Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም ሱራ (ምዕራፍ): አል ቡሩጅ   አንቀፅ:

আল-বুৰূজ

ከሱራዋ ጥቅል ሀሳብ መካከል:
بيان قوة الله وإحاطته الشاملة، ونصرته لأوليائه، والبطش بأعدائه.
আল্লাহৰ শক্তি-সামৰ্থৰ বৰ্ণনা, লগতে এই কথা বৰ্ণনা কৰা হৈছে যে, তেওঁ সকলো বস্তুকে পৰিবেষ্টন কৰি আছে, লগতে এই কথাও উল্লেখ কৰা হৈছে যে, তেওঁ তেওঁৰ প্ৰিয় লোকসকলক সহায় কৰে, কিন্তু শত্ৰুসকলৰ প্ৰতি তেওঁ অতি কঠোৰ।

وَالسَّمَآءِ ذَاتِ الْبُرُوْجِ ۟ۙ
আল্লাহ তাআলাই আকাশৰ শপত কৰিছে, যাৰ ভিতৰত সূৰ্য, চন্দ্ৰ আদিৰ স্তৰসমূহ আছে।
ዓረብኛ ተፍሲሮች:
وَالْیَوْمِ الْمَوْعُوْدِ ۟ۙ
আৰু ক্বিয়ামতৰ দিনৰ শপত কৰিছে, যিদিনাখন সকলো সৃষ্টিবোৰক একত্ৰিত কৰাৰ প্ৰতিশ্ৰুতি দিছে।
ዓረብኛ ተፍሲሮች:
وَشَاهِدٍ وَّمَشْهُوْدٍ ۟ؕ
আৰু প্ৰত্যেক সাক্ষীদাতাৰ শপত কৰিছে, যেনে- নবী চাল্লাল্লাহু আলাইহি অছাল্লামে নিজৰ উম্মতৰ হৈ সাক্ষী দিব। আৰু প্ৰত্যেক সেই ব্যক্তিৰ শপত কৰিছে, যাৰ হৈ সাক্ষ্য প্ৰদান কৰা হ'ব, যেনে- প্ৰত্যেক নবীয়ে নিজ নিজ উম্মতৰ হৈ সাক্ষ্য প্ৰদান কৰিব।
ዓረብኛ ተፍሲሮች:
قُتِلَ اَصْحٰبُ الْاُخْدُوْدِ ۟ۙ
সেই সকল ধিক্কাৰৰ যোগ্য যি সকলে মাটিৰ ভিতৰত ডাঙৰ গৰ্ত খান্দিছিল।
ዓረብኛ ተፍሲሮች:
النَّارِ ذَاتِ الْوَقُوْدِ ۟ۙ
আৰু তাৰ ভিতৰত জুই জ্বলাইছিল আৰু মুমিনসকলক জীৱন্তে তাৰ ভিতৰত ঠেলি দিছিল।
ዓረብኛ ተፍሲሮች:
اِذْ هُمْ عَلَیْهَا قُعُوْدٌ ۟ۙ
যেতিয়া সিহঁত সেই অগ্নিগৰ্ভা গৰ্তৰ ওচৰত বহি আছিল।
ዓረብኛ ተፍሲሮች:
وَّهُمْ عَلٰی مَا یَفْعَلُوْنَ بِالْمُؤْمِنِیْنَ شُهُوْدٌ ۟ؕ
আৰু সিহঁতে মুমিনসকলক যি শাস্তি দিছিল, নিজেই উপস্থিত হৈ সেইবোৰ চাই আছিল।
ዓረብኛ ተፍሲሮች:
وَمَا نَقَمُوْا مِنْهُمْ اِلَّاۤ اَنْ یُّؤْمِنُوْا بِاللّٰهِ الْعَزِیْزِ الْحَمِیْدِ ۟ۙ
আৰু সেই কাফিৰসকলে মুমিনসকলৰ এইটোৱে দোষ দিছিল যে, তেওঁলোকে আল্লাহৰ প্ৰতি ঈমান আনিছিল, যিয়ে প্ৰভুত্বশালী, যাক কোনেও পৰাজিত কৰিব নোৱাৰে। আৰু প্ৰত্যেক ক্ষেত্ৰতে তেওঁ প্ৰশংসনীয়।
ዓረብኛ ተፍሲሮች:
الَّذِیْ لَهٗ مُلْكُ السَّمٰوٰتِ وَالْاَرْضِ ؕ— وَاللّٰهُ عَلٰی كُلِّ شَیْءٍ شَهِیْدٌ ۟ؕ
আকাশ আৰু পৃথিৱীত কৰ্তৃত্ব কেৱল তেওঁৰেই হাতত, আৰু তেওঁ প্ৰত্যেক বস্তুৰ বিষয়ে অৱগত। বান্দাৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়।
ዓረብኛ ተፍሲሮች:
اِنَّ الَّذِیْنَ فَتَنُوا الْمُؤْمِنِیْنَ وَالْمُؤْمِنٰتِ ثُمَّ لَمْ یَتُوْبُوْا فَلَهُمْ عَذَابُ جَهَنَّمَ وَلَهُمْ عَذَابُ الْحَرِیْقِ ۟ؕ
নিশ্চয় যিহঁতে মুমিন পুৰুষ আৰু মুমিনা নাৰীক এক আল্লাহৰ প্ৰতি ঈমানৰ পৰা ওভোতাই আনিবলৈ যি শাস্তি বিহিছিল, আৰু ইয়াৰ পিছত যিসকলে সেই অপৰাধৰ পৰা তাওবা কৰা নাই, সিহঁতৰ বাবে জাহান্নামৰ শাস্তি আছে। আৰু সিহঁতৰ বাবে অগ্নিৰ শাস্তি আছে যি অগ্নিয়ে সিহঁতক পুৰিব। এই শাস্তি হৈছে মুমিনসকলক জুইত জ্বলোৱাৰ পৰিণাম।
ዓረብኛ ተፍሲሮች:
اِنَّ الَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ لَهُمْ جَنّٰتٌ تَجْرِیْ مِنْ تَحْتِهَا الْاَنْهٰرُ ؕ— ذٰلِكَ الْفَوْزُ الْكَبِیْرُ ۟ؕ
অৱশ্যে যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু সৎ কৰ্ম কৰিছে তেওঁলোকৰ বাবে এনেকুৱা জান্নাত আছে যাৰ অট্টালিকা আৰু গছৰ তলেদি নদী বৈ থাকিব। এইটোৱে প্ৰস্তুতকৃত তেওঁলোকৰ সেই প্ৰতিদান, যিটো তেওঁলোকৰ বাবে এক মহাসফলতা, যাৰ সমান আন কোনো সফলতা হব নোৱাৰে।
ዓረብኛ ተፍሲሮች:
اِنَّ بَطْشَ رَبِّكَ لَشَدِیْدٌ ۟ؕ
হে ৰাছুল! নিশ্চয় অত্যাচাৰী সকলৰ বাবে তোমাৰ প্ৰতিপালকৰ গ্ৰেফতাৰী বৰ কঠোৰ। সেয়েহে তাক অলপ সুযোগ দিয়ক।
ዓረብኛ ተፍሲሮች:
اِنَّهٗ هُوَ یُبْدِئُ وَیُعِیْدُ ۟ۚ
তেৱেঁই মাখলুক আৰু শাস্তি সৃষ্টি কৰিছে। আৰু তেৱেঁই এই দুটাৰ পুনৰাবৃত্তি ঘটাব।
ዓረብኛ ተፍሲሮች:
وَهُوَ الْغَفُوْرُ الْوَدُوْدُ ۟ۙ
আৰু তেৱেঁই তাওবাকাৰী বান্দাৰ তাওবা কবুল কৰি তাক ক্ষমা কৰে, আৰু নিশ্চয় তেওঁ তাৰ সদাচাৰী বান্দাক ভাল পায়।
ዓረብኛ ተፍሲሮች:
ذُو الْعَرْشِ الْمَجِیْدُ ۟ۙ
তেওঁ আৰছৰ গৰাকী।
ዓረብኛ ተፍሲሮች:
فَعَّالٌ لِّمَا یُرِیْدُ ۟ؕ
তেওঁ যি বিচাৰে সেইটোৱে কৰে। যাক বিচাৰে ক্ষমা কৰি দিয়ে আৰু যাক বিচাৰে শাস্তি দিয়ে। তাৰ ওপৰত কাৰো জোৰ নচলে।
ዓረብኛ ተፍሲሮች:
هَلْ اَتٰىكَ حَدِیْثُ الْجُنُوْدِ ۟ۙ
হে ৰাছুল! যি সৈন্যবাহিনীয়ে সত্যৰ লগত যুঁজিবলৈ তথা সত্যক বাধা প্ৰদান কৰিবলৈ আহিছিল, সিহঁতৰ বিষয়ে আপোনাৰ ওচৰত খবৰ আহিছে নেকি?
ዓረብኛ ተፍሲሮች:
فِرْعَوْنَ وَثَمُوْدَ ۟ؕ
ফিৰআউন তথা ছলেহ আলাইহিছ ছালামৰ সম্প্ৰদায়ৰ বিষয়ে।
ዓረብኛ ተፍሲሮች:
بَلِ الَّذِیْنَ كَفَرُوْا فِیْ تَكْذِیْبٍ ۟ۙ
সিহঁতৰ ঈমান পোষণ নকৰাৰ কাৰণ এয়া নহয় যে, সিহঁতৰ ওচৰলৈ অস্বীকাৰকাৰী জাতি আৰু সিহঁতৰ বিনাশৰ খবৰ আহি পোৱা নাই। বৰং দৰাচলতে কথা হৈছে সিহঁতে কেৱল প্ৰবৃত্তিৰ অনুসৰণ কৰি ৰাছুলে লৈ অহা চৰীয়তক অস্বীকাৰ কৰে।
ዓረብኛ ተፍሲሮች:
وَّاللّٰهُ مِنْ وَّرَآىِٕهِمْ مُّحِیْطٌ ۟ۚ
আল্লাহ তাআলা সিহঁতৰ কৰ্ম সম্পৰ্কে অৱগত আৰু সেইবোৰ হিচাপ কৰি ৰাখিছে। সিহঁতৰ কোনো কৰ্মই আল্লাহৰ দৃষ্টিৰ পৰা গোপন নহয়। আৰু তেওঁ সিহঁতক ইয়াৰ প্ৰতিদান দিব।
ዓረብኛ ተፍሲሮች:
بَلْ هُوَ قُرْاٰنٌ مَّجِیْدٌ ۟ۙ
আৰু কোৰআন কবিতা বা ছন্দযুক্ত বাণী নহয়। যিদৰে অস্বীকাৰকাৰী সকলৰ দাবী, বৰং এয়া সন্মানিত কোৰআন।
ዓረብኛ ተፍሲሮች:
فِیْ لَوْحٍ مَّحْفُوْظٍ ۟۠
এনেকুৱা সুৰক্ষিত ফলকত লিপিবদ্ধ যিটো পৰিৱৰ্তন, দূৰাচাৰ তথা পৰিবৰ্ধনৰ পৰা সুৰক্ষিত।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• يكون ابتلاء المؤمن على قدر إيمانه.
মুমিনৰ ঈমান অনুসৰি তাৰ পৰীক্ষা হয়।

• إيثار سلامة الإيمان على سلامة الأبدان من علامات النجاة يوم القيامة.
শৰীৰ সুৰক্ষাতকৈ ঈমানৰ সুৰক্ষাক অগ্ৰাধিকাৰ দিয়া, ক্বিয়ামতৰ দিনৰ মুক্তিৰ এক পৰিচয়।

• التوبة بشروطها تهدم ما قبلها.
যদি তাওবা ইয়াৰ চৰ্তাৱলীসহ কৰা হয়, তেন্তে ইয়াৰ আগত কৰা পাপসমূহ ক্ষমা হৈ যায়।

 
የመልዕክት ትርጉም ሱራ (ምዕራፍ): አል ቡሩጅ
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት