Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም ሱራ (ምዕራፍ): አል ሐሽር   አንቀፅ:

আল-হাশ্বৰ

ከሱራዋ ጥቅል ሀሳብ መካከል:
إظهار قوة الله وعزته في توهين اليهود والمنافقين، وإظهار تفرقهم، في مقابل إظهار تآلف المؤمنين.
ইহুদী আৰু মুনাফিকসকলক দূৰ্বল আৰু অপমানিত কৰিবলৈ আল্লাহৰ শক্তি তথা সামৰ্থ প্ৰদৰ্শন। আৰু এই কথা প্ৰকাশ কৰা যে, সিহঁত বিশৃংখলিত লোক। আনহাতে সিহঁতৰ তুলনাত ঈমান্দাৰসকল পৰস্পৰে প্ৰেম ভাৱ পোষণ কৰে।

سَبَّحَ لِلّٰهِ مَا فِی السَّمٰوٰتِ وَمَا فِی الْاَرْضِ ۚ— وَهُوَ الْعَزِیْزُ الْحَكِیْمُ ۟
আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সকলোৱে আল্লাহৰ মহত্ব বৰ্ণনা কৰে আৰু সেই সকলো বস্তুৰ পৰা তেওঁৰ পৱিত্ৰতাৰ গুণ গান গায়, যিটো তেওঁৰ মৰ্যদাৰ অনুৰূপ নহয়। তেওঁ প্ৰভুত্বশালী, তেওঁৰ প্ৰতি কাৰো যোৰ নচলে। তেওঁ ৰচনা, চৰীয়ত প্ৰণয়ন আৰু নিৰ্ণয়ত প্ৰজ্ঞাময়।
ዓረብኛ ተፍሲሮች:
هُوَ الَّذِیْۤ اَخْرَجَ الَّذِیْنَ كَفَرُوْا مِنْ اَهْلِ الْكِتٰبِ مِنْ دِیَارِهِمْ لِاَوَّلِ الْحَشْرِ ؔؕ— مَا ظَنَنْتُمْ اَنْ یَّخْرُجُوْا وَظَنُّوْۤا اَنَّهُمْ مَّا نِعَتُهُمْ حُصُوْنُهُمْ مِّنَ اللّٰهِ فَاَتٰىهُمُ اللّٰهُ مِنْ حَیْثُ لَمْ یَحْتَسِبُوْا وَقَذَفَ فِیْ قُلُوْبِهِمُ الرُّعْبَ یُخْرِبُوْنَ بُیُوْتَهُمْ بِاَیْدِیْهِمْ وَاَیْدِی الْمُؤْمِنِیْنَ ۗ— فَاعْتَبِرُوْا یٰۤاُولِی الْاَبْصَارِ ۟
তেৱেঁই বনী নজীৰৰ ইহুদীসকলক যিসকলে আল্লাহৰ লগত কুফুৰী কৰিছিল আৰু তেওঁৰ ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক অস্বীকাৰ কৰিছিল, মদীনাত স্থিতিত সিহঁতৰ ঘৰৰ পৰা প্ৰথম আক্ৰমণতে সিহঁতক শ্বাম দেশলৈ বহিষ্কাৰ কৰিছিল। ইহঁত আছিল তাওৰাত ধাৰণকাৰী ইয়াহুদী। এই ঘটনা সংঘটিত হৈছিল যেতিয়া সিহঁতে নিজৰ প্ৰতিশ্ৰুতি ভংগ কৰিছিল আৰু মুশ্বৰিকসকলৰ সৈতে থিয় দিছিল। আল্লাহে সিহঁতক শাম দেশলৈ খেদি পঠিয়াইছিল। আনহাতে সিহঁত ইমান শক্তিশালী আৰু ক্ষমতাশীল আছিল যে, (হে মুমিনসকল) তোমালোকে ভবাও নাছিলা যে, সিহঁতে কেতিয়াবা নিজৰ ঘৰৰ পৰা বহিষ্কৃত হব। আৰু সিহঁত নিজেও ভাবি আছিল যে, সিহঁতে বনোৱা মজবুত দুৰ্গই সিহঁতক আল্লাহৰ গ্ৰেপ্তাৰী আৰু শাস্তিৰ পৰা ৰক্ষা কৰিব। কিন্তু আল্লাহৰ শাস্তি সিহঁতৰ ওচৰত কৰ পৰা আহিল, সিহঁত গমিও চাব পৰা নাছিল, যেতিয়া আল্লাহে তেওঁৰ ৰাছুলক সিহঁতৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আৰু সিহঁতক সিহঁতৰ ঘৰৰ পৰা উলিয়াই দিবলৈ আদেশ দিছিল। লগতে আল্লাহে সিহঁতৰ অন্তৰত ভয়-ভীতি সোমাই দিছিল, ফলত সিহঁতে নিজ হাতেৰে নিজৰ ঘৰৰ ভিতৰৰ বয়-বস্তু ধ্বংস কৰিছিল। যাতে মুছলিমসকলে এইবোৰৰ দ্বাৰা উপকৃত হব নোৱাৰে। গতিকে হে জ্ঞানীসকল! কুফৰী কৰাৰ কাৰণে সিহঁতৰ যি পৰিণাম হ'ল, তাৰ পৰা শিক্ষা গ্ৰহণ কৰা আৰু সিহঁতৰ দৰে নহ'বা। অন্যথা সিহঁতৰ দৰেই পৰিণাম আৰু শাস্তি ভোগ কৰিব লাগিব।
ዓረብኛ ተፍሲሮች:
وَلَوْلَاۤ اَنْ كَتَبَ اللّٰهُ عَلَیْهِمُ الْجَلَآءَ لَعَذَّبَهُمْ فِی الدُّنْیَا ؕ— وَلَهُمْ فِی الْاٰخِرَةِ عَذَابُ النَّارِ ۟
যদি আল্লাহে সিহঁতৰ ভাগ্যত নিৰ্বাসনদণ্ড নিৰ্ধাৰণ নকৰিলেহেঁতেন তেন্তে আল্লাহে সিহঁতক পৃথিৱীত হত্যা আৰু বন্দীৰ শাস্তি বিহিলেহেঁতেন। আৰু পৰকালত সিহঁতৰ বাবে আছে অগ্নিৰ শাস্তি, যিটো সিহঁতৰ অপেক্ষাত আছে। সিহঁতে তাত চিৰকাল থাকিব।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• المحبة التي لا تجعل المسلم يتبرأ من دين الكافر ويكرهه، فإنها محرمة، أما المحبة الفطرية؛ كمحبة المسلم لقريبه الكافر، فإنها جائزة.
যি ভালপোৱাৰ ফলত এজন মুছলিমে কাফিৰৰ ধৰ্মৰ পৰা নিজকে পৃথক নকৰে অথবা তাক অপছন্দ নকৰে তেনেকুৱা মুহাব্বত হাৰাম। আনহাতে স্বভাৱগত মুহাব্বত বৈধ, যেনে, এজন মুছলিমে পৰিচিত কাফিৰসকলক ভালপায়।

• رابطة الإيمان أوثق الروابط بين أهل الإيمان.
ঈমান্দাৰসকলৰ মাজত সৱাতোকৈ মজবুত সম্পৰ্ক হৈছে ঈমানৰ সম্পৰ্ক।

• قد يعلو أهل الباطل حتى يُظن أنهم لن ينهزموا، فتأتي هزيمتهم من حيث لا يتوقعون.
কেতিয়াবা বাতিলপন্থীসকল ইমান শক্তিশালী হৈ পৰে এনেকুৱা লাগে যেন সিহঁত কেতিয়াও পৰাজিত নহ'ব। কিন্তু হঠাৎ পৰাজয় এনেকুৱা দিশৰ পৰা আহি যায় যে, সিহঁতে কল্পনাও কৰিব নোৱাৰে।

• من قدر الله في الناس دفع المصائب بوقوع ما دونها من المصائب.
আল্লাহে মানুহৰ ডাঙৰ বিপদক সৰু বিপদৰ জৰিয়তে দূৰ কৰি দিয়ে।

 
የመልዕክት ትርጉም ሱራ (ምዕራፍ): አል ሐሽር
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት