Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም አንቀፅ: (15) ሱራ (ምዕራፍ): አል-ማኢዳህ
یٰۤاَهْلَ الْكِتٰبِ قَدْ جَآءَكُمْ رَسُوْلُنَا یُبَیِّنُ لَكُمْ كَثِیْرًا مِّمَّا كُنْتُمْ تُخْفُوْنَ مِنَ الْكِتٰبِ وَیَعْفُوْا عَنْ كَثِیْرٍ ؕ۬— قَدْ جَآءَكُمْ مِّنَ اللّٰهِ نُوْرٌ وَّكِتٰبٌ مُّبِیْنٌ ۟ۙ
হে আহলে কিতাব, তাওৰাত ধাৰী ইয়াহুদীসকল আৰু ইঞ্জীল ধাৰী খৃষ্টানসকল! তোমালোকৰ ওচৰত আমাৰ ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আহি গৈছে। তোমালোকে তোমালোকৰ ওপৰত অৱতীৰ্ণ হোৱা পুথিৰ যিবোৰ কথা গোপন কৰিছিলা, তাৰে বহুত কথা তেওঁ স্পষ্টভাৱে প্ৰকাশ কৰিব, আৰু বহু কথা আওকাণও কৰিব, যিবোৰত তোমালোকৰ অপমানৰ বাহিৰে আন একো নাই। তোমালোকৰ ওচৰত আল্লাহৰ ফালৰ পৰা কোৰআন আহিছে, ই হৈছে প্ৰদীপ, যাৰ পৰা জ্যোতি লোৱা হয়। আৰু এইটো এনে এখন পুথি, য’ত মানুহৰ বাবে পৃথিৱী আৰু আখিৰাত সম্পৰ্কীয় সেই সকলো বিষয়ৰ বিৱৰণ আছে যিবোৰ সিহঁতৰ বাবে অতি আৱশ্যক।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• تَرْك العمل بمواثيق الله وعهوده قد يوجب وقوع العداوة وإشاعة البغضاء والتنافر والتقاتل بين المخالفين لأمر الله تعالى.
আল্লাহৰ অঙ্গীকাৰ আৰু প্ৰতীজ্ঞাৰ ওপৰত আমল নকৰিলে মানুহৰ মাজত শত্ৰুতা বৃদ্ধি পায়, বিদ্বেষ প্ৰসাৰিত হয় লগতে যুদ্ধৰ পৰিৱেশ দেখা দিয়ে।

• الرد على النصارى القائلين بأن الله تعالى تجسد في المسيح عليه السلام، وبيان كفرهم وضلال قولهم.
সেই সকল খৃষ্টানৰ ধাৰণা খণ্ডন কৰা হৈছে যিসকলে কয় যে, আল্লাহে ঈছা আলাইহিছ ছালামৰ ৰূপ ধাৰণ কৰিছে। লগতে সিহঁতৰ কুফৰ আৰু ভ্ৰান্ত মতবাদ সম্পৰ্কে আলোচনা কৰা হৈছে।

• من أدلة بطلان ألوهية المسيح أن الله تعالى إن أراد أن يهلك المسيح وأمه عليهما السلام وجميع أهل الأرض فلن يستطيع أحد رده، وهذا يثبت تفرده سبحانه بالأمر وأنه لا إله غيره.
ঈছা আলাইহিচ্ছালাম যে উপাস্য নহয়, ইয়াৰ প্ৰমাণসমূহৰ অন্যতম এটা প্ৰমাণ এই যে, যদি আল্লাহে ঈছা ইবনে মৰিয়ম আৰু তেওঁৰ মাকক লগতে পৃথিৱীৰ সকলোকে ধ্বংস কৰিব বিচাৰে, তেন্তে কোনেও তেওঁক প্ৰতিৰোধ কৰিব নোৱাৰে। এতেকে ইয়াৰ দ্বাৰা প্ৰমাণ হয় যে, একমাত্ৰ আল্লাহেই মহাপৰিচালক (আদেশ কেৱল তেওঁৰেই চলে) আৰু তেওঁৰ বাহিৰে আন কোনো উপাস্য নাই।

• من أدلة بطلان ألوهية المسيح أن الله تعالى يُذَكِّر بكونه تعالى ﴿ يَخْلُقُ مَا يَشَاءُ﴾ (المائدة: 17)، فهو يخلق من الأبوين، ويخلق من أم بلا أب كعيسى عليه السلام، ويخلق من الجماد كحية موسى عليه السلام، ويخلق من رجل بلا أنثى كحواء من آدم عليهما السلام.
ঈছা আলাইহিচ্ছালাম যে উপাস্য নহয়, ইয়াৰ প্ৰমাণসমূহৰ অন্যতম এটা প্ৰমাণ বৰ্ণনা কৰি আল্লাহ তাআলাই কৈছে যে, তেওঁ যি ইচ্ছা কৰে সৃষ্টি কৰে (ছুৰা মায়িদাহঃ ১৭) তেওঁ কেতিয়াবা পিতৃ-মাতৃৰ মিলনৰ ফলত সৃষ্টি কৰে, আকৌ কেতিয়াবা পিতৃ নোহোৱাকৈ কেৱল মাতৃৰ পৰা সৃষ্টি কৰে, যেনে ঈছা আলাইহিচ্ছালামক সৃষ্টি কৰিছে। আকৌ কেতিয়াবা জড় বস্তুৰ পৰা জীৱ সৃষ্টি কৰে, যেনে মুছা আলাইহিচ্ছালামৰ বাবে সাপ সৃষ্টি কৰিছিল। আকৌ কেতিয়াবা নাৰী নোহোৱাকৈ কেৱল পুৰুষৰ পৰাই মানুহ সৃষ্টি কৰে, যেনে- আদমৰ পৰা হাৱা আলাইহিমাচ্ছালামক সৃষ্টি কৰিছে।

 
የመልዕክት ትርጉም አንቀፅ: (15) ሱራ (ምዕራፍ): አል-ማኢዳህ
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት