পৰা সহায় নকৰা যি সম্পদ আল্লাহ তাআলাই তোমালোকক প্ৰদান কৰিছে।
ዓረብኛ ተፍሲሮች:
وَلَا تَحٰٓضُّوْنَ عَلٰی طَعَامِ الْمِسْكِیْنِ ۟ۙ
দুখীয়া যাৰ ওচৰত খাবলৈ একোৱে নাই তাক আহাৰ খুওৱাবলৈ তোমালোকে এজনে আনজনক প্ৰেৰণ নিদিয়া।
ዓረብኛ ተፍሲሮች:
وَتَاْكُلُوْنَ التُّرَاثَ اَكْلًا لَّمًّا ۟ۙ
দূৰ্বল স্ত্ৰী আৰু এতিম সকলৰ অধীকাৰ বৈধ-অবৈধৰ কোনো কেৰেপ নকৰাকৈ ভক্ষণ কৰা।
ዓረብኛ ተፍሲሮች:
وَّتُحِبُّوْنَ الْمَالَ حُبًّا جَمًّا ۟ؕ
আৰু তোমালোকে ধন-সম্পত্তিক অধিক ভাল পোৱা, সেয়ে আল্লাহৰ পথত খৰচ কৰিবলৈ কৃপণালী কৰা।
ዓረብኛ ተፍሲሮች:
كَلَّاۤ اِذَا دُكَّتِ الْاَرْضُ دَكًّا دَكًّا ۟ۙ
তোমালোকৰ আমল এনেকুৱা হোৱা অনুচিত। সেই সময়ক স্মৰণ কৰা যেতিয়া পৃথিৱীখনক সজোৰে কম্পিত কৰোৱা হব।
ዓረብኛ ተፍሲሮች:
وَّجَآءَ رَبُّكَ وَالْمَلَكُ صَفًّا صَفًّا ۟ۚ
আৰু হে ৰাছুল, আপোনাৰ প্ৰতিপালকে বান্দাৰ মাজত নিৰ্ণয় কৰিবলৈ উপস্থিত হব আৰু ফিৰিস্তাসকলে শাৰীবদ্ধভাৱে আহিব।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• فضل عشر ذي الحجة على أيام السنة.
গোটেই বছৰৰ মাজত জিল হজ্জ মাহৰ (প্ৰথম)দহ দিনৰ মৰ্যদা।

• ثبوت المجيء لله تعالى يوم القيامة وفق ما يليق به؛ من غير تشبيه ولا تمثيل ولا تعطيل.
ক্বিয়ামতৰ দিনা আল্লাহ তাআলাৰ মৰ্যদা অনুসৰি অহাৰ প্ৰমাণ। বৰঞ্চ তেওঁৰ আগমনক আন কাৰো আগমনৰ লগত ৰিজাব নোৱাৰি, কোনো ধৰণৰ উদাহৰণ দিয়া নাযাব আৰু অস্বীকাৰো কৰিব নোৱাৰি।

• المؤمن إذا ابتلي صبر وإن أعطي شكر.
মুমিন সকলক যেতিয়া কোনো পৰীক্ষা কৰা হয়, তেতিয়া তেওঁলোকে ধৈৰ্য ধাৰণ কৰে আৰু যেতিয়া অনুগ্ৰহ প্ৰদান কৰা হয় তেতিয়া কৃতজ্ঞতা জ্ঞাপন কৰে।

وَجِایْٓءَ یَوْمَىِٕذٍ بِجَهَنَّمَ ۙ۬— یَوْمَىِٕذٍ یَّتَذَكَّرُ الْاِنْسَانُ وَاَنّٰی لَهُ الذِّكْرٰی ۟ؕ
আৰু যিদিনাখন সত্তৰ হাজাৰ লেকামযুক্ত জাহান্নামক আনা হব, প্ৰত্যেক লেকামক সত্তৰ হাজাৰ ফিৰিস্তাই ধৰি টানি আনিব। সিদিনাখন মানুহে ভাৱিব যে, আল্লাহ সম্পৰ্কে কিমান অৱহেলা কৰিছিল। কিন্তু তেতিয়া স্মৰণ কৰিলে কোনো লাভ নহব, কিয়নো সেই দিন কৰ্মৰ নহয়, পৰিণামৰহে দিন হব।
ዓረብኛ ተፍሲሮች:
یَقُوْلُ یٰلَیْتَنِیْ قَدَّمْتُ لِحَیَاتِیْ ۟ۚ
সি অতি লজ্জিত হৈ কবঃ যদি মই পৰকালৰ জীৱনৰ বাবে সত্কৰ্ম কৰিলোহেঁতন, যিটো প্ৰকৃততে বাস্তৱ জীৱন।
ዓረብኛ ተፍሲሮች:
فَیَوْمَىِٕذٍ لَّا یُعَذِّبُ عَذَابَهٗۤ اَحَدٌ ۟ۙ
সিদিনা আল্লাহৰ শাস্তিৰ দৰে আন কোনো শাস্তি নাথাকিব, কিয়নো আল্লাহৰ শাস্তি অধিক কষ্টদায়ক আৰু চিৰ দিনলৈ বাকী থাকিব।
ዓረብኛ ተፍሲሮች:
وَّلَا یُوْثِقُ وَثَاقَهٗۤ اَحَدٌ ۟ؕ
আৰু তেওঁ কাফিৰ সকলক যিদৰে হাতকড়িত আবদ্ধ কৰিব, তেনেকুৱা কোনেও আবদ্ধ কৰিব নোৱাৰিব।
ዓረብኛ ተፍሲሮች:
یٰۤاَیَّتُهَا النَّفْسُ الْمُطْمَىِٕنَّةُ ۟ۗۙ
আনহাতে মুমিনসকলৰ আত্মাক মৃত্যুৰ সময়ত আৰু ক্বিয়ামতৰ দিনা কোৱা হবঃ হে ঈমান আৰু সত্কৰ্মৰ প্ৰতি সন্তুষ্ট আত্মা!
ዓረብኛ ተፍሲሮች:
ارْجِعِیْۤ اِلٰی رَبِّكِ رَاضِیَةً مَّرْضِیَّةً ۟ۚ
তোমাৰ প্ৰতিপালকৰ ওচৰলৈ বলা, তুমি তাৰ পৰিপূৰ্ণ প্ৰতিদানৰ প্ৰতি সন্তুষ্ট হৈ আৰু তেওঁ তোমাৰ সত্কৰ্মৰ প্ৰতি সন্তুষ্ট হৈ।
ዓረብኛ ተፍሲሮች:
فَادْخُلِیْ فِیْ عِبٰدِیْ ۟ۙ
তুমি মোৰ সৎ বান্দাহ সকলৰ অন্তৰ্ভুক্ত হৈ যোৱা।
ዓረብኛ ተፍሲሮች:
وَادْخُلِیْ جَنَّتِیْ ۟۠
আৰু তেওঁলোকৰ সৈতে জান্নাতত প্ৰৱেশ কৰা, যাক মই তেওঁলোকৰ বাবে প্ৰস্তুত কৰিছোঁ।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• عتق الرقاب، وإطعام المحتاجين في وقت الشدة، والإيمان بالله، والتواصي بالصبر والرحمة: من أسباب دخول الجنة.
দাস মুক্ত কৰা অভাৱৰ সময়ত দুখীয়াক খাদ্য দান কৰা, আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা আৰু এজনে আনজনক ধৈৰ্য ধাৰণ তথা দয়া কৰাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰা, জান্নাতত প্ৰৱেশৰ মাধ্যম।

• من دلائل النبوة إخباره أن مكة ستكون حلالًا له ساعة من نهار.
এয়া নবীৰ নবুওৱতৰ এটা নিদৰ্শন আছিল যে, তেখেতে কৈছিল যে, মক্কাক এদিন কিছু সময়ৰ বাবে তেখেতৰ হকে বৈধ কৰা হব।

• لما ضيق الله طرق الرق وسع طرق العتق، فجعل الإعتاق من القربات والكفارات.
যেতিয়া আল্লাহ তাআলাই দাসত্বৰ পথ সংকীৰ্ণ কৰি দিছে, লগতে দাসমুক্তিৰ পথ চাৰিওফালৰ পৰা খুলি দিয়া হৈছে। বৰং দাসমুক্তিক নেকি আৰু পাপ মোচনৰ মাধ্যম কৰা হৈছে।

 
የመልዕክት ትርጉም ሱራ (ምዕራፍ): አል ፈጅር
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት