Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም ሱራ (ምዕራፍ): አል ዋቂዓህ   አንቀፅ:

আল-ৱাক্বিয়াহ

ከሱራዋ ጥቅል ሀሳብ መካከል:
بيان أحوال العباد يوم المعاد.
কিয়ামতৰ দিনা বান্দাসকলৰ অৱস্থাৰ বৰ্ণনা।

اِذَا وَقَعَتِ الْوَاقِعَةُ ۟ۙ
যেতিয়া নিশ্চিতভাৱে কিয়ামত অনুষ্ঠিত হ’ব।
ዓረብኛ ተፍሲሮች:
لَیْسَ لِوَقْعَتِهَا كَاذِبَةٌ ۟ۘ
তেতিয়া কোনেও ইয়াক অস্বীকাৰ কৰিব নোৱাৰিব। যদিও সি পৃথিৱীত ইয়াক অস্বীকাৰ কৰিছিল।
ዓረብኛ ተፍሲሮች:
خَافِضَةٌ رَّافِعَةٌ ۟ۙ
ই পাপিষ্ঠ কাফিৰসকলক জাহান্নামত প্ৰৱেশ কৰোৱাৰ মাধ্যমত সিহঁতক অধঃপতন কৰিব, আনহাতে মুত্ত্বাক্বী মুমিনসকলক জান্নাতত প্ৰৱেশ কৰাই তেওঁলোকক সমুন্নত কৰিব।
ዓረብኛ ተፍሲሮች:
اِذَا رُجَّتِ الْاَرْضُ رَجًّا ۟ۙ
যেতিয়া পৃথিৱী মহা প্ৰকম্পনেৰে প্ৰকম্পিত হ’ব।
ዓረብኛ ተፍሲሮች:
وَّبُسَّتِ الْجِبَالُ بَسًّا ۟ۙ
আৰু পৰ্বতসমূহক চূৰ্ণ-বিচূৰ্ণ কৰা হ’ব।
ዓረብኛ ተፍሲሮች:
فَكَانَتْ هَبَآءً مُّنْۢبَثًّا ۟ۙ
ফলত সেইবোৰ উৰি ফুৰা ধূলিকণাত পৰিণত হ’ব। যাৰ কোনো স্থিতিশীলতা নাই।
ዓረብኛ ተፍሲሮች:
وَّكُنْتُمْ اَزْوَاجًا ثَلٰثَةً ۟ؕ
আৰু সেইদিনা তোমালোকে তিনিটা শ্রেণীত বিভক্ত হ’বা।
ዓረብኛ ተፍሲሮች:
فَاَصْحٰبُ الْمَیْمَنَةِ ۙ۬— مَاۤ اَصْحٰبُ الْمَیْمَنَةِ ۟ؕ
সোঁহাতত আমলনামা গ্রহণকাৰীসকলৰ মৰ্যাদা কিমান যে উৎকৃষ্ট তথা সুউচ্চ!
ዓረብኛ ተፍሲሮች:
وَاَصْحٰبُ الْمَشْـَٔمَةِ ۙ۬— مَاۤ اَصْحٰبُ الْمَشْـَٔمَةِ ۟ؕ
পক্ষান্তৰে বাওঁহাতত আমলনামা গ্রহণকাৰীসকলৰ স্তৰ কিমান যে নিম্নমানৰ!
ዓረብኛ ተፍሲሮች:
وَالسّٰبِقُوْنَ السّٰبِقُوْنَ ۟ۙ
পৃথিৱীৰ জীৱনত ভাল কামত আগভাগ লোৱাসকলে পৰকালতো সৱাতোকৈ আগত জান্নাতত যাব।
ዓረብኛ ተፍሲሮች:
اُولٰٓىِٕكَ الْمُقَرَّبُوْنَ ۟ۚ
তেওঁলোকেই হৈছে আল্লাহৰ নৈকট্য প্ৰাপ্ত লোক।
ዓረብኛ ተፍሲሮች:
فِیْ جَنّٰتِ النَّعِیْمِ ۟
তেওঁলোকে নিয়ামতেৰে ভৰা জান্নাতত অৱস্থান কৰিব। তেওঁলোকে তাত নানা ধৰণৰ ভোগসামগ্রী উপভোগ কৰিব।
ዓረብኛ ተፍሲሮች:
ثُلَّةٌ مِّنَ الْاَوَّلِیْنَ ۟ۙ
এই উম্মতৰ এটা দল আৰু বহু সংখ্যক হ’ব পূৰ্বৱৰ্তী উম্মতৰ মাজৰ পৰা।
ዓረብኛ ተፍሲሮች:
وَقَلِیْلٌ مِّنَ الْاٰخِرِیْنَ ۟ؕ
আৰু শেষ যুগৰ হ’ব কম সংখ্যক লোক, তেওঁলোক হ'ব অগ্রগামী তথা নৈকট্যপ্ৰাপ্তসকলৰ অন্তৰ্ভুক্ত।
ዓረብኛ ተፍሲሮች:
عَلٰی سُرُرٍ مَّوْضُوْنَةٍ ۟ۙ
তেওঁলোকে থাকিব সোণেৰে খচিত আসনত।
ዓረብኛ ተፍሲሮች:
مُّتَّكِـِٕیْنَ عَلَیْهَا مُتَقٰبِلِیْنَ ۟
তেওঁলোকে সেইবোৰ আসনত মুখামুখিকৈ আউজি বহিব। কোনেও কাৰো ঘাৰ দেখা নাপাব।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• دوام تذكر نعم الله وآياته سبحانه موجب لتعظيم الله وحسن طاعته.
আল্লাহৰ নিয়ামত আৰু তেওঁৰ নিদৰ্শনবোৰ সদায় স্মৰণ কৰিলে আল্লাহৰ মহানতাৰ অনুভৱ হয় তথা তেওঁৰ আনুগত্যত আগ্ৰহ জাগে।

• انقطاع تكذيب الكفار بمعاينة مشاهد القيامة.
কাফিৰসকলৰ অবিশ্বাসৰ এই ধাৰাবাহিকতা কিয়ামতৰ ভয়াৱহ দৃশ্যবোৰ প্ৰত্যক্ষ কৰাৰ লগে লগে বন্ধ হৈ পৰিব।

• تفاوت درجات أهل الجنة بتفاوت أعمالهم.
আমল অনুসাৰে জান্নাতীসকলৰ মৰ্যাদা ভিন ভিন হ’ব।

 
የመልዕክት ትርጉም ሱራ (ምዕራፍ): አል ዋቂዓህ
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት