Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም ሱራ (ምዕራፍ): አን ነበእ   አንቀፅ:

আন-নাবা'

ከሱራዋ ጥቅል ሀሳብ መካከል:
بيان أدلة القدرة على البعث والتخويف من العاقبة.
পুনৰুত্থান সম্পৰ্কীয় ক্ষমতাৰ দলিলসমূহৰ বৰ্ণনা, আৰু শেষ পৰিণামকলৈ ভীতি প্ৰদৰ্শন কৰা হৈছে।

عَمَّ یَتَسَآءَلُوْنَ ۟ۚ
আল্লাহৰ ৰাছুল ছাল্লাল্লাহু আলাইহি অছাল্লামক পঠোৱাৰ পিছতো মুশ্বৰিক সকলে পৰস্পৰে কোনটো বস্তুৰ বিষয়ে সোধ-পোচ কৰি আছে।
ዓረብኛ ተፍሲሮች:
عَنِ النَّبَاِ الْعَظِیْمِ ۟ۙ
সিহঁতে ডাঙৰ খবৰৰ বিষয়ে পৰস্পৰে সুধি আছে আৰু সেয়া হৈছে এই কোৰআন, যিটো তেওঁলোকৰ ৰছুলৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছে। যাৰ ভিতৰত পুনৰ বাৰ জীৱিত কৰি উঠোৱাৰ সংবাদ আছে।
ዓረብኛ ተፍሲሮች:
الَّذِیْ هُمْ فِیْهِ مُخْتَلِفُوْنَ ۟ؕ
এই কোৰআন নো কি, এই সম্পৰ্কে সিহঁতৰ মাজতেই মতভেদ আছে। কোনোবাই ইয়াক যাদু বুলি কয়, কোনোবাই কবিতা আৰু কোনোবাই বিগত লোকসকলৰ মনে সজা কাহানী বুলি কয়।
ዓረብኛ ተፍሲሮች:
كَلَّا سَیَعْلَمُوْنَ ۟ۙ
সিহঁতে যিদৰে ভাবিছে ঘটনাটো তেনেকুৱা নহয়। কোৰআনক অস্বীকাৰকাৰী সকলে অচিৰেই অস্বীকাৰ কৰাৰ বেয়া পৰিণাম সম্পৰ্কে অৱগত হব।
ዓረብኛ ተፍሲሮች:
ثُمَّ كَلَّا سَیَعْلَمُوْنَ ۟
আকৌ সিহঁতৰ আগত ইয়াৰ পুষ্টি হৈ যাব।
ዓረብኛ ተፍሲሮች:
اَلَمْ نَجْعَلِ الْاَرْضَ مِهٰدًا ۟ۙ
আমি পৃথিৱীখনক সিহঁতৰ বাবে বিছনা বনোৱা নাইনে? যাতে সিহঁতে ইয়াৰ ওপৰত থাকিব পাৰে।
ዓረብኛ ተፍሲሮች:
وَّالْجِبَالَ اَوْتَادًا ۟ۙ
আৰু পৃথিৱীৰ ওপৰত পাহাৰবোৰক গজল স্বৰূপ বনাইছোঁ যিবোৰে পৃথিৱীখনক লৰচৰৰ পৰা বিৰত ৰাখিব পাৰে।
ዓረብኛ ተፍሲሮች:
وَّخَلَقْنٰكُمْ اَزْوَاجًا ۟ۙ
আৰু আমি তোমালোকক পুৰুষ আৰু মহিলাৰূপে সৃষ্টি কৰিছোঁ।
ዓረብኛ ተፍሲሮች:
وَّجَعَلْنَا نَوْمَكُمْ سُبَاتًا ۟ۙ
আৰু আমি তোমালোকৰ টোপনিক তোমালোকৰ ক্লান্তিৰ পৰা পৃথক হোৱাৰ মাধ্যম বনাইছো, যাতে তোমালোকে বিশ্ৰাম কৰিব পাৰা।
ዓረብኛ ተፍሲሮች:
وَّجَعَلْنَا الَّیْلَ لِبَاسًا ۟ۙ
আৰু আমি ৰাতিক তোমালোকৰ বাবে আৱৰণ স্বৰূপে বনাইছোঁ, যাৰ অন্ধকাৰে তোমালোকক এনেদৰে আৱৰি ৰাখে যিদৰে তোমালোকে তোমালোকৰ লজ্জাস্থানক কাপোৰেৰে আৱৰি ৰাখা।
ዓረብኛ ተፍሲሮች:
وَّجَعَلْنَا النَّهَارَ مَعَاشًا ۟ۚ
আৰু দিনক উপাৰ্জন আৰু জীৱিকা সন্ধানৰ ক্ষেত্ৰ বনাইছো।
ዓረብኛ ተፍሲሮች:
وَبَنَیْنَا فَوْقَكُمْ سَبْعًا شِدَادًا ۟ۙ
আৰু তোমালোকৰ ওপৰত সাতটা মজবুত আকাশ বনাইছোঁ।
ዓረብኛ ተፍሲሮች:
وَّجَعَلْنَا سِرَاجًا وَّهَّاجًا ۟ۙ
আৰু সূৰ্যক তীব্ৰ প্ৰজ্বলন আৰু পোহৰ দিয়া প্ৰদীপ বনাইছোঁ।
ዓረብኛ ተፍሲሮች:
وَّاَنْزَلْنَا مِنَ الْمُعْصِرٰتِ مَآءً ثَجَّاجًا ۟ۙ
মেঘৰ পৰা ধাৰাষাৰ বৰষুণ বৰ্ষণ কৰিছোঁ।
ዓረብኛ ተፍሲሮች:
لِّنُخْرِجَ بِهٖ حَبًّا وَّنَبَاتًا ۟ۙ
যাতে তাৰ পৰা বিভিন্ন প্ৰকাৰৰ অন্ন আৰু নানা প্ৰকাৰৰ বনস্পতি উদ্ভিদ গজাব পাৰোঁ।
ዓረብኛ ተፍሲሮች:
وَّجَنّٰتٍ اَلْفَافًا ۟ؕ
আৰু একে প্ৰকাৰৰ গছেৰে ঘন বাগান বনাইছোঁ।
ዓረብኛ ተፍሲሮች:
اِنَّ یَوْمَ الْفَصْلِ كَانَ مِیْقَاتًا ۟ۙ
নিশ্চয় মাখলোকৰ (সৃষ্টিসকলৰ) মাজত বিচাৰৰ এটা সময় নিৰ্ধাৰিত আছে, সেয়া ইফাল-সিফাল নহয়।
ዓረብኛ ተፍሲሮች:
یَّوْمَ یُنْفَخُ فِی الصُّوْرِ فَتَاْتُوْنَ اَفْوَاجًا ۟ۙ
যিদিনাখন ফিৰিস্তাই দ্বিতীয় বাৰ শিঙাত ফু দিব তেতিয়া তোমালোকে দলে দলে আহিবা।
ዓረብኛ ተፍሲሮች:
وَّفُتِحَتِ السَّمَآءُ فَكَانَتْ اَبْوَابًا ۟ۙ
আৰু আকাশ খুলি দিয়া হ'ব, তেতিয়া ই উন্মুক্ত দুৱাৰৰ দৰে খোল খাব।
ዓረብኛ ተፍሲሮች:
وَّسُیِّرَتِ الْجِبَالُ فَكَانَتْ سَرَابًا ۟ؕ
আৰু পাহাৰবোৰক গতি দিয়া হব তেতিয়া সেইবোৰ উৰন্ত ধূলি-কণা হৈ মৰীচিকাৰ দৰে দেখা যাব।
ዓረብኛ ተፍሲሮች:
اِنَّ جَهَنَّمَ كَانَتْ مِرْصَادًا ۟ۙ
নিশ্চয় জাহান্নাম খাপ পাতি অপেক্ষা কৰি আছে।
ዓረብኛ ተፍሲሮች:
لِّلطَّاغِیْنَ مَاٰبًا ۟ۙ
যালিমসকলৰ ওভতি যোৱাৰ ঠাই, যত সিহঁতে ওভতি যাব লাগিব।
ዓረብኛ ተፍሲሮች:
لّٰبِثِیْنَ فِیْهَاۤ اَحْقَابًا ۟ۚ
তাৰ ভিতৰত ইমান দীৰ্ঘকাল লৈকে থাকিব যাৰ কোনো অন্ত নাই।
ዓረብኛ ተፍሲሮች:
لَا یَذُوْقُوْنَ فِیْهَا بَرْدًا وَّلَا شَرَابًا ۟ۙ
যাৰ ভিতৰত জাহান্নামৰ জুই ঠাণ্ডা কৰিব পৰা বতাহ নাপাব আৰু স্বাদযুক্ত কোনো পানীও সেৱন কৰিবলৈ নাপাব।
ዓረብኛ ተፍሲሮች:
اِلَّا حَمِیْمًا وَّغَسَّاقًا ۟ۙ
অতি উত্তপ্ত গৰম পানী আৰু জাহান্নামী সকলৰ শৰীৰৰ পৰা বৈ যোৱা পুঁজৰ বাহিৰে একোৱে নাথাকিব।
ዓረብኛ ተፍሲሮች:
جَزَآءً وِّفَاقًا ۟ؕ
এয়া সিহঁতৰ সেই কুফুৰী ( অস্বীকাৰ) আৰু পথভ্ৰষ্টৰ অনূৰূপ পৰিণাম যাৰ ওপৰত সিহঁতে পৃথিৱীত জীৱন-যাপন কৰিছিল।
ዓረብኛ ተፍሲሮች:
اِنَّهُمْ كَانُوْا لَا یَرْجُوْنَ حِسَابًا ۟ۙ
নিশ্চয় তেওঁলোকে আল্লাহে হিচাপ লোৱাৰ প্ৰতি ভয় কৰা নাছিল। কিয়নো তেওঁলোকে পুনৰ উত্থানৰ প্ৰতি বিশ্বাস কৰা নাছিল। যদি পুনৰ জীৱনৰ প্ৰতি ভয় থাকিলেহেঁতেন তেন্তে তেওঁলোকে আল্লাহৰ প্ৰতি ইমান আনিলেহেঁতেন আৰু সৎ কৰ্ম কৰিলেহেঁতেন।
ዓረብኛ ተፍሲሮች:
وَّكَذَّبُوْا بِاٰیٰتِنَا كِذَّابًا ۟ؕ
আৰু ৰাছুলৰ প্ৰতি অৱতীৰ্ণ কৰা নিদৰ্শনবোৰ অস্বীকাৰ কৰিছিল।
ዓረብኛ ተፍሲሮች:
وَكُلَّ شَیْءٍ اَحْصَیْنٰهُ كِتٰبًا ۟ۙ
আৰু আমি তেওঁলোকৰ সকলো কৰ্ম সঠিকৰূপে হিচাপ কৰি ৰাখিছো আৰু সেয়া তেওঁলোকৰ আমল নামাত লিখা আছে।
ዓረብኛ ተፍሲሮች:
فَذُوْقُوْا فَلَنْ نَّزِیْدَكُمْ اِلَّا عَذَابًا ۟۠
গতিকে হে অপৰাধীসকল! এই চিৰ শাস্তি উপভোগ কৰি থাকা আৰু আমি তোমালোকৰ শাস্তি বৃদ্ধি কৰিয়ে থাকিম।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• إحكام الله للخلق دلالة على قدرته على إعادته.
সৃষ্টিৰ বাবে আল্লাহৰ মজবুত পদ্ধতিয়ে প্ৰমাণ কৰে যে, আল্লাহ তাআলা তেওঁলোকক পুনৰ জীৱিত কৰাৰ ক্ষমতা ৰাখে।

• الطغيان سبب دخول النار.
অপৰাধে মানুহক জাহান্নামলৈ লৈ যায়।

• مضاعفة العذاب على الكفار.
কাফিৰ সকলৰ শাস্তি কেই গুণলৈ বৃদ্ধি কৰি দিয়া হব।

 
የመልዕክት ትርጉም ሱራ (ምዕራፍ): አን ነበእ
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት