Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም ሱራ (ምዕራፍ): አዝ ዛሪያት   አንቀፅ:

আয-যাৰিয়াত

ከሱራዋ ጥቅል ሀሳብ መካከል:
تعريف الجن والإنس بأن مصدر رزقهم من الله وحده؛ ليخلصوا له العبادة.
জিন আৰু মানুহক এই কথা জনাই দিয়া যে, একমাত্ৰ আল্লাহৰ পৰাই সিহঁতে জীৱিকা লাভ কৰে, যাতে সিহঁতে নিৰ্ভেজালভাৱে তেওঁৰ ইবাদত কৰিব পাৰে।

وَالذّٰرِیٰتِ ذَرْوًا ۟ۙ
আল্লাহে সেই বতাহৰ শপত খাইছে, যি বতাহে ধূলি-বালি উৰুৱাই লৈ ফুৰে।
ዓረብኛ ተፍሲሮች:
فَالْحٰمِلٰتِ وِقْرًا ۟ۙ
সেই মেঘপুঞ্জৰ শপত খাইছে, যিয়ে বহন কৰে প্ৰচুৰ পৰিমাণে পানী।
ዓረብኛ ተፍሲሮች:
فَالْجٰرِیٰتِ یُسْرًا ۟ۙ
সেই নাওবোৰৰো শপত খাইছে, যিবোৰ সাগৰত মৃদুগতিত সহজে চলাচল কৰে।
ዓረብኛ ተፍሲሮች:
فَالْمُقَسِّمٰتِ اَمْرًا ۟ۙ
সেইসকল ফিৰিস্তাৰো শপত খাইছে, যিসকলে আল্লাহৰ আদেশত বান্দাসকলৰ মাজত তেওঁলোকৰ বিষয়বোৰ বন্টন কৰে।
ዓረብኛ ተፍሲሮች:
اِنَّمَا تُوْعَدُوْنَ لَصَادِقٌ ۟ۙ
নিশ্চিতৰূপে তোমালোকৰ প্ৰতিপালকে তোমালোকক যি হিচাপ-নিকাচ আৰু প্ৰতিদানৰ প্ৰতিশ্ৰুতি দিছে, সেয়া সত্য। ইয়াত কোনো ধৰণৰ সন্দেহ-সংশয়ৰ অৱকাশ নাই।
ዓረብኛ ተፍሲሮች:
وَّاِنَّ الدِّیْنَ لَوَاقِعٌ ۟ؕ
নিশ্চিতৰূপে কিয়ামতৰ দিনা বান্দাসকলৰ হিচাপ-কিতাপ কৰা হ’ব, যিকোনো উপায়ে এইটো বাস্তাৱায়ন হ’ব।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• الاعتبار بوقائع التاريخ من شأن ذوي القلوب الواعية.
ইতিহাসৰ ঘটনাবোৰৰ দ্বাৰা কেৱল সেইসকল লোকেই শিক্ষা তথা পাঠ গ্ৰহণ কৰে, যিসকলৰ ওচৰত বুজিব পৰা অন্তৰ আছে।

• خلق الله الكون في ستة أيام لِحِكَم يعلمها الله، لعل منها بيان سُنَّة التدرج.
আল্লাহে হিকমত অনুযায়ী ছয় দিনত বিশ্বজগত সৃষ্টি কৰিছে, যিটো কেৱল একমাত্ৰ তেৱেঁই জানে। এইটোও এটা হিকমত হ’ব পাৰে যে যিকোনো কাম ধাপে ধাপে কৰিব লাগে।

• سوء أدب اليهود في وصفهم الله تعالى بالتعب بعد خلقه السماوات والأرض، وهذا كفر بالله.
ইয়াহুদীসকলে আল্লাহৰ সৈতে বেআদবী কৰিছে, সিহঁতে কয়ঃ আল্লাহে আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰি ক্লান্ত হৈছিল। এইটো স্পষ্ট কুফৰী কথা।

وَالسَّمَآءِ ذَاتِ الْحُبُكِ ۟ۙ
লগতে আল্লাহে শপত খাইছে সৌন্দৰ্যময় তথা বহু পথবিশিষ্ট আকাশৰ।
ዓረብኛ ተፍሲሮች:
اِنَّكُمْ لَفِیْ قَوْلٍ مُّخْتَلِفٍ ۟ۙ
হে মক্কাৰ অধিবাসীসকল! নিশ্চয় তোমালোকৰ কথাৰ মাজত বহুতো বিৰোধাভাস পোৱা যায়। তোমালোকে কেতিয়াবা কোৰআনক যাদু বুলি কোৱা, আকৌ কেতিয়াবা কবিতা বুলি কোৱা। আনহাতে কেতিয়াবা মুহাম্মদক যাদুকৰ বুলি কোৱা আৰু কেতিয়াবা তেওঁক কবি বুলি কোৱা।
ዓረብኛ ተፍሲሮች:
یُّؤْفَكُ عَنْهُ مَنْ اُفِكَ ۟ؕ
কোৰআন আৰু নবীৰ পৰা সেই ব্যক্তিকেই আঁতৰাই ৰখা হয়, যাক আল্লাহৰ জ্ঞানত আঁতৰাই ৰখা হৈছে। কাৰণ তেওঁ জানে, সি ঈমান পোষণ নকৰিব, সেইকাৰণেই তাক হিদায়তৰ তাওফীক দিয়া হোৱা নাই।
ዓረብኛ ተፍሲሮች:
قُتِلَ الْخَرّٰصُوْنَ ۟ۙ
সেইসকল মিছলীয়াৰ ওপৰত আল্লাহৰ অভিসম্পাত, যিসকলে কোৰআন আৰু নবীৰ বিষয়ে অসত্য কথা গাই ফুৰে।
ዓረብኛ ተፍሲሮች:
الَّذِیْنَ هُمْ فِیْ غَمْرَةٍ سَاهُوْنَ ۟ۙ
যিসকলে অজ্ঞনতাৰ ফলত আখিৰাতৰ পৰা অমনোযোগী হৈ আছে। ইয়াক লৈ সিহঁতৰ কোনো ভ্ৰূক্ষেপ নাই।
ዓረብኛ ተፍሲሮች:
یَسْـَٔلُوْنَ اَیَّانَ یَوْمُ الدِّیْنِ ۟ؕ
সিহঁতে সোধেঃ প্ৰতিদান দিৱস কেতিয়া বাস্তৱায়িত হ’ব? অথচ ইয়াৰ বাবে সিহঁতে কোনো ধৰণৰ প্ৰস্তুতিও লোৱা নাই।
ዓረብኛ ተፍሲሮች:
یَوْمَ هُمْ عَلَی النَّارِ یُفْتَنُوْنَ ۟
আল্লাহে সিহঁতৰ প্ৰশ্নৰ উত্তৰ প্ৰদান কৰি কৈছেঃ যিদিনা সিহঁতক জুইত শাস্তি দিয়া হ’ব।
ዓረብኛ ተፍሲሮች:
ذُوْقُوْا فِتْنَتَكُمْ ؕ— هٰذَا الَّذِیْ كُنْتُمْ بِهٖ تَسْتَعْجِلُوْنَ ۟
সিহঁতক কোৱা হ’বঃ তোমালোকে শাস্তিৰ সোৱাদ লোৱা। এইটোৱে সেই শাস্তি, যিটোৰ পৰা তোমালোকক সতৰ্ক কৰিলে তোমালোকে উপহাস কৰি সোনকালে ইয়াৰ বাস্তৱায়ন বিচাৰিছিলা।
ዓረብኛ ተፍሲሮች:
اِنَّ الْمُتَّقِیْنَ فِیْ جَنّٰتٍ وَّعُیُوْنٍ ۟ۙ
আল্লাহৰ আদেশ পালন কৰা আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থকা মুত্ত্বাক্বীসকলে নিশ্চিতভাৱে কিয়ামতৰ দিনা ঠাই লাভ কৰিব বাগানসমূহৰ মাজত আৰু প্ৰবাহিত প্ৰস্ৰৱনসমূহৰ মাজত।
ዓረብኛ ተፍሲሮች:
اٰخِذِیْنَ مَاۤ اٰتٰىهُمْ رَبُّهُمْ ؕ— اِنَّهُمْ كَانُوْا قَبْلَ ذٰلِكَ مُحْسِنِیْنَ ۟ؕ
তেওঁলোকে নিজ প্ৰতিপালকৰ তৰফৰ পৰা সন্মানিত প্ৰতিফল লাভ কৰিব। দৰাচলতে এই সন্মানিত প্ৰতিদানৰ পূৰ্বে তেওঁলোকে পৃথিৱীত সদাচাৰী আছিল।
ዓረብኛ ተፍሲሮች:
كَانُوْا قَلِیْلًا مِّنَ الَّیْلِ مَا یَهْجَعُوْنَ ۟
তেওঁলোকে ৰাতিত চালাত আদায় কৰিছিল, খুবেই কম সময় টোপনিত কটাইছিল।
ዓረብኛ ተፍሲሮች:
وَبِالْاَسْحَارِ هُمْ یَسْتَغْفِرُوْنَ ۟
লগতে ৰাতিৰ শেষাংশত আল্লাহৰ ওচৰত নিজৰ গুনাহৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিছিল।
ዓረብኛ ተፍሲሮች:
وَفِیْۤ اَمْوَالِهِمْ حَقٌّ لِّلسَّآىِٕلِ وَالْمَحْرُوْمِ ۟
তথা তেওঁলোকৰ ধন-সম্পদত আছিল ভিখাৰী আৰু বঞ্চিতসকলৰ বাবে নিৰ্দিষ্ট অংশ, যিসকলে কাৰণবশতঃ জীৱিকাৰ পৰা বঞ্চিত আছিল।
ዓረብኛ ተፍሲሮች:
وَفِی الْاَرْضِ اٰیٰتٌ لِّلْمُوْقِنِیْنَ ۟ۙ
পৃথিৱীৰ মাজত লগতে ইয়াত আল্লাহে সৃষ্টি কৰা পাহাৰ-পৰ্বত, সাগৰ, নদ-নদী, বৃক্ষ, গছ-গছনি আৰু জীৱ-জন্তু আদিৰ মাজত সেইসকল লোকৰ বাবে আল্লাহৰ ক্ষমতাৰ নিদৰ্শন আছে, যিসকলে আল্লাহক স্ৰষ্টা হিচাপে বিশ্বাস কৰে।
ዓረብኛ ተፍሲሮች:
وَفِیْۤ اَنْفُسِكُمْ ؕ— اَفَلَا تُبْصِرُوْنَ ۟
হে মানৱজাতি! স্বয়ং তোমালোকৰ মাজতো আছে আল্লাহৰ ক্ষমতাৰ নিদৰ্শন, শিক্ষা গ্ৰহণ কৰিবলৈ সেইবোৰ তোমালোকে দেখা নোপোৱা নেকি?!
ዓረብኛ ተፍሲሮች:
وَفِی السَّمَآءِ رِزْقُكُمْ وَمَا تُوْعَدُوْنَ ۟
আকাশত আছে তোমালোকৰ বাবে পাৰ্থিৱ আৰু ধাৰ্মিক জীৱিকা। তথা ইয়াৰ মাজত প্ৰত্যেক সেইসমূহ কল্যাণ আৰু অকল্যাণ আছে, যিবোৰৰ প্ৰতিশ্ৰুতি তোমালোকক দিয়া হৈছে।
ዓረብኛ ተፍሲሮች:
فَوَرَبِّ السَّمَآءِ وَالْاَرْضِ اِنَّهٗ لَحَقٌّ مِّثْلَ مَاۤ اَنَّكُمْ تَنْطِقُوْنَ ۟۠
আকাশ আৰু পৃথিৱীৰ প্ৰতিপালকৰ শপত, নিশ্চয় আখিৰাতৰ জীৱন সত্য, ইয়াৰ মাজত কোনো সন্দেহ নাই। ঠিক সেইদৰে, যিদৰে তোমালোকৰ কথা কোৱাত কোনো সন্দেহ নাই।
ዓረብኛ ተፍሲሮች:
هَلْ اَتٰىكَ حَدِیْثُ ضَیْفِ اِبْرٰهِیْمَ الْمُكْرَمِیْنَ ۟ۘ
হে ৰাছুল! আপোনাৰ ওচৰলৈ ইব্ৰাহীম আলাইহিচ্ছালামৰ অতিথি ফিৰিস্তাসকলৰ বিষয়ে সংবাদ আহি পৰা নাইনে, যিসকলক তেখেতে আপ্যায়ন কৰিছিল?!
ዓረብኛ ተፍሲሮች:
اِذْ دَخَلُوْا عَلَیْهِ فَقَالُوْا سَلٰمًا ؕ— قَالَ سَلٰمٌ ۚ— قَوْمٌ مُّنْكَرُوْنَ ۟
যেতিয়া তেওঁলোকে ইব্ৰাহীম আলাইহিচ্ছালামৰ ওচৰত উপস্থিত হৈ ছালাম কৰিছিল, তেতিয়া ইব্ৰাহীম আলাইহিচ্ছালামে ছালামৰ উত্তৰ প্ৰদান কৰি মনে মনে কৈছিল, এওঁলোক দেখোন অপৰিচিত লোক।
ዓረብኛ ተፍሲሮች:
فَرَاغَ اِلٰۤی اَهْلِهٖ فَجَآءَ بِعِجْلٍ سَمِیْنٍ ۟ۙ
ইপিনে অতিথিসকলে নজনাকৈ তেওঁ গোপনে নিজ গৃহিণীৰ ওচৰলৈ গ’ল, আৰু এটা স্বাস্থ্যৱান সম্পূৰ্ণ গো-পোৱালি (ভজা) লৈ অতিথিসকলৰ সন্মুখত উপস্থিত কৰিলে। তেওঁ ভাৱিছিল তেওঁলোক হৈছে মানৱ।
ዓረብኛ ተፍሲሮች:
فَقَرَّبَهٗۤ اِلَیْهِمْ قَالَ اَلَا تَاْكُلُوْنَ ۟ؗ
ভজা গো-পোৱালিটো তেওঁলোকৰ পিনে আগুৱাই দিলে, আৰু তেওঁলোকক বিনম্ৰভাৱে ক'লেঃ আপোনালোকৰ সন্মুখত পৰিৱেশন কৰা খাদ্য আপোনালোকে নাখায় কিয়?!
ዓረብኛ ተፍሲሮች:
فَاَوْجَسَ مِنْهُمْ خِیْفَةً ؕ— قَالُوْا لَا تَخَفْ ؕ— وَبَشَّرُوْهُ بِغُلٰمٍ عَلِیْمٍ ۟
তথাপিও যেতিয়া তেওঁলোকে খাদ্য গ্ৰহণ নকৰিলে, তেতিয়া ইব্ৰাহীম আলাইহিচ্ছালামে মনে মনে ভয় অনুভৱ কৰিলে, বিষয়টো তেওঁলোকে গম পাইছিল। গতিকে তেওঁলোকে ইব্ৰাহীম আলাইহিচ্ছালামক সান্তনা দি ক’লেঃ “ভয় নকৰিব, আমি আল্লাহৰ ফালৰ পৰা বাৰ্তাবাহক হিচাপে প্ৰেৰিত হৈছোঁ”। লগতে তেওঁলোকে তেওঁক আনন্দদায়ক সংবাদ এটা প্ৰদান কৰিলে। তেওঁলোকে ক’লেঃ তেওঁৰ ঘৰত এটা পুত্ৰ সন্তান জন্ম লাভ কৰিব, যিজন জ্ঞানী হ’ব। ইয়াত যিজন পুত্ৰ সন্তানৰ সুসংবাদ দিয়া হৈছে, তেওঁ হৈছে ইছহাক্ব আলাইহিচ্ছালাম।
ዓረብኛ ተፍሲሮች:
فَاَقْبَلَتِ امْرَاَتُهٗ فِیْ صَرَّةٍ فَصَكَّتْ وَجْهَهَا وَقَالَتْ عَجُوْزٌ عَقِیْمٌ ۟
যেতিয়া তেখেতৰ স্ত্ৰীয়ে সুসংবাদটো শুনা পালে, তেতিয়া তেওঁ আনন্দত চিঞৰি আগুৱাই আহিল আৰু নিজৰে মুখমণ্ডলত থপৰিয়াই আশ্চৰ্য প্ৰকাশ কৰি ক’লেঃ “বৃদ্ধা বয়সত এজনী বন্ধ্যা নাৰীয়ে সন্তান জন্ম দিয়াটো সম্ভৱনে”?!
ዓረብኛ ተፍሲሮች:
قَالُوْا كَذٰلِكِ ۙ— قَالَ رَبُّكِ ؕ— اِنَّهٗ هُوَ الْحَكِیْمُ الْعَلِیْمُ ۟
ফিৰিস্তাসকলে তেওঁক কলেঃ আমি আপোনাক যি সংবাদ দিছোঁ, সেইটো আপোনাৰ প্ৰতিপালকে প্ৰেৰণ কৰিছে। আল্লাহৰ সিদ্ধান্তক কোনেও প্ৰতিৰোধ কৰিব নোৱাৰে। নিশ্চয় তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত আৰু নিৰ্ধাৰণৰ ক্ষেত্ৰত মহাপ্ৰজ্ঞাৱান। সৃষ্টিজগতৰ বিষয়ে আৰু সিহঁতৰ হিত সম্পৰ্কে তেওঁ সৰ্বজ্ঞ।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• إحسان العمل وإخلاصه لله سبب لدخول الجنة.
নিৰ্ভেজালভাৱে আল্লাহৰ বাবে সৎকৰ্ম কৰাটো হৈছে জান্নাতত প্ৰৱেশ কৰাৰ উপায়।

• فضل قيام الليل وأنه من أفضل القربات.
ৰাতিৰ চালাতৰ গুৰুত্ব, তথা তাহাজ্জুদ হৈছে সান্নিধ্য লাভ কৰাৰ অন্যতম ইবাদত।

• من آداب الضيافة: رد التحية بأحسن منها، وتحضير المائدة خفية، والاستعداد للضيوف قبل نزولهم، وعدم استثناء شيء من المائدة، والإشراف على تحضيرها، والإسراع بها، وتقريبها للضيوف، وخطابهم برفق.
অতিথি আপ্যায়নৰ কেইটামান বিশেষ নীতি হৈছে এনেকুৱাঃ উত্তমভাৱে ছালামৰ উত্তৰ দিয়া, গোপনে খাদ্য বস্তু উপস্থিত কৰা, অতিথি অহাৰ পূৰ্বৰে পৰা ইয়াৰ বাবে প্ৰস্তুতি লোৱা, অতিথিসকলৰ সন্মুখৰ পৰা কোনো বস্তু পৃথকে ৰখা ঠিক নহয়, খোৱা বস্তু নিজে উপস্থিত কৰা, এইক্ষেত্ৰত ততাতৈয়া কৰা, পানাহাৰ অতিসকলৰ সন্মুখত আগুৱাই দিয়া, তেওঁলোকৰ সৈতে বিনম্ৰতাৰে কথা কোৱা ইত্যাদি।

قَالَ فَمَا خَطْبُكُمْ اَیُّهَا الْمُرْسَلُوْنَ ۟
ইব্ৰাহীম আলাইহিচ্ছালামে ফিৰিস্তাসকলক ক’লেঃ আপোনালোকে কি অভিযানত ওলাইছে, আপোনালোকৰ উদ্দেশ্য কি?
ዓረብኛ ተፍሲሮች:
قَالُوْۤا اِنَّاۤ اُرْسِلْنَاۤ اِلٰی قَوْمٍ مُّجْرِمِیْنَ ۟ۙ
ফিৰিস্তাসকলে উত্তৰ প্ৰদান কৰি ক’লেঃ আল্লাহে আমাক এটা অপৰাধী সম্প্ৰদায়ৰ পিনে প্ৰেৰণ কৰিছে, যিসকলে জঘন্য অপৰাধত লিপ্ত আছে।
ዓረብኛ ተፍሲሮች:
لِنُرْسِلَ عَلَیْهِمْ حِجَارَةً مِّنْ طِیْنٍ ۟ۙ
যাতে আমি সিহঁতৰ ওপৰত পকা মাটিৰ শিল নিক্ষেপ কৰোঁ।
ዓረብኛ ተፍሲሮች:
مُّسَوَّمَةً عِنْدَ رَبِّكَ لِلْمُسْرِفِیْنَ ۟
হে ইব্ৰাহীম! আপোনাৰ প্ৰতিপালকৰ ওচৰত চিহ্নিত আছে, সেইসকল লোকৰ ওপৰত নিক্ষেপ কৰা হ’ব, যিসকলে আল্লাহৰ নিৰ্ধাৰিত সীমা লঙ্ঘন কৰিছে আৰু কুফৰী তথা পাপকৰ্মত লিপ্ত আছে।
ዓረብኛ ተፍሲሮች:
فَاَخْرَجْنَا مَنْ كَانَ فِیْهَا مِنَ الْمُؤْمِنِیْنَ ۟ۚ
এতেকে লূত আলাইহিচ্ছালামৰ জনবসতিত থকা মুমিনসকলক আমি উলিয়াই আনিছিলোঁ, যাতে অপৰাধীসকলক দিয়া শাস্তিয়ে তেওঁলোকক স্পৰ্শ কৰিব নোৱাৰে।
ዓረብኛ ተፍሲሮች:
فَمَا وَجَدْنَا فِیْهَا غَیْرَ بَیْتٍ مِّنَ الْمُسْلِمِیْنَ ۟ۚ
আমি সেই জনবসতিত কেৱল এটাই মুছলিম পৰিয়াল পাইছিলোঁ। তেওঁলোক হৈছে লূত আলাইহিচ্ছালামৰ পৰিয়াল।
ዓረብኛ ተፍሲሮች:
وَتَرَكْنَا فِیْهَاۤ اٰیَةً لِّلَّذِیْنَ یَخَافُوْنَ الْعَذَابَ الْاَلِیْمَ ۟ؕ
আমি লূত সম্প্ৰদায়ৰ জনবসতিত শাস্তিৰ কিছুমান চিহ্ন এৰিছোঁ, যিবোৰে প্ৰমাণ কৰে যে, সিহঁতৰ ওপৰত শাস্তি অৱতীৰ্ণ হৈছিল; যাতে সেইসকল লোকে ইয়াৰ দ্বাৰা শিক্ষা লাভ কৰে, যিসকলে কষ্টদায়ক শাস্তিক ভয় কৰে, আৰু তেওঁলোকে যেন এনেকুৱা কাম নকৰে যিবোৰ কাম সিহঁতে কৰিছিল; যাতে এনেকুৱা শাস্তিৰ পৰা ৰক্ষা পাব পাৰে।
ዓረብኛ ተፍሲሮች:
وَفِیْ مُوْسٰۤی اِذْ اَرْسَلْنٰهُ اِلٰی فِرْعَوْنَ بِسُلْطٰنٍ مُّبِیْنٍ ۟
মূছা আলাইহিচ্ছালামৰ কাহিনতো আছে নিদৰ্শন, যেতিয়া আমি তেওঁক স্পষ্ট দলিল-প্ৰমাণসহ ফিৰআউনৰ ওচৰলৈ প্ৰেৰণ কৰিছিলোঁ। সেইসকল লোকৰ বাবে নিদৰ্শন, যিসকলে কষ্টদায়ক শাস্তিক ভয় কৰে।
ዓረብኛ ተፍሲሮች:
فَتَوَلّٰی بِرُكْنِهٖ وَقَالَ سٰحِرٌ اَوْ مَجْنُوْنٌ ۟
কিন্তু ফিৰআউনে নিজৰ সৈন্যবাহিনী আৰু ক্ষমতাৰ অহংকাৰত সত্যৰ পৰা বিমুখ হ’ল, লগতে মুছা আলাইহিচ্ছালামৰ বিষয়ে ক’লেঃ এওঁ হৈছে এজন যাদুকৰ, মানুহক যাদু কৰে। অথবা এওঁ হৈছে এজন উন্মাদ ব্যক্তি, যিয়ে নিজৰ কথা নিজেই নুবুজে।
ዓረብኛ ተፍሲሮች:
فَاَخَذْنٰهُ وَجُنُوْدَهٗ فَنَبَذْنٰهُمْ فِی الْیَمِّ وَهُوَ مُلِیْمٌ ۟ؕ
ফলত আমি ফিৰআউনক আৰু তাৰ সেনাবাহিনীক কৰায়ত্ব কৰি সাগৰত নিক্ষেপ কৰিলোঁ আৰু সিহঁত ডুবি ধ্বংস হ’ল। দৰাচলতে ফিৰআউনে ভৰ্ৎসনাযোগ্য কামেই কৰিছিল, যেনে- ৰাছুলক অস্বীকাৰ কৰা, আৰু নিজকে উপাস্য বুলি দাবী কৰা।
ዓረብኛ ተፍሲሮች:
وَفِیْ عَادٍ اِذْ اَرْسَلْنَا عَلَیْهِمُ الرِّیْحَ الْعَقِیْمَ ۟ۚ
হূদ আলাইহিচ্ছালামৰ জাতি আদ সম্প্ৰদায়ৰ মাজতো আছে সেইসকল লোকৰ বাবে নিদৰ্শন, যিসকলে কষ্টদায়ক শাস্তিক ভয় কৰে। আমি সিহঁতৰ ওপৰত প্ৰেৰণ কৰিছিলোঁ প্ৰচণ্ড বতাহ, সেই বতাহৰ মাজত পানীও নাছিল আৰু সেই বতাহে কোনো গছক ফল দিয়াৰ যোগ্যও এৰা নাছিল। দৰাচলতে সেই বতাহৰ মাজত কোনো ধৰণৰ কল্যাণ নাছিল।
ዓረብኛ ተፍሲሮች:
مَا تَذَرُ مِنْ شَیْءٍ اَتَتْ عَلَیْهِ اِلَّا جَعَلَتْهُ كَالرَّمِیْمِ ۟ؕ
সেই বতাহে যি প্ৰাণ আৰু ধন-সম্পদৰ ওপৰেৰে অতিক্ৰম কৰিছিল, তাক ধ্বংস কৰিহে এৰিছিল আৰু সেই পূৰণি বস্তুৰ দৰে অৱস্থা কৰি দিছিল, যিটো পূৰণি হোৱাৰ ফলত টুকুৰা-টুকুৰ হৈ যায়।
ዓረብኛ ተፍሲሮች:
وَفِیْ ثَمُوْدَ اِذْ قِیْلَ لَهُمْ تَمَتَّعُوْا حَتّٰی حِیْنٍ ۟
এইদৰে ছলেহ আলাইহিচ্ছালামৰ সম্প্ৰদায় ছামূদ জাতিৰ মাজতো আছে সেইসকল লোকৰ বাবে নিদৰ্শন, যিসকলে কষ্টদায়ক শাস্তিক ভয় কৰে, যেতিয়া সিহঁতক কোৱা হৈছিলঃ নিৰ্ধাৰিত সময় অহাৰ পূৰ্বেই তোমালোকে নিজৰ জীৱন উপভোগ কৰি লোৱা।
ዓረብኛ ተፍሲሮች:
فَعَتَوْا عَنْ اَمْرِ رَبِّهِمْ فَاَخَذَتْهُمُ الصّٰعِقَةُ وَهُمْ یَنْظُرُوْنَ ۟
সিহঁতে নিজ প্ৰতিপালকৰ আদেশ মানিবলৈ অহংকাৰ কৰিছিল, আৰু এই অহংকাৰেই সিহঁতক ঈমান পোষণ কৰাত আৰু আনুগত্য কৰাত বাধা প্ৰদান কৰিছিল। ফলত কঠিন শাস্তিৰ বজ্ৰপাতে সিহঁতক আগুৰি ধৰিছিল, অথচ সেই শাস্তিৰ বাবেই সিহঁতে অপেক্ষা কৰি আছিল। কিয়নো তিনিদিন পূৰ্বেই সিহঁতক এই শাস্তিৰ পৰা সতৰ্ক কৰা হৈছিল।
ዓረብኛ ተፍሲሮች:
فَمَا اسْتَطَاعُوْا مِنْ قِیَامٍ وَّمَا كَانُوْا مُنْتَصِرِیْنَ ۟ۙ
সিহঁতে নিজৰ ওপৰত অহা শাস্তিকো প্ৰতিৰোধ কৰিব পৰা নাছিল, আৰু কেনেকৈ প্ৰতিৰোধ কৰিব, সিহঁতৰ ওচৰত এনেকুৱা কোনো শক্তিও নাছিল যে, ইয়াক বাধা দিব পাৰিব।
ዓረብኛ ተፍሲሮች:
وَقَوْمَ نُوْحٍ مِّنْ قَبْلُ ؕ— اِنَّهُمْ كَانُوْا قَوْمًا فٰسِقِیْنَ ۟۠
এইসকল লোকৰ দৰেই আমি ইহঁতৰ পূৰ্বে নূহ আলাইহিচ্ছালামৰ সম্প্ৰদায়ক ডুবাই ধ্বংস কৰিছিলোঁ। নিশ্চয় সিহঁত আল্লাহৰ আনুগত্যৰ পৰা ওলাই যোৱা সম্প্ৰদায় আছিল। সেইকাৰণেই সিহঁত তেওঁৰ শাস্তিৰ সন্মুখীন হৈছিল।
ዓረብኛ ተፍሲሮች:
وَالسَّمَآءَ بَنَیْنٰهَا بِاَیْىدٍ وَّاِنَّا لَمُوْسِعُوْنَ ۟
আমিয়েই আকাশ নিৰ্মাণ কৰিছোঁ, আৰু আমাৰ ক্ষমতাৰ বলত মজবুত বনাইছোঁ, তথা আমিয়েই ইয়াক চাৰিওফালে প্ৰসাৰিত কৰিছোঁ।
ዓረብኛ ተፍሲሮች:
وَالْاَرْضَ فَرَشْنٰهَا فَنِعْمَ الْمٰهِدُوْنَ ۟
আমিয়েই পৃথিৱীখনক ইয়াৰ অধিবাসীসকলৰ বাবে বিস্তৃত কৰি দিছোঁ আৰু বিছনাৰ দৰে পাৰি দিছোঁ। চোৱাচোন আমি কিমান সুন্দৰ ব্যৱস্থাপনাকাৰী আৰু কিমান সুন্দৰকৈ আমি ইয়াক তেওঁলোকৰ বাবে পাৰি দিছোঁ।
ዓረብኛ ተፍሲሮች:
وَمِنْ كُلِّ شَیْءٍ خَلَقْنَا زَوْجَیْنِ لَعَلَّكُمْ تَذَكَّرُوْنَ ۟
আমি প্ৰতিটো বস্তু যোৰা যোৰাকৈ সৃষ্টি কৰিছোঁ, নৰ আৰু নাৰী, আকাশ আৰু পৃথিৱী, ভূ-পৃষ্ঠ আৰু সাগৰ, যাতে তোমালোকে আল্লাহৰ তাওহীদৰ প্ৰতি মনোযোগ দিয়া, যিজনে প্ৰত্যেক বস্তুকে যোৰা যোৰাকৈ সৃষ্টি কৰিছে। তথা তেওঁৰ ক্ষমতাৰ প্ৰতি মনোযোগ দিয়া।
ዓረብኛ ተፍሲሮች:
فَفِرُّوْۤا اِلَی اللّٰهِ ؕ— اِنِّیْ لَكُمْ مِّنْهُ نَذِیْرٌ مُّبِیْنٌ ۟ۚ
গতিকে তোমালোকে আল্লাহৰ শাস্তিৰ পৰা আঁতৰি তেওঁৰ ছোৱাবৰ প্ৰতি অগ্ৰসৰ হোৱা আৰু গুনাহৰ পৰা বিৰত থাকি তেওঁৰ আনুগত্যৰ পিনে ঢপলিয়াই আহা। হে মানৱজাতি! নিশ্চয় মই তোমালোকক তেওঁৰ শাস্তিৰ পৰা স্পষ্টৰূপে সতৰ্ক কৰিবলৈ আহিছোঁ।
ዓረብኛ ተፍሲሮች:
وَلَا تَجْعَلُوْا مَعَ اللّٰهِ اِلٰهًا اٰخَرَ ؕ— اِنِّیْ لَكُمْ مِّنْهُ نَذِیْرٌ مُّبِیْنٌ ۟
তোমালোকে আল্লাহৰ বাহিৰে আনৰ উপাসনা কৰিবলৈ কোনো উপাস্য গ্ৰহণ নকৰিবা। নিশ্চয় মই তোমালোকক এই বিষয়ে স্পষ্টৰূপে সতৰ্ক কৰিবলৈ আহিছোঁ।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• الإيمان أعلى درجة من الإسلام.
ইছলামতকৈ ঈমানৰ মৰ্যাদা অধিক।

• إهلاك الله للأمم المكذبة درس للناس جميعًا.
অস্বীকাৰকাৰী উম্মতবোৰক আল্লাহে ধ্বংস কৰা বিষয়টো হৈছে গোটেই মানৱজাতিৰ বাবে এটা শিক্ষা।

• الخوف من الله يقتضي الفرار إليه سبحانه بالعمل الصالح، وليس الفرار منه.
আল্লাহক ভয় কৰাৰ অৰ্থ হৈছে, তেওঁৰ পিনে অগ্ৰসৰ হৈ সৎকৰ্ম কৰা, তেওঁৰ পৰা আঁতৰি যোৱা নহয়।

كَذٰلِكَ مَاۤ اَتَی الَّذِیْنَ مِنْ قَبْلِهِمْ مِّنْ رَّسُوْلٍ اِلَّا قَالُوْا سَاحِرٌ اَوْ مَجْنُوْنٌ ۟۫
মক্কাৰ অধিবাসীসকলৰ দৰেই পূৰ্বৱৰ্তী উম্মতৰ লোকসকলেও অস্বীকাৰ কৰিছিল। এতেকে সিহঁতৰ ওচৰত যেতিয়া কোনো ৰাছুল আহিছিল, সিহঁতে তেওঁক যাদুকৰ অথবা উন্মাদ বুলি কৈছিল।
ዓረብኛ ተፍሲሮች:
اَتَوَاصَوْا بِهٖ ۚ— بَلْ هُمْ قَوْمٌ طَاغُوْنَ ۟ۚ
পূৰ্বৱৰ্তী কাফিৰসকলে ৰাছুলসকলক অস্বীকাৰ কৰিবলৈ পৰৱৰ্তী কাফিৰসকলক উপদেশ দি থৈ গৈছে নেকি? নহয়, কেতিয়াও নহয়; বৰং সিহঁতৰ অবাধ্যতাই সিহঁতক এই কৰ্মত একত্ৰিত কৰিছে।
ዓረብኛ ተፍሲሮች:
فَتَوَلَّ عَنْهُمْ فَمَاۤ اَنْتَ بِمَلُوْمٍ ۟ؗ
হে ৰাছুল! আপুনি এই অস্বীকাৰকাৰীসকলক আওকাণ কৰক। ইয়াৰ ফলত আপোনাক কোনো ধৰণৰ জবাবদিহি কৰা নহ’ব। কিয়নো আপোনাক যি বাৰ্তা পৌঁচাই দিবলৈ নিৰ্দেশ দিয়া হৈছিল, সেইটো আপুনি পৌঁচাই দিছে।
ዓረብኛ ተፍሲሮች:
وَّذَكِّرْ فَاِنَّ الذِّكْرٰی تَنْفَعُ الْمُؤْمِنِیْنَ ۟
সিহঁতক আওকাণ কৰাৰ এইটো অৰ্থ নহয় যে, সিহঁতক ধৰ্মৰ কোনো কথাই নক’ব অথবা উপদেশ নিদিব, বৰং আপুনি সিহঁতক বুজাই থাকক আৰু উপদেশ দি যাওক। কিয়নো নিশ্চয় উপদেশে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা লোকসকলক উপকৃত কৰে।
ዓረብኛ ተፍሲሮች:
وَمَا خَلَقْتُ الْجِنَّ وَالْاِنْسَ اِلَّا لِیَعْبُدُوْنِ ۟
মই জিন আৰু মানৱক একমাত্ৰ মোৰ ইবাদতৰ বাবেই সৃষ্টি কৰিছোঁ। মই সিহঁতক মোৰ সৈতে অংশীদাৰ স্থাপন কৰিবলৈ সৃষ্টি কৰা নাই।
ዓረብኛ ተፍሲሮች:
مَاۤ اُرِیْدُ مِنْهُمْ مِّنْ رِّزْقٍ وَّمَاۤ اُرِیْدُ اَنْ یُّطْعِمُوْنِ ۟
মই সিহঁতৰ পৰা জীৱিকা নিবিচাৰোঁ, আৰু এইটোও নিবিচাৰোঁ যে, সিহঁতে মোক আহাৰ কৰাওক।
ዓረብኛ ተፍሲሮች:
اِنَّ اللّٰهَ هُوَ الرَّزَّاقُ ذُو الْقُوَّةِ الْمَتِیْنُ ۟
নিশ্চয় আল্লাহেই তেওঁৰ বান্দাসকলৰ জীৱিকাদাতা। সকলোৱে তেওঁৰ জীৱিকাৰেই মুখাপেক্ষী। তেওঁ প্ৰবল সৰ্বশক্তিমান। তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। গোটেই মানৱ আৰু জিন জাতি তেওঁৰ ক্ষমতাৰ সন্মুখত শিৰ নতকাৰী।
ዓረብኛ ተፍሲሮች:
فَاِنَّ لِلَّذِیْنَ ظَلَمُوْا ذَنُوْبًا مِّثْلَ ذَنُوْبِ اَصْحٰبِهِمْ فَلَا یَسْتَعْجِلُوْنِ ۟
হে ৰাছুল! যিসকলে আপোনাক অস্বীকাৰ কৰি নিজৰ ওপৰত অন্যায় কৰিছে, নিশ্চয় সিহঁতৰ বাবে আছে শাস্তিৰ এটা অংশ, যিদৰে সিহঁতৰ পূৰ্বৱৰ্তী সঙ্গীসকলৰ বাবে আছিল। ইয়াৰ বাবে এটা সময় নিৰ্ধাৰিত আছে। গতিকে সেই সময় অহাৰ পূৰ্বেই তোমালোকে সেই শাস্তিৰ বাবে মোৰ ওচৰত খৰধৰ নকৰিবা।
ዓረብኛ ተፍሲሮች:
فَوَیْلٌ لِّلَّذِیْنَ كَفَرُوْا مِنْ یَّوْمِهِمُ الَّذِیْ یُوْعَدُوْنَ ۟۠
কিয়ামতৰ দিনা বিনাশ আৰু ধ্বংস হৈছে সেইসকল লোকৰ বাবে, যিসকলে আল্লাহক নসাৎ কৰিছে আৰু সিহঁতৰ প্ৰতি আগমন কৰা ৰাছুলক অস্বীকাৰ কৰিছে, সেই দিৱসৰ শাস্তিৰ পৰাই সিহঁতক সতৰ্ক কৰা হৈছে।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• الكفر ملة واحدة وإن اختلفت وسائله وتنوع أهله ومكانه وزمانه.
কুফৰৰ এটাই ধৰ্ম, যদিও ইয়াৰ মাধ্যম, চেহেৰা, স্থান আৰু সময় ভিন ভিন।

• شهادة الله لرسوله صلى الله عليه وسلم بتبليغ الرسالة.
আল্লাহে তেওঁৰ ৰাছুলৰ পক্ষে এই কথাৰ সাক্ষ্য প্ৰদান কৰিছে যে, ৰাছুলে যথাযথভাৱে তেওঁৰ দায়িত্ব পালন কৰিছে।

• الحكمة من خلق الجن والإنس تحقيق عبادة الله بكل مظاهرها.
জিন আৰু মানৱ সৃষ্টিৰ উদ্দেশ্য হৈছে পৃথিৱীত যাতে সৰ্বাংগীনৰূপে আল্লাহৰ ইবাদত কৰা হয়।

• سوف تتغير أحوال الكون يوم القيامة.
কিয়ামতৰ দিনা বিশ্বজগতৰ ৰূপ-ৰেখা পৰিবৰ্তন হ’ব।

 
የመልዕክት ትርጉም ሱራ (ምዕራፍ): አዝ ዛሪያት
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት