Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም አንቀፅ: (31) ሱራ (ምዕራፍ): አል-አዕራፍ
یٰبَنِیْۤ اٰدَمَ خُذُوْا زِیْنَتَكُمْ عِنْدَ كُلِّ مَسْجِدٍ وَّكُلُوْا وَاشْرَبُوْا وَلَا تُسْرِفُوْا ؕۚ— اِنَّهٗ لَا یُحِبُّ الْمُسْرِفِیْنَ ۟۠
হে আদম সন্তান! ছালাত তথা তাৱাফৰ সময়ত তোমালোকে এনেকুৱা পৰিস্কাৰ-পৰিচ্ছন্ন আৰু পৱিত্ৰ কাপোৰ পৰিধান কৰা, যি কাপোৰে তোমালোকৰ লজ্জাস্থান ঢাকি ৰাখে আৰু তোমালোকৰ সৌন্দৰ্য বৃদ্ধি কৰে। লগতে পানাহাৰ সম্পৰ্কীয় যিবোৰ বস্তু আল্লাহে তোমালোকৰ বাবে হালাল কৰিছে, তাৰ পৰা তোমালোকে যিমান ইচ্ছা পানাহৰ কৰা। কিন্তু এই ক্ষেত্ৰত ন্যায়ৰ সীমা অতিক্ৰম নকৰিবা। লগতে হালাল অতিক্ৰম কৰি হাৰামৰ পিনে নাযাবা। নিশ্চয় আল্লাহে সীমালঙ্ঘনকাৰী সকলক পছন্দ নকৰে।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• المؤمن مأمور بتعظيم شعائر الله من خلال ستر العورة والتجمل في أثناء صلاته وخاصة عند التوجه للمسجد.
মুমিনসকলক এই আদেশ দিয়া হৈছে যে, আল্লাহৰ প্ৰতীকৰ (ধৰ্মৰ এনেকুৱা স্পষ্ট বিধান যিবোৰৰ দ্বাৰা ধৰ্মৰ পৰিচয় প্ৰকাশ পায়) সন্মানাৰ্থে লজ্জাস্থান ঢাকি ৰাখিব লাগে, ছালাতৰ সময়ত সৌন্দৰ্যময় পোছাক পৰিধান কৰিব লাগে, বিশেষকৈ মছজিদলৈ যোৱাৰ সময়ত।

• من فسر القرآن بغير علم أو أفتى بغير علم أو حكم بغير علم فقد قال على الله بغير علم وهذا من أعظم المحرمات.
যিয়ে চৰীয়তৰ জ্ঞান নোহোৱাকৈ কোৰআনৰ তাফছীৰ কৰে, অথবা কোনো ফতৱা দিয়ে নাইবা ফয়চালা দিয়ে, সি আল্লাহৰ প্ৰতি মিথ্যাৰোপ কৰিলে আৰু এইটো হৈছে মহাপাপ।

• في الآيات دليل على أن المؤمنين يوم القيامة لا يخافون ولا يحزنون، ولا يلحقهم رعب ولا فزع، وإذا لحقهم فمآلهم الأمن.
এই আয়াতবোৰৰ দ্বাৰা এই কথাৰ প্ৰমাণ পোৱা গল যে, ক্বিয়ামতৰ দিনা মুমিনসকলৰ কোনো ভয় নাথাকিব আৰু কোনো চিন্তাও নহ'ব, লগতে কোনো দুখেও তেওঁলোকক স্পৰ্শ নকৰিব। যদিও তেওঁলোক এইবোৰৰ সন্মুখীন হয় কিন্তু অৱশেষত তেওঁলোক সুৰক্ষিত থাকিব।

• أظلم الناس من عطَّل مراد الله تعالى من جهتين: جهة إبطال ما يدل على مراده، وجهة إيهام الناس بأن الله أراد منهم ما لا يريده الله.
আটাইতকৈ ডাঙৰ অন্যায়কাৰী সেই ব্যক্তি, যিয়ে দুটা দিশত আল্লাহৰ উদ্দেশ্যক বিনষ্ট কৰে। এটা হৈছে, সেই প্ৰমাণকেই অসত্য বুলি কোৱা যিটোৱে তেওঁৰ উদ্দেশ্যক প্ৰমাণ কৰে। আৰু দ্বিতীয়টো হৈছে, মানুহৰ মাজত এনেকুৱা ভ্ৰম সৃষ্টি কৰাৰ প্ৰয়াস কৰা যে, যিটো আল্লাহৰ উদ্দেশ্য নহয় সেইটোক আল্লাহৰ উদ্দেশ্য বুলি কোৱা।

 
የመልዕክት ትርጉም አንቀፅ: (31) ሱራ (ምዕራፍ): አል-አዕራፍ
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት