Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ

የመልዕክት ትርጉም ሱራ (ምዕራፍ): አር ረሕማን   አንቀፅ:
مَرَجَ الْبَحْرَیْنِ یَلْتَقِیٰنِ ۟ۙ
আল্লাহে মিঠা আৰু লুণীয়া উভয় সাগৰকে মিলিত কৰে, বাহ্যিক দৃষ্টিত মিশ্ৰিত দেখা যায়।
ዓረብኛ ተፍሲሮች:
بَیْنَهُمَا بَرْزَخٌ لَّا یَبْغِیٰنِ ۟ۚ
কিন্তু দুয়ো সাগৰৰ মাজত আছে এনেকুৱা এখন পর্দা, যিখনে পৰস্পৰক মিশ্ৰিত হ’বলৈ বাধা দিয়ে। ফলত পানীৰ মিঠা অংশ মিঠা থাকে আৰু লুণীয়া অংশ লুণীয়া হৈয়ে থাকে।
ዓረብኛ ተፍሲሮች:
فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟
হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
ዓረብኛ ተፍሲሮች:
یَخْرُجُ مِنْهُمَا اللُّؤْلُؤُ وَالْمَرْجَانُ ۟ۚ
উভয় সাগৰৰ সঙ্গমস্থলত উৎপন্ন হয় সৰু-ডাঙৰ মুকুতা।
ዓረብኛ ተፍሲሮች:
فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟
হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
ዓረብኛ ተፍሲሮች:
وَلَهُ الْجَوَارِ الْمُنْشَاٰتُ فِی الْبَحْرِ كَالْاَعْلَامِ ۟ۚ
সাগৰৰ মাজত চলাচল কৰা পৰ্বত সদৃশ নৌযানবোৰ একমাত্ৰ পৱিত্ৰ আল্লাহৰেই নিয়ন্ত্ৰণাধীন।
ዓረብኛ ተፍሲሮች:
فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟۠
হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
ዓረብኛ ተፍሲሮች:
كُلُّ مَنْ عَلَیْهَا فَانٍ ۟ۚۖ
ভূপৃষ্ঠত থকা সকলো জীৱ-জন্তু নিশ্চিতভাৱে ধ্বংসশীল।
ዓረብኛ ተፍሲሮች:
وَّیَبْقٰی وَجْهُ رَبِّكَ ذُو الْجَلٰلِ وَالْاِكْرَامِ ۟ۚ
হে ৰাছুল! কেৱল আপোনাৰ প্ৰতিপালকৰ চেহেৰাই অৱশিষ্ট থাকিব। তেওঁ নিজ বান্দাসকলৰ ওপৰত মহিমাময় আৰু মহা অনুগ্রহশীল। ফলত তেওঁক কেতিয়াও ধ্বংসই স্পৰ্শ নকৰিব।
ዓረብኛ ተፍሲሮች:
فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟
হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
ዓረብኛ ተፍሲሮች:
یَسْـَٔلُهٗ مَنْ فِی السَّمٰوٰتِ وَالْاَرْضِ ؕ— كُلَّ یَوْمٍ هُوَ فِیْ شَاْنٍ ۟ۚ
তেওঁৰ ওচৰতেই আকাশৰ সকলো ফিৰিস্তা আৰু পৃথিৱীৰ সকলো জিন আৰু মানৱে নিজৰ নিজৰ প্রয়োজন প্ৰাৰ্থনা কৰে। তেওঁ প্ৰতিটো মুহূৰ্ততে বান্দাসকলৰ জীৱন, মৰণ, জীৱিকা অথবা অন্যান্য গুৰুত্বপূৰ্ণ কামত নিয়োজিত থাকে।
ዓረብኛ ተፍሲሮች:
فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟
হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
ዓረብኛ ተፍሲሮች:
سَنَفْرُغُ لَكُمْ اَیُّهَ الثَّقَلٰنِ ۟ۚ
হে মানৱ আৰু জিনজাতি! অচিৰেই আমি তোমালোকৰ হিচাপ-নিকাচৰ প্ৰতি মনোনিবেশ কৰিম। ফলত প্রত্যেককে প্ৰাপ্য অনুযায়ী ছোৱাব অথবা শাস্তি প্রদান কৰা হ’ব।
ዓረብኛ ተፍሲሮች:
فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟
হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
ዓረብኛ ተፍሲሮች:
یٰمَعْشَرَ الْجِنِّ وَالْاِنْسِ اِنِ اسْتَطَعْتُمْ اَنْ تَنْفُذُوْا مِنْ اَقْطَارِ السَّمٰوٰتِ وَالْاَرْضِ فَانْفُذُوْا ؕ— لَا تَنْفُذُوْنَ اِلَّا بِسُلْطٰنٍ ۟ۚ
আল্লাহে কিয়ামতৰ দিনা মানৱ আৰু জিন জাতিক সমৱেত কৰি কব: হে মানৱ আৰু জিনজাতি! তোমালোকে যদি আকাশমণ্ডল আৰু পৃথিৱীৰ কোনো কোণৰ পৰা ওলাব পাৰা তেন্তে ওলাই যোৱা। কিন্তু তোমালোকে শক্তি আৰু প্রমাণ নোহোৱাকৈ কেতিয়াও এইটো কৰিব নোৱাৰিবা। আৰু এইটো তোমালোকে পাবা ক’ত?
ዓረብኛ ተፍሲሮች:
فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟
হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
ዓረብኛ ተፍሲሮች:
یُرْسَلُ عَلَیْكُمَا شُوَاظٌ مِّنْ نَّارٍ ۙ۬— وَّنُحَاسٌ فَلَا تَنْتَصِرٰنِ ۟ۚ
হে মানৱ আৰু জিনজাতি! তোমালোকৰ ওপৰত ধোঁৱাবিহীন অগ্নিৰ লেলিহান শিখা প্রেৰণ কৰা হ’ব, আৰু প্রেৰণ কৰা হ’ব শিখাবিহীন ধোঁৱা। ফলত তোমালোকে সেইটোক প্রতিৰোধ কৰিব নোৱাৰিবা।
ዓረብኛ ተፍሲሮች:
فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟
হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
ዓረብኛ ተፍሲሮች:
فَاِذَا انْشَقَّتِ السَّمَآءُ فَكَانَتْ وَرْدَةً كَالدِّهَانِ ۟ۚ
যেতিয়া আকাশখন বিদীৰ্ণ হ’ব, যাতে ফিৰিস্তাসকল অৱতৰণ কৰিব পাৰে, তেতিয়া ই তেলৰ দৰে ৰঙা হৈ পৰিব।
ዓረብኛ ተፍሲሮች:
فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟
হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
ዓረብኛ ተፍሲሮች:
فَیَوْمَىِٕذٍ لَّا یُسْـَٔلُ عَنْ ذَنْۢبِهٖۤ اِنْسٌ وَّلَا جَآنٌّ ۟ۚ
এই মহা ভয়াংকৰ দিৱসত কোনো মানৱ অথবা জিনক সিহঁতৰ পাপ সম্পর্কে সোধ-পোচ কৰা নহ’ব। যিহেতু আল্লাহে সিহঁতৰ আমল সম্পর্কে অৱগত।
ዓረብኛ ተፍሲሮች:
فَبِاَیِّ اٰلَآءِ رَبِّكُمَا تُكَذِّبٰنِ ۟
হে মানৱ ও জিন জাতি! তোমালোকৰ ওপৰত আল্লাহৰ অসংখ্য অনুগ্ৰহ আছে, তাৰে কোনটো কোনটো অস্বীকাৰ কৰিবা?
ዓረብኛ ተፍሲሮች:
یُعْرَفُ الْمُجْرِمُوْنَ بِسِیْمٰهُمْ فَیُؤْخَذُ بِالنَّوَاصِیْ وَالْاَقْدَامِ ۟ۚ
কিয়ামতৰ দিনা অপৰাধীসকলক সিহঁতৰ চিহ্নৰ দ্বাৰা চিনি পোৱা যাব। কিয়নো সেইদিনা সিহঁতৰ মুখমণ্ডল ক’লা পৰিব আৰু চকুৰ ৰং নীলা হ’ব। ফলত সিহঁতৰ কপালক ভৰিৰ সৈতে বান্ধি জাহান্নামত নিক্ষেপ কৰা হ’ব।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• الجمع بين البحر المالح والعَذْب دون أن يختلطا من مظاهر قدرة الله تعالى.
লুণীয়া সাগৰ আৰু মিঠা সাগৰৰ পানীক মিশ্ৰিত নোহোৱাকৈ একত্ৰিত কৰাটো হৈছে আল্লাহৰ ক্ষমতাৰ পৰিচায়ক।

• ثبوت الفناء لجميع الخلائق، وبيان أن البقاء لله وحده حضٌّ للعباد على التعلق بالباقي - سبحانه - دون من سواه.
সকলো সৃষ্টিজগত ধ্বংস হোৱাটো সুসাব্যস্ত বিষয়। তথা এই কথা বৰ্ণনা কৰা হৈছে যে, অৱশিষ্ট থাকিব একমাত্ৰ আল্লাহৰ সত্তা। সেয়ে বান্দাসকলক সকলো ত্যাগ কৰি একমাত্ৰ চিৰঞ্জীৱ সত্তাৰ সৈতে সম্পৰ্ক স্থাপন কৰাৰ প্ৰেৰণা দিয়া হৈছে।

• إثبات صفة الوجه لله على ما يليق به سبحانه دون تشبيه أو تمثيل.
আল্লাহৰ বাবে তেওঁৰ উপযুক্ত চেহেৰা প্ৰমাণিত। ইয়াৰ সৈতে সামঞ্জস্য অথবা কোনো ধৰণৰ তুলনাৰ অৱকাশ নাই।

• تنويع عذاب الكافر.
কাফিৰসকলক বিভিন্ন প্ৰকাৰৰ শাস্তি দিয়া হ’ব।

የመልዕክት ትርጉም ሱራ (ምዕራፍ): አር ረሕማን
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት