Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም አንቀፅ: (94) ሱራ (ምዕራፍ): አል-ማኢዳህ
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا لَیَبْلُوَنَّكُمُ اللّٰهُ بِشَیْءٍ مِّنَ الصَّیْدِ تَنَالُهٗۤ اَیْدِیْكُمْ وَرِمَاحُكُمْ لِیَعْلَمَ اللّٰهُ مَنْ یَّخَافُهٗ بِالْغَیْبِ ۚ— فَمَنِ اعْتَدٰی بَعْدَ ذٰلِكَ فَلَهٗ عَذَابٌ اَلِیْمٌ ۟
হে মুমিনসকল! যেতিয়া তোমালোকে ইহৰাম অৱস্থাত থাকিবা, নিশ্চয় আল্লাহে এনেকুৱা কিছুমান চিকাৰ কৰা জীৱ-জন্তু প্ৰেৰণ কৰি তোমালোকৰ পৰীক্ষা লব, সেইবোৰৰ মাজত কিছুমান থাকিব সৰু, যিবোৰক তোমালোকে নিজ হাতেৰে ধৰিব পাৰিবা। আৰু কিছুমান থাকিব ডাঙৰ, যিবোৰক তোমালোকে বল্লমৰ জৰিয়তে চিকাৰ কৰিব পাৰিবা। এই পৰীক্ষা এই কাৰণে যে, যাতে আল্লাহে স্পষ্ট কৰি দিয়ে যে, কোনে আল্লাহৰ জ্ঞানৰ প্ৰতি পৰিপূৰ্ণ ঈমান পোষণ কৰি তেওঁক নেদেখাকৈ তেওঁক ভয় কৰে। ফলত সেই স্ৰষ্টাৰ ভয়ত চিকাৰ নকৰে, যাৰ দৃষ্টিত তাৰ কোনো কৰ্ম গোপন নহয়। এতেকে যিয়ে সীমালংঘন কৰিব, তথা হজ্জ অথবা ওমৰাৰ ইহৰাম অৱস্থাত চিকাৰ কৰিব, আখিৰাতত তাৰ বাবে আছে কষ্টদায়ক শাস্তি, কিয়নো সি আল্লাহৰ নিষেধাজ্ঞাৰ অপমান কৰিছে।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• عدم مؤاخذة الشخص بما لم يُحَرَّم أو لم يبلغه تحريمه.
যিটো বস্তু হাৰাম নহয় অথবা হাৰাম বুলি জনা নাথাকিলে, তাক সেই বিষয়ে সোধ-পোচ কৰা নহ'ব।

• تحريم الصيد على المحرم بالحج أو العمرة، وبيان كفارة قتله.
হজ্জ তথা উমৰাৰ এহৰামত থকা ব্যক্তিৰ বাবে চিকাৰ কৰা হাৰাম। এই অৱস্থাত চিকাৰ কৰিলে কাফফাৰা আদায় দিব লাগিব।

• من حكمة الله عز وجل في التحريم: ابتلاء عباده، وتمحيصهم، وفي الكفارة: الردع والزجر.
আল্লাহ তাআলাই কোনো বস্তু হাৰাম কৰাৰ এটা অন্যতম কাৰণ হৈছে, বান্দাক পৰীক্ষা কৰা। আনহাতে প্ৰায়শ্চিতৰ এটা হিকমত হৈছে,(বান্দাক ) বিৰত ৰখা তথা সাৱধান কৰা।

 
የመልዕክት ትርጉም አንቀፅ: (94) ሱራ (ምዕራፍ): አል-ማኢዳህ
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት