Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም ሱራ (ምዕራፍ): አል-አንዓም   አንቀፅ:
وَهُوَ الَّذِیْ یَتَوَفّٰىكُمْ بِالَّیْلِ وَیَعْلَمُ مَا جَرَحْتُمْ بِالنَّهَارِ ثُمَّ یَبْعَثُكُمْ فِیْهِ لِیُقْضٰۤی اَجَلٌ مُّسَمًّی ۚ— ثُمَّ اِلَیْهِ مَرْجِعُكُمْ ثُمَّ یُنَبِّئُكُمْ بِمَا كُنْتُمْ تَعْمَلُوْنَ ۟۠
আৰু টোপনিত অস্থায়ী ৰূপে আল্লাহেই তোমালোকৰ প্ৰাণবোৰক নিজৰ কব্জাত ৰাখে। তোমালোকে গোটেই দিন যি যি কৰ্ম কৰা সেই সকলোবোৰ তেওঁ জানে। তেৱেঁই তোমালোকক দিনত জগাই দিয়ে যাতে তোমালোকে নিজৰ কৰ্মবোৰ সুচাৰুৰূপে সম্পাদন কৰিব পাৰা। অৱশেষত আল্লাহৰ ওচৰত তোমালোকৰ যি সময় নিৰ্ধাৰিত আছে সেয়া শেষ হৈ যাব। তাৰ পিছত তোমালোকক ক্বিয়ামতৰ দিনা পুনৰ্জীৱিত কৰা হ'ব, আৰু তেওঁৰ পিনেই প্ৰত্যাৱৰ্তন কৰা হ'ব। তাৰ পিছত তেৱেঁই তোমালোকক অৱগত কৰাব তোমালোকে পৃথিৱীত কি কৰি আহিছা, লগতে তেওঁ তোমালোকক তোমালোকৰ কৰ্মৰ প্ৰতিদান দিব।
ዓረብኛ ተፍሲሮች:
وَهُوَ الْقَاهِرُ فَوْقَ عِبَادِهٖ وَیُرْسِلُ عَلَیْكُمْ حَفَظَةً ؕ— حَتّٰۤی اِذَا جَآءَ اَحَدَكُمُ الْمَوْتُ تَوَفَّتْهُ رُسُلُنَا وَهُمْ لَا یُفَرِّطُوْنَ ۟
আল্লাহৰ প্ৰভূত্ব তেওঁৰ সকলো বান্দাৰ ওপৰত প্ৰতিষ্ঠিত। সকলোৱে তেওঁৰ নিয়ন্ত্ৰণাধীন। তেওঁ সকলো ফালৰ পৰা সৰ্বোচ্চ। সকলোৱে তেওঁৰ ওচৰত মস্তকৱনত। তেওঁ নিজৰ মৰ্যদানুসাৰে বান্দাসকলৰ ওপৰত আছে। হে মানৱ! তেওঁ তোমালোকৰ ওচৰত সন্মানিত ফিৰিস্তাসকলক প্ৰেৰণ কৰে, যিসকলে তোমালোকৰ কৰ্মৰ হিচাপ ৰাখে। (এইদৰে অব্যাহত থাকিব) অৱশেষত তোমালোকৰ নিৰ্ধাৰিত সময় শেষ হ'ব আৰু মালাকুল মউত আৰু তেওঁৰ সঙ্গীসকল আহি তোমালোকৰ প্ৰাণ হৰণ কৰিব। তেওঁলোকে নিজৰ কৰ্মত অকণো অৱহেলা নকৰে।
ዓረብኛ ተፍሲሮች:
ثُمَّ رُدُّوْۤا اِلَی اللّٰهِ مَوْلٰىهُمُ الْحَقِّ ؕ— اَلَا لَهُ الْحُكْمُ ۫— وَهُوَ اَسْرَعُ الْحٰسِبِیْنَ ۟
তাৰ পিছত সকলো প্ৰাণক আল্লাহৰ পিনেই প্ৰত্যাৱৰ্তন কৰোৱা হ'ব যিজন তেওঁলোকৰ সত্য মালিক, যাতে তেওঁ সিহঁতক সিহঁতৰ কৰ্মৰ প্ৰতিদান দিব পাৰে। তেৱেঁই সিহঁতৰ মাজত চূড়ান্ত ফয়চালাকাৰী আৰু ন্যায় বিচাৰক। তেৱেঁই তোমালোকৰ আমলৰ দ্ৰুত হিচাপকাৰী আৰু গণনাকাৰী।
ዓረብኛ ተፍሲሮች:
قُلْ مَنْ یُّنَجِّیْكُمْ مِّنْ ظُلُمٰتِ الْبَرِّ وَالْبَحْرِ تَدْعُوْنَهٗ تَضَرُّعًا وَّخُفْیَةً ۚ— لَىِٕنْ اَنْجٰىنَا مِنْ هٰذِهٖ لَنَكُوْنَنَّ مِنَ الشّٰكِرِیْنَ ۟
হে ৰাছুল! আপুনি এই মুশ্বৰিকসকলক কৈ দিয়ক যে, জল আৰু স্থলৰ বিপদ-আপদৰ পৰা তোমালোকক কোনে উদ্ধাৰ কৰে? তেতিয়া তোমালোকে দেখুন বিনীত হৈ প্ৰকাশ্য অপ্ৰকাশ্যভাৱে কেৱল তেওঁকেই আহ্বান কৰা, তেতিয়া তোমালোকে কোৱা যে, আমাৰ প্ৰতিপালকে যদি আমাক এই বিপদৰ পৰা ৰক্ষা কৰে তেন্তে আমি তেওঁৰ অনুগ্ৰহবোৰৰ কৃতজ্ঞতা আদায় কৰিম আৰু তেওঁৰ বাহিৰে আন কাৰো ইবাদত নকৰিম।
ዓረብኛ ተፍሲሮች:
قُلِ اللّٰهُ یُنَجِّیْكُمْ مِّنْهَا وَمِنْ كُلِّ كَرْبٍ ثُمَّ اَنْتُمْ تُشْرِكُوْنَ ۟
হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক যে, আল্লাহেই তোমালোকক সকলো প্ৰকাৰ বিপদৰ পৰা ৰক্ষা কৰে আৰু সকলো প্ৰকাৰ সংকটৰ পৰা মুক্তি দিয়ে। তথাপিও তোমালোকে সুখৰ সময়ত তেওঁৰ লগত অংশীদাৰ স্থাপন কৰা। ইয়াতকৈ ডাঙৰ অন্যায় আৰু কি হ'ব পাৰে?।
ዓረብኛ ተፍሲሮች:
قُلْ هُوَ الْقَادِرُ عَلٰۤی اَنْ یَّبْعَثَ عَلَیْكُمْ عَذَابًا مِّنْ فَوْقِكُمْ اَوْ مِنْ تَحْتِ اَرْجُلِكُمْ اَوْ یَلْبِسَكُمْ شِیَعًا وَّیُذِیْقَ بَعْضَكُمْ بَاْسَ بَعْضٍ ؕ— اُنْظُرْ كَیْفَ نُصَرِّفُ الْاٰیٰتِ لَعَلَّهُمْ یَفْقَهُوْنَ ۟
হে ৰাছুল! ইহঁতক কৈ দিয়ক যে, আল্লাহ তোমালোকৰ ওপৰত এনেকুৱা শাস্তি প্ৰেৰণ কৰিবলৈ সক্ষম যিটো ওপৰৰ পৰা আহিব যেনে, শীল, বিজুলী আৰু ধুমুহা আদি অথবা এনেকুৱা শাস্তি যিটো তলৰ পৰা আহিব যেনে, ভূমিকম্প, ভূমিস্খলন আদি, নাইবা তোমালোকৰ মাজত মতভেদ সৃষ্টি কৰি দিব আৰু সকলোৱে নিজৰ নিজৰ ইচ্ছানুসাৰে চলিব আৰু পৰস্পৰে কাজিয়াত লিপ্ত হ'ব। হে ৰাছুল! গমি চাওকচোন, কিদৰে আমি স্পষ্ট প্ৰমাণবোৰ সিহঁতৰ সন্মুখত দাঙি ধৰিছো, যাতে সিহঁতে বুজি পায় যে, আপুনি যি লৈ আহিছে সেয়া সত্য আৰু যিবোৰ সিহঁতৰ ওচৰত আছে সেয়া অসত্য।
ዓረብኛ ተፍሲሮች:
وَكَذَّبَ بِهٖ قَوْمُكَ وَهُوَ الْحَقُّ ؕ— قُلْ لَّسْتُ عَلَیْكُمْ بِوَكِیْلٍ ۟ؕ
এই কোৰআন সত্য আৰু নিশ্চিতৰূপে ই আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ, ইয়াত কোনো সন্দেহ নাই। তথাপিও আপোনাৰ সম্প্ৰদায়ে ইয়াক মিছা প্ৰতিপন্ন কৰিছে। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক যে, তোমালোকক চোৱা চিতা কৰাৰ দায়িত্ব মোক দিয়া হোৱা নাই। মই কেৱল তোমালোকক সন্মুখত থকা এটা শাস্তিৰ পৰা সতৰ্ককাৰীহে মাথোন।
ዓረብኛ ተፍሲሮች:
لِكُلِّ نَبَاٍ مُّسْتَقَرٌّ ؗ— وَّسَوْفَ تَعْلَمُوْنَ ۟
সকলো সংবাদৰ এটা নিৰ্ধাৰিত সময় আছে, যেতিয়া সেইটো জাৰি হয়। ঠিক তেনেকুৱাই তোমালোকৰ অন্তিম সংবাদৰ ক্ষেত্ৰতো, যেতিয়া তোমালোকক ক্বিয়ামতৰ দিনা পুনৰুত্থিত কৰা হ'ব, তেতিয়া তোমালোকে বুজি পাবা।
ዓረብኛ ተፍሲሮች:
وَاِذَا رَاَیْتَ الَّذِیْنَ یَخُوْضُوْنَ فِیْۤ اٰیٰتِنَا فَاَعْرِضْ عَنْهُمْ حَتّٰی یَخُوْضُوْا فِیْ حَدِیْثٍ غَیْرِهٖ ؕ— وَاِمَّا یُنْسِیَنَّكَ الشَّیْطٰنُ فَلَا تَقْعُدْ بَعْدَ الذِّكْرٰی مَعَ الْقَوْمِ الظّٰلِمِیْنَ ۟
হে ৰাছুল! যেতিয়া আপুনি মুশ্বৰিক সকলক আমাৰ আয়াতসমূহক লৈ উপহাস কৰা বা উপলুঙা কৰা দেখিব, তেতিয়া আপুনি সিহঁতৰ পৰা আঁতৰি থাকিব যেতিয়ালৈকে সিহঁতে আন কোনো প্ৰসঙ্গ আৰম্ভ নকৰে। আনহাতে যদি চয়তানে পাহৰাই দিয়ে আৰু অজানিতে আপুনি সিহঁতৰ লগত বহে তেন্তে মনত পৰাৰ লগে লগে সিহঁতৰ বৈঠক পৰিত্যাগ কৰক আৰু এনেকুৱা সীমালংঘনকাৰী সকলৰ সৈতে নবহিব।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• إثبات أن النومَ موتٌ، وأن الأرواح تُقْبض فيه، ثم تُرَد عند الاستيقاظ.
টোপনিও যে এক প্ৰকাৰ মৃত্যু তাৰ প্ৰমাণ পোৱা গল। টোপনিত প্ৰাণ হৰণ কৰি লোৱা হয় আৰু সাৰ পোৱাৰ সময়ত ওভোতাই দিয়া হয়।

• الاستدلال على استحقاق الله تعالى للألوهية بدليل الفطرة، فإن أهل الكفر يؤمنون بالله تعالى ويرجعون لفطرتهم عند الاضطرار والوقوع في المهالك، فيسألون الله تعالى وحده.
স্বভাৱগত প্ৰমাণৰ দ্বাৰা প্ৰমাণিত কৰা যে, পূজা-পাঠ আৰু উপাসনাৰ একমাত্ৰ হকদাৰ কেৱল আল্লাহ তাআলা। কিয়নো স্বয়ং কাফিৰেও যেতিয়া সংকটত পৰে তেতিয়া নিজৰ মূল স্বভাৱৰ পিনে উভতি যায় আৰু আল্লাহৰ প্ৰতি ঈমান পোষণ কৰে আৰু কেৱল তেওঁৰ ওচৰতেই প্ৰাৰ্থনা কৰে।

• إلزام المشركين بمقتضى سلوكهم، وإقامة الدليل على انقلاب فطرتهم، بكونهم يستغيثون بالله وحده في البحر عند الشدة، ويشركون به حين يسلمهم وينجيهم إلى البر.
মুশ্বৰিকসকলক অৱগত কৰোৱা যে, সিহঁতৰ ব্যৱহাৰ অনুসাৰে সিহঁতে কি কৰা উচিত। আৰু সিহঁতৰ স্বভাৱ পৰিবৰ্তনৰ দ্বাৰা প্ৰমাণ প্ৰস্তুত কৰা। কিয়নো সিহঁতে সাগৰীয় সংকটৰ সময়ত একমাত্ৰ আল্লাহকেই প্ৰাৰ্থনা কৰে কিন্তু আল্লাহে যেতিয়া সিহঁতক স্থলত পৌঁচাই দিয়ে তেতিয়া সিহঁতে আকৌ শ্বিৰ্ক কৰে।

• عدم جواز الجلوس في مجالس أهل الباطل واللغو، ومفارقتُهم، وعدم العودة لهم إلا في حال إقلاعهم عن ذلك.
বেয়া আৰু অপ্ৰয়োজনীয় বৈঠকত বহা ঠিক নহয়, এনেকুৱা বৈঠক পৰিত্যাগ কৰা আৰু যেতিয়ালৈকে সিহঁতে এনেকুৱা বিষয়ৰ চৰ্চা বন্ধ নকৰে তাত উভতি যোৱা সমীচীন নহয়।

 
የመልዕክት ትርጉም ሱራ (ምዕራፍ): አል-አንዓም
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት