Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም ሱራ (ምዕራፍ): አል ቀለም   አንቀፅ:

আল-কলম

ከሱራዋ ጥቅል ሀሳብ መካከል:
شهادة الله للنبي بحسن الخُلق، والدفاع عنه وتثبيته.
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৰ্বোৎকৃষ্ট চৰিত্ৰৰ সাক্ষ্য স্বয়ং আল্লাহে প্ৰদান কৰিছে আৰু তেওঁৰ ফালৰ পৰা ৰক্ষা কৰিছে, লগতে তেওঁক দৃঢ়তা প্ৰদান কৰিছে।

نٓ وَالْقَلَمِ وَمَا یَسْطُرُوْنَ ۟ۙ
নূন, এনেকুৱা শব্দবোৰৰ বিষয়ে ছুৰা বাক্বাৰাৰ আৰম্ভণিত উল্লেখ কৰা হৈছে। আল্লাহ তাআলাই কলম তথা মানুহে কলমেৰে যি লিখে তাৰ শপত কৰিছে।
ዓረብኛ ተፍሲሮች:
مَاۤ اَنْتَ بِنِعْمَةِ رَبِّكَ بِمَجْنُوْنٍ ۟ۚ
হে ৰাছুল, আপোনাৰ প্ৰতিপালকে নিজ অনুগ্ৰহেৰে আপোনাক নবী বনাইছে। আপোনাক উন্মাদ বা পাগল বনোৱা নাই। মুশ্বৰিকসকলে আপোনাৰ প্ৰতি পাগল হোৱাৰ যি অভিযোগ কৰিছে তাৰ পৰা আপুনি মুক্ত।
ዓረብኛ ተፍሲሮች:
وَاِنَّ لَكَ لَاَجْرًا غَیْرَ مَمْنُوْنٍ ۟ۚ
নিশ্চয় আপুনি মানুহলৈ আল্লাহৰ যি সংবাদ পৌঁছাই আছে তাৰ পৰিণাম অন্তহীন। এই সম্পৰ্কে কোনোবাই আপোনাৰ প্ৰতি সহানুভূতিশীল হ’ব নোৱাৰে।
ዓረብኛ ተፍሲሮች:
وَاِنَّكَ لَعَلٰی خُلُقٍ عَظِیْمٍ ۟
আৰু আপুনি, কোৰআনে লৈ অহা মহান নৈতিকতা বা চৰিত্ৰৰ উচ্চ শৃঙ্গত অধিষ্ঠিত। আপুনি কুৰআনৰ আদৰ্শ সম্পূৰ্ণৰূপে পালন কৰে।
ዓረብኛ ተፍሲሮች:
فَسَتُبْصِرُ وَیُبْصِرُوْنَ ۟ۙ
এতেকে অনতিপলমে আপুনি দেখিবলৈ পাব আৰু এই অস্বীকাৰকাৰী সকলেও দেখিবলৈ পাব।
ዓረብኛ ተፍሲሮች:
بِاَیِّىكُمُ الْمَفْتُوْنُ ۟
যেতিয়া সত্যৰ পৰা পৰ্দা বা আৱৰণ আঁতৰি যাব তেতিযা স্পষ্ট হৈ পৰিব যে কোনে পাগল?
ዓረብኛ ተፍሲሮች:
اِنَّ رَبَّكَ هُوَ اَعْلَمُ بِمَنْ ضَلَّ عَنْ سَبِیْلِهٖ ۪— وَهُوَ اَعْلَمُ بِالْمُهْتَدِیْنَ ۟
হে ৰাছুল, নিশ্চয় আপোনাৰ প্ৰতিপালকে জানে যে কোনে তেওঁৰ পথৰ পৰা বিচ্যুত হৈছে। লগতে তেওঁ সেই সকল লোকৰ বিষয়েও সম্যক অৱগত যিসকল সঠিক পথত আছে । সেয়েহে তেওঁ জানে যে, কোনসকল লোক তাৰ পৰা বিচ্যুত হৈছে আৰু আপুনি সেই সঠিক পথৰ ওপৰত অবিচল আছে।
ዓረብኛ ተፍሲሮች:
فَلَا تُطِعِ الْمُكَذِّبِیْنَ ۟
এতেকে হে ৰাছুল, আপুনি সিহঁতৰ কথা নুশুনিব যিবিলাকে আপুনি লৈ আহা সংবাদ সমূহ অস্বীকাৰ কৰে।
ዓረብኛ ተፍሲሮች:
وَدُّوْا لَوْ تُدْهِنُ فَیُدْهِنُوْنَ ۟
সিহঁতৰ কামনা এই যে আপুনি সিহঁতৰ লগত নম্ৰতা অৱলম্বন কৰিলে, সিহঁতেও আপোনাৰ লগত নম্ৰতা অৱলম্বন কৰিব।
ዓረብኛ ተፍሲሮች:
وَلَا تُطِعْ كُلَّ حَلَّافٍ مَّهِیْنٍ ۟ۙ
আৰু আপুনি কোনো এনেকুৱা লোকৰ কথা নুশুনিব যিয়ে অত্যাধিক মিছা শপত কৰে আৰু হীনমনৰ ব্যক্তি।
ዓረብኛ ተፍሲሮች:
هَمَّازٍ مَّشَّآءٍ بِنَمِیْمٍ ۟ۙ
মানুহৰ বহুতো পৰনিন্দা আৰু পৰচৰ্চাকাৰী ব্যক্তি যাতে সিহঁতৰ মাজত বিচ্ছেদ ঘটাব পৰা যায়।
ዓረብኛ ተፍሲሮች:
مَّنَّاعٍ لِّلْخَیْرِ مُعْتَدٍ اَثِیْمٍ ۟ۙ
কল্যাণৰ কামত অধিক বাধা প্ৰদানকাৰী, মানুহৰ ধন- সম্পত্তি, মান- সন্মান আৰু জীৱনৰ প্ৰতি সীমালংঘনকাৰী তথা অত্যাধিক পাপিষ্ঠ ব্যক্তি।
ዓረብኛ ተፍሲሮች:
عُتُلٍّۢ بَعْدَ ذٰلِكَ زَنِیْمٍ ۟ۙ
দুষ্ট প্ৰকৃতিৰ, ক্ৰোধ স্বভাৱৰ আৰু নিজ পিতৃ অবিহনে আন কাৰো লগত সম্বন্ধিত।
ዓረብኛ ተፍሲሮች:
اَنْ كَانَ ذَا مَالٍ وَّبَنِیْنَ ۟ؕ
কেৱল এই কাৰণে আল্লাহ আৰু তেওঁৰ ৰাছুলক মানিবলৈ অভিমান কৰিছিল যে তেওঁ বহুত ধন- সম্পদৰ গৰাকী আছিল।
ዓረብኛ ተፍሲሮች:
اِذَا تُتْلٰی عَلَیْهِ اٰیٰتُنَا قَالَ اَسَاطِیْرُ الْاَوَّلِیْنَ ۟
যেতিয়া তেওঁৰ আগত আমাৰ আয়াত সমুহ পাঠ কৰা হয় তেতিয়া কয়ঃ এইবোৰ পূৰ্বৱৰ্তীসকলৰ কাল্পনিক কাহিনী মাথোন।
ዓረብኛ ተፍሲሮች:
سَنَسِمُهٗ عَلَی الْخُرْطُوْمِ ۟
আমি শীঘ্ৰে তাৰ নাকত দাগ দিম। যিটো তাৰ মুখমণ্ডল বিকৃত কৰি পেলাব আৰু যিটো কেতিয়াও তাৰ নাকৰ পৰা নাইকীয়া নহ’ব।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• اتصاف الرسول صلى الله عليه وسلم بأخلاق القرآن.
ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম, কুৰআনত বৰ্ণিত আচৰণ আৰু ব্যৱহাৰৰ বাস্তৱ নমুনা বা আদৰ্শ আছিল।

• صفات الكفار صفات ذميمة يجب على المؤمن الابتعاد عنها، وعن طاعة أهلها.
কাফিৰসকলৰ আচৰণ বিধি অতি নিকৃষ্ট। মুমিনসকলে সিহঁতৰ পৰা আৰু সিহঁতৰ অনুসৰণৰ পৰা বিৰত থকা উচিত।

• من أكثر الحلف هان على الرحمن، ونزلت مرتبته عند الناس.
যিয়ে অধিক শপত কৰে, সি ৰহমান (আল্লাহ)ৰ দৃষ্টিত অতি তুচ্ছ, আৰু সি মানুহৰ দৃষ্টিত নিজৰ সন্মান বিনষ্ট কৰে।

اِنَّا بَلَوْنٰهُمْ كَمَا بَلَوْنَاۤ اَصْحٰبَ الْجَنَّةِ ۚ— اِذْ اَقْسَمُوْا لَیَصْرِمُنَّهَا مُصْبِحِیْنَ ۟ۙ
আমি এই মুশ্বৰিকবিলাকক ভোক আৰু অভাৱ- অনাটনৰ জৰিয়তে পৰীক্ষা কৰিছিলো যিদৰে উদ্যান অধিপতিসকলক পৰীক্ষা কৰিছিলো। যেতিয়া সিহঁতে শপত কৰিছিল যে, অৱশ্যে ৰাতিপুৱাই সিহঁতে বাগানৰ ফল আহৰণ কৰিব, যাতে কোনো দুখীয়া আৰু নিৰ্ধন ব্যক্তিক কিছু দিব নালাগে।
ዓረብኛ ተፍሲሮች:
وَلَا یَسْتَثْنُوْنَ ۟
আৰু সিহঁতে শপত কৰোতে ইন শ্বা আল্লাহ কোৱা নাছিল।
ዓረብኛ ተፍሲሮች:
فَطَافَ عَلَیْهَا طَآىِٕفٌ مِّنْ رَّبِّكَ وَهُمْ نَآىِٕمُوْنَ ۟
গতিকে আল্লাহ তাআলাই বাগনৰ প্ৰতি এক প্ৰৱল জুই পঠাই দিলে। যিয়ে সেইবোৰ খাই অস্তিত্বহীন কৰি পেলালে। যিহেতু বাগানৰ গৰাকীসকল শুই আছিল আৰু নিজৰ বাগান খনক জুইৰ পৰা ৰক্ষা কৰিব পৰা নাছিল।
ዓረብኛ ተፍሲሮች:
فَاَصْبَحَتْ كَالصَّرِیْمِ ۟ۙ
এতেকে বাগান ৰাতিৰ দৰে কলা হৈ গল।
ዓረብኛ ተፍሲሮች:
فَتَنَادَوْا مُصْبِحِیْنَ ۟ۙ
তাৰ পিছত ৰাতিপুৱা ইজনে সিজনক মাতিলে।
ዓረብኛ ተፍሲሮች:
اَنِ اغْدُوْا عَلٰی حَرْثِكُمْ اِنْ كُنْتُمْ صٰرِمِیْنَ ۟
কবলৈ ধৰিলেঃ যদি তোমালোকে বাগানৰ ফলবোৰ গোটাব বিচৰা তেন্তে মগনীয়াৰ সকলে অহাৰ আগতে বাগানলৈ ওলাই যোৱা।
ዓረብኛ ተፍሲሮች:
فَانْطَلَقُوْا وَهُمْ یَتَخَافَتُوْنَ ۟ۙ
গতিকে সিহঁতে তীব্ৰভাৱে নিজৰ খেতিলৈ খোজ কাঢ়িব ধৰিলে। সিহঁতে পৰস্পৰে নিম্নস্বৰে আৰু সাৱধানতাৰে কথা পাতি আছিল।
ዓረብኛ ተፍሲሮች:
اَنْ لَّا یَدْخُلَنَّهَا الْیَوْمَ عَلَیْكُمْ مِّسْكِیْنٌ ۟ۙ
সিহঁতে পৰস্পৰে কৈ আছিলঃ আজি যাতে তোমালোকৰ ওচৰত কোনো দুখীয়া- অভাৱী প্ৰৱেশ কৰিব নোৱাৰে।
ዓረብኛ ተፍሲሮች:
وَّغَدَوْا عَلٰی حَرْدٍ قٰدِرِیْنَ ۟
আৰু সিহঁতে ৰাতিপুৱা এই মানসেৰে যাবলৈ ধৰিছিল যে আজি এটা দানাও কাকো নিদিব।
ዓረብኛ ተፍሲሮች:
فَلَمَّا رَاَوْهَا قَالُوْۤا اِنَّا لَضَآلُّوْنَ ۟ۙ
যেতিয়া সিহঁতে খেতি জ্বলি ছাই হোৱা দেখা পাইছিল তেতিয়া পৰস্পৰে কবলৈ ধৰিলেঃ নিশ্চয় আমি বাগানৰ ৰাস্তা পাহৰি গৈছো।
ዓረብኛ ተፍሲሮች:
بَلْ نَحْنُ مَحْرُوْمُوْنَ ۟
বৰং বাগানৰ ফল গোটোৱাবলৈ আমাক বনঞ্চিত কৰা হৈছে। কিয়নো আমি এইটো নিৰ্ণয় কৰিছিলো যে দুখীয়া আৰু অভাৱীসকলক একোৱে নিদিও।
ዓረብኛ ተፍሲሮች:
قَالَ اَوْسَطُهُمْ اَلَمْ اَقُلْ لَّكُمْ لَوْلَا تُسَبِّحُوْنَ ۟
সিহঁতৰ ভিতৰত সৰ্বোত্তোম ব্যক্তিয়ে কলেঃ তেতিয়া মই তোমালোকক কোৱা নাছিলো নে, যেতিয়া তোমালোকে বাগানৰ ফলসমূহৰ পৰা দুখীয়া- অভাৱী সকলক বঞ্চিত কৰাৰ যোজনা কৰি আছিলা যে তোমালোকে আল্লাহৰ পৱিত্ৰতা কিয় বৰ্ণনা নকৰা আৰু তেওঁৰ ওচৰত কিয়া তাওবাহ নকৰা?
ዓረብኛ ተፍሲሮች:
قَالُوْا سُبْحٰنَ رَبِّنَاۤ اِنَّا كُنَّا ظٰلِمِیْنَ ۟
সকলোৱে কলেঃ আমাৰ প্ৰতিপালক পবিত্ৰ। আমি আমাৰ বাগানৰ ফলৰ পৰা দুখীয়া আৰু অভাৱীসকলক বঞ্চিত কৰাৰ পৰিকল্পনাৰ সময়ত নিশ্চয় নিজৰ ওপৰতে অন্যায় কৰিছিলো।
ዓረብኛ ተፍሲሮች:
فَاَقْبَلَ بَعْضُهُمْ عَلٰی بَعْضٍ یَّتَلَاوَمُوْنَ ۟
তাৰ পিছত সিহঁতে এজন আনজনৰ ফালে হৈ পৰস্পৰে দোষাৰোপ কৰিবলৈ ধৰিলে।
ዓረብኛ ተፍሲሮች:
قَالُوْا یٰوَیْلَنَاۤ اِنَّا كُنَّا طٰغِیْنَ ۟
লজ্জিত হৈ কবলৈ ধৰিলেঃ হায় আমাৰ ক্ষতি ! নিশ্চয় আমি দুখীয়া আৰু অভাৱ গ্ৰস্থ লোকক অধিকাৰৰ পৰা বঞ্চিত কৰাৰ পৰিকল্পনা কৰি সীমালংঘন কৰিছো।
ዓረብኛ ተፍሲሮች:
عَسٰی رَبُّنَاۤ اَنْ یُّبْدِلَنَا خَیْرًا مِّنْهَاۤ اِنَّاۤ اِلٰی رَبِّنَا رٰغِبُوْنَ ۟
সম্ভৱত আমাৰ প্ৰতিপালকে আমাক বাগানৰ পৰিৱৰ্তে ইয়াতকৈ উত্তম বস্তু প্ৰদান কৰিব। নিশ্চয় আমি আমাৰ প্ৰতিপালকৰ প্ৰতি আগ্ৰহী। তেওঁৰ পৰা ক্ষমাৰ আশাবাদী আৰু তেওঁৰ পৰাই কল্যাণ বিচাৰো।
ዓረብኛ ተፍሲሮች:
كَذٰلِكَ الْعَذَابُ ؕ— وَلَعَذَابُ الْاٰخِرَةِ اَكْبَرُ ۘ— لَوْ كَانُوْا یَعْلَمُوْنَ ۟۠
খাদ্য বস্তু বা জীৱিকাৰ পৰা বঞ্চিত কৰাৰ যি শাস্তি আমি সিহঁতক দিছো তেনেকুৱা শাস্তি আমি প্ৰত্যেক সেই ব্যক্তিক দিওঁ যিয়ে আমাৰ আদেশৰ অৱজ্ঞা কৰে। আৰু আখিৰাতৰ শাস্তি ইয়াতকৈয়ো ডাঙৰ। যদি সিহঁতে তেওঁৰ কঠোৰতা আৰু নিৰন্তৰতাৰ বিষয়ে জানিলেহেঁতেন।
ዓረብኛ ተፍሲሮች:
اِنَّ لِلْمُتَّقِیْنَ عِنْدَ رَبِّهِمْ جَنّٰتِ النَّعِیْمِ ۟
নিশ্চয় আল্লাহৰ পৰা, তেওঁৰ আদেশ সমূহ পালন কৰি আৰু তেওঁ নিষেধকৃত বস্তুবোৰৰ পৰা বিৰত থাকি, ভয়কাৰী সকলৰ বাবে সিহঁতৰ প্ৰতিপালকৰ ওচৰত অনুগ্ৰহমূলক জান্নাত আছে। সিহঁতে তাত প্ৰত্যেক ধৰণৰ অনুগ্ৰহৰ পৰা উপকৃত হ’ব। সিহঁতৰ অনুগ্ৰহৰ ধাৰাবাহিকতা কেতিয়াও বিচ্ছিন্ন নহ’ব।
ዓረብኛ ተፍሲሮች:
اَفَنَجْعَلُ الْمُسْلِمِیْنَ كَالْمُجْرِمِیْنَ ۟ؕ
আমি মুছলমানসকলক পৰিণামৰ ক্ষেত্ৰত মুশ্বৰিক বিলাকৰ দৰে কৰিম নেকি যিদৰে মক্কাৰ মুশ্বৰিক বিলাকে ধাৰণা কৰিছে?
ዓረብኛ ተፍሲሮች:
مَا لَكُمْ ۫— كَیْفَ تَحْكُمُوْنَ ۟ۚ
তোমালোকৰ ( হে মুশ্বৰিক সকল ) কি হৈছে? তোমালোকে এই অন্যায়পূৰ্ণ নিৰ্ণয় কেনেকৈ লোৱা?
ዓረብኛ ተፍሲሮች:
اَمْ لَكُمْ كِتٰبٌ فِیْهِ تَدْرُسُوْنَ ۟ۙ
তোমালোকৰ ওচৰত এনেকুৱা কোনো কিতাপ আছে নেকি যাৰ ভিতৰত তোমালোকে পঢ়া যে অনুগত্যকাৰী আৰু অবাধ্যকাৰী সমান?
ዓረብኛ ተፍሲሮች:
اِنَّ لَكُمْ فِیْهِ لَمَا تَخَیَّرُوْنَ ۟ۚ
আৰু তোমালোকৰ বাবে আখিৰাতত সেয়াই আছে যি তোমালোকে পছন্দ কৰা।
ዓረብኛ ተፍሲሮች:
اَمْ لَكُمْ اَیْمَانٌ عَلَیْنَا بَالِغَةٌ اِلٰی یَوْمِ الْقِیٰمَةِ ۙ— اِنَّ لَكُمْ لَمَا تَحْكُمُوْنَ ۟ۚ
তোমালোকৰ বাবে আমাৰ ওপৰত কোনো অটল অঙ্গীকাৰ আছে নেকি? যাৰ দাবী এই যে তোমোলোকৰ বাবে সেয়াই আছে যিটো তোমালোকে নিজৰ বাবে নিৰ্ণয় কৰা?
ዓረብኛ ተፍሲሮች:
سَلْهُمْ اَیُّهُمْ بِذٰلِكَ زَعِیْمٌ ۟ۚۛ
হে ৰাছুল, এই কথা কোৱাসকলক সুধক, ইয়াৰ জিম্মাদাৰ কোন?
ዓረብኛ ተፍሲሮች:
اَمْ لَهُمْ شُرَكَآءُ ۛۚ— فَلْیَاْتُوْا بِشُرَكَآىِٕهِمْ اِنْ كَانُوْا صٰدِقِیْنَ ۟
অথবা সিহঁতৰ বাবে আল্লাহৰ লগত বহুতো অংশীদাৰ আছে নেকি যিহঁতে পৰিণামৰ ক্ষেত্ৰত মুশ্বৰীক বিলাকক মুমিনসকলৰ সমান বুলি প্ৰতিষ্ঠিত কৰে? তেন্তে সিহঁতে সিহঁতৰ অংশীদাৰ বিলাকক উপস্থিত কৰা উচিত। যদি সিহঁতে এই দাবীত সত্যবাদী যে সিহঁতৰ অংশীদাৰ সকলে সিহঁতক পৰিণামৰ ক্ষেত্ৰত মুমিনসকলৰ সমান প্ৰতিষ্ঠিত কৰিছে।
ዓረብኛ ተፍሲሮች:
یَوْمَ یُكْشَفُ عَنْ سَاقٍ وَّیُدْعَوْنَ اِلَی السُّجُوْدِ فَلَا یَسْتَطِیْعُوْنَ ۟ۙ
ক্বিয়ামতৰ দিনা ভয়াৱহ পৰিস্থিতি হব আৰু আমাৰ প্ৰতিপালকে তেওঁৰ ভৰিৰ কলাফুলি উন্মুচিত কৰিব আৰু মানুহক ছাজদাহ কৰিবলৈ আহ্বান কৰা হ’ব। মুমিনসকলে ছাজদাহ কৰিব আৰু কাফিৰ তথা মুনাফিক বিলাকে ছাজদাহ কৰিবলৈ অক্ষম অৱস্থাত ৰৈ যাব।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• منع حق الفقير سبب في هلاك المال.
মগনীয়াৰ আৰু নিৰ্ধনৰ অধিকাৰ খৰ্ব কৰাটো হৈছে সম্পত্তি ধংসৰ কাৰণ।

• تعجيل العقوبة في الدنيا من إرادة الخير بالعبد ليتوب ويرجع.
পৃথিৱীত বান্দাক শাস্তি দিয়া তেওঁৰ পক্ষেই ভাল। কিয়নো সম্ভৱত তেওঁ তাওবাহ কৰি লব আৰু পাপ কৰ্মৰ পৰা বিৰত থাকিব।

• لا يستوي المؤمن والكافر في الجزاء، كما لا تستوي صفاتهما.
মুমিন আৰু কাফিৰ, পৰিণামৰ দৃষ্টিকোণৰ পৰা সমান হব নোৱাৰে। এয়া তেনেকুৱাই যিদৰে দুয়ো বৈশিষ্ট্যৰ দৃষ্টিকোণৰ পৰা সমান নহয়।

خَاشِعَةً اَبْصَارُهُمْ تَرْهَقُهُمْ ذِلَّةٌ ؕ— وَقَدْ كَانُوْا یُدْعَوْنَ اِلَی السُّجُوْدِ وَهُمْ سٰلِمُوْنَ ۟
সিহঁতৰ দৃষ্টি নত অৱস্থাত থাকিব। অপমান আৰু লজ্জাই সিহঁতক আৱৰি ধৰিব। সিহঁতক পৃথিৱীত আল্লাহক ছাজদাহ কৰিবলৈ কোৱা হৈছিল তেতিয়া সিহঁতে আজি সন্মুখীন হোৱা অসুবিধাৰ পৰা মুক্ত আছিল।
ዓረብኛ ተፍሲሮች:
فَذَرْنِیْ وَمَنْ یُّكَذِّبُ بِهٰذَا الْحَدِیْثِ ؕ— سَنَسْتَدْرِجُهُمْ مِّنْ حَیْثُ لَا یَعْلَمُوْنَ ۟ۙ
এতেকে হে ৰাছুল, আপুনি মোক আৰু তাক এৰি দিয়ক, যিয়ে আপোনাৰ প্ৰতি অৱতীৰ্ণ হোৱা এই কোৰআনক অস্বীকাৰ কৰে। আমি সিহঁতক লাহে লাহে এনেদৰে শাস্তিৰ ফালে টানি আনিম সিহঁতে গমেই নাপাব যে সিহঁতক ঢিল দিয়া হৈছিল।
ዓረብኛ ተፍሲሮች:
وَاُمْلِیْ لَهُمْ ؕ— اِنَّ كَیْدِیْ مَتِیْنٌ ۟
আৰু মই সিহঁতক কিছু সময়ৰ বাবে ঢিল দিওঁ। যাতে পাপ কৰ্মত আৰু অধিক লিপ্ত হয়। নিশ্চয় কাফিৰ আৰু অস্বীকাৰকাৰী বিলাকৰ বাবে মোৰ কৌশল অতি শক্তিশালী। সেয়েহে সিহঁতে মোৰ গ্ৰেপ্তাৰীৰ বাহিৰত নহয় আৰু মোৰ শাস্তিৰ পৰা ৰেহাইয়ো পাব নোৱাৰে।
ዓረብኛ ተፍሲሮች:
اَمْ تَسْـَٔلُهُمْ اَجْرًا فَهُمْ مِّنْ مَّغْرَمٍ مُّثْقَلُوْنَ ۟ۚ
হে ৰাছুল, আপুনি সিহঁতক সত্যৰ ফালে আহ্বান কৰাৰ কাৰণে কোনো বিনিময় বিচাৰিছে নেকি যে, যাৰ ডাঙৰ বোজাৰ কাৰণে সিহঁতে ভাৰাক্ৰান্ত হৈ পৰিছে আৰু আপোনাৰ পৰা বিসংগতা অৱলম্বন কৰি আছে ? বৰঞ্চ সত্য ইয়াৰ বিপৰীতহে। আপুনি সিহঁতৰ পৰা কোনো বিনিময় নিবিচাৰে। গতিকে সিহঁতে আপোনাৰ আনুগত্য কিয় কৰা নাই?
ዓረብኛ ተፍሲሮች:
اَمْ عِنْدَهُمُ الْغَیْبُ فَهُمْ یَكْتُبُوْنَ ۟
অথবা সিহঁতৰ ওচৰত গায়েবৰ কোনো জ্ঞান আছে নেকি আৰু নিজৰ কামৰ প্ৰমাণবোৰ লিখি লয় যিটো আপোনাৰ সৈতে পৰ্যালোচনা কৰিব পাৰে।
ዓረብኛ ተፍሲሮች:
فَاصْبِرْ لِحُكْمِ رَبِّكَ وَلَا تَكُنْ كَصَاحِبِ الْحُوْتِ ۘ— اِذْ نَادٰی وَهُوَ مَكْظُوْمٌ ۟ؕ
হে ৰাছুল, আপুনি আপোনাৰ প্ৰতিপালকৰ আদেশমৰ্মে সিহঁতক ঢিল আৰু সুযোগ দিয়া সম্পৰ্কে ধৰ্য ধাৰণ কৰক। আৰু মাছৰ গৰাকী ইউনুছ আলাইহিছ ছালামৰ দৰে নিজৰ সম্প্ৰদায়ৰ প্ৰতি ক্ৰোধান্বিত হৈ নাযাব। যেতিয়া তেখেতে সমূদ্ৰৰ অন্ধকাৰত আৰু মাছৰ পেটৰ অন্ধকাৰত চিন্তিত আৰু দুখৰ সময়ত তেখেতৰ প্ৰতিপালকক মাতিছিল।
ዓረብኛ ተፍሲሮች:
لَوْلَاۤ اَنْ تَدٰرَكَهٗ نِعْمَةٌ مِّنْ رَّبِّهٖ لَنُبِذَ بِالْعَرَآءِ وَهُوَ مَذْمُوْمٌ ۟
যদি তেখেতৰ ওচৰত আল্লাহৰ অনুগ্ৰহ আহি নাপালেহেঁতেন তেন্তে মাছে তেখেতক কোনো খালী আৰু জনশূন্য স্থানত এৰি দিলেহেঁতেন আৰু তেখেত দূৰাৱস্থাতত পৰি থাকিলেহেঁতেন।
ዓረብኛ ተፍሲሮች:
فَاجْتَبٰىهُ رَبُّهٗ فَجَعَلَهٗ مِنَ الصّٰلِحِیْنَ ۟
তাৰ পিছত তেখেতৰ প্ৰতিপালকে তেখেতক মনোনীত কৰিলে আৰু সত্কৰ্ম পৰায়ণসকলৰ অন্তৰ্ভুক্ত কৰিলে।
ዓረብኛ ተፍሲሮች:
وَاِنْ یَّكَادُ الَّذِیْنَ كَفَرُوْا لَیُزْلِقُوْنَكَ بِاَبْصَارِهِمْ لَمَّا سَمِعُوا الذِّكْرَ وَیَقُوْلُوْنَ اِنَّهٗ لَمَجْنُوْنٌ ۟ۘ
কাফিৰসকল আৰু আল্লাহৰ ৰাছুলক অস্বীকাৰকাৰী সকলে যেতিয়া আপোনাৰ প্ৰতি অৱতীৰ্ণ কুৰআন শুনে তেতিয়া সিহঁতে এনেকুৱা দৃষ্টিৰে আপোনাৰ ফালে চায় যেনিবা আপোনাক বাগৰাই দিব। আৰু সিহঁতে নিজৰ আকাংক্ষাৰ পিছত দৌৰি আৰু সত্যৰ পৰা মুখ ওভতাই কয়ঃ এই কোৰআন আনা ৰাছুল পাগলহে।
ዓረብኛ ተፍሲሮች:
وَمَا هُوَ اِلَّا ذِكْرٌ لِّلْعٰلَمِیْنَ ۟۠
যিহেতু আপোনাৰ প্ৰতি অৱতীৰ্ণ হোৱা কোৰআন জীন আৰু মানৱসকলৰ বাবে উপদেশ, শিক্ষা আৰু স্মৃতি।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• الصبر خلق محمود لازم للدعاة وغيرهم.
ধৈৰ্য এক প্ৰশংসনীয় বৈশিষ্ট্য। যিটো দাঈ তথা আল্লাহৰ ফালে আহ্বানকাৰী আৰু অন্য ব্যক্তি সলকৰ বাবে আৱেশ্যক।

• التوبة تَجُبُّ ما قبلها وهي من أسباب اصطفاء الله للعبد وجعله من عباده الصالحين.
তাওবাই পূৰ্বৰ পাপসমূহ মচি দিয়ে। আৰু তাওবাৰ কাৰণে আল্লাহে বান্দাক মনোনীত কৰে আৰু তাক নিজৰ সৎ বান্দাসকলৰ অন্তৰ্ভুক্ত কৰে।

• تنوّع ما يرسله الله على الكفار والعصاة من عذاب دلالة على كمال قدرته وكمال عدله.
কাফিৰ আৰু অবাধ্যকাৰীসকলৰ প্ৰতি ভিন ভিন ধৰণৰ শাস্তি প্ৰেৰণ কৰাটো এই কথা প্ৰমাণিত কৰে যে আল্লাহ তাআলা অতি সামৰ্থবান আৰু ন্যায়প্ৰিয়।

 
የመልዕክት ትርጉም ሱራ (ምዕራፍ): አል ቀለም
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት