Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም ሱራ (ምዕራፍ): አስ ሶፍ   አንቀፅ:

আচ-চফ

ከሱራዋ ጥቅል ሀሳብ መካከል:
حثّ المؤمنين لنصرة الدين.
দ্বীনক সহায় কৰিবলৈ মুমিনসকলক উৎসাহিত কৰা।

سَبَّحَ لِلّٰهِ مَا فِی السَّمٰوٰتِ وَمَا فِی الْاَرْضِ ۚ— وَهُوَ الْعَزِیْزُ الْحَكِیْمُ ۟
আকাশমণ্ডল আৰু পৃথিৱীৰ মাজত যি আছে সকলোৱে আল্লাহক সেইবোৰ বস্তুৰ পৰা পাক তথা পৱিত্ৰতা ঘোষণা কৰে, যিবোৰ তেওঁৰ উপযুক্ত নহয়। তেওঁ প্ৰভুত্বশালী, তেওঁক কোনেও পৰাজয় কৰিব নোৱাৰে। তেওঁ ৰচনাত, নিৰ্ণয় আৰু চৰীয়ত প্ৰণয়নত প্ৰজ্ঞাময়।
ዓረብኛ ተፍሲሮች:
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا لِمَ تَقُوْلُوْنَ مَا لَا تَفْعَلُوْنَ ۟
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰীসকল! তোমালোকে কিয় কোৱা, আমি এইটো কৰিছো, অথচ বাস্তৱত তোমালোকে সেইটো কৰা নাই? উদাহৰণস্বৰূপে তোমালোকৰ কোনোবাই যদি কয় যে, মই নিজৰ তৰোৱালেৰে যুদ্ধ কৰিছো আৰু শত্ৰুৰ ওপৰত আঘাত হানিছো, অথচ সি তৰোৱালেৰে যুদ্ধ কৰা নাই আৰু শত্ৰুক আঘাতো কৰা নাই।
ዓረብኛ ተፍሲሮች:
كَبُرَ مَقْتًا عِنْدَ اللّٰهِ اَنْ تَقُوْلُوْا مَا لَا تَفْعَلُوْنَ ۟
এয়া আল্লাহৰ ওচৰত অতি অপ্ৰিয় কথা। অৰ্থাৎ এনেকুৱা কথা কোৱা যিটো তোমালোকে নকৰা। মুমিনসকলে আল্লাহৰ ওচৰত সত্যবাদী হোৱা উচিত, যাতে তেওঁৰ কৰ্মই তেওঁৰ কথাক সমৰ্থন কৰে।
ዓረብኛ ተፍሲሮች:
اِنَّ اللّٰهَ یُحِبُّ الَّذِیْنَ یُقَاتِلُوْنَ فِیْ سَبِیْلِهٖ صَفًّا كَاَنَّهُمْ بُنْیَانٌ مَّرْصُوْصٌ ۟
নিশ্চয় আল্লাহে সেইজন মুমিন বান্দাক ভাল পায়, যিয়ে তেওঁৰ পথত তেওঁৰ সন্তুষ্টি প্ৰাপ্তিৰ বাবে এনেকৈ শাৰীবদ্ধ হৈ যুদ্ধ কৰে যেনিবা পকী বেৰ, ইটোৰ লগত সিটো লগ লাগি আছে।
ዓረብኛ ተፍሲሮች:
وَاِذْ قَالَ مُوْسٰی لِقَوْمِهٖ یٰقَوْمِ لِمَ تُؤْذُوْنَنِیْ وَقَدْ تَّعْلَمُوْنَ اَنِّیْ رَسُوْلُ اللّٰهِ اِلَیْكُمْ ؕ— فَلَمَّا زَاغُوْۤا اَزَاغَ اللّٰهُ قُلُوْبَهُمْ ؕ— وَاللّٰهُ لَا یَهْدِی الْقَوْمَ الْفٰسِقِیْنَ ۟
আৰু হে ৰাছুল! আপুনি সেই সময়ক স্মৰণ কৰক, যেতিয়া মূছা আলাইহিছ ছালামে তেওঁৰ সম্প্ৰদায়ক কৈছিলঃ হে মোৰ সম্প্ৰদায়ৰ লোকসকল! তোমালোকে মোৰ আদেশ উলংঘা কৰি মোক কষ্ট দিয়া কিয়, অথচ তোমালোকে জানা যে, মই তোমালোকৰ প্ৰতি আল্লাহৰ তৰফৰ পৰা প্ৰেৰিত ৰাছুল? এতেকে যেতিয়া সিহঁতে সেই সত্যৰ পৰা আঁতৰি গল, যিটো মুছা আলাইহিছ ছালামে সিহঁতৰ ওচৰলৈ আনিছিল। তেতিয়া আল্লাহে সিহঁতৰ অন্তৰক সত্য আৰু ইছলামৰ প্ৰতি অটুট থাকিবলৈ তাওফীক প্ৰাপ্তিৰ পৰা দূৰ কৰি দিলে। (এতেকে জানি থোৱা) আল্লাহে সেইসকল লোকক সত্যৰ তাওফীক নিদিয়ে, যিসকলে তেওঁৰ আনুগত্যৰ পৰা আঁতৰি যায়।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• مشروعية مبايعة ولي الأمر على السمع والطاعة والتقوى.
শাসকসকলৰ হাতত, তেওঁলোকৰ কথা শুনা, মানা আৰু আল্লাহৰ তাক্বৱা অৱলম্বন কৰাৰ প্ৰতিজ্ঞা কৰা বা বাইআত কৰা বৈধ।

• وجوب الصدق في الأفعال ومطابقتها للأقوال.
কৰ্মত সত্যতা থকা অৰ্থাৎ কথাৰ লগত কামৰ মিল থকাটো জৰুৰী।

• بيَّن الله للعبد طريق الخير والشر، فإذا اختار العبد الزيغ والضلال ولم يتب فإن الله يعاقبه بزيادة زيغه وضلاله.
আল্লাহে বান্দাসকলৰ বাবে ভাল-বেয়া উভয় পথ বৰ্ণনা কৰি দিছে। এতেকে এতিয়া যদি বান্দাই নিজৰ বাবে পথভ্ৰষ্টতাক বাচি লয় আৰু তাওবা নকৰে তেন্তে আল্লাহে শাস্তিস্বৰূপে তাৰ পথভ্ৰষ্টতা তথা বক্ৰতা আৰু বৃদ্ধি কৰি দিয়ে।

وَاِذْ قَالَ عِیْسَی ابْنُ مَرْیَمَ یٰبَنِیْۤ اِسْرَآءِیْلَ اِنِّیْ رَسُوْلُ اللّٰهِ اِلَیْكُمْ مُّصَدِّقًا لِّمَا بَیْنَ یَدَیَّ مِنَ التَّوْرٰىةِ وَمُبَشِّرًا بِرَسُوْلٍ یَّاْتِیْ مِنْ بَعْدِی اسْمُهٗۤ اَحْمَدُ ؕ— فَلَمَّا جَآءَهُمْ بِالْبَیِّنٰتِ قَالُوْا هٰذَا سِحْرٌ مُّبِیْنٌ ۟
হে ৰাছুল! সেই সময়ক স্মৰণ কৰক, যেতিয়া ঈছা ইবনে মাৰইয়াম আলাইহিছ ছালামে কৈছিল, হে বনী ইছৰাঈল! নিশ্চয় মই আল্লাহৰ ৰাছুল, মোৰ পূৰ্বে অৱতীৰ্ণ হোৱা তাওৰাতক সমৰ্থন কৰিবলৈ মোক তোমালোকৰ ওচৰলৈ প্ৰেৰণ কৰা হৈছে। এতেকে মই কোনো নতুন ৰাছুল নহয়, লগতে এজন ৰাছুলৰ সুসংবাদ দিবলৈ প্ৰেৰণ কৰিছে, যিজন মোৰ পিছত আহিব, তেওঁৰ নাম হ'ব আহমদ। যেতিয়া ঈছা আলাইহিছ ছালামে সিহঁতৰ ওচৰত নিজৰ সমৰ্থনত দলিল প্ৰমাণ দাঙি ধৰিলে, তেতিয়া সিহঁতে ক'লেঃ এয়া দেখোন স্পষ্ট যাদু। গতিকে ইয়াক আমি কেতিয়াও মানি নলওঁ।
ዓረብኛ ተፍሲሮች:
وَمَنْ اَظْلَمُ مِمَّنِ افْتَرٰی عَلَی اللّٰهِ الْكَذِبَ وَهُوَ یُدْعٰۤی اِلَی الْاِسْلَامِ ؕ— وَاللّٰهُ لَا یَهْدِی الْقَوْمَ الظّٰلِمِیْنَ ۟ۚ
আৰু সেই ব্যক্তিতকৈ ডাঙৰ অত্যাচাৰী আন কোনো হ'ব নোৱাৰে, যিয়ে আল্লাহৰ প্ৰতি মিছা ৰচনা কৰে, তথা তেওঁৰ লগত অংশীদাৰ স্থাপন কৰি তেওঁৰ বাহিৰে সেইবোৰৰ পূজা অৰ্চনা কৰে। অথচ তাক ইছলামৰ ফালে আহ্বান কৰা হৈছে, যিটো নিৰ্ভেজাল সঠিক তাওহীদৰ ধৰ্ম। আৰু আল্লাহে সেইসকল লোকক হিদায়ত আৰু সত্যৰ পথ নেদেখুৱায় যিসকলে শ্বিৰ্ক আৰু পাপ কৰ্মৰ মাধ্যমত নিজৰ ওপৰত অত্যাচাৰ কৰে।
ዓረብኛ ተፍሲሮች:
یُرِیْدُوْنَ لِیُطْفِـُٔوْا نُوْرَ اللّٰهِ بِاَفْوَاهِهِمْ ؕ— وَاللّٰهُ مُتِمُّ نُوْرِهٖ وَلَوْ كَرِهَ الْكٰفِرُوْنَ ۟
এই অস্বীকাৰকাৰী সকলে আল্লাহৰ জ্যোতিক নিজৰ মিছা কথাৰ সহায়ত আৰু সত্যক বিকৃত কৰি নুমাই দিব বিচাৰে। আৰু সিহঁতে নিবিচৰাৰ পিছতো আল্লাহে নিজৰ ধৰ্মক পৃথিৱীৰ চৌদিশে বিয়পাই তেওঁৰ কলিমাক পূৰ্ণতা প্ৰদান কৰিব।
ዓረብኛ ተፍሲሮች:
هُوَ الَّذِیْۤ اَرْسَلَ رَسُوْلَهٗ بِالْهُدٰی وَدِیْنِ الْحَقِّ لِیُظْهِرَهٗ عَلَی الدِّیْنِ كُلِّهٖ ۙ— وَلَوْ كَرِهَ الْمُشْرِكُوْنَ ۟۠
আল্লাহ তেৱেঁই যিয়ে তেওঁৰ ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক ইছলাম ধৰ্মৰ সৈতে প্ৰেৰণ কৰিছে। যিটো সত্য আৰু কল্যাণৰ পথ প্ৰদৰ্শক তথা উপকাৰী জ্ঞান আৰু সত্কৰ্মৰ ধৰ্ম। যাতে মুশ্বৰিকসকলে নিবিচৰাৰ পিছতো এই ধৰ্মক সকলো ধৰ্মতকৈ উচ্চ কৰি দিয়ে। যিসকলে ইয়াক পৃথিৱীত প্ৰতিষ্ঠিত হোৱাটো পছন্দ নকৰে।
ዓረብኛ ተፍሲሮች:
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا هَلْ اَدُلُّكُمْ عَلٰی تِجَارَةٍ تُنْجِیْكُمْ مِّنْ عَذَابٍ اَلِیْمٍ ۟
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়তৰ প্ৰতি আমলকাৰীসকল! মই তোমালোকক এটা লাভদায়ক ব্যৱসায়ৰ পথ দেখুৱাই দিমনে, যিটোৱে তোমালোকক কষ্টদায়ক শাস্তিৰ পৰা ৰক্ষা কৰিব?
ዓረብኛ ተፍሲሮች:
تُؤْمِنُوْنَ بِاللّٰهِ وَرَسُوْلِهٖ وَتُجَاهِدُوْنَ فِیْ سَبِیْلِ اللّٰهِ بِاَمْوَالِكُمْ وَاَنْفُسِكُمْ ؕ— ذٰلِكُمْ خَیْرٌ لَّكُمْ اِنْ كُنْتُمْ تَعْلَمُوْنَ ۟ۙ
এই লাভদায়ক ব্যৱসায়টো হৈছে এই যে, তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰা, আৰু তেওঁৰ পথত নিজৰ ধন খৰচ কৰি আৰু নিজৰ প্ৰাণ আহুতি দি তেওঁৰ সন্তুষ্টি লাভৰ বাবে যুদ্ধ কৰা। এই আমল তোমালোকৰ বাবে উত্তম। যদি তোমালোকে এই বিষয়ে অৱগত তেন্তে ইয়াৰ ফালে সোনকালে অগ্ৰসৰ হোৱা।
ዓረብኛ ተፍሲሮች:
یَغْفِرْ لَكُمْ ذُنُوْبَكُمْ وَیُدْخِلْكُمْ جَنّٰتٍ تَجْرِیْ مِنْ تَحْتِهَا الْاَنْهٰرُ وَمَسٰكِنَ طَیِّبَةً فِیْ جَنّٰتِ عَدْنٍ ؕ— ذٰلِكَ الْفَوْزُ الْعَظِیْمُ ۟ۙ
আৰু এই ব্যৱসায়ৰ লাভাংশ হৈছে এই যে, আল্লাহে তোমালোকৰ পাপসমূহ ক্ষমা কৰি দিব আৰু তোমালোকক এনেকুৱা জান্নাতত প্ৰৱেশ কৰাব যাৰ অট্টালিকা আৰু বৃক্ষবোৰৰ তলেদি নিজৰা প্ৰৱাহিত হ'ব। আৰু তোমালোকক চিৰস্থায়ী জান্নাতৰ উৎকৃষ্ট ঘৰবোৰত প্ৰৱেশ কৰাব। এই প্ৰতিদানেই সেই ডাঙৰ সফলতা, যাৰ সমান আন কোনো সফলতা হ'ব নোৱাৰে।
ዓረብኛ ተፍሲሮች:
وَاُخْرٰی تُحِبُّوْنَهَا ؕ— نَصْرٌ مِّنَ اللّٰهِ وَفَتْحٌ قَرِیْبٌ ؕ— وَبَشِّرِ الْمُؤْمِنِیْنَ ۟
এই ব্যৱসায়ৰ আৰু এটা লাভ আছে, যিটোক তোমালোকে ভাল পোৱা আৰু সেইটো পৃথিৱীতেই প্ৰাপ্ত হয়, সেয়া হৈছে আল্লাহে তোমালোকক তোমালোকৰ শত্ৰুৰ বিৰুদ্ধে সহায় কৰিব আৰু তোমালোকে এটা সন্নিকট বিজয় লাভ কৰিবা অৰ্থাৎ মক্কা বিজয়ী হ'বা। এতেকে হে ৰাছুল! আপুনি মুমিনসকলক সুসংবাদ দিয়ক, যিটোৱে তেওঁলোকক আনন্দিত কৰিব অৰ্থাৎ পৃথিৱীত সহায়প্ৰাপ্ত হোৱাৰ আৰু পৰকালত জান্নাত লাভ কৰাৰ সুসংবাদ।
ዓረብኛ ተፍሲሮች:
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا كُوْنُوْۤا اَنْصَارَ اللّٰهِ كَمَا قَالَ عِیْسَی ابْنُ مَرْیَمَ لِلْحَوَارِیّٖنَ مَنْ اَنْصَارِیْۤ اِلَی اللّٰهِ ؕ— قَالَ الْحَوَارِیُّوْنَ نَحْنُ اَنْصَارُ اللّٰهِ فَاٰمَنَتْ طَّآىِٕفَةٌ مِّنْ بَنِیْۤ اِسْرَآءِیْلَ وَكَفَرَتْ طَّآىِٕفَةٌ ۚ— فَاَیَّدْنَا الَّذِیْنَ اٰمَنُوْا عَلٰی عَدُوِّهِمْ فَاَصْبَحُوْا ظٰهِرِیْنَ ۟۠
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়তৰ প্ৰতি আমলকাৰীসকল! ৰাছুলে তোমালোকৰ ওচৰলৈ লৈ অহা দ্বীন ইছলামক সহায় কৰি আল্লাহৰ সহায়ক হৈ যোৱা। ঠিক সেইদৰে যিদৰে হাৱাৰীসকলে সহায় কৰিছিল, যেতিয়া ঈছা আলাইহিছ ছালামে তেওঁলোকক কৈছিলঃ আল্লাহৰ দ্বীন প্ৰচাৰৰ ক্ষেত্ৰত মোক কোনে কোনে সহায় কৰিবা? তেতিয়া তেওঁলোকে ক্ষীপ্ৰতাৰে উত্তৰ দিছিল যে, আমি হম আল্লাহৰ সহায়ক। ফলত বনী ইছৰাঈলৰ এটা দলে ঈছা আলাইহিছ ছালামৰ প্ৰতি ঈমান আনিলে আৰু আনটো দলে তেখেতক মানিবলৈ অস্বীকাৰ কৰিলে। এতেকে আমি সেইসকল লোকক কাফিৰসকলৰ বিৰুদ্ধে সমৰ্থন কৰিলো, যিসকলে ঈছা আলাইহিছ ছালামৰ প্ৰতি ঈমান পোষণ কৰিছিল। অৱশেষত তেওঁলোক সিহঁতৰ ওপৰত বিজয় প্ৰাপ্ত হ'ল।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• تبشير الرسالات السابقة بنبينا صلى الله عليه وسلم دلالة على صدق نبوته.
বিগত ৰাছুলসকলে নবী চাল্লাল্লাহু আলাইহি অছাল্লাম সম্পৰ্কে সুসংবাদ দিয়াটো তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ বাবে সত্য ৰাছুল হোৱাৰ প্ৰমাণ।

• التمكين للدين سُنَّة إلهية.
দ্বীন প্ৰতিষ্ঠা কৰা আল্লাহৰ নীতি।

• الإيمان والجهاد في سبيل الله من أسباب دخول الجنة.
ঈমান আৰু আল্লাহৰ পথত যুদ্ধ কৰা জান্নাতত প্ৰৱেশ কৰাৰ মাধ্যম।

• قد يعجل الله جزاء المؤمن في الدنيا، وقد يدخره له في الآخرة لكنه لا يُضَيِّعه - سبحانه -.
আল্লাহে কেতিয়াবা কেতিয়াবা মুমিনসকলক পৃথিৱীতেই প্ৰতিদান দিয়ে, আকৌ কেতিয়াবা পৰকালৰ বাবে জমা কৰি ৰাখে। কিন্তু সেয়া বিনষ্ট নকৰে।

 
የመልዕክት ትርጉም ሱራ (ምዕራፍ): አስ ሶፍ
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት