Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም ሱራ (ምዕራፍ): አን ናዚዓት   አንቀፅ:

আন-নাযিআত

ከሱራዋ ጥቅል ሀሳብ መካከል:
التذكير بالله واليوم الآخر.
আল্লাহ আৰু শেষ দিৱসৰ স্মৰণ।

وَالنّٰزِعٰتِ غَرْقًا ۟ۙ
আল্লাহ তাআলা ফিৰিস্তাৰ শপত খাইছে যিসকল বহুত কঠোৰ আৰু নিৰ্দয় হিচাপে কাফিৰ সকলৰ জান কবজ কৰে।
ዓረብኛ ተፍሲሮች:
وَّالنّٰشِطٰتِ نَشْطًا ۟ۙ
আৰু আল্লাহ তাআলাই সেই ফিৰিস্তাৰ শপত খাইছে যিয়ে সহজ আৰু সৰলতাৰ সৈতে ইমানদাৰ সকলৰ জান কবজ কৰে।
ዓረብኛ ተፍሲሮች:
وَّالسّٰبِحٰتِ سَبْحًا ۟ۙ
আৰু আল্লাহ তাআলাই সেই সকল ফিৰিস্তাৰ শপত খাইছে যিসকলে আল্লাহৰ আদেশ অনুযায়ী আকাশৰ পৰা পৃথিৱী লৈ উৰি ফুৰে।
ዓረብኛ ተፍሲሮች:
فَالسّٰبِقٰتِ سَبْقًا ۟ۙ
আৰু আল্লাহ তাআলাই সেই সকল ফিৰিস্তাৰ শপত খাইছে যিসকলে তেওঁৰ আদেশ পালনত আনতকৈ বেছি আগুৱাই যায়।
ዓረብኛ ተፍሲሮች:
فَالْمُدَبِّرٰتِ اَمْرًا ۟ۘ
আৰু আল্লাহ তাআলাই সেই সকল ফিৰিস্তাৰ শপত খাইছে যিসকলে আল্লাহৰ ফয়চালা লাগু কৰে যেনে, যি সকল ফিৰিস্তাই বান্দাৰ আমল লিখাত নিবদ্ধ। আল্লাহ তাআলাই এই সকল ফিৰিস্তাৰ শপত কৰি কৈছে যে, তেওঁ মানুহক হিচাপ-নিকাচ আৰু উচিত পৰিণাম দিবলৈ নিশ্চিত ভাৱে জীৱিত কৰি উঠাব।
ዓረብኛ ተፍሲሮች:
یَوْمَ تَرْجُفُ الرَّاجِفَةُ ۟ۙ
যিদিনাখন শিঙাত প্ৰথম বাৰ ফুঁ দিয়াৰ সময়ত পৃথিৱী কঁপি উঠিব।
ዓረብኛ ተፍሲሮች:
تَتْبَعُهَا الرَّادِفَةُ ۟ؕ
এই ফুঁ দিয়াৰ পিছত আকৌ দ্বিতীয় ফুঁ দিয়া হব।
ዓረብኛ ተፍሲሮች:
قُلُوْبٌ یَّوْمَىِٕذٍ وَّاجِفَةٌ ۟ۙ
সেইদিনা কাফিৰ আৰু ফাছিক্বসকলৰ অন্তৰ ভীতিগ্ৰস্থ হ'ব।
ዓረብኛ ተፍሲሮች:
اَبْصَارُهَا خَاشِعَةٌ ۟ۘ
সিহঁতৰ চকুত অপমানৰ চিন দেখা যাব।
ዓረብኛ ተፍሲሮች:
یَقُوْلُوْنَ ءَاِنَّا لَمَرْدُوْدُوْنَ فِی الْحَافِرَةِ ۟ؕ
সিহঁতে কৈছিল – মৃত্যুৰ পিছত আমি পুনৰ পৃথিৱীৰ জীৱনলৈ ওভতিম নেকি?
ዓረብኛ ተፍሲሮች:
ءَاِذَا كُنَّا عِظَامًا نَّخِرَةً ۟ؕ
যেতিয়া আমাৰ হাড়বোৰ গেলি-পচি যাব, তাৰ পিছতো ওভতিম নেকি?
ዓረብኛ ተፍሲሮች:
قَالُوْا تِلْكَ اِذًا كَرَّةٌ خَاسِرَةٌ ۟ۘ
সিহঁতে কয়ঃ যদি আমি ওভতিব লাগে তেন্তে এয়া হব ক্ষতিকৰ প্ৰত্যাৱৰ্তন, যিটোত সদায় ওভোতা ব্যক্তি ক্ষতিগ্ৰস্ত হয়।
ዓረብኛ ተፍሲሮች:
فَاِنَّمَا هِیَ زَجْرَةٌ وَّاحِدَةٌ ۟ۙ
পুনৰ জীৱিত কৰা কাম অতি সহজ। বৰং এয়া হৈছে শিঙাত ফুঁ দিয়া কাৰ্যত নিযুক্ত ফিৰিস্তাৰ এটা মাত্ৰ তীব্ৰ শব্দ।
ዓረብኛ ተፍሲሮች:
فَاِذَا هُمْ بِالسَّاهِرَةِ ۟ؕ
তেতিয়া হঠাৎ সকলো লোক জীৱিত হৈ পৃথিৱীৰ ওপৰত আহিব যিহেতু আগতে পৃথিৱীৰ ভিতৰত মৃত অৱস্থাত আছিল।
ዓረብኛ ተፍሲሮች:
هَلْ اَتٰىكَ حَدِیْثُ مُوْسٰی ۟ۘ
(হে ৰাছুল) আপোনাৰ ওচৰত মুছাৰ সৈতে তেওঁৰ প্ৰতিপালক আৰু তেওঁৰ শত্ৰু ফিৰআউনৰ সৈতে হোৱা ঘটনাটো আহি পাইছেনে?
ዓረብኛ ተፍሲሮች:
اِذْ نَادٰىهُ رَبُّهٗ بِالْوَادِ الْمُقَدَّسِ طُوًی ۟ۚ
যেতিয়া তেওঁৰ প্ৰতিপালকে তেওঁক তুৱা উপত্যকাত মাতিছিল।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• التقوى سبب دخول الجنة.
তাক্বৱা বা আল্লাহ ভীতি হৈছে জান্নাত প্ৰাপ্তিৰ অন্যতম কাৰণ।

• تذكر أهوال القيامة دافع للعمل الصالح.
ক্বিয়ামতৰ ভয়াৱহ দৃশ্যবোৰৰ স্মৰণে সৎ কৰ্ম কৰাত প্ৰেৰণা যোগায়।

• قبض روح الكافر بشدّة وعنف، وقبض روح المؤمن برفق ولين.
কাফিৰ সকলৰ প্ৰাণ কঠোৰ ভাৱে আৰু মুমিন সকলৰ প্ৰাণ সহজ ভাৱে কবজ কৰা হয়।

 
የመልዕክት ትርጉም ሱራ (ምዕራፍ): አን ናዚዓት
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት