Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም አንቀፅ: (12) ሱራ (ምዕራፍ): አል-ማኢዳህ
وَلَقَدْ اَخَذَ اللّٰهُ مِیْثَاقَ بَنِیْۤ اِسْرَآءِیْلَ ۚ— وَبَعَثْنَا مِنْهُمُ اثْنَیْ عَشَرَ نَقِیْبًا ؕ— وَقَالَ اللّٰهُ اِنِّیْ مَعَكُمْ ؕ— لَىِٕنْ اَقَمْتُمُ الصَّلٰوةَ وَاٰتَیْتُمُ الزَّكٰوةَ وَاٰمَنْتُمْ بِرُسُلِیْ وَعَزَّرْتُمُوْهُمْ وَاَقْرَضْتُمُ اللّٰهَ قَرْضًا حَسَنًا لَّاُكَفِّرَنَّ عَنْكُمْ سَیِّاٰتِكُمْ وَلَاُدْخِلَنَّكُمْ جَنّٰتٍ تَجْرِیْ مِنْ تَحْتِهَا الْاَنْهٰرُ ۚ— فَمَنْ كَفَرَ بَعْدَ ذٰلِكَ مِنْكُمْ فَقَدْ ضَلَّ سَوَآءَ السَّبِیْلِ ۟
অৱশ্যে আল্লাহে বনী ইছৰাঈলৰ পৰা দৃঢ় প্ৰতিশ্ৰুতি লৈছিল, যাৰ বৰ্ণনা আগত আহি আছে, আৰু সিহঁতৰ মাজত বাৰ জন প্ৰধান নিযুক্ত কৰিছিল, যিসকলে নিজৰ অধীনত থকা লোকৰ পৰ্যবেক্ষণ কৰিছিল, তথা আল্লাহে বনী ইছৰাঈলক কৈছিলঃ মই তোমালোকৰ সহায় তথা সমৰ্থনৰ বাবে তোমালোকৰ লগত আছো, যদিহে তোমালোকে ভালদৰে ছালাত আদায় কৰা, যাকাত প্ৰদান কৰা, মোৰ সকলো ৰাছুলৰ প্ৰতি কোনো ভেদাভেদ নকৰাকৈ যদি ঈমান পোষণ কৰা, তেওঁলোকক সন্মান কৰা, আৰু তেওঁলোকক সহায় কৰা লগতে সৎ পথত ব্যয় কৰা। যদি তোমালোকে এইবোৰ কৰ্ম কৰা তেন্তে মই তোমালোকৰ গুনাহসমূহ ক্ষমা কৰি দিম আৰু ক্বিয়ামতৰ দিনা এনেকুৱা জান্নাতত প্ৰৱেশ কৰাম, যাৰ অট্টালিকাসমূহৰ তলত নদীসমূহ প্ৰবাহিত। ইমান দৃঢ় বচন লোৱাৰ পিছতো যিয়ে কুফৰী কৰিব, সি দৰাচলতে জানি বুজি সত্যৰ পথ ত্যাগ কৰিলে।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• من عظيم إنعام الله عز وجل على النبي عليه الصلاة والسلام وأصحابه أن حماهم وكف عنهم أيدي أهل الكفر وضررهم.
নবী চাল্লাল্লাহু আলাইহি অছাল্লাম তথা তেওঁৰ ছাহাবাসকলৰ ওপৰত আল্লাহৰ এটা ডাঙৰ উপকাৰ এই যে, তেওঁ তেওঁলোকক ৰক্ষা কৰিছে আৰু কাফিৰসকলৰ হাতৰ পৰা আৰু সিহঁতৰ ক্ষতিৰ পৰা বচাইছে।

• أن الإيمان بالرسل ونصرتهم وإقامة الصلاة وإيتاء الزكاة على الوجه المطلوب، سببٌ عظيم لحصول معية الله تعالى وحدوث أسباب النصرة والتمكين والمغفرة ودخول الجنة.
ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰা, তেওঁলোকক সহায় কৰা, ছালাত আদায় কৰা আৰু নিয়মিত ভাৱে নিৰ্দেশানুযায়ী যাকাত প্ৰদান কৰা, এইবোৰ এনেকুৱা কাৰ্য যিবোৰৰ দ্বাৰা আল্লাহৰ সহায় লগ পোৱা যায়, সহায় তথা সামৰ্থ পোৱা যায়, আল্লাহৰ ক্ষমা পোৱা যায় লগতে জান্নাতত প্ৰৱেশ কৰাৰ সৌভাগ্য প্ৰাপ্ত হয়।

• نقض المواثيق الملزمة بطاعة الرسل سبب لغلظة القلوب وقساوتها.
যিবোৰ অঙ্গীকাৰ অনুসাৰে ৰাছুলসকলৰ আনুগত্য কৰা উচিত, সেইবোৰ ভঙ্গ কৰিলে অন্তৰ কঠোৰ হৈ পৰে।

• ذم مسالك اليهود في تحريف ما أنزل الله إليهم من كتب سماوية.
আল্লাহে অৱতীৰ্ণ কৰা পুথিক বিকৃত কৰাৰ কাৰণে ইয়াহুদীসকলক নিন্দা কৰা হৈছে।

 
የመልዕክት ትርጉም አንቀፅ: (12) ሱራ (ምዕራፍ): አል-ማኢዳህ
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት