Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም ሱራ (ምዕራፍ): አት ተጋቡን   አንቀፅ:
وَالَّذِیْنَ كَفَرُوْا وَكَذَّبُوْا بِاٰیٰتِنَاۤ اُولٰٓىِٕكَ اَصْحٰبُ النَّارِ خٰلِدِیْنَ فِیْهَا ؕ— وَبِئْسَ الْمَصِیْرُ ۟۠
আৰু যিসকলে আল্লাহৰ লগত কুফুৰী কৰিছে আৰু আমি আমাৰ ৰাছুলৰ ওপৰত অৱতীৰ্ণ কৰা আয়াতসমূহক অস্বীকাৰ কৰিছে, সেইসকল লোকেই জাহান্নামী। তাত সিহঁত চিৰকাল থাকিব আৰু সিহঁতৰ ঠিকনা হৈছে অতি নিকৃষ্ট ঠিকনা।
ዓረብኛ ተፍሲሮች:
مَاۤ اَصَابَ مِنْ مُّصِیْبَةٍ اِلَّا بِاِذْنِ اللّٰهِ ؕ— وَمَنْ یُّؤْمِنْ بِاللّٰهِ یَهْدِ قَلْبَهٗ ؕ— وَاللّٰهُ بِكُلِّ شَیْءٍ عَلِیْمٌ ۟
জান, মাল বা সন্তান-সন্ততিৰ ক্ষেত্ৰত যি বিপদ আহে সেয়া আল্লাহৰ নিৰ্ণয় আৰু ফয়চালা অনুসাৰেই আহে। আৰু যিয়ে আল্লাহ প্ৰতি, তেওঁৰ নিৰ্ণয়ৰ প্ৰতি আৰু ভাগ্যৰ প্ৰতি ঈমান পোষণ কৰিব, আল্লাহে তাৰ অন্তৰক তেওঁৰ আদেশৰ সন্মুখত নত হোৱাৰ তথা তেওঁৰ নিৰ্ণয়ৰ প্ৰতি সন্তুষ্ট হোৱাৰ তাওফীক দিব। আৰু আল্লাহ প্ৰত্যেক বিষয়ে সৰ্বজ্ঞ। তেওঁৰ পৰা কোনো বিষয় গোপন নহয়।
ዓረብኛ ተፍሲሮች:
وَاَطِیْعُوا اللّٰهَ وَاَطِیْعُوا الرَّسُوْلَ ۚ— فَاِنْ تَوَلَّیْتُمْ فَاِنَّمَا عَلٰی رَسُوْلِنَا الْبَلٰغُ الْمُبِیْنُ ۟
তথা আল্লাহৰ অনুসৰণ কৰা আৰু তেওঁৰ ৰাছুলৰ অনুসৰণ কৰা। ইয়াৰ পিছত যদি তোমালোকে তেওঁৰ ৰাছুলে লৈ অহা চৰীয়তৰ পৰা মুখ ঘূৰাই লোৱা তেন্তে এই বিমুখ হোৱাৰ পাপ তোমালোকৰ ওপৰতেই বৰ্তিব। আমাৰ ৰাছুলৰ দায়িত্ব কেৱল সেই সংবাদ পৌঁচাই দিয়া, যিটো পৌঁচাবলৈ আমি তেখেতক আদেশ কৰিছো। আৰু তেওঁ তোমালোকক সেইটো পৌঁচাই দিছে যিটো পৌঁচাই দিবলৈ তেওঁক আদেশ দিয়া হৈছিল।
ዓረብኛ ተፍሲሮች:
اَللّٰهُ لَاۤ اِلٰهَ اِلَّا هُوَ ؕ— وَعَلَی اللّٰهِ فَلْیَتَوَكَّلِ الْمُؤْمِنُوْنَ ۟
আল্লাহেই সত্য উপাস্য। তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। আৰু মুমিনসকলে সকলো বিষয়তে কেৱল আল্লাহৰ ওপৰতেই ভৰসা কৰা উচিত।
ዓረብኛ ተፍሲሮች:
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْۤا اِنَّ مِنْ اَزْوَاجِكُمْ وَاَوْلَادِكُمْ عَدُوًّا لَّكُمْ فَاحْذَرُوْهُمْ ۚ— وَاِنْ تَعْفُوْا وَتَصْفَحُوْا وَتَغْفِرُوْا فَاِنَّ اللّٰهَ غَفُوْرٌ رَّحِیْمٌ ۟
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়তৰ প্ৰতি আমলকাৰীসকল! নিশ্চয় তোমালোকৰ কিছুমান স্ত্ৰী আৰু সন্তান তোমালোকৰ শত্ৰু। কিয়নো সিহঁতে তোমালোকক আল্লাহৰ স্মৰণ আৰু তেওঁৰ পথত যু্দ্ধৰ পৰা অমনোযোগী কৰি ৰাখে। গতিকে সাৱধান থাকিবা, যাতে সিহঁতে তোমালোকক প্ৰভাৱিত কৰিব নোৱাৰে। এতেকে যদি তোমালোকে সিহঁতৰ ভুলবোৰ ক্ষমা কৰি দিয়া আৰু সিহঁতক আওকাণ কৰি চলা, লগতে সিহঁতৰ পৰা গোপনে ৰাখা তেন্তে আল্লাহে তোমালোকৰ গুনাহসমূহ ক্ষমা কৰি দিব আৰু তোমালোকৰ প্ৰতি দয়া কৰিব।
ዓረብኛ ተፍሲሮች:
اِنَّمَاۤ اَمْوَالُكُمْ وَاَوْلَادُكُمْ فِتْنَةٌ ؕ— وَاللّٰهُ عِنْدَهٗۤ اَجْرٌ عَظِیْمٌ ۟
নিশ্চয় তোমালোকৰ ধন তথা তোমালোকৰ সন্তান হৈছে তোমালোকৰ বাবে মুচিবত তথা পৰীক্ষাস্বৰূপ। কিয়নো সিহঁতে কেতিয়াবা কেতিয়াবা তোমালোকক হাৰাম উপাৰ্জন কৰিবলৈ আৰু আল্লাহৰ আনুগত্যৰ পৰা দূৰ হোৱাৰ প্ৰেৰণা দিয়ে। এতেকে আল্লাহৰ ওচৰত মহাপ্ৰতিদান আছে, সেই ব্যক্তিৰ বাবে যিয়ে আল্লাহৰ আনুগত্যক সন্তানৰ আনুগত্যৰ ওপৰত তথা সম্পত্তিৰ লোভত ব্যস্ত থকাৰ ওপৰত অগ্ৰাধিকাৰ দিয়ে। আৰু এই মহাপ্ৰতিদানটো হৈছে জান্নাত।
ዓረብኛ ተፍሲሮች:
فَاتَّقُوا اللّٰهَ مَا اسْتَطَعْتُمْ وَاسْمَعُوْا وَاَطِیْعُوْا وَاَنْفِقُوْا خَیْرًا لِّاَنْفُسِكُمْ ؕ— وَمَنْ یُّوْقَ شُحَّ نَفْسِهٖ فَاُولٰٓىِٕكَ هُمُ الْمُفْلِحُوْنَ ۟
আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি, যথাসম্ভৱ তেওঁৰ তাক্বৱা অৱলম্বন কৰা। শুনা তথা আল্লাহ আৰু তেওঁৰ ৰাছুলৰ অনুসৰণ কৰা। লগতে আল্লাহে দিয়া ধন সৎ পথত ব্যয় কৰা। আল্লাহে যাক অন্তৰৰ লালসাৰ পৰা ৰক্ষা কৰে, দৰাচলতে তেওঁলোকেই নিজৰ বিচৰা উদ্দেশ্যত সাফল্যমণ্ডিত আৰু ভয়ৰ পৰা মুক্তিপ্ৰাপ্ত।
ዓረብኛ ተፍሲሮች:
اِنْ تُقْرِضُوا اللّٰهَ قَرْضًا حَسَنًا یُّضٰعِفْهُ لَكُمْ وَیَغْفِرْ لَكُمْ ؕ— وَاللّٰهُ شَكُوْرٌ حَلِیْمٌ ۟ۙ
যদি তোমালোকে আল্লাহক উত্তম ঋণ দিয়া অৰ্থাৎ তেওঁৰ পথত নিজৰ ধন ব্যয় কৰা তেন্তে তোমালোকৰ পুণ্যক দশৰ পৰা সাত শ গুণ আৰু তাতোকৈয়ো অধিকগুণ পৰ্যন্ত বৃদ্ধি কৰি দিয়া হ'ব, লগতে তোমালোকৰ পাপসমূহ ক্ষমা কৰি দিয়া হ'ব। কাৰণ আল্লাহ হৈছে গুণগ্ৰাহী, সৰু কামৰ ডাঙৰ প্ৰতিফল দিয়ে। তেওঁ সহনশীল, শাস্তি প্ৰদানত খৰধৰ নকৰে।
ዓረብኛ ተፍሲሮች:
عٰلِمُ الْغَیْبِ وَالشَّهَادَةِ الْعَزِیْزُ الْحَكِیْمُ ۟۠
পৱিত্ৰ আল্লাহ প্ৰকাশ্য অপ্ৰকাশ্য সকলো বিষয়ে অৱগত। তেওঁৰ পৰা কোনো বস্তু গোপন নহয়। তেওঁ প্ৰভুত্বশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ সৃষ্টিত, চৰীয়ত প্ৰণয়নত আৰু ভাগ্য নিৰ্ধাৰণত মহাপ্ৰজ্ঞাৱান।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• مهمة الرسل التبليغ عن الله، وأما الهداية فهي بيد الله.
ৰাছুলসকলৰ দায়িত্ব হৈছে আল্লাহৰ সংবাদ পৌঁচাই দিয়া। আনহাতে হিদায়তৰ দায়িত্ব হৈছে আল্লাহৰ হাতত।

• الإيمان بالقدر سبب للطمأنينة والهداية.
ভাগ্যৰ প্ৰতি ঈমান পোষণ কৰাটো হৈছে সন্তুষ্টি তথা শান্তি লাভৰ উপায়।

• التكليف في حدود المقدور للمكلَّف.
দায়িত্ব সিমানেই অৰ্পণ কৰা হয়, বান্দাৰ যিমান সহিব পৰা শক্তি আছে।

• مضاعفة الثواب للمنفق في سبيل الله.
আল্লাহৰ পথত ব্যয়কাৰী ব্যক্তিক অধিক হাৰত চোৱাব প্ৰদান কৰা হয়।

 
የመልዕክት ትርጉም ሱራ (ምዕራፍ): አት ተጋቡን
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት