Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም አንቀፅ: (4) ሱራ (ምዕራፍ): አል-ማኢዳህ
یَسْـَٔلُوْنَكَ مَاذَاۤ اُحِلَّ لَهُمْ ؕ— قُلْ اُحِلَّ لَكُمُ الطَّیِّبٰتُ ۙ— وَمَا عَلَّمْتُمْ مِّنَ الْجَوَارِحِ مُكَلِّبِیْنَ تُعَلِّمُوْنَهُنَّ مِمَّا عَلَّمَكُمُ اللّٰهُ ؗ— فَكُلُوْا مِمَّاۤ اَمْسَكْنَ عَلَیْكُمْ وَاذْكُرُوا اسْمَ اللّٰهِ عَلَیْهِ ۪— وَاتَّقُوا اللّٰهَ ؕ— اِنَّ اللّٰهَ سَرِیْعُ الْحِسَابِ ۟
হে ৰাছুল! আপোনাৰ চাহাবাসকলে আপোনাক সোধে যে, আল্লাহে তেওঁলোকৰ বাবে কি কি বস্তু খোৱা হালাল কৰিছে, আপুনি কৈ দিয়কঃ আল্লাহে স্বচ্ছ তথা পৱিত্ৰ বস্তু তোমালোকৰ বাবে হালাল কৰিছে আৰু প্ৰশিক্ষণ প্ৰাপ্ত জন্তুৰ দ্বাৰা চিকাৰ বস্তু হালাল কৰিছে। চোকা দাঁত বিশিষ্ট যেনে- কুকুৰ আৰু চিতা। নখ বিশিষ্ট যেনে- বাজ, যিবোৰক তোমালোকে আল্লাহে প্ৰদান কৰা জ্ঞানৰ দ্বাৰা চিকাৰ কৰাৰ পদ্ধতি শিকোৱা, অৱশেষত সিহঁত এনেকুৱা হৈ পৰে যে, তোমালোকে যিটো আদেশ দিয়া সেইবোৰে সেইটোৱে কৰে। যেতিয়া তোমালোকে ধমক দিয়া সিহঁতে মানি লয়। এতেকে সেইবোৰে তোমালোকৰ বাবে যি চিকাৰ কৰি আনে, সেয়া তোমালোকে খাব পাৰা, যদিও সিহঁতে সেয়া মাৰি পেলায়। এই চিকাৰ জন্তুবোৰ এৰি দিয়াৰ সময়ত আল্লাহৰ নাম লৈ এৰিবা। আল্লাহক ভয় কৰি তেওঁৰ আদেশ পালন কৰা আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকা। নিশ্চয় আল্লাহে অতি শীঘ্ৰে আমলৰ হিচাপ গ্ৰহণ কৰিব।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• تحريم ما مات دون ذكاة، والدم المسفوح، ولحم الخنزير، وما ذُكِرَ عليه اسْمٌ غير اسم الله عند الذبح، وكل ميت خنقًا، أو ضربًا، أو بسقوط من علو، أو نطحًا، أو افتراسًا من وحش، ويُستثنى من ذلك ما أُدرِكَ حيًّا وذُكّيَ بذبح شرعي.
চৰীয়তি পদ্ধতি অবিহনে মৃত্যুবৰণ কৰা জন্তু, প্ৰবাহিত তেজ, গাহৰিৰ মাংস, সেই জন্তু যিটোক জবেহ কৰাৰ সময়ত আল্লাহৰ বাহিৰে আন কাৰোবাৰ নাম লোৱা হৈছে, শ্বাসৰূদ্ধ হৈ মৃত্যুবৰণ কৰা জন্তু, আঘাত প্ৰাপ্ত হৈ মৃত্যুবৰণ কৰা জন্তু, ওখ স্থানৰ পৰা পৰি মৃত্যু হোৱা আৰু অন্য জন্তুৱে শিঙেৰে আঘাত কৰাৰ ফলত মৃত্যুবৰণ কৰা জন্তু, লগতে বাঘ- সিংহ- আৰু কুকুৰ-নেচীয়াই চিকাৰ কৰাৰ ফলত মৃত্যুবৰণ কৰা জন্তু, এই সকলোবোৰ হাৰাম। কিন্তু এইবোৰৰ মাজৰ পৰা জীৱিত অৱস্থাত পোৱা জন্তু যিটোক চৰীয়তি পদ্ধতিত জবেহ কৰা হৈছে সেইটো হালাল।

• حِلُّ ما صاد كل مدرَّبٍ ذي ناب أو ذي مخلب.
প্ৰশিক্ষণ প্ৰাপ্ত যিকোনো জন্তুৱে কৰা চিকাৰ হালাল, যদি সেই জন্তু চোকা দাঁত বিশিষ্ট হওঁক অথবা নখ বিশিষ্ট হওঁক।

• إباحة ذبائح أهل الكتاب، وإباحة نكاح حرائرهم من العفيفات.
আহলে কিতাবসকলে জবেহ কৰা জন্তুৰ মাংস আৰু তেওঁলোকৰ স্বাধীন পৱিত্ৰ নাৰীক বিবাহ কৰা হালাল।

 
የመልዕክት ትርጉም አንቀፅ: (4) ሱራ (ምዕራፍ): አል-ማኢዳህ
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት